< Genesis 36 >
1 Hae sunt autem generationes Esau, ipse est Edom.
১এচৌ অর্থাৎ যিজনক ইদোম বোলা হয়, তেওঁৰ বংশৰ তালিকা হৈছে এনেদৰে।
2 Esau accepit uxores de filiabus Chanaan: Ada filiam Elon Hethaei, et Oolibama filiam Anae filiae Sebeon Hevaei:
২এচৌৱে কনানীয়া ছোৱালীবোৰক বিয়া কৰিছিল। সেই ছোৱালীবোৰ হৈছে হিত্তীয়া এলোনৰ জীয়েক আদা; হিব্বীয়া চিবিয়োনৰ নাতিনীয়েক অর্থাৎ অনাৰ জীয়েক অহলীবামা।
3 Basemath quoque filiam Ismael sororem Nabaioth.
৩আৰু ইশ্মায়েলৰ জীয়েক নবায়োতৰ ভনীয়েক বাচমতকো বিয়া কৰিছিল।
4 Peperit autem Ada, Eliphaz: Basemath genuit Rahuel:
৪এইসকলৰ মাজত আদাই এচৌলৈ ইলীফজ আৰু বাচমতে ৰূৱেলক প্রসৱ কৰিলে;
5 Oolibama genuit Iehus et Ihelon et Core. hi filii Esau qui nati sunt ei in terra Chanaan.
৫অহলীবামাৰ ঔৰসত যিয়ূচ, যালম, আৰু কোৰহৰ জন্ম হ’ল; কনান দেশত এচৌৰ এই সকলো পুত্রৰে জন্ম হ’ল।
6 Tulit autem Esau uxores suas et filios et filias, et omnem animam domus suae, et substantiam, et pecora, et cuncta quae habere poterat in terra Chanaan: et abiit in alteram regionem, recessitque a fratre suo Iacob.
৬পাছত এচৌৱে তেওঁৰ ভার্য্যাসকলক, ল’ৰা-ছোৱালীক আৰু তেওঁৰ ঘৰৰ আন সকলোৰে লগত তেওঁৰ পশুধন অর্থাৎ মেৰ-ছাগ, ছাগলী, গৰু আদি অন্যান্য পশু আৰু কনান দেশত উপাৰ্জন কৰা সকলো সম্পত্তিকে লৈ তেওঁ ভায়েক যাকোবৰ ওচৰৰ পৰা আন এক দেশলৈ গুছি গ’ল।
7 Divites enim erant valde, et simul habitare non poterant: nec sustinebat eos terra peregrinationis eorum prae multitudine gregum.
৭এচৌ আৰু যাকোবৰ ধন-সম্পদ ইমান বেছি হ’ল যে তেওঁলোকৰ পক্ষে একেলগে বাস কৰাটো সম্ভৱ নহ’ল; কিয়নো তেওঁলোক যি ঠাইত আছিল সেই ঠাইত তেওঁলোকৰ পশুৰ জাকবোৰ চৰাবলৈ যথেষ্ট ঠাইৰ অভাৱ আছিল।
8 Habitavitque Esau in monte Seir, ipse est Edom.
৮সেয়ে এচৌৱে চেয়ীৰৰ পাহাৰীয়া এলেকাত গৈ স্থায়ীভাৱে বাস কৰিবলৈ ধৰিলে; সেই এচৌৰ আন এটা নাম আছিল ইদোম।
9 Hae autem sunt generationes Esau patris Edom in monte Seir,
৯চেয়ীৰৰ পাহাৰীয়া এলেকাত ইদোমীয়াসকলৰ ওপৰপিতৃ এচৌৰ বংশৰ তালিকা হৈছে এনেধৰণৰ।
10 et haec nomina filiorum eius: Eliphaz filius Ada uxoris Esau: Rahuel quoque filius Basemath uxoris eius.
১০এচৌৰ পুত্রসকলৰ নাম ইলীফজ আৰু ৰূৱেল। ইলীফজ আদাৰ পুত্ৰ আৰু ৰূৱেল এচৌৰ বাচমতৰ পুত্ৰ।
11 Fueruntque Eliphaz filii: Theman, Omar, Sepho, et Gatham, et Cenez.
১১ইলীফজৰ পুত্ৰসকল হ’ল তৈমন, ওমাৰ, চফো, গয়িতম আৰু কনজ।
12 Erat autem Thamna, concubina Eliphaz filii Esau: quae peperit ei Amalech. hi sunt filii Ada uxoris Esau.
১২এচৌৰ পুত্ৰ ইলীফজৰ তিম্না নামেৰে এজনী উপপত্নী আছিল। তেওঁৰ গর্ভত অমালেকৰ জন্ম হ’ল; এই সকলোৱেই এচৌৰ ভার্য্যা আদাৰ পো-নাতি।
13 Filii autem Rahuel: Nahath et Zara, Samma et Meza. hi filii Basemath uxoris Esau.
১৩ৰূৱেলৰ পুত্ৰসকল হ’ল নহৎ, জেৰহ, চম্মা আৰু মিজ্জা; এই সকলোৱেই এচৌৰ ভার্য্যা বাচমতৰ পো-নাতি।
14 Isti quoque erant filii Oolibama filiae Anae filiae Sebeon, uxoris Esau, quos genuit ei Iehus et Ihelon et Core.
১৪চিবিয়োনৰ নাতিনী অর্থাৎ অনাৰ জীয়েক আৰু এচৌৰ ভার্য্যা অহলীবামাই এচৌলৈ প্রসৱ কৰা পুত্ৰসকল হ’ল যিয়ূচ, যালম আৰু কোৰহ।
15 Hi duces filiorum Esau: Filii Eliphaz primogeniti Esau: dux Theman, dux Omra, dux Sepho, dux Cenez,
১৫এচৌৰ বংশৰ সন্তান সকলৰ মাজত এইসকলেই অধিপতি হৈছিল - এচৌৰ জ্যেষ্ঠ পুত্ৰ ইলীফজৰ বংশৰ পৰা হোৱা অধিপতিসকল হ’ল- তৈমন, ওমাৰ, চফো, কনজ অধিপতি।
16 dux Core, dux Gathan, dux Amalech. hi filii Eliphaz in terra Edom, et hi filii Ada.
১৬কোৰহ, গয়িতম, অমালেক অধিপতি; ইলীফজৰ বংশৰ পৰা, ইদোম দেশত এওঁলোকেই অধিপতি হ’ল। এইসকল আদাৰ পো-নাতি আছিল।
17 Hi quoque filii Rahuel filii Esau: dux Nahath, dux Zara, dux Samma, dux Meza. hi autem duces Rahuel in terra Edom: isti filii Basemath uxoris Esau.
১৭এচৌৰ পুত্ৰ ৰূৱেলৰ বংশৰ পৰা হোৱা অধিপতিসকল হ’ল: নহৎ, জেৰহ, চম্মা আৰু মিজ্জা; ৰূৱেলৰ বংশৰ পৰা ইদোম দেশত এওঁলোক অধিপতি হ’ল। এইসকল এচৌৰ ভার্য্যা বাচমতৰ পো-নাতি আছিল।
18 Hi autem filii Oolibama uxoris Esau: dux Iehus, dux Ihelon, dux Core. hi duces Oolibama filiae Anae uxoris Esau.
১৮এচৌৰ ভার্য্যা অহলীবামাৰ বংশত এইসকল অধিপতি হ’ল: যিয়ূচ, যালম আৰু কোৰহ; অনাৰ জীয়েক এচৌৰ ভার্য্যা অহলীবামাৰ বংশৰ পৰা এইসকলেই অধিপতি হৈছিল।
19 Isti sunt filii Esau, et hi duces eorum: ipse est Edom.
১৯এওঁলোকেই এচৌ অর্থাৎ ইদোমৰ সন্তান আৰু তেওঁলোকই নিজৰ বংশৰ অধিপতি আছিল।
20 Isti sunt filii Seir Horraei, habitatores terrae: Lotan, et Sobal, et Sebeon, et Ana,
২০সেই ঠাইৰ বাসিন্দা হোৰীয়া চেয়ীৰৰ সন্তান সকলৰ নাম লোটন, চোবল, চিবিয়োন, অনা,
21 et Dison, et Eser, et Disan. hi duces Horraei, filii Seir in Terra Edom.
২১দিচোন, এচৰ আৰু দীচন। ইদোমত চেয়ীৰৰ এইসকল সন্তানেই হোৰীয়া বংশৰ অধিপতি হ’ল।
22 Facti sunt autem filii Lotan: Hori et Heman. erat autem soror Lotan, Thamna.
২২লোটনৰ পুত্রসকলৰ নাম হোৰী আৰু হেমম; লোটনৰ ভনীয়েকৰ নাম তিম্না।
23 Et isti filii Sobal: Alvan et Manahat et Ebal, et Sepho et Onam.
২৩চোবলৰ পুত্রসকলৰ নাম: অলবন, মানহৎ, এবল, চফো, আৰু ওনম।
24 Et hi filii Sebeon: Aia et Ana. Iste est Ana qui invenit aquas calidas in solitudine, cum pasceret asinas Sebeon patris sui:
২৪চিবিয়োনৰ পুত্রসকলৰ নাম: অয়া আৰু অনা; এই অনাই পিতৃ চিবিয়োনৰ গাধ চৰাওঁতে মৰুপ্রান্তৰৰ মাজত গৰম পানীৰ জুৰি পালে।
25 habuitque filium Dison, et filiam Oolibama.
২৫এই অনাৰ পুত্ৰৰ নাম দীচন আৰু জীয়েকৰ নাম অহলীবামা।
26 Et isti filii Dison: Hamdan, et Eseban, et Iethram, et Charan.
২৬দীচনৰ পুত্ৰসকলৰ নাম হিমদন, ইচবন, যিত্ৰন আৰু কৰান।
27 Hi quoque filii Eser: Balaan, et Zavan, et Acan.
২৭এচৰৰ পুত্ৰ বিলহন, জাবন, আৰু অকন।
28 Habuit autem filios Disan: Hus, et Aram.
২৮দীচনৰ পুত্ৰ উচ আৰু অৰান।
29 Hi duces Horraeorum: dux Lotan, dux Sobal, dux Sebeon, dux Ana,
২৯হোৰীয়াৰ অধিপতিসকলৰ নাম আছিল: লোটন, চোবল, চিবিয়োন, অনা,
30 dux Dison, dux Eser, dux Disan: isti duces Horraeorum qui imperaverunt in Terra Seir.
৩০দিচোন, এচৰ আৰু দীচন; এইসকলেই চেয়ীৰ দেশত বংশৰ তালিকা অনুসাৰে হোৰীয়া জাতিৰ অধিপতি আছিল।
31 Reges autem qui regnaverunt in Terra Edom antequam haberent regem filii Israel, fuerunt hi:
৩১ইস্ৰায়েলীসকলৰ মাজত কোনো ৰজাই ৰাজত্ব কৰাৰ আগতে, ইদোম দেশত যি সকল ৰজাই ৰাজত্ব কৰিছিল, তেওঁলোক হ’ল:
32 Bela filius Beor, nomenque urbis eius Denaba.
৩২বিয়োৰৰ পুত্ৰ বিলাই ইদোমত ৰাজত্ব কৰিছিল; তেওঁৰ নগৰৰ নাম আছিল দিনহাবা।
33 Mortuus est autem Bela, et regnavit pro eo Iobab filius Zarae de Bosra.
৩৩বিলাৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত বস্ৰা নগৰৰ জেৰহৰ পুত্ৰ যোববে ৰাজত্ব কৰিছিল।
34 Cumque mortuus esset Iobab, regnavit pro eo Husam de terra Themanorum.
৩৪যোববৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত তৈমনীয়াসকলৰ দেশৰ হূচমে ৰাজত্ব কৰিছিল।
35 Hoc quoque mortuo, regnavit pro eo Adad filius Badad, qui percussit Madian in regione Moab: et nomen urbis eius Avith.
৩৫হূচমৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত বদদৰ পুত্র হদদে ৰাজত্ব কৰিছিল। তেওঁ মোৱাব দেশত মিদিয়নীয়সকলক পৰাজয় কৰিছিল; তেওঁৰ নগৰৰ নাম আছিল অবীৎ।
36 Cumque mortuus esset Adad, regnavit pro eo Semla de Masreca.
৩৬যেতিয়া হদদৰ মৃত্যু হ’ল, তেতিয়া তেওঁৰ ঠাইত মস্ৰেকাৰ চম্নাই ৰাজত্ব কৰিছিল।
37 Hoc quoque mortuo regnavit pro eo Saul de fluvio Rohoboth.
৩৭চম্নাৰ মৃত্যু হ’লত, তেওঁৰ ঠাইত ফৰাৎ নদীৰ ওচৰৰ ৰহোবোতীয়া চৌলে ৰাজত্ব কৰিছিল।
38 Cumque et hic obiisset, successit in regnum Balanan filius Achobor.
৩৮চৌলৰ মৃত্যু পাছত তেওঁৰ ঠাইত অকবোৰৰ পুত্ৰ বাল-হাননে ৰাজত্ব কৰিছিল।
39 Isto quoque mortuo regnavit pro eo Adar, nomenque urbis eius Phau: et appellabatur uxor eius Meetabel, filia Matred filiae Mezaab.
৩৯অকবোৰৰ পুত্ৰ বাল-হাননৰ মৃত্যু পাছত তেওঁৰ ঠাইত হদৰে ৰাজত্ব কৰিছিল; তেওঁৰ নগৰৰ নাম পাউ আছিল; তেওঁৰ ভাৰ্যাৰ নাম আছিল মহেটবেল। তেওঁ মট্ৰেদৰ জীয়েক আৰু মে-জাহবৰ নাতিনীয়েক।
40 Haec ergo nomina ducum Esau in cognationibus, et locis, et vocabulis suis: dux Thamna, dux Alva, dux Ietheth,
৪০এচৌৰ বংশৰ যি সকল লোক অধিপতি আছিল, সেইসকলৰ নাম: তিম্না, অলবা, যিথেৎ,
41 dux Oolibama, dux Ela, dux Phinon,
৪১অহলীবামা, এলা, পীনোন,
42 dux Cenez, dux Theman, dux Mabsar,
৪২কনজ, তৈমন, মিবচৰ,
43 dux Magdiel, dux Hiram: hi duces Edom habitantes in terra imperii sui, ipse est Esau pater Idumaeorum.
৪৩মগ্দীয়েল আৰু ঈৰম; এওঁলোক আছিল ইদোমীয়সকলৰ পূর্বপুৰুষ এচৌৰ বংশৰ লোক ইদোমৰ অধিপতি। দেশৰ যিবোৰ ঠাইত তেওঁলোকে বাস কৰিছিল, তেওঁলোকৰ নাম অনুসাৰে সেই সকলো ঠাইৰ নাম দিয়া হৈছিল।