< Esdræ 10 >
1 Sic ergo orante Esdra, et implorante Deum, et flente, et iacente ante templum Dei, collectus est ad eum de Israel coetus grandis nimis virorum et mulierum et puerorum, et flevit populus fletu multo.
১এইদৰে ঈশ্বৰৰ গৃহৰ আগত ইজ্ৰাই চকুলোৰে প্ৰাৰ্থনা কৰি পাপ স্বীকাৰ কৰিলে। ইস্ৰায়েলৰ সমবেত হোৱা পুৰুষ, মহিলা, সন্তান সকল আহি তেওঁৰ ওচৰত গোট খালে, কাৰণ লোকসকলে অতিশয়ৰূপে ক্ৰন্দন কৰিছিল।
2 Et respondit Sechenias filius Iehiel de filiis Aelam, et dixit Esdrae: Nos praevaricati sumus in Deum nostrum, et duximus uxores alienigenas de populis terrae: et nunc, si est poenitentia in Israel super hoc,
২এলমৰ বংশধৰ যিহীয়েলৰ পুত্ৰ চখনিয়াই ইজ্ৰাক ক’লে, “আমাৰ ঈশ্বৰৰ বিৰুদ্ধে আমি বিশ্ৱাসঘাতক কৰি অন্য জাতিৰ লোকসকলৰ পৰা ছোৱালী বিয়া কৰাই বসবাস কৰি আছোঁ। কিন্তু এই বিষয়ত এতিয়াও ইস্ৰায়েলৰ আশা আছে।
3 percutiamus foedus cum Domino Deo nostro, ut proiiciamus universas uxores, et eos qui de his nati sunt iuxta voluntatem Domini, et eorum qui timent praeceptum Domini Dei nostri: secundum legem fiat.
৩সেয়ে আহক, এতিয়া আমাৰ ঈশ্ৱৰৰ সৈতে প্রতিজ্ঞাবদ্ধ হওঁ, ঈশ্বৰৰ আজ্ঞা অনুসাৰে আৰু আমাৰ ঈশ্ৱৰৰ আজ্ঞাত যিসকল কম্পমান হৈছে তেওঁলোকৰ পৰামৰ্শ অনুসাৰে সকলো মহিলা আৰু তেওঁলোকৰ সন্তান সকলক বাহিৰ কৰি পঠাওঁ, আৰু এই সকলো বিধান অনুযায়ী হওঁক।
4 Surge, tuum est decernere, nosque erimus tecum: confortare, et fac.
৪উঠক, কাৰণ এই সকলো কাৰ্য আপুনিয়েই কৰি যাব লাগিব, আৰু আমিও আপোনাৰ লগত আছোঁ; সাহিয়াল হওক আৰু এই কাৰ্য কৰক।”
5 Surrexit ergo Esdras, et adiuravit principes Sacerdotum et Levitarum, et omnem Israel ut facerent secundum verbum hoc, et iuraverunt.
৫তেতিয়া ইজ্ৰাই উঠিল আৰু সেই বাক্য অনুসাৰে কৰিবলৈ পুৰোহিত কৰ্মচাৰী, লেবীয়া, আৰু সকলো ইস্ৰায়েল লোকসকলক এইদৰে কৰ্য্য কৰিবলৈ শপত খুৱালে।
6 Et surrexit Esdras ante domum Dei, et abiit ad cubiculum Iohanan filii Eliasib, et ingressus est illuc, panem non comedit, et aquam non bibit: lugebat enim transgressionem eorum, qui venerant de captivitate.
৬তাৰ পাছত ইজ্ৰাই ঈশ্বৰৰ গৃহৰ পৰা উঠি আহিল আৰু ইলিয়াচীবৰ পুত্ৰ যিহোহাননৰ কোঁঠালিলৈ গ’ল। যিসকল লোক বন্দীত্বত আছিল তেওঁলোকে অবিশ্ৱাসী লোকৰ দৰে কৰা কাৰ্যৰ বাবে শোক কৰিলে আৰু তেওঁ একো ভোজন-পান নকৰিলে।
7 et missa est vox in Iuda et in Ierusalem omnibus filiis transmigrationis, ut congregarentur in Ierusalem:
৭সেয়ে বন্দীত্বৰ পৰা ঘূৰি অহা সকলো লোকক যিৰূচালেমত গোট খাবলৈ যিহূদা আৰু যিৰূচালেমলৈ তেওঁলোকে বাৰ্ত্তা পঠিয়ালে।
8 et omnis qui non venerit in tribus diebus iuxta consilium principum et seniorum, auferetur universa substantia eius, et ipse abiicietur de coetu transmigrationis.
৮যিসকল লোক কৰ্মচাৰী আৰু বৃদ্ধসকলৰ পৰামৰ্শ অনুযায়ী তিনি দিনৰ ভিতৰত নাহে, তেওঁলোকৰ সকলো সম্পত্তি বৰ্জিত কৰা হ’ব, আৰু বন্দীত্বৰ পৰা অহা লোকসকলৰ সমাজৰ পৰা তেওঁলোকক পৃথক কৰা যাব।
9 Convenerunt igitur omnes viri Iuda, et Beniamin in Ierusalem tribus diebus, ipse est mensis nonus, vigesimo die mensis: et sedit omnis populus in platea domus Dei, trementes pro peccato, et pluviis.
৯সেয়ে যিহূদাৰ আৰু বিন্যামীনৰ সকলো লোকে তিন দিনৰ ভিতৰত যিৰূচালেমলৈ আহি গোট খালে। নৱম মাহৰ বিশ দিনৰ দিনা, ঈশ্বৰৰ গৃহৰ সন্মুখত সকলো লোক থিয় হ’ল। সেই বাক্য আৰু বৰষুণৰ কাৰণে লোকসকল কঁপিব ধৰিলে।
10 Et surrexit Esdras sacerdos, et dixit ad eos: Vos transgressi estis, et duxistis uxores alienigenas ut adderetis super delictum Israel.
১০তেতিয়া পুৰোহিত ইজ্ৰাই থিয় হৈ ক’লে, “তোমালোকে নিজেই নিজকে বিশ্ৱাসঘাত কৰিছা, তোমালোকে অন্য জাতিৰ মহিলাৰ সৈতে বসবাস কৰি, ইস্ৰায়েলৰ দোষ বৃদ্ধি কৰিলা।
11 Et nunc date confessionem Domino Deo patrum vestrorum, et facite placitum eius, et separamini a populis terrae, et ab uxoribus alienigenis.
১১এতিয়া তোমালোকৰ পূৰ্বপুৰুষৰ ঈশ্বৰ যিহোৱাৰ গৌৰৱ-প্রশংসা কৰা আৰু তেওঁৰ ইচ্ছা সিদ্ধ কৰা। দেশৰ লোকসকলৰ পৰা আৰু আন জাতিৰ মহিলাৰ পৰা নিজকে পৃথক কৰা।
12 Et respondit universa multitudo, dixitque voce magna: Iuxta verbum tuum ad nos, sic fiat.
১২গোটেই সমাজে বৰ মাতেৰে উত্তৰ দি ক’লে, “আপুনি কোৱাৰ দৰেই আমি কৰিম।
13 Verumtamen quia populus multus est, et tempus pluviae, et non sustinemus stare foris, et opus non est diei unius vel duorum (vehementer quippe peccavimus in sermone isto)
১৩যদিও তাত অনেক লোক আছিল, আৰু বাৰিষা কাল আছিল। বাহিৰত থিয় হৈ থাকিবলৈ আমাৰ শক্তি নাই, আৰু এইটো এদিন বা দুদিনৰ কাম নহয়, আমি এই বিষয়ত অতিৰিক্তভাৱে অৱহেলা কৰি আহিছোঁ।
14 constituantur principes in universa multitudine: et omnes in civitatibus nostris qui duxerunt uxores alienigenas veniant in temporibus statutis, et cum his seniores per civitatem et civitatem, et iudices eius donec avertatur ira Dei nostri a nobis super peccato hoc.
১৪সেয়ে গোটেই সমাজক আমাৰ কৰ্মচাৰীসকলে প্রতিনিধিত্ব কৰক। আমাৰ ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধ যেতিয়ালৈকে আমাৰ পৰা দূৰ নহয়, তেতিয়ালৈকে নগৰৰ বৃদ্ধলোক আৰু বিচাৰকৰ্ত্তাসকলে নিৰূপিত কৰা সময়ত যি সকলে অন্য জাতিৰ মহিলাক নগৰবোৰত বসবাস কৰিবলৈ অনুমতি দিছিল, তেওঁলোক আহক।”
15 Igitur Ionathan filius Azahel, et Iaasia filius Thecue, steterunt super hoc, et Messollam et Sebethai Levites adiuverunt eos:
১৫এই প্ৰস্তাব অচাহেলৰ পুত্ৰ যোনাথন আৰু তিকবাৰ পুত্ৰ যহজিয়াই বিৰোধিতা কৰিলে, আৰু মচুল্লম আৰু লেবীয়া চবথয়ে তেওঁলোকক সমৰ্থন কৰিলে।
16 Feceruntque sic filii transmigrationis. Et abierunt Esdras Sacerdos, et viri principes familiarum in domos patrum suorum, et omnes per nomina sua, et sederunt in die primo mensis decimi ut quaererent rem.
১৬সেয়ে বন্দীত্বৰ পৰা অহা লোকসকলে এই কাৰ্য কৰিলে। নিৰ্বাচিত ব্যক্তি ইজ্ৰা পুৰোহিত, তেওঁলোকৰ বংশৰ জাতি আৰু গৃহত থকা মূখ্য লোকসকল, তেওঁলোকৰ নাম অনুযায়ী দশম মাহৰ প্ৰথম দিনা সেই বিষয়ে বিচাৰ কৰিবলৈ বহিল।
17 Et consummati sunt omnes viri, qui duxerant uxores alienigenas, usque ad diem primam mensis primi.
১৭প্ৰথম মাহৰ প্ৰথম দিনা তেওঁলোকে অন্য জাতিৰ মহিলাৰ সৈতে বসবাস কৰা লোকসকলৰ বিষয়ে অনুসন্ধান কৰি শেষ কৰিলে।
18 Et inventi sunt de filiis sacerdotum qui duxerant uxores alienigenas. De filiis Iosue filii Iosedec, et fratres eius, Maasia, et Eliezer, et Iarib, et Godolia.
১৮পুৰোহিতসকলৰ বংশৰ মাজত যি সকলে অন্য জাতিৰ মহিলাৰ সৈতে বসবাস কৰিছিল, তেওঁলোকৰ নাম হ’ল: যোচাদকৰ পুত্ৰ যেচুৱা আৰু তেওঁৰ ভায়েকসকলৰ মাজত মাচেয়া, ইলীয়েজৰ, যাৰীব, আৰু গদলিয়া।
19 Et dederunt manus suas ut eiicerent uxores suas, et pro delicto suo arietem de ovibus offerrent.
১৯সেই কাৰণে তেওঁলোকে নিজৰ ভাৰ্যাক পঠিয়াবলৈ প্রতিজ্ঞাবদ্ধ হ’ল। তেওঁলোক দোষৰ বাবে জাকৰ পৰা এটা মতা মেৰ-ছাগ বলিদান কৰিলে।
20 Et de filiis Emmer, Hanani, et Zebedia.
২০ইম্মেৰৰ বংশধৰসকলৰ মাজত হনানী আৰু জবদিয়া।
21 Et de filiis Harim, Maasia, et Elia, et Semeia, et Iehiel, et Ozias.
২১হাৰীমৰ বংশধৰসকলৰ মাজত মাচেয়া, এলিয়া, চময়িয়া, যিহীয়েল, আৰু উজ্জিয়া।
22 Et de filiis Pheshur, Elioenai, Maasia, Ismael, Nathanael, Iozabed, et Elasa.
২২পচহুৰৰ বংশধৰসকলৰ মাজত ইলীয়োঐনয়, মাচেয়া, ইশ্মায়েল, নথনেল, যোজাবদ, আৰু ইলিয়াচা।
23 Et de filiis Levitarum, Iosabed, et Semei, et Celaia, ipse est Calita, Phataia, Iuda, et Eliezer.
২৩লেবীয়াসকলৰ মাজত যোজাবদ, চিমিয়ী, কলায়া, তেওঁলোক কলীটা, পথহিয়া, যিহূদা আৰু ইলীয়েজৰ।
24 Et de cantoribus, Eliasib. Et de ianitoribus, Sellum, et Telem, et Uri.
২৪গায়ক সকলৰ মাজত ইলীয়াচিব। দুৱৰীসকলৰ মাজত চল্লুম, টেলম আৰু উৰী।
25 Et ex Israel, de filiis Pharos, Remeia, et Iesia, et Melchia, et Miamin, et Eliezer, et Melchia, et Banea.
২৫ইস্ৰায়েলৰ অৱশিষ্ট লোক পৰিয়োচৰ বংশধৰসকলৰ মাজত ৰমিয়া, যিজ্জিয়া, মল্কিয়া, মিয়ামীন, ইলিয়াজৰ, মাল্কিয়া আৰু বনায়া।
26 Et de filiis Aelam, Mathania, Zacharias, et Iehiel, et Abdi, et Ierimoth, et Elia.
২৬এলমৰ বংশধৰসকলৰ মাজত মত্তনীয়া, জখৰিয়া, যিহীয়েল, অব্দী, যিৰেমোৎ, আৰু এলিয়া।
27 Et de filiis Zethua, Elioenai, Eliasib, Mathania, et Ierimuth, et Zabad, et Aziza.
২৭জত্তুৰ বংশধৰসকলৰ মাজত ইলিয়োঐনয়, ইলীয়াচিব, মত্তনীয়া, যিৰেমোৎ, জাবদ, আৰু অজীজা।
28 Et de filiis Bebai, Iohanan, Hanania, Zabbai, Athalai.
২৮বেবয়ৰ বংশধৰসকলৰ মাজত যিহোহানন, হননিয়া, জব্বয়, আৰু অথলয়।
29 Et de filiis Bani, Mosollam, et Melluch, et Adaia, Iasub, et Saal, et Ramoth.
২৯বাণীৰ বংশধৰসকলৰ মাজত মচুল্লম, মল্লূক, অদায়া, যাচূব, আৰু চাল যিৰেমোৎ।
30 Et de filiis Phahath Moab, Edna, et Chalal, Bananias, et Maasias, Mathanias, Beseleel, Bennui, et Manasse.
৩০পহৎ-মোৱাবৰ বংশধৰসকলৰ মাজত অদনা, কলাল, বনায়া, মাচেয়া, মত্তনীয়া, বচলেল, বিন্নূই, আৰু মনচি।
31 Et de filiis Herem, Eliezer, Iesue, Melchias, Semeias, Simeon,
৩১হাৰীমৰ বংশধৰসকলৰ মাজত ইলীয়েজৰ, যিচিয়া, মল্কিয়া, চময়িয়া, চিমিয়োন,
32 Beniamin, Maloch, Samarias.
৩২বিন্যামীন, মল্লূক, আৰু চমৰিয়া।
33 Et de filiis Hasom, Mathanai, Mathatha, Zabad, Eliphelet, Iermai, Manasse, Semei.
৩৩হাচুমৰ বংশধৰসকলৰ মাজত মত্তনয়, মত্ততা, জাবদ, ইলীফেলট, যিৰেময়, মনচি আৰু চিমিয়ী।
34 De filiis Bani, Maadi, Amram, et Vel,
৩৪বাণীৰ বংশধৰসকলৰ মাজত মাদয়, অম্রম, ঊৱেল,
35 Baneas, et Badaias, Cheliau,
৩৫বনায়া, বেদিয়া, কলূহী,
36 Vania, Marimuth, et Eliasib,
৩৬বনিয়া, মৰেমোৎ, ইলীয়াচিব,
37 Mathanias, Mathanai, et Iasi,
৩৭মত্তনীয়া, মত্তনয়, যাচু,
38 et Bani, et Bennui, Semei,
৩৮বাণী, বিন্নূই, চিমিয়ী,
39 et Salmias, et Nathan, et Adaias,
৩৯চেলেমিয়া, নাথন, অদায়া,
40 et Mechnedebai, Sisai, Sarai,
৪০মকনদবয়, চাচয়, চাৰয়,
41 Ezrel, et Selemiau, Semeria,
৪১অজৰেল, চেলেমিয়া, চমৰিয়া,
42 Sellum, Amaria, Ioseph.
৪২চল্লুম, অমৰিয়া, যোচেফ,
43 De filiis Nebo, Iehiel, Mathathias, Zabad, Zabina, Ieddu, et Ioal, et Banaia.
৪৩আৰু নবোৰ বংশধৰসকলৰ মাজত যিয়ীয়েল, মিত্তিথিয়া, জাবদ, জবীনা, ইদ্দো, যোৱেল, আৰু বনায়া।
44 Omnes hi acceperant uxores alienigenas, et fuerunt ex eis mulieres, quae pepererant filios.
৪৪এই সকলো লোকৰ অন্য জাতিৰ মহিলা ভাৰ্যা আৰু তেওঁলোকৰ কিছুমানৰ সন্তান আছিল।