< Hiezechielis Prophetæ 1 >
1 Et factum est in trigesimo anno, in quarto, in quinta mensis, cum essem in medio captivorum iuxta fluvium Chobar, aperti sunt caeli, et vidi visiones Dei.
১ত্ৰিশ বছৰৰ, চতুৰ্থ মাহৰ পঞ্চম দিনা, মই কবাৰ নদীৰ পাৰত বন্দী অৱস্থাত থকা লোকসকলৰ মাজত থাকোঁতে, স্বৰ্গ মুকলি কৰি দিয়া হ’ল আৰু মই ঐশ্বৰিক দৰ্শন পালোঁ।
2 In quinta mensis, ipse est annus quintus transmigrationis regis Ioachin,
২পঞ্চম বছৰৰ সেই মাহৰ পঞ্চম দিনা, যিহোয়াখীন ৰজা দেশান্তৰিত হোৱাৰ সময়ত,
3 factum est verbum Domini ad Ezechielem filium Buzi sacerdotem in terra Chaldaeorum, secus flumen Chobar: et facta est super eum ibi manus Domini.
৩কলদীয়াসকলৰ দেশত, কবাৰ নদীৰ পাৰত, বুজীৰ পুত্ৰ পুৰোহিত যিহিষ্কেলৰ ওচৰলৈ যিহোৱাৰ বাক্য পৰাক্ৰমেৰে আহিল আৰু সেই ঠাইত যিহোৱাৰ হাত তেওঁৰ ওপৰত অৰ্পিত হ’ল।
4 Et vidi, et ecce ventus turbinis veniebat ab Aquilone: et nubes magna, et ignis involvens, et splendor in circuitu eius: et de medio eius quasi species electri, id est de medio ignis:
৪তেতিয়া মই দেখিলোঁ যে, উত্তৰ দিশৰ পৰা ধুমুহা বতাহ আহি আছিল - তেতিয়া এখন ডাঙৰ মেঘ চিকমিকোৱা অগ্নিৰ দীপ্তিৰে সৈতে তাৰ ভিতৰত আৰু চাৰিওফালে বিয়পি আছিল আৰু সেই মেঘৰ ভিতৰত থকা জুই জাংফাই ৰঙৰ আছিল।
5 et in medio eius similitudo quattuor animalium: et hic aspectus eorum, similitudo hominis in eis.
৫তাৰ মাজত চাৰিজন জীয়া প্ৰাণীৰ নিচিনা দেখা গ’ল। তেওঁলোকৰ আকৃতি এনেকুৱা: তেওঁলোকৰ ৰূপ মানুহৰ দৰে আছিল।
6 Quattuor facies uni, et quattuor pennae uni.
৬কিন্তু প্ৰতিজনৰ চাৰিখন চাৰিখন মুখমণ্ডল আৰু প্রতিজনৰ চাৰিখনকৈ ডেউকা আছিল।
7 Pedes eorum pedes recti, et planta pedis eorum quasi planta pedis vituli, et scintillae quasi aspectus aeris candentis.
৭তেওঁলোকৰ ভৰি পোন, কিন্তু তেওঁলোকৰ ভৰিৰ তলুৱা দামুৰিৰ খুৰাৰ তলুৱাৰ নিচিনা আছিল; যি চিকুণ কৰা পিতলৰ দৰে জিলিকিছিল।
8 Et manus hominis sub pennis eorum in quattuor partibus: et facies, et pennas per quattuor partes habebant.
৮তথাপিও তেওঁলোকৰ ডেউকাৰ চাৰিওকাষে তলত মানুহৰ দৰে হাত আছিল। তেওঁলোক চাৰিওজনৰ মুখমণ্ডল আৰু ডেউকা এনেধৰণৰ আছিল:
9 Iunctaeque erant pennae eorum alterius ad alterum. non revertebantur cum incederent: sed unumquodque ante faciem suam gradiebatur.
৯তেওঁলোকৰ ডেউকা পৰস্পৰে লগ লাগি আছিল আৰু যোৱা সময়ত তেওঁলোকে কোনো ফালে নুঘূৰিছিল; তেওঁলোক প্ৰতিজনে পোনে পোনে আগবাঢ়ি গৈছিল।
10 Similitudo autem vultus eorum: facies hominis, et facies leonis a dextris ipsorum quattuor: facies autem bovis, a sinistris ipsorum quattuor, et facies aquilae desuper ipsorum quattuor.
১০তেওঁলোকৰ মুখমণ্ডলৰ আকৃতি এজন মানুহৰ নিচিনা, তেওঁলোকৰ সোঁফালৰ মুখমণ্ডল সিংহৰ মুখ আৰু বাওঁফালৰ চাৰিওজনৰ মুখমণ্ডল ষাঁড়-গৰুৰ মুখৰ দৰে আৰু শেষতে প্রতিজনৰে ঈগল পক্ষীৰ দৰে মুখমণ্ডল আছিল।
11 Facies eorum, et pennae eorum extentae desuper: duae pennae singulorum iungebantur, et duae tegebant corpora eorum:
১১তেওঁলোকৰ মুখ সেইদৰেই আছিল আৰু তেওঁলোকৰ ডেউকাৰ ওপৰ অংশ পৃথকে বহল হৈ গৈছিল, এইদৰে প্ৰতিজনৰ দুখন দুখন ডেউকা পৰস্পৰৰ লগত লগ লাগি থাকে আৰু দুখন দুখন ডেউকাই তেওঁলোকৰ শৰীৰটো ঢাকি ৰাখে।
12 et unumquodque eorum coram facie sua ambulabat: ubi erat impetus spiritus, illuc gradiebantur, nec revertebantur cum ambularent.
১২তেওঁলোক প্ৰতিজনে পোনে পোনে ওলাই গৈছিল, এইদৰে যি ফালে আত্মাই তেওঁলোকক যাবলৈ আদেশ দিয়ে, তেওঁলোক সেই ফালেই নুঘূৰাকৈ গুচি যায়।
13 Et similitudo animalium, et aspectus eorum quasi carbonum ignis ardentium, et quasi aspectus lampadarum. Haec erat visio discurrens in medio animalium, splendor ignis, et de igne fulgur egrediens.
১৩সেই জীৱিত প্ৰাণী কেইজনৰ ৰূপ জ্বলি থকা জুইৰ আঙঠা আৰু এঙাৰবোৰৰ নিচিনা; উজ্জ্বল অগ্নিও তেওঁলোকৰ মাজত ঘূৰি ফুৰিছিল আৰু তাত অত্যন্ত বজ্রপাত পৰিছিল।
14 Et animalia ibant, et revertebantur in similitudinem fulguris coruscantis.
১৪সেই জুই প্ৰাণী কেইজনৰ মাজত ওপৰ আৰু তললৈ অহা-যোৱা কৰে, সেই জীৱিত প্ৰাণী কেইজনৰ গমন বিজুলীৰ চমকৰ দৰে দেখা যায়।
15 Cumque aspicerem animalia, apparuit rota una super terram iuxta animalia, habens quattuor facies.
১৫মই জীৱিত প্ৰাণী কেইজনলৈ চাই তেওঁলোকৰ চাৰিখন মুখৰ প্ৰতিখনৰ বাবে তেওঁলোকৰ কাষত মাটিত এটা এটা চক্ৰ দেখিলোঁ।
16 et aspectus rotarum, et opus earum, quasi visio maris: et una similitudo ipsarum quattuor: et aspectus earum et opera, quasi sit rota in medio rotae.
১৬সেই চক্ৰ কেইটাৰ আভা বৈদূৰ্য্য মণিৰ নিচিনা আৰু সেইবোৰ বৈদূৰ্য্য মণিৰে কৰা যেন দেখা যায়; সেই চাৰিওটা একে প্ৰকাৰৰ। সেইবোৰৰ আভা আৰু সেইবোৰৰ গঠন দেখিলে চক্রৰ মাজত থকা চক্র যেন দেখা যায়।
17 Per quattuor partes earum euntes ibant: et non revertebantur cum ambularent.
১৭যোৱা সময়ত সেইবোৰ চাৰিওকাষে যায়; যোৱা সময়ত সেইবোৰ কোনো ফালে নুঘূৰে।
18 Statura quoque erat rotis, et altitudo, et horribilis aspectus: et totum corpus oculis plenum in circuitu ipsarum quattuor.
১৮চকাৰ আঙঠিবোৰ ওখ আৰু ভয়ঙ্কৰ; আৰু সেইবোৰ আঙঠিবোৰৰ চাৰিওফালে চকুৰে ভৰা।
19 Cumque ambularent animalia, ambulabant pariter et rotae iuxta ea: et cum elevarentur animalia de terra, elevabantur simul et rotae.
১৯যেতিয়া প্ৰাণী কেইজন যায়, তেতিয়া চক্র কেইটাও তেওঁলোকৰ কাষে কাষে যায়; আৰু যেতিয়া প্ৰাণী কেইজনে মাটিৰ পৰা ওপৰলৈ উঠে, তেতিয়া চক্ৰ কেইটাও ওপৰলৈ উঠে।
20 Quocumque ibat spiritus, illuc eunte spiritu, et rotae pariter elevabantur, sequentes eum. Spiritus enim vitae erat in rotis.
২০আত্মাই য’লৈকে যাব খোজে, ত’লৈকে তেওঁলোকো যায়; কোনো ঠাইলৈ আত্মা যাব খুজিলেই চক্ৰ কেইটা তেওঁলোকৰ ওচৰতে ওপৰলৈ উঠে; কিয়নো প্ৰাণী কেইজনৰ আত্মা চক্ৰ কেইটাত আছিল।
21 Cum euntibus ibant, et cum stantibus stabant: et cum elevatis a terra, pariter elevabantur et rotae, sequentes ea: quia spiritus vitae erat in rotis.
২১তেওঁলোক গ’লে, সেইবোৰো যায়; তেওঁলোক ৰৈ গ’লে, সেইবোৰো ৰয়; আৰু তেওঁলোক মাটিৰ পৰা দাং খালে, চক্ৰ কেইটাও তেওঁলোকৰ কাষত দাং খায়; কিয়নো প্ৰাণী কেইজনৰ আত্মা চক্ৰ কেইটাত আছিল।
22 Et similitudo super capita animalium firmamenti, quasi aspectus crystalli horribilis, et extenti super capita eorum desuper.
২২আৰু প্ৰাণী কেইজনৰ মূৰৰ ওপৰত, ভয়ানক স্ফটিক বৰণৰ, তেওঁলোকৰ মূৰৰ ওপৰত ওখত তৰা এখন চন্দ্ৰতাপৰ নিচিনা এক বস্তু আছিল।
23 Sub firmamento autem pennae eorum rectae alterius ad alterum: unumquodque duabus alis velabat corpus suum, et alterum similiter velabatur.
২৩চন্দ্ৰতাপখনৰ তলত তেওঁলোকৰ ডেউকা পৰস্পৰৰ ফালে পোন আৰু গা ঢাকিবৰ বাবে প্ৰতিজনৰ এফালে দুখন আনফালে দুখন ডেউকা আছিল।
24 Et audiebam sonum alarum, quasi sonum aquarum multarum, quasi sonum sublimis Dei: cum ambularent quasi sonus erat multitudinis ut sonus castrorum. cumque starent, demittebantur pennae eorum.
২৪তেওঁলোক যোৱা সময়ত মহাজলৰ শব্দৰ নিচিনা, সৰ্ব্বশক্তিমান জনাৰ ধ্বনিৰ দৰে মই তেওঁলোকৰ ডেউকাৰ শব্দ শুনিলোঁ, সৈন্য-সামন্তৰ ধ্বনিৰ দৰে কোলাহলৰ শব্দ শুনিলোঁ; তেওঁলোক ৰৈ যোৱা সময়ত তেওঁলোকে নিজ নিজ ডেউকা চপায়।
25 Nam cum fieret vox super firmamentum, quod erat super caput eorum, stabant, et submittebant alas suas.
২৫তেওঁলোকৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপখনৰ ওপৰৰ পৰা এক ধ্বনি শুনা যায়; তেওঁলোক ৰৈ থকা সময়ত, তেওঁলোকে নিজ নিজ ডেউকা চপায়।
26 Et super firmamentum, quod erat imminens capiti eorum, quasi aspectus lapidis sapphiri similitudo throni: et super similitudinem throni similitudo quasi aspectus hominis desuper.
২৬তেওঁলোকৰ মূৰৰ ওপৰৰ চন্দ্ৰতাপখনৰ ওপৰত নীলকান্ত বাখৰৰ এখন সিংহাসনৰ আকৃতিৰ দৰে এটা বস্তু আছিল; সেই বস্তুটোৰ ওপৰৰ ওখত এজন মানুহৰ আকৃতিৰ নিচিনা এটা মূৰ্তি আছিল।
27 Et vidi quasi speciem electri, velut aspectum ignis, intrinsecus eius per circuitum: a lumbis eius et desuper, et a lumbis eius usque deorsum, vidi quasi speciem ignis splendentis in circuitu:
২৭আৰু তেওঁৰ কঁকালত যেন বস্তুটোৰ পৰা ওপৰলৈ, মই ভিতৰে চাৰিওফালে উজ্জ্বল ধাতুৰ দৰে জুইৰ আকৃতি যেন দেখিলোঁ; আৰু তেওঁৰ কঁকাল যেন বস্তুটোৰ পৰা তললৈ জুইৰ আকৃতি যেন দেখিলোঁ আৰু তেওঁৰ চাৰিওফালে দীপ্তি আছিল।
28 Velut aspectum arcus cum fuerit in nube in die pluviae. hic erat aspectus splendoris per gyrum.
২৮বৃষ্টিৰ নিচিনা মেঘত থকা ধনুখনৰ আকৃতি যেনে, তেওঁৰ চাৰিওফালৰ দীপ্তিৰ আকৃতি তেনে। যিহোৱাৰ গৌৰৱৰ দৰে পদাৰ্থটোৰ ৰূপ দেখা গ’ল। তাক দেখামাত্ৰে মই উবুৰি হৈ পৰিলোঁ আৰু বাক্য কওঁতা এজনাৰ মাত মোৰ কাণত পৰিল।