< Hiezechielis Prophetæ 45 >
1 Cumque coeperitis terram dividere sortito, separate primitias Domino, sanctificatum de terra, longitudine vigintiquinque millia, et latitudine decem millia: sanctificatum erit in omni termino eius per circuitum.
১ইয়াৰ বাহিৰে, যেতিয়া তোমালোকে আধিপত্যৰ অৰ্থে চিঠি-খেলৰে দেশ ভাগ বাঁটিবা, তেতিয়া তোমালোকে দেশৰ এক পবিত্ৰ অংশ যিহোৱাৰ উদ্দেশ্যে উপহাৰস্বৰূপে উৎসৰ্গ কৰিবা; সেয়ে দীঘলে পঁচিশ হাজাৰ হাত; আৰু বহলে বিশ হাজাৰ হাত হ’ব; সেয়ে চাৰিওঁফালে তাৰ সমুদায় সীমাৰ ভিতৰত পবিত্ৰ হ’ব।
2 Et erit ex omni parte sanctificatum quingentos per quingentos, quadrifariam per circuitum: et quinquaginta cubitis in suburbana eius per gyrum.
২তাৰে পাঁচ শ হাত দীঘল আৰু পাঁচ শ হাত বহল চাৰিওঁফালে সমান এনে এডোখৰ ঠাই পবিত্ৰ স্থানৰ কাৰণে থাকিব আৰু তাৰ বাহিৰ ফালে মুকলি ঠাইৰ কাৰণে কেউপিনে পঞ্চাশ হাত থাকিব।
3 Et a mensura ista mensurabis longitudinem vigintiquinque millium, et latitudinem decem millium, et in ipso erit templum, sanctumque sanctorum.
৩আৰু তুমি সেই পৰিমিত অংশৰ পঁচিশ হাজাৰ হাত দীঘল আৰু দহ হাজাৰ হাত বহল ঠাই এডোখৰ জুখিবা আৰু তাত পবিত্ৰ ধৰ্মধাম হ’ব।
4 Sanctificatum de terra erit sacerdotibus ministris sanctuarii, qui accedunt ad ministerium Domini: et erit eis locus in domos, et in sanctuarium sanctitatis.
৪সেয়ে দেশৰ পবিত্ৰ অংশ; সেয়ে যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ অহা ধৰ্মধামৰ পৰিচাৰক পুৰোহিতসকলৰ কাৰণে হ’ব; আৰু সেয়ে তেওঁলোকৰ ঘৰৰ কাৰণে ঠাই হ’ব, আৰু ধৰ্মধামৰ কাৰণে পবিত্ৰ স্থান হ’ব।
5 Vigintiquinque autem millia longitudinis, et decem millia latitudinis erunt Levitis, qui ministrant domui: ipsi possidebunt viginti gazophylacia.
৫বিশটা কোঁঠালি হ’বলৈ পঁচিশ হাজাৰ হাত দীঘল আৰু দহ হাজাৰ হাত বহল ঠাই এডোখৰ গৃহটিৰ পৰিচাৰক লেবীয়াসকলৰ আধিপত্যৰ অৰ্থে হ’ব।
6 Et possessionem civitatis dabitis quinque millia latitudinis, et longitudinis vigintiquinque millia secundum separationem sanctuarii, omni domui Israel.
৬আৰু উপহাৰ স্বৰূপে উৎসৰ্গ কৰা পবিত্ৰ অংশৰ একাষে, পাঁচহাজাৰ হাত দীঘল এডোখৰ ঠাই নগৰখনৰ আধিপত্য, তোমালোকে নিৰূপণ কৰিবা; সেয়ে ইস্ৰায়েলৰ সমুদায় বংশৰ কাৰণে হ’ব।
7 Principi quoque hinc et inde in separationem sanctuarii, et in possessionem civitatis, contra faciem separationis sanctuarii, et contra faciem possessionis urbis: a latere Maris usque ad Mare, et a latere Orientis usque ad Orientem: Longitudinis autem iuxta unamquamque partem a termino Occidentali usque ad terminum Orientalem.
৭পবিত্ৰ উপহাৰৰ আৰু নগৰখনৰ আধিপত্যৰ ইফালে সিফালে, পবিত্ৰ উপহাৰ আৰু নগৰখনৰ আধিপত্যৰ সন্মুখত, পশ্চিমফালৰ পশ্চিমদিশে আৰু পূৱফালৰ পূৱদিশে অধিপতিজনৰ ভাগ হ’ব; আৰু সেই ভাগ দীঘলে পশ্চিম সীমাৰ পৰা পূৱসীমালৈকে অংশবোৰৰ এক অংশৰ সমান হ’ব।
8 De terra erit ei possessio in Israel: et non depopulabuntur ultra principes populum meum: sed terram dabunt domui Israel secundum tribus eorum.
৮দেশত ইস্ৰায়েলৰ মাজত সেয়ে তেওঁৰ আধিপত্যৰ অৰ্থে হ’ব; আৰু মোৰ অধিপতিসকলে মোৰ প্ৰজাসকলক আৰু অত্যাচাৰ নকৰিব, কিন্তু ইস্ৰায়েল-বংশৰ ফৈদ অনুসাৰে তেওঁলোকক দেশ দিব।
9 Haec dicit Dominus Deus: Sufficiat vobis principes Israel: iniquitatem et rapinas intermittite, et iudicium et iustitiam facite, separate confinia vestra a populo meo, ait Dominus Deus.
৯প্ৰভু যিহোৱাই এই কথা কৈছে: ‘হে ইস্ৰায়েলৰ অধিপতিসকল, তোমালোকৰ পক্ষে যথেষ্ঠ হ’ল; তোমালোকে অত্যাচাৰ আৰু লুট দূৰ কৰা, বিচাৰ আৰু ন্যায় সিদ্ধ কৰা; প্ৰভু যিহোৱাই কৈছে তোমালোকে মোৰ প্ৰজাসকলক খেদাই দিবলৈ ক্ষান্ত হোৱা।
10 Statera iusta, et ephi iustum, et batus iustus erit vobis.
১০‘তোমালোকৰ ন্যায় পাল্লা, ন্যায় ঐফা আৰু ন্যায় বৎ হ’ব লাগে।
11 Ephi, et batus aequalia, et unius mensurae erunt: ut capiat decimam partem cori batus, et decimam partem cori ephi: iuxta mensuram cori erit aequa libratio eorum.
১১বতত এক হোমৰৰ দহ ভাগৰ এভাগ আৰু ঐফাত এক হোমৰৰ দহ ভাগৰ এভাগ ধৰিবৰ কাৰণে ঐফা আৰু বৎ একে পৰিমাণৰ হ’ব; তাৰ পৰিমাণ হোমৰ অনুসাৰে হ’ব।
12 Siclus autem viginti obolos habet. Porro viginti sicli, et vigintiquinque sicli, et quindecim sicli, mnam faciunt.
১২আৰু চেকলত বিশ গেৰা থাকিব; তোমালোকৰ মানিত বিশ চেকল, পঁচিশ চেকল, পোন্ধৰ চেকল থাকিব।
13 Et hae sunt primitiae, quas tolletis: sextam partem ephi de coro frumenti, et sextam partem ephi de coro hordei.
১৩তোমালোকে দিব লগীয়া উপহাৰ এই। তোমালোকে এক হোমৰ ঘেঁহুধানৰ পৰা ঐফাৰ ছয় ভাগৰ এভাগ আৰু এক হোমৰ যৱৰ পৰা ঐফাৰ ছয় ভাগৰ এভাগ দিবা।
14 Mensura quoque olei, batus olei, decima pars cori est: et decem bati corum faciunt: quia decem bati implent corum.
১৪আৰু তেলৰ, বৎ সম্পৰ্কীয় তেলৰ নিৰূপিত ভাগ এক কোৰৰ পৰা বতৰ দহ ভাগৰ এভাগ হ’ব; এক কোৰত দহ বৎ, অৰ্থাৎ এক হমৰ আছে; কিয়নো এক হোমৰত দহ বৎ থাকে।
15 Et arietem unum de grege ducentorum de his, quae nutriunt Israel in sacrificium, et in holocaustum, et in pacifica, ad expiandum pro eis, ait Dominus Deus.
১৫আৰু প্ৰভু যিহোৱাই কৈছে, লোকসকলক প্ৰায়শ্চিত্ত কৰিবলৈ, ভক্ষ্য নৈবেদ্য, হোম-বলি আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে ইস্ৰায়েলৰ পুষ্টিকৰ ঘাঁহনিত চৰা দুশ দুশ মেৰৰ ভিতৰত জাকৰ পৰা এটা এটা মেৰ দিব লাগিব।’
16 Omnis populus terrae tenebitur primitiis his principi in Israel.
১৬দেশৰ সকল প্ৰজাই ইস্ৰায়েলৰ অধিপতিজনক সেই উপহাৰ দিব।
17 Et super principem erunt holocausta, et sacrificium, et libamina in sollemnitatibus, et in Calendis, et in Sabbatis, et in universis sollemnitatibus domus Israel: ipse faciet pro peccato sacrificium, et holocaustum, et pacifica ad expiandum pro domo Israel.
১৭আৰু পৰ্ব্বতবোৰত ন-জোনত, বিশ্ৰাম-দিনত ইস্ৰায়েল বংশৰ আটাই নিৰূপিত উৎসৱত হোম-বলি ভক্ষ্য নৈবেদ্য আৰু পেয় নৈবেদ্য উৎসৰ্গ কৰিবলৈ অধিপতিজন বাধ্য হ’ব; ইস্ৰায়েল বংশক প্ৰায়শ্চিত্ত কৰিবলৈ তেওঁ পাপাৰ্থক বলি, ভক্ষ্য নৈবেদ্য, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব।’
18 Haec dicit Dominus Deus: In primo mense, una mensis sumes vitulum de armento immaculatum, et expiabis sanctuarium.
১৮প্ৰভু যিহোৱাই এই কথা কৈছে: ‘প্ৰথম মাহৰ প্ৰথম দিনা তুমি এটা নিৰ্ঘূণী ভতৰা লৈ ধৰ্ম ধামক পাপৰ পৰা মুক্ত কৰিবা।
19 Et tollet sacerdos de sanguine quod erit pro peccato: et ponet in postibus domus, et in quattuor angulis crepidinis altaris, et in postibus portae atrii interioris.
১৯পুৰোহিতে সেই পাপাৰ্থক বলিৰ কিছু তেজ লৈ গৃহটিৰ দুৱাৰৰ খুটাত যজ্ঞ-বেদিৰ ওপৰ ভাগৰ চাৰি চুকত আৰু ভিতৰ-চোতালখনৰ বাট-চৰাটোৰ দুৱাৰৰ খুটাত লগাব।
20 Et sic facies in septima mensis pro unoquoque, qui ignoravit, et errore deceptus est, et expiabis pro domo.
২০আৰু ভূল কৰা কোনো লোকৰ আৰু কোনো নিৰ্ব্বোধ মানুহৰ কাৰণেও মাহৰ সপ্তম দিনা তুমি সেই দৰে কৰিবা।
21 In primo mense, quartadecima die mensis erit vobis Paschae sollemnitas: septem diebus azyma comedentur.
২১প্ৰথম মাহৰ চৌদ্ধ দিনৰ দিনা তোমালোকৰ নিস্তাৰ-পৰ্ব্ব, সাতদিনীয়া ভোজ হ’ব; সেইদিনা খমিৰ নিদিয়া পিঠা খাব লাগিব।
22 Et faciet princeps in die illa pro se, et pro universo populo terrae, vitulum pro peccato.
২২সেই দিনা অধিপতিজনে নিজৰ কাৰণে আৰু দেশৰ আটাই প্ৰজাৰ কাৰণে পাপাৰ্থক বলিস্বৰূপে এটা ভতৰা উৎসৰ্গ কৰিব।
23 Et in septem dierum sollemnitate faciet holocaustum Domino septem vitulos, et septem arietes immaculatos quotidie septem diebus: et pro peccato hircum caprarum quotidie.
২৩আৰু তেওঁ ভোজৰ সাতদিন যিহোৱাৰ উদ্দেশ্যে হোমবলিৰ কাৰণে দিনে দিনে সাতোটা সাতোটা নিৰ্ঘূণী ভতৰা আৰু সাতোটা সাতোটা মতা মেৰ-ছাগ উৎসৰ্গ কৰিব আৰু পাপাৰ্থক বলিৰ কাৰণে প্ৰতিদিনে এটা এটা ছাগ উৎসৰ্গ কৰিব।
24 Et sacrificium ephi per vitulum, et ephi per arietem faciet: et olei hin per singula ephi.
২৪আৰু তেওঁ এটা এটা ভতৰাৰ এক এক ঐফা আৰু এটা এটা মতা মেৰ-ছাগৰ লগত এক এক ঐফা আৰু এক এক ঐফাৰ লগত এক এক হীন তেল দি ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিব।
25 Septimo mense, quintadecima die mensis in sollemnitate faciet sicut supra dicta sunt per septem dies: tam pro peccato, quam pro holocausto, et in sacrificio, et in oleo.
২৫সপ্তম মাহৰ পোন্ধৰ দিনৰ দিনাও পাপাৰ্থক বলি, হোম বলি, ভক্ষ্য নৈবেদ্য আৰু তেল উৎসৰ্গ কৰিব; তেওঁ ভোজত সাত দিনলৈকে সেইদৰে কৰিব।’