< Deuteronomii 31 >

1 Abiit itaque Moyses, et locutus est omnia verba haec ad universum Israel,
পাছত মোচিয়ে ইস্ৰায়েলীয়া লোকসকলক এইবোৰ কথা ক’লে,
2 et dixit ad eos: Centum viginti annorum sum hodie, non possum ultra egredi, et ingredi, praesertim cum et Dominus dixerit mihi: Non transibis Iordanem istum.
“মোৰ বয়স এতিয়া এশ বিশ বছৰ হ’ল; মই চলা-ফুৰা কৰিব নোৱাৰা হৈছোঁ; যিহোৱাই মোক কৈছে, ‘তুমি এই যৰ্দ্দন নদী পাৰ হৈ নাযাবা।’’
3 Dominus ergo Deus tuus transibit ante te: ipse delebit omnes gentes has in conspectu tuo, et possidebis eas: et Iosue iste transibit ante te, sicut locutus est Dominus.
আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ আগে আগে পাৰ হৈ যাব; তেৱেঁই আপোনালোকৰ সন্মুখৰ পৰা এই সকলো জাতিবোৰক বিনষ্ট কৰিব আৰু আপোনালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিব। যিহোৱাৰ আজ্ঞা অনুসাৰে যিহোচূৱাই নদী পাৰ হৈ আপোনালোকৰ আগেয়ে পাৰ হৈ যাব।
4 Facietque Dominus eis sicut fecit Sehon et Og regibus Amorrhaeorum, et terrae eorum, delebitque eos.
ইমোৰীয়াসকলৰ ৰজা চীহোন আৰু ওগ এই দুজনক আৰু তেওঁলোকৰ দেশক যিহোৱাই যেনেকৈ বিনষ্ট কৰিছিল, তেনেকৈয়ে তেওঁ এই সকলো জাতিকে বিনষ্ট কৰিব।
5 Cum ergo et hos tradiderit vobis, similiter facietis eis sicut praecepi vobis.
যুদ্ধক্ষেত্রত যিহোৱাই তেওঁলোকক আপোনালোকৰ হাতত শোধাই দিব আৰু মই আপোনালোকক দিয়া সকলো আজ্ঞা অনুসাৰে আপোনালোকে তেওঁলোকৰ প্রতি ব্যৱহাৰ কৰিব।
6 Viriliter agite, et confortamini: nolite timere, nec paveatis conspectum eorum: quia Dominus Deus tuus ipse est ductor tuus, et non dimittet, nec derelinquet te.
আপোনালোক শক্তিশালী হওঁক আৰু অতিশয় সাহিয়াল হওঁক; তেওঁলোকক দেখি ভয় নকৰিব বা কঁপিও নুঠিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ লগত যাওঁতা; তেওঁ আপোনালোকক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব।
7 Vocavitque Moyses Iosue, et dixit ei coram omni Israel: Confortare, et esto robustus: tu enim introduces populum istum in Terram, quam daturum se patribus eorum iuravit Dominus, et tu eam sorte divides.
তাৰ পাছত মোচিয়ে যিহোচূৱাক মাতিলে আৰু সকলো ইস্ৰায়েলীয়া লোকৰ সন্মুখত তেওঁক ক’লে, “তুমি বলৱান আৰু সাহিয়াল হোৱা; কিয়নো তুমিয়েই এই লোকসকলৰ লগত সেই দেশলৈ যাব লাগিব, যি দেশ দিবলৈ যিহোৱাই তেওঁলোকৰ পূর্বপুৰুষসকলৰ আগত প্রতিজ্ঞা কৰিছিল; সেই দেশত এই লোকসকলৰে সৈতে তুমিহে সোমাবা আৰু এওঁলোকক তুমিহে সেই দেশত অধিকাৰ কৰাবা।
8 Et Dominus qui ductor est vester, ipse erit tecum: non dimittet, nec derelinquet te: noli timere, nec paveas.
যিহোৱা নিজেই তোমাৰ আগে আগে যাব আৰু তোমাৰ সঙ্গে সঙ্গে থাকিব; তেওঁ তোমাক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব; তুমি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা।”
9 Scripsit itaque Moyses legem hanc, et tradidit eam sacerdotibus filiis Levi, qui portabant arcam foederis Domini, et cunctis senioribus Israel.
মোচিয়ে এই ব্যৱস্থা লিখি যিহোৱাৰ নিয়ম চন্দুক কঢ়িয়াই নিয়া লেবী গোষ্ঠীৰ পুৰোহিতসকলক আৰু ইস্ৰায়েলৰ পৰিচাৰক সকলৰ হাতত দিলে।
10 Praecepitque eis, dicens: Post septem annos, anno remissionis, in sollemnitate tabernaculorum,
১০মোচিয়ে তেওঁলোকক এই আজ্ঞা দিলে, “প্রত্যেক সপ্তম বছৰৰ অন্তত, ধাৰ ক্ষমাৰ বছৰত অর্থাৎ যেতিয়া পঁজা-পৰ্ব্বৰ সময় আহিব,
11 convenientibus cunctis ex Israel, ut appareant in conspectu Domini Dei tui in loco, quem elegerit Dominus, leges verba legis huius coram omni Israel, audientibus eis,
১১যি সময়ত ইস্ৰায়েলীয়া সকলো লোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত উপস্থিত হ’বৰ কাৰণে তেওঁৰ মনোনীত ঠাইলৈ আহিব, তেতিয়া আপোনালোকে এই ব্যৱস্থা অৱশ্যেই লোক সকলৰ আগত তেওঁলোকে শুনাকৈ পাঠ কৰিব।
12 et in unum omni populo congregato, tam viris quam mulieribus, parvulis, et advenis, qui sunt intra portas tuas: ut audientes discant, et timeant Dominum Deum vestrum, et custodiant, impleantque omnes sermones legis huius.
১২আপোনালোকে পুৰুষ, মহিলা, ল’ৰা-ছোৱালীকে আদি কৰি নগৰৰ দুৱাৰৰ ভিতৰত আপোনালোকৰ মাজত বাস কৰা বিদেশী লোক সকলোকে একগোট কৰিব। তেওঁলোকেও এই ব্যৱস্থা শুনি শিকিব পাৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিব। তেওঁলোকে এই ব্যৱস্থাৰ সকলো বাক্য পালন কৰিব।
13 filii quoque eorum qui nunc ignorant; ut audire possint, et timeant Dominum Deum suum cunctis diebus quibus versantur in Terra, ad quam vos, Iordane transmisso, pergitis obtinendam.
১৩তেওঁলোকৰ সন্তান সকলে যদি এইবোৰ কথা নজনাকৈ থাকে, তেন্তে তেওঁলোকেও শুনিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিবলৈ শিকিব; যি দেশ অধিকাৰ কৰিবলৈ আপোনালোকে যৰ্দ্দন নদী পাৰ হৈ যাব, সেই দেশত যিমান দিনলৈকে আপোনালোক জীয়াই থাকিব, সিমান দিনলৈকে তেওঁলোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিবলৈ আপোনালোকে এইদৰে কৰিব।”
14 Et ait Dominus ad Moysen: Ecce prope sunt dies mortis tuae: voca Iosue, et state in tabernaculo testimonii, ut praecipiam ei. Abierunt ergo Moyses et Iosue, et steterunt in tabernaculo testimonii:
১৪পাছত যিহোৱাই মোচিক ক’লে, “এতিয়া তোমাৰ মৃত্যুৰ সময় ওচৰ চাপি আহিছে; যিহোচূৱাক মাতি আনি তুমি সাক্ষাৎ তম্বুত উপস্থিত হোৱা। সেই ঠাইতে মই যিহোচূৱাক তেওঁৰ কার্যৰ আজ্ঞা দিম।” সেয়ে মোচি আৰু যিহোচূৱা গৈ সাক্ষাৎ কৰা তম্বুত উপস্থিত হ’ল।
15 apparuitque Dominus ibi in columna nubis, quae stetit in introitu tabernaculi.
১৫তেতিয়া যিহোৱাই মেঘস্তম্ভৰ মাজত সেই তম্বুত দেখা দিলে; সেই মেঘস্তম্ভ তম্বুৰ দুৱাৰৰ ওপৰত ৰৈ আছিল।
16 Dixitque Dominus ad Moysen: Ecce tu dormies cum patribus tuis, et populus iste consurgens fornicabitur post deos alienos in Terra, ad quam ingreditur ut habitet in ea: ibi derelinquet me, et irritum faciet foedus, quod pepigi cum eo.
১৬যিহোৱাই মোচিক ক’লে, “শুনা, তুমি তোমাৰ ওপৰ-পিতৃসকলৰ লগত নিদ্রিত হ’বা; এই লোকসকলে উঠি যি দেশত সোমাবলৈ গৈ আছে, তেওঁলোক সেই ঠাইৰ লোকৰ মাজত থাকিব; তেওঁলোকে সেই দেশৰ আন দেৱতাবোৰৰ পাছত চলি ব্যভিচাৰৰ দৰে কার্য কৰিব আৰু মোক ত্যাগ কৰিব; মই তেওঁলোকৰ সৈতে কৰা মোৰ নিয়মটিও তেওঁলোকে ভাঙিব।
17 Et irascetur furor meus contra eum in die illo: et derelinquam eum, et abscondam faciem meam ab eo, et erit in devorationem: invenient eum omnia mala et afflictiones, ita ut dicat in illo die: Vere quia non est Deus mecum, invenerunt me haec mala.
১৭যিদিনা তেওঁলোকে এইদৰে কৰিব, সেইদিনা তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব আৰু ময়ো তেওঁলোকক ত্যাগ কৰিম। মই তেওঁলোকৰ পৰা মোৰ মুখ ঢাকিম আৰু তেওঁলোক ধ্বংস হৈ যাব। তেওঁলোকলৈ অনেক দুখ-কষ্ট আৰু আপদ ঘটিব; সেইদিনা তেওঁলোকে ক’ব যে, “আমাৰ ঈশ্বৰ আমাৰ মাজত নথকাৰ কাৰণেই আমাৰ ওপৰত এই সকলো আপদ নে?
18 Ego autem abscondam, et celabo faciem meam in die illo propter omnia mala, quae fecit, quia secutus est deos alienos.
১৮তেওঁলোকে দেৱতাবোৰলৈ ঘুৰি যি সকলো কুকৰ্ম কৰিব, সেইবাবে মই অৱশ্যেই সেইদিনা মোৰ মুখ ঢাকিম।
19 Nunc itaque scribite vobis canticum istud, et docete filios Israel: ut memoriter teneant, et ore decantent, et sit mihi carmen istud pro testimonio inter filios Israel.
১৯তোমালোকে এতিয়া তোমালোকৰ বাবে এই গীত লিখি ৰাখা। এই গীত ইস্ৰায়েলৰ লোকসকলক শিকাবা আৰু তেওঁলোকক মুখস্থ কৰিবলৈ দিবা। তাতে এই গীত ইস্ৰায়েলৰ লোকৰ অহিতে মোৰ সাক্ষী হৈ থাকিব।
20 Introducam enim eum in Terram, pro qua iuravi patribus eius, lacte et melle manantem. Cumque comederint, et saturati, crassique fuerint, avertentur ad deos alienos, et servient eis: detrahentque mihi, et irritum facient pactum meum.
২০কিয়নো, যি দেশ দিম বুলি মই তেওঁলোকৰ পূর্ব-পুৰুষসকলৰ আগত প্রতিজ্ঞা কৰিছিলোঁ, সেই গাখীৰ আৰু মধু বোৱা দেশলৈ যেতিয়া মই তেওঁলোকক লৈ যাম আৰু যেতিয়া তেওঁলোকে তৃপ্তিৰে ভোজন কৰি হৃষ্টপুষ্ট হ’ব, তেতিয়া তেওঁলোকে মোক তুচ্ছ কৰিব আৰু মোৰ নিয়মটি অগ্রাহ্য কৰি আন দেৱতাবোৰলৈ উলটি সেইবোৰৰ সেৱা পূজা কৰিব।
21 Postquam invenerint eum mala multa et afflictiones, respondebit ei canticum istud pro testimonio, quod nulla delebit oblivio ex ore seminis sui. Scio enim cogitationes eius, quae facturus sit hodie, antequam introducam eum in Terram, quam ei pollicitus sum.
২১তাৰ ফলত তেওঁলোকলৈ বহুত দুখ-কষ্ট আৰু বিপদ- আপদ ঘটিব; তেতিয়া এই গীতেই সাক্ষীস্বৰূপে তেওঁলোকৰ আগত সাক্ষ্য দিব; কাৰণ তেওঁলোকৰ বংশধৰসকলে মুখস্থ কৰা এই গীত নাপাহৰিব। কিয়নো, যি দেশ দিম বুলি মই প্রতিজ্ঞা কৰিছিলোঁ, তেওঁলোকক সেই দেশলৈ নিয়াৰ আগেয়েই তেওঁলোকে কৰা মনৰ পৰিকল্পনা মই জানো।”
22 Scripsit ergo Moyses canticum, et docuit filios Israel.
২২সেয়ে মোচিয়ে সেইদিনাই এই গীত ইস্ৰায়েলৰ লোকসকলক শিকালে।
23 Praecepitque Dominus Iosue filio Nun, et ait: Confortare, et esto robustus: tu enim introduces filios Israel in Terram, quam pollicitus sum, et ego ero tecum.
২৩তাৰ পাছত যিহোৱাই নুনৰ পুত্ৰ যিহোচূৱাক আজ্ঞা দি ক’লে, “তুমি বলৱান হোৱা, আৰু অতিশয় সাহিয়াল হোৱা; কিয়নো, মই ইস্ৰায়েলৰ সন্তান সকলক যি দেশ দিম বুলি প্রতিজ্ঞা কৰিছিলোঁ, সেই দেশলৈ তুমিহে তেওঁলোকক লৈ যাবা আৰু মই তোমাৰ সঙ্গী হম।”
24 Postquam ergo scripsit Moyses verba legis huius in volumine, atque complevit:
২৪মোচিয়ে সম্পূৰ্ণকৈ এই নিয়মৰ সকলো কথা এখন পুস্তকত লিখিলে।
25 praecepit Levitis, qui portabant arcam foederis Domini, dicens:
২৫তাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক বৈ নিওঁতা লেবীয়াসকলক তেওঁ এই আজ্ঞা দিলে,
26 Tollite librum istum, et ponite eum in latere arcae foederis Domini Dei vestri: ut sit ibi contra te in testimonium.
২৬“এই ব্যৱস্থা পুস্তকখন লৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ কাষত ৰাখক; সেই ঠাইতে এইখন ইস্রায়েলীয়াসকলৰ বিৰুদ্ধে সাক্ষী হৈ থাকিব।
27 Ego enim scio contentionem tuam, et cervicem tuam durissimam. Adhuc vivente me et ingrediente vobiscum, semper contentiose egistis contra Dominum: quanto magis cum mortuus fuero?
২৭কিয়নো আপোনালোক যে কিমান বিদ্রোহী আৰু ঠৰ-ডিঙীয়া তাক মই জানো; মই আপোনালোকৰ মাজত আজি জীয়াই থাকোঁতেও যেতিয়া আপোনালোকে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিছে, তেন্তে মোৰ মৃত্যুৰ পাছত যে ইয়াতকৈ আৰু কিমান অধিককৈ কৰিব!
28 Congregate ad me omnes maiores natu per tribus vestras, atque doctores, et loquar audientibus eis sermones istos, et invocabo contra eos caelum et terram.
২৮আপোনালোকৰ নিজৰ নিজৰ গোষ্ঠীৰ সকলো পৰিচাৰক আৰু বিষয়াসকল মোৰ সন্মুখত একগোট হওঁক যাতে মই তেওঁলোকক এই সকলোবোৰ কথা শুনাব পাৰোঁ; আকাশ আৰু পৃথিবীক তেওঁলোকৰ বিৰুদ্ধে সাক্ষী কৰি ৰাখিব পাৰোঁ।
29 Novi enim quod post mortem meam inique agetis, et declinabitis cito de via, quam praecepi vobis: et occurrent vobis mala in extremo tempore, quando feceritis malum in conspectu Domini, ut irritetis eum per opera manuum vestrarum.
২৯কিয়নো মই জানো যে, মোৰ মৃত্যুৰ পাছত আপোনালোক একেবাৰে ভ্ৰষ্ট হৈ যাব আৰু যি পথত চলিবলৈ মই আপোনালোকক আজ্ঞা দিছো, সেই পথৰ পৰা আপোনালোক আতৰি যাব; ভৱিষ্যত কালত আপোনালোকলৈ বিপদ নামি আহিব; কাৰণ যিহোৱাৰ দৃষ্টিত যি বেয়া আপোনালোকে তাকে কৰিব আৰু আপোনালোকে নিজ হাতেৰে কৰা কার্যৰ দ্বাৰাই যিহোৱাক ক্রোধিত কৰি তুলিব।”
30 Locutus est ergo Moyses, audiente universo coetu Israel, verba carminis huius, et ad finem usque complevit.
৩০তাৰ পাছত মোচিয়ে ইস্ৰায়েলৰ গোটেই সমাজক এই গীতৰ কথাবোৰ শেষলৈকে গাই শুনালে।

< Deuteronomii 31 >