< Danihelis Prophetæ 9 >
1 In anno primo Darii filii Assueri de semine Medorum, qui imperavit super regnum Chaldaeorum:
১মাদিয়া বংশৰ অহচবেৰোচৰ পুত্ৰ দাৰিয়াবচক কলদীয়া ৰাজ্যৰ ওপৰত ৰজা পতা হৈছিল।
2 Anno uno regni eius, ego Daniel intellexi in libris numerum annorum, de quo factus est sermo Domini ad Ieremiam prophetam, ut complerentur desolationis Ierusalem septuaginta anni.
২দাৰিয়াবচৰ ৰাজত্ব কালৰ প্ৰথম বছৰত মই দানিয়েলে, ভাববাদী যিৰিমিয়ালৈ অহা যিহোৱাৰ বাক্য থকা পুথি পঢ়িছিলো। মই পঢ়ি জানিব পাৰিছিলো যে, ইয়াত সত্তৰ বছৰলৈকে যিৰূচালেম ত্যাগ কৰা সমাপ্ত কৰা হ’ব।
3 Et posui faciem meam ad Dominum Deum meum rogare et deprecari in ieiuniis, sacco, et cinere.
৩তেতিয়া মই লঘোন দি, চট কাপোৰ পিন্ধি, ছাঁইত বহি, অনুৰোধ আৰু প্ৰাৰ্থনাৰে প্ৰভু ঈশ্বৰৰ অনুগ্ৰহ বিচাৰিবলৈ মই তেওঁলৈ মুখ কৰিলোঁ।
4 Et oravi Dominum Deum meum, et confessus sum, et dixi: Obsecro Domine Deus magne et terribilis, custodiens pactum, et misericordiam diligentibus te, et custodientibus mandata tua.
৪মই মোৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ, আৰু পাপ স্বীকাৰ কৰি কলোঁ, “হে প্ৰভু আবেদন কৰোঁ, আপুনি মহান আৰু অসাধাৰণ, আপোনাক ভাল পোৱা আৰু আপোনাৰ আজ্ঞা পালন কৰা সকললৈ আপুনি বিশ্ৱাসযোগ্য নিয়ম স্থিৰ কৰা ঈশ্বৰ,
5 Peccavimus, iniquitatem fecimus, impie egimus, et recessimus: et declinavimus a mandatis tuis, ac iudiciis.
৫আমি পাপ কৰিলোঁ, অসৎ কাৰ্য, দুষ্কৰ্ম, আৰু বিদ্ৰোহ আচৰণ কৰিলোঁ, আৰু তোমাৰ আজ্ঞা আৰু বিধান ত্যাগ কৰিলোঁ;
6 Non obedivimus servis tuis prophetis, qui locuti sunt in nomine tuo regibus nostris, principibus nostris, patribus nostris, omnique populo terrae.
৬আপোনাৰ দাস যি ভাববাদীসকলে আমাৰ ৰজা, মুখ্যলোক, পূৰ্বপুৰুষ, আৰু দেশৰ সকলো লোকক আপোনাৰ নামেৰে কথা কৈছিল, আমি তেওঁলোকৰ কথা শুনা নাছিলোঁ।
7 Tibi Domine iustitia: nobis autem confusio faciei, sicut est hodie viro Iuda, et habitatoribus Ierusalem, et omni Israel, his qui prope sunt, et his qui procul in universis terris, ad quas eiecisti eos propter iniquitates eorum, in quibus peccaverunt in te.
৭হে প্ৰভু ধৰ্মিকতা আপোনাৰেই; যিহূদাৰ লোক, যিৰূচালেম নিবাসী, আৰু সকলো ইস্রায়েল লোকৰ আজি মুখ বিবৰ্ণ হৈছে। আপোনাৰ বিৰুদ্ধে কৰা বিশ্বাসঘাতৰ বাবে আপোনাৰ দ্বাৰাই কৰা সকলো দেশত ছিন্ন-ভিন্ন হোৱা, ওচৰত থকা আৰু দূৰত থকা সকলো ইস্ৰায়েলী লোকসকলৰ মুখ বিবৰ্ণ হৈছে।
8 Domine nobis confusio faciei, regibus nostris, principibus nostris, et patribus nostris, qui peccaverunt.
৮হে প্ৰভু, আমাৰ ৰজাসকল, মুখ্য লোকসকল, আৰু আমাৰ পূৰ্বপুৰুষসকলৰ মুখ বিবৰ্ণ হৈছে; কাৰণ আমি আপোনাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
9 Tibi autem Domino Deo nostro misericordia, et propitiatio, quia recessimus a te:
৯আমি তেওঁৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ বাবে দয়া আৰু ক্ষমা আমাৰ প্ৰভু ঈশ্বৰৰেই আছে;
10 et non audivimus vocem Domini Dei nostri ut ambularemus in lege eius, quam posuit nobis per servos suos prophetas.
১০আমাৰ ঈশ্বৰ যিহোৱাৰ বাক্য আমি শুনা নাই, আৰু তেওঁৰ দাস ভাববাদীসকলৰ দ্বাৰাই আমাক দিয়া বিধানবোৰো মানি চলা নাই।
11 Et omnis Israel praevaricati sunt legem tuam, et declinaverunt ne audirent vocem tuam, et stillavit super nos maledictio, et detestatio, quae scripta est in libro Moysi servi Dei, quia peccavimus ei.
১১ইস্ৰায়েলী লোকসকলে আপোনাৰ বিধান লঙ্ঘন কৰিলে, আৰু বিপথগামী হৈ আপোনাৰ কথা মানি চলিবলৈ অমান্তি হ’ল। ঈশ্বৰৰ দাস মোচিৰ বিধানত লিখা শাও আৰু শপত আমাৰ ওপৰত অধিক পৰিমাণে ফলিয়ালে; কাৰণ আমি তেওঁৰ বিৰুদ্ধে পাপ কৰিলোঁ।
12 Et statuit sermones suos, quos locutus est super nos, et super principes nostros, qui iudicaverunt nos, ut superinduceret in nos magnum malum, quale numquam fuit sub omni caelo, secundum quod factum est in Ierusalem.
১২যিহোৱাই আমাৰ আৰু আমাৰ শাসকসকলৰ বিৰুদ্ধে কোৱা কথা সিদ্ধ কৰিলে, আৰু আমাৰ ওপৰত মহা দুৰ্যোগ আনিলে। কিয়নো যিৰূচালেমলৈ যেনে কৰা হ’ল, গোটেই আকাশ মণ্ডলৰ তলত থকা কোনো ঠাইলৈ তেনে কৰা হোৱা নাই।
13 Sicut scriptum est in lege Moysi, omne malum hoc venit super nos: et non rogavimus faciem tuam Domine Deus noster, ut reverteremur ab iniquitatibus nostris, et cogitaremus veritatem tuam.
১৩মোচিৰ বিধানত লিখাৰ দৰে, সকলো দুৰ্যোগ আমাৰ ওপৰত আহিল, তথাপি আমি নিজৰ অপৰাধৰ পৰা মন পালটন কৰি আপোনাৰ সত্যতালৈ মনোযোগ দি, আমাৰ ঈশ্বৰ যিহোৱাৰ পৰা অনুগ্ৰহ পাবলৈ প্ৰাৰ্থনা কৰা নাই।
14 Et vigilavit Dominus super malitiam, et adduxit eam super nos: iustus Dominus Deus noster in omnibus operibus suis, quae fecit: non enim audivimus vocem eius.
১৪সেই কাৰণে যিহোৱাই হাতত ধৰি দুৰ্যোগবোৰ আমাৰ ওপৰলৈ আনিলে; কাৰণ আমাৰ ঈশ্বৰ যিহোৱাই কৰা সকলো কাৰ্য ধর্মময়, তথাপি আমি তেওঁৰ কথা মানি চলা নাই।
15 Et nunc Domine Deus noster, qui eduxisti populum tuum de Terra Aegypti in manu forti, et fecisti tibi nomen secundum diem hanc: peccavimus, iniquitatem fecimus.
১৫এতিয়া হে আমাৰ প্ৰভু ঈশ্বৰ, মিচৰ দেশৰ পৰা নিজৰ লোকসকলক পৰাক্রমী হাতেৰে উলিয়াই আনিলে, আজিলৈকে আপোনাৰ নাম কীৰ্ত্তিমন্ত কৰি ৰাখিলে। কিন্তু আমি এতিয়াও পাপ, আৰু দুষ্কৰ্ম কৰি আছোঁ।
16 Domine in omnem iustitiam tuam: avertatur obsecro ira tua, et furor tuus a civitate tua Ierusalem, et a monte sancto tuo. Propter peccata enim nostra, et iniquitates patrum nostrorum, Ierusalem, et populus tuus in opprobrium sunt omnibus per circuitum nostrum.
১৬হে প্ৰভু, বিনয় কৰোঁ, আপুনি কৰা সকলো ধাৰ্মিকতাৰ কাৰণে আপোনাৰ নগৰ যিৰূচালেমৰ পৰা, আপোনাৰ পবিত্ৰ পৰ্ব্বতৰ পৰা আপোনাৰ খং আৰু ক্ৰোধ আঁতৰাওক। আমাৰ পাপ আৰু আমাৰ পূৰ্বপুৰুষসকলৰ অপৰাধৰ কাৰণে, যিৰূচালেম আৰু আপোনাৰ লোক, আমাৰ চাৰিওফালে থকা সকলোৰে বাবে ঘৃণাৰ পাত্র হৈছে।
17 Nunc ergo exaudi Deus noster orationem servi tui, et preces eius: et ostende faciem tuam super sanctuarium tuum, quod desertum est propter temetipsum.
১৭এতেকে হে আমাৰ ঈশ্বৰ, আপোনাৰ এই দাসৰ প্ৰাৰ্থনা আৰু অনুগ্রহৰ বাবে কৰা মিনতি শুনক, আপোনাৰ অভিপ্রায়ৰ বাবে, ধ্বংস হোৱা আপোনাৰ পবিত্র স্থানলৈ আপোনাৰ মুখ উজ্জ্বল কৰক।
18 Inclina Deus meus aurem tuam, et audi: aperi oculos tuos, et vide desolationem nostram, et civitatem, super quam invocatum est nomen tuum: neque enim in iustificationibus nostris prosternimus preces ante faciem tuam, sed in miserationibus tuis multis:
১৮হে মোৰ ঈশ্বৰ, কাণ পাতক; চকু মেলি আমাক চাওক; আমি উচ্ছন্ন হ’লো, আপোনাৰ নামেৰে প্ৰখ্যাত নগৰখনলৈ দৃষ্টি কৰক। আমাৰ ধাৰ্মিকতাৰ কাৰণে নহয়, কিন্তু আপোনাৰ অধিক অনুগ্ৰহৰ কাৰণেহে, আমি আপোনাৰ সহায় পাবলৈ বিনয় কৰিছোঁ।
19 Exaudi Domine, placare Domine: attende et fac: ne moreris propter temetipsum Deus meus: quia nomen tuum invocatum est super civitatem, et super populum tuum.
১৯হে প্ৰভু, শুনক! হে প্ৰভু, ক্ষমা কৰক! হে প্ৰভু মনোযোগ দিয়ক, আৰু কাৰ্য কৰক! হে মোৰ ঈশ্বৰ, আপোনাৰ অভিপ্রায়ৰ বাবে পলম নকৰিব। আপোনাৰ নগৰ আৰু লোকসকলে আপোনাৰ নামেৰে মাতি আছে।”
20 Cumque adhuc loquerer, et orarem, et confiterer peccata mea, et peccata populi mei Israel, et prosternerem preces meas in conspectu Dei mei, pro monte sancto Dei mei:
২০এইদৰে যি সময়ত মই কথা কৈ মোৰ পাপ আৰু মোৰ ইস্ৰায়েলী লোকসকলৰ পাপ স্বীকাৰ কৰি আছিলোঁ, আৰু ঈশ্বৰৰ পবিত্ৰ পৰ্ব্বতৰ হৈ ঈশ্বৰ যিহোৱাৰ আগত মোৰ অনুৰোধ কৰি আছিলোঁ,
21 Adhuc me loquente in oratione, ecce vir Gabriel, quem videram in visione a principio, cito volans tetigit me in tempore sacrificii vespertini.
২১এনে কি, গধুলীৰ বলিদান উৎসৰ্গ কৰা সময়ত মই প্রাৰ্থনা কৰি আছিলোঁ, সেই সময়ত আগেয়ে দৰ্শনত দেখা মানুহ যি গাব্ৰিয়েল তেওঁ মোৰ ওচৰলৈ বেগেৰে উড়ি আহিল।
22 Et docuit me, et locutus est mihi, dixitque: Daniel nunc egressus sum ut docerem te, et intelligeres.
২২তেওঁ মোক বিবেচনা শক্তি দিলে, আৰু মোক ক’লে, “হে দানিয়েল, তোমাক বিবেচনা শক্তি আৰু অন্তৰ্দৃষ্টি দিবলৈ মই আহিলোঁ।
23 Ab exordio precum tuarum egressus est sermo: ego autem veni ut indicarem tibi, quia vir desideriorum es: tu ergo animadverte sermonem, et intellige visionem.
২৩যেতিয়া তুমি অনুগ্রহৰ বাবে বিনয় কৰিবলৈ আৰম্ভ কৰিছিলা, তেতিয়াই আজ্ঞা দিয়া হৈছিল, আৰু মই তাক তোমাৰ আগত ক’বলৈ আহিলোঁ, কাৰণ তুমি অতি প্ৰিয়। সেই কাৰণে কথাটো বিবেচনা কৰা, আৰু দৰ্শনৰ কথাবোৰ বুজা।
24 Septuaginta hebdomades abbreviatae sunt super populum tuum, et super urbem sanctam tuam ut consummetur praevaricatio, et finem accipiat peccatum, et deleatur iniquitas, et adducatur iustitia sempiterna, et impleatur visio, et prophetia, et ungatur Sanctus sanctorum.
২৪অধৰ্ম শেষ কৰিবলৈ, পাপৰ অন্ত কৰিবলৈ, পাপৰ প্ৰায়শ্চিত কৰিবলৈ, চিৰস্থায়ী ধাৰ্মিকতা আনিবলৈ, দৰ্শন আৰু ভাববাণী ক’বলৈ, আৰু মহাপবিত্ৰ স্থান অভিষেক কৰিবলৈ, তোমাৰ লোক আৰু তোমাৰ পবিত্র স্থানৰ বাবে সত্তৰ সপ্তাহ নিৰ্ধাৰণ কৰা হৈছে।
25 Scito ergo, et animadverte: Ab exitu sermonis, ut iterum aedificetur Ierusalem, usque ad Christum ducem, hebdomades septem, et hebdomades sexaginta duae erunt: et rursum aedificabitur platea, et muri in angustia temporum.
২৫সেয়ে জানি লোৱা আৰু বুজি লোৱা যে, যিৰূচালেম পুনৰ নিৰ্মাণ কৰাৰ আজ্ঞা পোৱাৰ পৰা আৰু অভিষেক কৰা শাসনকৰ্ত্তাজন অহালৈকে সাত সপ্তাহ আৰু বাষষ্ঠি সপ্তাহলৈকে হ’ব। যন্ত্রনাৰ সময়ৰ স্বত্তেও গড়েৰে সৈতে যিৰূচালেমৰ ৰাস্তা পুনৰ নিৰ্মাণ কৰা হ’ব।
26 Et post hebdomades sexaginta duas occidetur Christus: et non erit eius populus, qui eum negaturus est. Et civitatem, et sanctuarium dissipabit populus cum duce venturo: et finis eius vastitas, et post finem belli statuta desolatio.
২৬বাষষ্টি সপ্তাহৰ পাছত, অভিষিক্ত লোকসকলক উচ্ছন্ন কৰা হ’ব, আৰু কোনো নাথাকিব। আহিব লগা শাসনকৰ্ত্তাৰ সৈন্যই নগৰখন আৰু ধৰ্মধাম ধ্বংস কৰিব। জলপ্লাৱনৰ দ্বাৰাই সেইজন শেষ হ’ব, আৰু শেষলৈকে সেই ঠাইত যুদ্ধ হ’ব; আজ্ঞাৰ দ্বাৰাই জনশূন্যতা নিৰূপিত কৰা হৈছে।
27 Confirmabit autem pactum multis hebdomada una: et in dimidio hebdomadis deficiet hostia et sacrificium: et erit in templo abominatio desolationis: et usque ad consummationem et finem perseverabit desolatio.
২৭এক সপ্তাহৰ বাবে সেইজনে অনেকৰ সৈতে এটি নিয়ম সুনিশ্চিত কৰিব। সেই সপ্তাহৰ মাজৰ দিনত বলিদান আৰু নৈবেদ্য স্থগিত কৰিব। কোনো এজন ঘিণলগীয়া ডেউকাৰ সৈতে আহিব, আৰু ধ্বংস কৰিব। ধ্বংস কৰা জনৰ ওপৰত আজ্ঞাৰ দ্বাৰাই সম্পূৰ্ণ সমাপ্ত বৰ্ষোৱা হ’ব।