< Ii Regum 2 >
1 Factum est autem, cum levare vellet Dominus Eliam per turbinem in caelum, ibant Elias et Eliseus de Galgalis.
১যিহোৱাই যেতিয়া এলিয়াক ঘূর্ণিবতাহৰ দ্বাৰাই স্বৰ্গলৈ তুলি নিব বিচাৰিছিল, তেতিয়া এলিয়া আৰু ইলীচাই গিলগলৰ পৰা ওলাই গৈছিল।
2 Dixitque Elias ad Eliseum: Sede hic, quia Dominus misit me usque in Bethel. Cui ait Eliseus: Vivit Dominus, et vivit anima tua, quia non derelinquam te. Cumque descendissent Bethel,
২এলিয়াই ইলীচাক ক’লে, “তুমি ইয়াতে থাকা; যিহোৱাই মোক বৈৎএললৈ পঠাইছে।” কিন্তু ইলীচাই তেওঁক ক’লে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” তাতে তেওঁলোক বৈৎএললৈ নামি গ’ল।
3 egressi sunt filii prophetarum, qui erant in Bethel, ad Eliseum, et dixerunt ei: Numquid nosti, quia hodie Dominus tollet dominum tuum a te? Qui respondit: Et ego novi: silete.
৩বৈৎএলত থকা শিষ্য ভাববাদীসকলৰ এটা দলে ইলীচাৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই যে আজি আপোনাৰ গুৰুক আপোনাৰ ওচৰৰ পৰা লৈ যাব, সেই বিষয়ে আপুনি জানেনে?” ইলীচাই উত্তৰ দিলে, “হয়, মই জানো; কিন্তু তোমালোকে এই বিষয়ে একোকে নকবা।”
4 Dixit autem Elias ad Eliseum: Sede hic, quia Dominus misit me in Iericho. Et ille ait: Vivit Dominus, et vivit anima tua, quia non derelinquam te. Cumque venissent Iericho,
৪তাৰ পাছত এলিয়াই তেওঁক ক’লে, “ইলীচা, তুমি ইয়াতে থাকা; কিয়নো যিহোৱাই মোক যিৰীহোলৈ পঠাইছে।” কিন্তু ইলীচাই ক’লে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” তাতে তেওঁলোক যিৰীহোলৈ গ’ল।
5 accesserunt filii prophetarum, qui erant in Iericho, ad Eliseum, et dixerunt ei: Numquid nosti quia Dominus hodie tollet dominum tuum a te? Et ait: Et ego novi: silete.
৫যিৰীহোত থকা শিষ্য ভাববাদী ইলীচাৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই যে আজি আপোনাৰ গুৰুক আপোনাৰ ওচৰৰ পৰা লৈ যাব, সেই বিষয়ে আপুনি জানেনে?” ইলীচাই উত্তৰ দিলে, “হয়, মই জানো; কিন্তু এই বিষয়ে তোমালোকে একোকে নকবা।”
6 Dixit autem ei Elias: Sede hic, quia Dominus misit me usque ad Iordanem. Qui ait: Vivit Dominus, et vivit anima tua, quia non derelinquam te. Ierunt igitur ambo pariter,
৬তাৰ পাছত এলিয়াই ইলীচাক ক’লে, “তুমি ইয়াতে থাকা; কিয়নো যিহোৱাই মোক যৰ্দ্দনলৈ পঠাইছে।” ইলীচাই উত্তৰ দিলে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” সেয়ে তেওঁলোক দুয়ো যাবলৈ ধৰিলে।
7 et quinquaginta viri de filiis prophetarum secuti sunt eos, qui et steterunt econtra, longe: illi autem ambo stabant super Iordanem.
৭এলিয়া আৰু ইলীচা দুয়ো যৰ্দ্দন নদীৰ পাৰত গৈ ৰ’ল আৰু তেওঁলোকৰ পৰা কিছু দূৰৈত পঞ্চাশজন শিষ্য ভাববাদী আহি থিয় হ’ল।
8 Tulitque Elias pallium suum, et involvit illud, et percussit aquas, quae divisae sunt in utramque partem, et transierunt ambo per siccum.
৮এলিয়াই নিজৰ গাৰ চাদৰখন নুৰিয়াই লৈ যৰ্দনৰ পানীত কোবালে; তাতে পানী দুয়োফালে দুভাগ হৈ গ’ল আৰু তেওঁলোক দুজন শুকান মাটিৰ ওপৰেদি পাৰ হৈ গ’ল।
9 Cumque transissent, Elias dixit ad Eliseum: Postula quod vis ut faciam tibi, antequam tollar a te. Dixitque Eliseus: Obsecro ut fiat in me duplex spiritus tuus.
৯পাৰ হৈ যোৱাৰ পাছত এলিয়াই ইলীচাক ক’লে, “মোক কোৱা, তোমাৰ ওচৰৰ পৰা মোক তুলি নিয়াৰ আগেয়ে মই তোমাৰ কাৰণে কি কৰিম?” ইলীচাই উত্তৰত ক’লে, “মিনতি কৰোঁ, আপোনাৰ আত্মাৰ ক্ষমতাৰ দুগুণ আত্মা যেন মই পাওঁ।”
10 Qui respondit: Rem difficilem postulasti: attamen si videris me, quando tollar a te, erit tibi quod petisti: si autem non videris, non erit.
১০এলিয়াই ক’লে, “তুমি এক জটিল বিষয় বিচাৰিলা। তথাপিও তোমাৰ ওচৰৰ পৰা মোক লৈ যোৱাৰ সময়ত যদি তুমি মোক দেখা পোৱা, তেন্তে তুমি তাক পাবা; যদি দেখা নোপোৱা, তেন্তে নাপাবা।”
11 Cumque pergerent, et incedentes sermocinarentur, ecce currus igneus, et equi ignei diviserunt utrumque: et ascendit Elias per turbinem in caelum,
১১তেওঁলোকে এইদৰে কথা পাতি গৈ থাকোঁতেই, হঠাৎ এখন অগ্নিময় ৰথ আৰু অগ্নিময় কিছুমান ঘোঁৰা আহি তেওঁলোক দুজনক পৃথক কৰি দিলে, আৰু এক ঘূর্ণিবতাহত এলিয়া স্বৰ্গলৈ উঠি গুছি গ’ল।
12 Eliseus autem videbat, et clamabat: Pater mi, pater mi, currus Israel, et auriga eius. Et non vidit eum amplius: apprehenditque vestimenta sua, et scidit illa in duas partes.
১২ইলীচাই তাকে দেখি চিঞঁৰি উঠিল, “মোৰ পিতৃ, হে মোৰ পিতৃ, ইস্ৰায়েলৰ ৰথ আৰু অশ্বাৰোহীসকল!” তাৰ পিছত ইলীচাই এলিয়াক পুনৰ দেখা নাপালে। তেতিয়া তেওঁ নিজৰ কাপোৰ ধৰি ফালি দুডোখৰ কৰিলে।
13 Et levavit pallium Eliae, quod ceciderat ei: reversusque stetit super ripam Iordanis,
১৩তাৰ পাছত এলিয়াৰ গাৰ পৰা পৰি যোৱা চাদৰখন তুলি লৈ তেওঁ উলটি আহি যৰ্দ্দনৰ তীৰত থিয় হ’ল।
14 et pallio Eliae, quod ceciderat ei, percussit aquas, et non sunt divisae. et dixit: Ubi est Deus Eliae etiam nunc? Percussitque aquas, et divisae sunt huc, atque illuc, et transiit Eliseus.
১৪এলিয়াৰ গাৰ পৰা পৰি যোৱা সেই চাদৰখনেৰে তেওঁ পানীত আঘাত কৰি ক’লে, “এলিয়াৰ ঈশ্বৰ যিহোৱা ক’ত?” যেতিয়া তেওঁ পানীত আঘাত কৰিলে, তেতিয়া পানী দুয়োকাষে দুভাগ হ’ল আৰু ইলীচা পাৰ হৈ গ’ল।
15 Videntes autem filii prophetarum, qui erant in Iericho econtra, dixerunt: Requievit spiritus Eliae super Eliseum. Et venientes in occursum eius, adoraverunt eum proni in terram,
১৫যিৰীহোৰ শিষ্য ভাববাদীসকলৰ দলটোৱে যেতিয়া ইলীচাক দেখা পালে, তেতিয়া তেওঁলোকে ক’লে, “এলিয়াৰ আত্মা ইলীচাৰ ওপৰত স্থিতি লৈছে!” সেইবাবে, তেওঁলোকে ইলীচাক সাক্ষাৎ কৰিবলৈ আহিল আৰু তেওঁৰ সন্মুখত মাটিত উবুৰি হৈ পৰি প্ৰণিপাত কৰিলে।
16 dixeruntque illi: Ecce, cum servis tuis sunt quinquaginta viri fortes, qui possunt ire, et quaerere dominum tuum, ne forte tulerit eum Spiritus Domini, et proiecerit eum in unum montium, aut in unam vallium. Qui ait: Nolite mittere.
১৬তেওঁলোকে তেওঁক ক’লে, “চাওক, আপোনাৰ দাসবোৰৰ মাজত ইয়াত পঞ্চাশজন শক্তিশালী লোক আছে। বিনয় কৰোঁ, তেওঁলোকক আপোনাৰ গুৰুক বিচাৰি যাবলৈ অনুমতি দিয়ক; হয়তো যিহোৱাৰ আত্মাই তেওঁক তুলি লৈ গৈ কোনো পৰ্ব্বত নাইবা কোনো উপত্যকাত পেলাই গৈছে।” কিন্তু ইলীচাই ক’লে, “নহয়! তেওঁলোকৰ কাকো পঠাব নালাগে।”
17 Coegeruntque eum, donec acquiesceret, et diceret: Mittite. Et miserunt quinquaginta viros: qui cum quaesissent tribus diebus, non invenerunt.
১৭কিন্তু ভাৱবাদীসকলৰ শিষ্যৰ দলটোৱে ইলীচাক মিনতি কৰি থকাত, তেওঁ লাজ পাই ক’লে, “ঠিক আছে, পঠাই দিয়া।” তাতে তেওঁলোকে পঞ্চাশজন লোকক পঠাই দিলে আৰু সেই পঞ্চাশজনে তিনি দিন ধৰি বিচৰা পাছতো এলিয়াক নাপালে।
18 Et reversi sunt ad eum: at ille habitabat in Iericho, et dixit eis: Numquid non dixi vobis: Nolite mittere?
১৮ইলীচা যিৰীহোত থকাৰ সময়তে তেওঁলোক তেওঁৰ ওচৰলৈ উলটি আহিল; ইলীচাই তেওঁলোকক ক’লে, “মই জানো তোমালোকক কোৱা নাছিলো, ‘নাযাবা বুলি’?”
19 Dixerunt quoque viri civitatis ad Eliseum: Ecce habitatio civitatis huius optima est, sicut tu ipse domine perspicis: sed aquae pessimae sunt, et terra sterilis.
১৯এদিন নগৰৰ লোকসকলে ইলীচাক ক’লে, “মহাশয়, আপুনিতো দেখিছেই যে এক সুন্দৰ অৱস্থানত এই নগৰখন আছে। কিন্তু ইয়াৰ পানী বিশুদ্ধ নহয় আৰু ভূমিয়েও ভাল শস্য উৎপন্ন নকৰে।”
20 At ille ait: Afferte mihi vas novum, et mittite in illud sal. Quod cum attulissent,
২০ইলীচাই ক’লে, “আপোনালোকে এটা নতুন পাত্রত অলপ নিমখ লৈ মোৰ ওচৰলৈ আহক।” লোকসকলেও সেইদৰেই ইলীচাৰ ওচৰলৈ আনি দিলে।
21 egressus ad fontem aquarum, misit in illum sal, et ait: Haec dicit Dominus: Sanavi aquas has, et non erit ultra in eis mors, neque sterilitas.
২১তেতিয়া ইলীচাই সেইখিনি লৈ পানীৰ ভুমুকৰ কাষলৈ ওলাই গ’ল আৰু তাত লোণখিনি পেলাই দি ক’লে, “যিহোৱাই এইদৰে কৈছে, ‘মই এই পানী বিশুদ্ধ কৰিলোঁ; এতিয়াৰ পৰা এই পানী খাই কাৰো মৃত্যু নহ’ব আৰু ভূমিৰ উৎপাদন শস্যও নষ্ট নহ’ব’।”
22 Sanatae sunt ergo aquae usque in diem hanc, iuxta verbum Elisei, quod locutus est.
২২এনেদৰে ইলীচাৰ কথামতে সেই পানী বিশুদ্ধ হৈ আজি পর্যন্ত তেনেদৰে আছে।
23 Ascendit autem inde in Bethel: cumque ascenderet per viam, pueri parvi egressi sunt de civitate, et illudebant ei, dicentes: Ascende calve, ascende calve.
২৩পাছত ইলীচা তাৰ পৰা বৈৎএললৈ গ’ল। তেওঁ ওপৰলৈ উঠি গৈ থাকোতে বাটত কিছুমান সৰু ল’ৰাই নগৰৰ পৰা ওলাই আহি তেওঁক বিদ্রূপ কৰি ক’বলৈ ধৰিলে, “ঐ তপামূৰা, সোনকালে সোনকালে উঠি যা; তপামূৰা!”
24 Qui cum respexisset, vidit eos, et maledixit eis in nomine Domini: egressique sunt duo ursi de saltu, et laceraverunt ex eis quadraginta duos pueros.
২৪তেতিয়া ইলীচাই পাছফালে ঘূৰি সিহঁতৰ ফালে চাই যিহোৱাৰ নামেৰে সিহঁতক শাও দিলে; তেতিয়া বননিৰ পৰা হঠাৎ দুজনী ভালুক ওলাই আহিল আৰু সিহঁতৰ মাজৰ বিয়াল্লিশটা ল’ৰাক ক্ষত-বিক্ষত কৰিলে।
25 Abiit autem inde in montem Carmeli, et inde reversus est in Samariam.
২৫তাৰ পাছত তেওঁ সেই ঠাইৰ পৰা কৰ্মিল পৰ্ব্বতলৈ গ’ল, আৰু তাৰ পৰা চমৰিয়ালৈ উভটি গ’ল।