< Jeremiæ 30 >

1 Hoc verbum quod factum est ad Jeremiam a Domino, dicens:
যিহোৱাৰ পৰা যিৰিমিয়ালৈ অহা বাক্য এই আৰু ক’লে,
2 Hæc dicit Dominus Deus Israël, dicens: Scribe tibi omnia verba quæ locutus sum ad te, in libro.
“ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘মই তোমাৰ আগত কোৱা সকলো বাক্য এখন পুথিত লিখি থোৱা।
3 Ecce enim dies veniunt, dicit Dominus, et convertam conversionem populi mei Israël et Juda, ait Dominus: et convertam eos ad terram quam dedi patribus eorum, et possidebunt eam.
কিয়নো যিহোৱাই কৈছে, ‘চোৱা, মই যি দিনা মোৰ প্ৰজা ইস্ৰায়েল আৰু যিহূদাৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, এনে দিন আহিছে,’ ইয়াক যিহোৱাই কৈছে, ‘মই তেওঁলোকৰ পূৰ্বপুৰুষসকলক যি দেশলৈ তেওঁলোকক ওভটাই আনিম আৰু তেওঁলোকে তাক অধিকাৰ কৰিব।”
4 Et hæc verba quæ locutus est Dominus ad Israël et ad Judam:
ইস্ৰায়েল আৰু যিহূদাৰ বিষয়ে যিহোৱাই কোৱা বাক্য এইবোৰ:
5 Quoniam hæc dicit Dominus: Vocem terroris audivimus: formido, et non est pax.
“সঁচাকৈয়ে যিহোৱাই এইদৰে কৈছে: ‘আমি শান্তিজনক নোহোৱা কম্পন আৰু ভয়ৰ শব্দ শুনিলোঁ।
6 Interrogate, et videte si generat masculus: quare ergo vidi omnis viri manum super lumbum suum, quasi parturientis, et conversæ sunt universæ facies in auruginem?
এতিয়া তোমালোকে সুধি চোৱা, পুৰুষৰ প্ৰসৱ-বেদনা হয় নে? প্ৰসৱকাৰিণীৰ দৰে প্ৰত্যেক পুৰুষে কঁকালত হাত দি থকা মই কিয় দেখিছোঁ? আৰু প্ৰসৱকাৰিণী স্ত্রীৰ দৰে সকলোৰে মুখ কিয় বিবৰ্ণ হৈছে?
7 Væ! quia magna dies illa, nec est similis ejus: tempusque tribulationis est Jacob, et ex ipso salvabitur.
হায় হায়! সেই দিন ইমান মহৎ, যে, তাৰ নিচিনা আৰু কোনো দিন নাই। এয়ে যাকোবৰেই সঙ্কটৰ কাল, কিন্তু তেওঁ তাৰ পৰা ৰক্ষা পাব।
8 Et erit in die illa, ait Dominus exercituum: conteram jugum ejus de collo tuo, et vincula ejus dirumpam, et non dominabuntur ei amplius alieni:
আৰু বাহিনীসকলৰ যিহোৱাই কৈছে: সেই দিনা মই তোমাৰ ডিঙিৰ পৰা তেওঁৰ যুৱলি ভাঙি পেলাম; আৰু তোমাৰ যোত-জৰীবোৰ চিঙি পেলাম, বিদেশীসকলে তেওঁক আৰু বন্দী-কাম নকৰাব।
9 sed servient Domino Deo suo, et David regi suo, quem suscitabo eis.
কিন্তু তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ ভজনা কৰিব আৰু মই যি জনাক তেওঁলোকৰ ওপৰত নিযুক্ত কৰিম, তেওঁলোকৰ সেই ৰজা দায়ুদৰ বন্দী-কাম কৰিব।
10 Tu ergo ne timeas, serve meus Jacob, ait Dominus, neque paveas, Israël: quia ecce ego salvabo te de terra longinqua, et semen tuum de terra captivitatis eorum: et revertetur Jacob, et quiescet, et cunctis affluet bonis, et non erit quem formidet:
১০এই হেতুকে, যিহোৱাই কৈছে, হে মোৰ দাস যাকোব, ভয় নকৰিবা; হে ইস্ৰায়েল ব্যাকুল নহবা। কিয়নো চোৱা, মই দূৰৰ পৰা তোমাক, আৰু বন্দী-অৱস্থাত থকা দেশৰ পৰা তোমাৰ বংশক নিস্তাৰ কৰিম। কাৰণ যাকোব ঘূৰি আহি নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকিব, কোনেও তেওঁক ভয় নেদেখুৱাব।
11 quoniam tecum ego sum, ait Dominus, ut salvem te. Faciam enim consummationem in cunctis gentibus in quibus dispersi te: te autem non faciam in consummationem: sed castigabo te in judicio, ut non videaris tibi innoxius.
১১কিয়নো, যিহোৱাই কৈছে, ‘তোমাক ৰক্ষা কৰিবলৈ তোমাৰ লগত আছোঁ; কাৰণ মই যি জাতিৰ মাজলৈ তোমাক ছিন্ন-ভিন্ন কৰিলোঁ, সেই আটাই জাতিক মই নিঃশেষে সংহাৰ কৰিলেও, তোমাক নিঃশেষে সংহাৰ নকৰিম; কিন্তু তোমাক সুবিচাৰেৰে শাস্তি দিম, তোমাক কোনোমতেই দণ্ড নিদিয়াকৈ নেৰোঁ।
12 Quia hæc dicit Dominus: Insanabilis fractura tua; pessima plaga tua:
১২কিয়নো যিহোৱাই এই কথা কৈছে, তোমাৰ ক্ষত চিকিৎস্যাৰ বাহিৰে, আৰু তোমাৰ ঘা কষ্টদায়ক।
13 non est qui judicet judicium tuum ad alligandum: curationum utilitas non est tibi.
১৩তোমাক আৰোগ্য কৰিবলৈ কোনেও গাত নলয়, তোমাৰ ঘা সুস্থ কৰিব পৰা কোনো ঔষধ নাই।
14 Omnes amatores tui obliti sunt tui, teque non quærent: plaga enim inimici percussi te castigatione crudeli: propter multitudinem iniquitatis tuæ dura facta sunt peccata tua.
১৪তোমাৰ প্ৰেমকাৰিণী সকলোৱে তোমাক পাহৰিলে, তেওঁলোকে তোমাক নিবিচাৰে, কিয়নো তোমাৰ অপৰাধৰ বহুল্যৰ কাৰণে, তোমাৰ পাপৰ বৃদ্ধিৰ কাৰণে শত্ৰূৱে আঘাত কৰাৰ দৰে মই তোমাক আঘাত কৰিলোঁ, নিষ্ঠুৰ লোকে শাস্তি দিয়াৰ দৰে শাস্তি দিলোঁ।
15 Quid clamas super contritione tua? insanabilis est dolor tuus: propter multitudinem iniquitatis tuæ, et propter dura peccata tua, feci hæc tibi.
১৫তোমাৰ ক্ষমতাৰ কাৰণে তুমি কিয় চিঞৰিছা? তোমাৰ বেদনা উপশম হ’ব নোৱাৰা অৱস্থাত। তোমাৰ অনেক অপৰাধৰ কাৰণে তোমাৰ পাপৰ বৃদ্ধিৰ কাৰণে, মই তোমালৈ এইবোৰ কৰিলোঁ।
16 Propterea omnes qui comedunt te devorabuntur, et universi hostes tui in captivitatem ducentur: et qui te vastant vastabuntur, cunctosque prædatores tuos dabo in prædam.
১৬এই হেতুকে তোমাক গ্ৰাস কৰোঁতা সকলোকে গ্ৰাস কৰা হ’ব, আৰু তোমাৰ আটাই শত্ৰূবোৰৰ প্ৰত্যেকে বন্দী-অৱস্থালৈ যাব। তোমাৰ লুটকাৰীসকল লুটৰ বিষয় হ’ব, আৰু তোমাক চিকাৰ কৰোঁতা সকলোকে মই চিকাৰস্বৰূপ কৰিম।
17 Obducam enim cicatricem tibi, et a vulneribus tuis sanabo te, dicit Dominus. Quia ejectam vocaverunt te, Sion: hæc est, quæ non habebat requirentem.
১৭কিয়নো যিহোৱাই কৈছে, ‘মই তোমাক পুনৰায় আৰোগ্য কৰিম; আৰু তোমাৰ ঘাঁবোৰ সুস্থ কৰি। কাৰণ কোনো মানুহে নিবিচৰা এয়ে চিয়োন বুলি কৈ লোকে তোমাক সমাজভ্ৰষ্টা বোলে।”
18 Hæc dicit Dominus: Ecce ego convertam conversionem tabernaculorum Jacob, et tectis ejus miserebor: et ædificabitur civitas in excelso suo, et templum juxta ordinem suum fundabitur:
১৮যিহোৱাই এই কথা কৈছে: চোৱা, মই যাকোবৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু তেওঁৰ বাসস্থানবোৰলৈ কৃপা কৰিম। আৰু নগৰখন নিজ উপপৰ্ব্বতৰ ওপৰত পুনৰায় সজা হ’ব, আৰু ৰাজগৃহত ৰীতিমতে মানুহৰ বসতি হ’ব।
19 et egredietur de eis laus, voxque ludentium. Et multiplicabo eos, et non minuentur: et glorificabo eos, et non attenuabuntur.
১৯আৰু সেইবোৰৰ পৰা স্তুতি-গীত আৰু আমোদকাৰীসকলৰ ধ্বনি উঠিব, মই তেওঁলোকক বৃদ্ধি কৰিম, তেতিয়া তেওঁলোক কম নহ’ব; মই তেওঁলোকক গৌৰৱযুক্তও কৰিম, তাতে তেওঁলোক সামান্য নহ’ব।
20 Et erunt filii ejus sicut a principio, et cœtus ejus coram me permanebit, et visitabo adversum omnes qui tribulant eum.
২০তেওঁলোকৰ সন্তান-সন্ততিসকল আগৰ দৰে হ’ব, তেওঁলোকৰ মণ্ডলী মোৰ আগত স্থাপিত হ’ব, আৰু মই তেওঁলোকৰ উপদ্ৰৱকাৰী সকলোকে দণ্ড দিম।
21 Et erit dux ejus ex eo, et princeps de medio ejus producetur: et applicabo eum, et accedet ad me. Quis enim iste est qui applicet cor suum ut appropinquet mihi? ait Dominus:
২১তেওঁলোকৰ অধিপতি তেওঁলোকৰ ভিতৰতে হ’ব, আৰু তেওঁলোকৰ শাসনকৰ্ত্তা তেওঁলোকৰ মাজৰ পৰা ওলাব; আৰু মই তেওঁক মোৰ ওচৰ চপাম, তেতিয়া তেওঁ মোৰ ওচৰ চাপিব; কিয়নো যিহোৱাই কৈছে, মোৰ ওচৰলৈ আহিবলৈ কাৰ সাহস আছে?”
22 et eritis mihi in populum, et ego ero vobis in Deum.
২২আৰু তোমালোক মোৰ প্ৰজা হ’বা, আৰু মই তোমালোকৰ ঈশ্বৰ হ’ম।
23 Ecce turbo Domini, furor egrediens, procella ruens: in capite impiorum conquiescet.
২৩সৌৱা চোৱা, যিহোৱাৰ প্ৰচণ্ড ক্ৰোধৰূপ ধুমুহা, এনে কি, উৰুৱাই নিয়া প্ৰবল বতাহ আহিছে। সেয়ে দুষ্টবোৰৰ মূৰত কোবেৰে লাগিব।
24 Non avertet iram indignationis Dominus, donec faciat et compleat cogitationem cordis sui: in novissimo dierum intelligetis ea.
২৪যিহোৱাই নিজ কাৰ্য নিস্পত্তি নকৰালৈকে আৰু নিজ মনৰ অভিপ্ৰায় সিদ্ধ নকৰালৈকে, তেওঁ প্ৰচণ্ড ক্ৰোধ নাথামিব। তোমালোকে শেষ কালত তাক বুজিবা।”

< Jeremiæ 30 >