< Isaiæ 60 >
1 Surge, illuminare, Jerusalem, quia venit lumen tuum, et gloria Domini super te orta est.
১উঠা, দীপ্তি দিয়া; কিয়নো তোমাৰ পোহৰ আহিছে, আৰু যিহোৱাৰ গৌৰৱ তোমাৰ ওপৰত উদয় হৈছে।
2 Quia ecce tenebræ operient terram, et caligo populos; super te autem orietur Dominus, et gloria ejus in te videbitur.
২কাৰণ চোৱা, আন্ধাৰে পৃথিৱী ঢাকিব, আৰু ঘোৰ অন্ধকাৰে লোক সমূহক ঢাকিব; কিন্তু যিহোৱা তোমাৰ ওপৰত উদয় হ’ব, আৰু তোমাৰ ওপৰত তেওঁৰ গৌৰৱ প্ৰকাশিত হ’ব।
3 Et ambulabunt gentes in lumine tuo, et reges in splendore ortus tui.
৩লোক সমূহ তোমাৰ পোহৰৰ ওচৰলৈ আহিব, আৰু ৰজাসকলে তোমাৰ উদয় হোৱা দীপ্তিৰ ওচৰলৈ আহিব।
4 Leva in circuitu oculos tuos, et vide: omnes isti congregati sunt, venerunt tibi; filii tui de longe venient et filiæ tuæ de latere surgent.
৪তুমি চকু ফুৰাই চাৰিওফালে চোৱা; তেওঁলোক সকলোৱে গোট খাই তোমাৰ ওচৰ চাপিছে; তোমাৰ পুত্ৰসকল দূৰৰ পৰা আহিছে আৰু তোমাৰ জীয়েকসকলক বাহুত বুকি অনা হৈছে।
5 Tunc videbis, et afflues; mirabitur et dilatabitur cor tuum: quando conversa fuerit ad te multitudo maris; fortitudo gentium venerit tibi.
৫সেই কালত তুমি দেখি প্ৰফুল্লিত হ’বা, আৰু তোমাৰ হৃদয় আনন্দেৰে উপচি পৰিব, কাৰণ সমুদ্ৰৰ প্ৰচুৰ ধন তোমাক দিয়া যাব আৰু লোকসকলৰ সম্পত্তি তোমাৰ ওচৰলৈ আহিব।
6 Inundatio camelorum operiet te, dromedarii Madian et Epha; omnes de Saba venient, aurum et thus deferentes, et laudem Domino annuntiantes.
৬উটসমূহে, মিদিয়ন আৰু ঐফাৰ ডেকা উটবোৰে তোমাক ঢাকি পেলাব; সেই আটাইবোৰ চিবাৰ পৰা আহিব; সেইবোৰে সোণ আৰু কুন্দুৰু বৈ আনিব, আৰু যিহোৱাৰ প্ৰশংসা গীত গাব।
7 Omne pecus Cedar congregabitur tibi; arietes Nabaioth ministrabunt tibi: offerentur super placabili altari meo, et domum majestatis meæ glorificabo.
৭কেদৰৰ আটাই মেৰ-ছাগৰ জাক তোমাৰ ওচৰত গোট খাব আৰু নবায়োতৰ মতা মেৰ-ছাগবোৰে তোমাৰ পৰিচৰ্যা কৰিব; সেইবোৰ গ্ৰহণীয় হৈ মোৰ যজ্ঞ-বেদিত উঠিব, আৰু মোৰ গৌৰৱযুক্ত গৃহ মই গৌৰৱান্বিত কৰিম।
8 Qui sunt isti qui ut nubes volant, et quasi columbæ ad fenestras suas?
৮মেঘৰ দৰে আৰু নিজৰ বাহৰ সোমোৱা বাটলৈ অহা কপৌৰ দৰে উড়ি অহা এওঁলোক কোন?
9 Me enim insulæ exspectant, et naves maris in principio, ut adducam filios tuos de longe; argentum eorum, et aurum eorum cum eis, nomini Domini Dei tui, et Sancto Israël, quia glorificavit te.
৯নিশ্চয়ে দ্বীপবোৰে মোলৈ অপেক্ষা কৰিব; তোমাৰ পুত্রসকলক তেওঁলোকৰ ৰূপৰ আৰু সোণৰ সৈতে দূৰৰ পৰা আনিবলৈ, ঈশ্বৰ যিহোৱাই, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই তোমাক গৌৰৱান্বিত কৰাৰ কাৰণে, তৰ্চীচৰ জাহাজ আগ হ’ব।
10 Et ædificabunt filii peregrinorum muros tuos, et reges eorum ministrabunt tibi; in indignatione enim mea percussi te, et in reconciliatione mea misertus sum tui.
১০বিদেশী লোকসকলে দেৱাল পুনৰায় নিৰ্মাণ কৰিব, আৰু তেওঁলোকৰ ৰজাসকলে তোমাৰ পৰিচৰ্যা কৰিব; কিয়নো মই যেনেকৈ তোমাক ক্রোধত দণ্ড দিলোঁ, তেনেকৈ অনুগ্ৰহত তোমালৈ দয়াও কৰিলোঁ।
11 Et aperientur portæ tuæ jugiter; die ac nocte non claudentur, ut afferatur ad te fortitudo gentium, et reges earum adducantur.
১১লোকসকলে যেন জাতি সমূহৰ ধন-সম্পত্তি আৰু বন্দি কৰি অনাসকলৰ ৰজাসকলক তোমাৰ ভিতৰলৈ আনিব পাৰে, সেই বাবে তোমাৰ দুৱাৰবোৰ সদায় মেলা হৈ থাকিব, দিন বা ৰাতি কেতিয়াও বন্ধ কৰা নহ’ব।
12 Gens enim et regnum quod non servierit tibi peribit, et gentes solitudine vastabuntur.
১২কিয়নো যি জাতি আৰু যি ৰাজ্যই তোমাৰ বশ্যতা স্বীকাৰ নকৰিব, সেই উভয়েই সম্পূৰ্ণ বিনষ্ট হ’ব;
13 Gloria Libani ad te veniet, abies, et buxus, et pinus simul ad ornandum locum sanctificationis meæ; et locum pedum meorum glorificabo.
১৩লিবানোনৰ গৌৰৱ তোমালৈ আহিব; দেৱদাৰু, তিধৰ, আৰু তাচুৰ গছ একেলগে, মোৰ পবিত্ৰ স্থান ভূষিত কৰিবৰ অৰ্থে আহিব; আৰু মই মোৰ চৰণ থোৱা ঠাই প্ৰতাপযুক্ত কৰিম।
14 Et venient ad te curvi filii eorum qui humiliaverunt te, et adorabunt vestigia pedum tuorum omnes qui detrahebant tibi: et vocabunt te civitatem Domini, Sion Sancti Israël.
১৪তেওঁলোক তোমাক প্রণিপাত কৰিবলৈ আহিব, তোমাক কষ্ট দিয়াসকলৰ সন্তানবোৰ মূৰ দোঁৱাই তোমাৰ চৰণত পৰি প্রণিপাত কৰিব, তেওঁলোকে তোমাক যিহোৱাৰ নগৰ, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ চিয়োন বুলি মাতিব।
15 Pro eo quod fuisti derelicta et odio habita, et non erat qui per te transiret: ponam te in superbiam sæculorum, gaudium in generationem et generationem:
১৫তুমি এনে পৰিত্যক্তা আৰু ঘৃণিতা থ’লো যে, কোনো পথিক তোমাৰ মাজেদি নাজায়; তাৰ সলনি মই তোমাক চিৰকাল থকা প্ৰশংসাৰ, আৰু পুৰুষানুক্ৰমে আনন্দৰ বিষয় কৰিম।
16 et suges lac gentium, et mamilla regum lactaberis; et scies quia ego Dominus salvans te, et redemptor tuus, Fortis Jacob.
১৬আৰু তুমি জাতি সমূহৰ দুগ্ধ পান কৰিবা, আৰু ৰজাসকলৰ স্তন চুহিবা; তাতে মই যিহোৱা যে তোমাৰ ত্ৰাণকৰ্ত্তা, তোমাৰ মুক্তিদাতা, যাকোবৰ পৰাক্ৰমী জনা, ইয়াক তুমি জানিবা।
17 Pro ære afferam aurum, et pro ferro afferam argentum, et pro lignis æs, et pro lapidibus ferrum: et ponam visitationem tuam pacem, et præpositos tuos justitiam.
১৭মই পিতলৰ সলনি সোণ, লোহাৰ সলনি ৰূপ, কাঠৰ সলনি পিতল, আৰু শিলবোৰৰ সলনি লোহা আনিম; আৰু মই শান্তিক তোমালোকৰ অধ্যক্ষসকলৰ দৰে, আৰু ন্যায়বিচাৰক শাসনকৰ্ত্তাৰ দৰে নিযুক্তি কৰিম।
18 Non audietur ultra iniquitas in terra tua; vastitas et contritio in terminis tuis: et occupabit salus muros tuos, et portas tuas laudatio.
১৮তোমাৰ দেশত অত্যাচাৰৰ আৰু তোমাৰ সীমাৰ ভিতৰত বিনষ্ট হোৱাৰ বা ধ্বংসৰ কথা আৰু শুনা নাযাব; কিন্তু তুমি তোমাৰ দেৱালৰ নাম পৰিত্ৰাণ, আৰু তোমাৰ দুৱাৰৰ নাম প্ৰশংসা ৰাখিবা।
19 Non erit tibi amplius sol ad lucendum per diem, nec splendor lunæ illuminabit te: sed erit tibi Dominus in lucem sempiternam, et Deus tuus in gloriam tuam.
১৯দিনত সূৰ্য তোমাৰ দীপ্তি আৰু নহ’ব, আৰু পোহৰৰ অৰ্থে চন্দ্ৰই তোমাক জোনাক নিদিব; কিন্তু যিহোৱায়েই তোমাৰ অনন্তকলীয়া জ্যোতি, আৰু তোমাৰ ঈশ্বৰেই তোমাৰ ভূষণস্বৰূপ হ’ব।
20 Non occidet ultra sol tuus, et luna tua non minuetur, quia erit tibi Dominus in lucem sempiternam, et complebuntur dies luctus tui.
২০তোমাৰ সূৰ্য আৰু অস্ত নাযাব, তোমাৰ চন্দ্ৰও আৰু মাৰ নাযাব, কিয়নো যিহোৱা তোমাৰ অনন্তকলীয়া জ্যোতি হ’ব, আৰু তোমাৰ শোকৰ দিন সমাপ্ত হ’ব।
21 Populus autem tuus omnes justi; in perpetuum hæreditabunt terram: germen plantationis meæ, opus manus meæ ad glorificandum.
২১মই গৌৰৱান্বিত হ’বলৈ মই ৰোৱা গছৰ পোখা আৰু মোৰ হাতে কৰা কৰ্মস্বৰূপ যি তোমাৰ লোক সকলোৱেই ধাৰ্মিক হ’ব; তেওঁলোকে অনন্ত কাললৈকে দেশ অধিকাৰ কৰিব।
22 Minimus erit in mille, et parvulus in gentem fortissimam. Ego Dominus in tempore ejus subito faciam istud.
২২যি সৰু সি হাজাৰ হৈ উঠিব; সৰু জাতি বৃহৎ হ’ব; মই যিহোৱাই উচিত সময়ত ইয়াক সাম্ফল কৰিবলৈ বেগী হম।