< I Paralipomenon 18 >
1 Factum est autem post hæc, ut percuteret David Philisthiim, et humiliaret eos, et tolleret Geth et filias ejus de manu Philisthiim,
১তাৰ পাছত দায়ূদে পলেষ্টীয়াসকলক আক্রমণ কৰি পৰাজয় কৰিলে, ফিলিষ্টীয়াসকলৰ অধীনত থকা গাত আৰু তাৰ গাওঁবোৰ তেওঁ কাঢ়ি ল’লে।
2 percuteretque Moab, et fierent Moabitæ servi David, offerentes ei munera.
২তাৰ পাছত তেওঁ মোৱাবক পৰাজয় কৰিলে, আৰু মোৱাবীয়াসকলে দায়ূদৰ দাস হৈ কৰ পৰিশোধ কৰিবলৈ ধৰিলে।
3 Eo tempore percussit David etiam Adarezer regem Soba regionis Hemath, quando perrexit ut dilataret imperium suum usque ad flumen Euphraten.
৩ফৰাৎ নদীৰ ওচৰত হদৰেজৰে নিজৰ শাসন স্থাপন কৰিবলৈ যাওঁতে, দায়ূদে চোবাৰ ৰজা হদদেজৰক হমাতত পৰাজয় কৰিলে।
4 Cepit ergo David mille quadrigas ejus, et septem millia equitum, ac viginti millia virorum peditum, subnervavitque omnes equos curruum, exceptis centum quadrigis, quas reservavit sibi.
৪দায়ূদে এক হাজাৰ ৰথ, সাত হাজাৰ অশ্বাৰোহী, আৰু বিশ হাজাৰ পদাতিক সৈন্য বন্দী কৰি ল’লে। আৰু ৰথৰ আটাই ঘোঁৰাবোৰৰ পাছ-ঠেঙৰ সিৰ কাটিলে, কিন্তু তাৰ মাজত এশ ৰথৰ বাবে ঘোঁৰা ৰাখিলে।
5 Supervenit autem et Syrus Damascenus, ut auxilium præberet Adarezer regi Soba: sed et hujus percussit David viginti duo millia virorum.
৫যেতিয়া দম্মেচকৰ অৰামীয়াসকলে চোবাৰ ৰজা হদদেজৰে সহায় কৰিবলৈ আহিলে, তেতিয়া দায়ূদে বাইশ হাজাৰ অৰামীয়ালোকক বধ কৰিলে।
6 Et posuit milites in Damasco, ut Syria quoque serviret sibi, et offerret munera. Adjuvitque eum Dominus in cunctis ad quæ perrexerat.
৬তাৰ পাছত দায়ূদে দম্মেচকৰ অৰাম দেশত দুৰ্গৰক্ষক সৈন্যৰ দল ভিতৰলৈ সুমুৱালে; আৰু অৰামীয়াসকলে দায়ূদৰ দাস হৈ কৰ পৰিশোধ কৰিলে। দায়ূদে যি যি ঠাইত যায়, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হবলৈ দিয়ে।
7 Tulit quoque David pharetras aureas, quas habuerant servi Adarezer, et attulit eas in Jerusalem.
৭দায়ূদে হদদেজৰ দাস কেইজনৰ গাত থকা সোণৰ ঢালবোৰ সোলোকাই যিৰূচালেমলৈ লৈ আহিল।
8 Necnon de Thebath et Chun urbibus Adarezer æris plurimum, de quo fecit Salomon mare æneum, et columnas, et vasa ænea.
৮হদদেজৰ টিভৎ আৰু কূন নগৰৰ পৰা দায়ূদে অতি অধিক পিতল আনিলে। এই পিতলৰ দ্ৱাৰাই চলোমনে পিতলৰ সমুদ্ৰ, দুটা স্তম্ভ, আৰু পিতলৰ পাত্ৰবোৰ নিৰ্ম্মাণ কৰিছিল।
9 Quod cum audisset Thou rex Hemath, percussisse videlicet David omnem exercitum Adarezer regis Soba,
৯যেতিয়া হমাতৰ ৰজা তোয়োৱে শুনিলে যে দায়ূদে চোবাৰ ৰজা হদদেজৰৰ সকলো সৈন্যসকলক পৰাজয় কৰিলে।
10 misit Adoram filium suum ad regem David, ut postularet ab eo pacem, et congratularetur ei quod percussisset et expugnasset Adarezer: adversarius quippe erat Thou Adarezer.
১০তেতিয়া তোৱোয়ে নিজৰ পুত্ৰ হদোৰামক দায়ুদ ৰজাক প্রণাম জনাবলৈ আৰু আশীৰ্ব্বাদ কৰিবলৈ তেওঁৰ ওচৰত পঠালে, কাৰণ দায়ূদে হদদেজৰৰ বিৰুদ্ধে যুদ্ধ কৰি তাক পৰাজয় কৰিলে, আৰু কাৰণ তোয়োৱৰ বিৰুদ্ধে হদৰেজৰে যুদ্ধ ঘোষণা কৰিছিল। হদোৰাম নিজৰ লগত ৰূপ, সোণ, আৰু পিতল বস্তু লৈ আহিছিল।
11 Sed et omnia vasa aurea, et argentea, et ænea consecravit David rex Domino, cum argento et auro quod tulerat ex universis gentibus, tam de Idumæa, et Moab, et filiis Ammon, quam de Philisthiim et Amalec.
১১দায়ুদ ৰজাই ইদোম, মোৱাব, অম্মোন, পলেষ্টীয়া আৰু অমালেক আদি সকলো জাতিৰ পৰা অনা ৰূপ আৰু সোণৰ সৈতে এইবোৰ বস্তুও যিহোৱাৰ উদ্দেশে উৎসৰ্গ কৰিলে।
12 Abisai vero filius Sarviæ percussit Edom in valle Salinarum, decem et octo millia:
১২চৰূয়াৰ পুত্ৰ অবীচয়ে লৱণ উপত্যকাত ওঠৰ হাজাৰ ইদোমীয়ালোকক বধ কৰিলে।
13 et constituit in Edom præsidium, ut serviret Idumæa David: salvavitque Dominus David in cunctis ad quæ perrexerat.
১৩তেওঁ ইদোমত দুৰ্গৰক্ষক সৈন্যদল স্থাপন কৰিলে আৰু সকলো ইদোমীয়া লোক দায়ূদৰ দাস হ’ল। দায়ুদ যি যি ঠাইত যায়, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিয়ে।
14 Regnavit ergo David super universum Israël, et faciebat judicium atque justitiam cuncto populo suo.
১৪দায়ূদে সকলো ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিলে আৰু তেওঁ নিজৰ সকলো লোকৰ ন্যায় বিচাৰ আৰু ধৰ্মনিষ্ঠাৰে পৰিচালনা কৰিলে।
15 Porro Joab filius Sarviæ erat super exercitum, et Josaphat filius Ahilud a commentariis:
১৫চৰূয়াৰ পুত্ৰ যোৱাব সৈন্যসকলৰ প্ৰধান সেনাপতি আছিল, আৰু অহীলূদৰ পুত্র যিহোচাফট্ বৃত্তান্ত লিখক আছিল।
16 Sadoc autem filius Achitob, et Ahimelech filius Abiathar, sacerdotes: et Susa, scriba:
১৬অহীটুবৰ পুত্ৰ চাদোক, আৰু অবিয়াথৰৰ পুত্ৰ অবীমেলক পুৰোহিত আছিল, চবচা ৰাজলিখক আছিল;
17 Banaias quoque filius Jojadæ super legiones Cerethi et Phelethi: porro filii David, primi ad manum regis.
১৭যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকলৰ ওপৰত আছিল; আৰু দায়ূদৰ পুত্ৰসকল ৰজাৰ পৰামৰ্শদাতা আছিল।