< Ii Regum 23 >
1 Et renunciaverunt regi quod dixerat. Qui misit: et congregati sunt ad eum omnes senes Iuda et Ierusalem.
১পাছত ৰজা যোচিয়াই মানুহ পঠাই যিহূদা আৰু যিৰূচালেমৰ সকলো বৃদ্ধ পৰিচাৰকসকলক মাতি একত্রিত কৰিলে।
2 Ascenditque rex templum Domini, et omnes viri Iuda, universique qui habitabant in Ierusalem cum eo sacerdotes et prophetæ, et omnis populus a parvo usque ad magnum: legitque cunctis audientibus omnia verba libri fœderis, qui inventus est in domo Domini.
২যিহূদা আৰু যিৰূচালেমৰ সকলো লোকক, পুৰোহিত আৰু ভাববাদীসকলক, সাধাৰণ লোকৰ পৰা গণ্যমান্য ব্যক্তি সকলোকে লগত লৈ ৰজা যিহোৱাৰ গৃহলৈ গ’ল। তাৰ পাছত তেওঁ যিহোৱাৰ গৃহত যি বিধান পুস্তকখন পোৱা গৈছিল, তাৰ সকলো কথা লোকসকলক পঢ়ি শুনালে।
3 Stetitque rex super gradum: et fœdus percussit coram Domino, ut ambularent post Dominum, et custodirent præcepta eius, et testimonia, et ceremonias in omni corde, et in tota anima, et suscitarent verba fœderis huius, quæ scripta erant in libro illo: acquievitque populus pacto.
৩স্তম্ভটোৰ ওচৰত থিয় হৈ ৰজা যোচিয়ই যিহোৱাৰ পথত চলি সকলো মন আৰু প্ৰাণেৰে যিহোৱাৰ সকলো আজ্ঞা, বিধান আৰু নির্দেশবোৰ মানি চলিবৰ কাৰণে এক প্ৰতিজ্ঞা কৰিলে। এই পুস্তকখনত লিখা বিধানৰ সকলো কথা নিশ্চয়কৈ পালন কৰিবলৈ যিহোৱাৰ সন্মুখত এক প্ৰতিজ্ঞা কৰিলে। তাতে সকলো লোকে ৰজাৰ কথাত সহমত হৈ থিয় দিলে।
4 Et præcepit rex Helciæ pontifici, et sacerdotibus secundi ordinis, et ianitoribus, ut proiicerent de templo Domini omnia vasa, quæ facta fuerant Baal, et in luco, et universæ militiæ cæli: et combussit ea foris Ierusalem in Convalle cedron, et tulit pulverem eorum in Bethel.
৪ৰজাই তেতিয়া যিহোৱাৰ মন্দিৰৰ পৰা বাল দেৱতা আৰু আচেৰা, আকাশৰ সকলো তৰাবোৰৰ সেৱা-পূজাৰ কাৰণে সজা পাত্ৰবোৰ বাহিৰ কৰিবৰ কাৰণে প্রধান পুৰোহিত হিল্কিয়াক, তেওঁৰ অধীনত থকা আন আন পুৰোহিতসকলক আৰু দ্বাৰ-ৰক্ষকসকলক আদেশ দিলে। তেওঁ সেইবোৰ যিৰূচালেমৰ বাহিৰত কিদ্ৰোণ উপত্যকাৰ মুকলি ঠাইত পুৰি দিলে আৰু ছাঁইবোৰ বৈৎএললৈ লৈ গ’ল।
5 Et delevit aruspices, quos posuerant reges Iuda ad sacrificandum in excelsis per civitates Iuda, et in circuitu Ierusalem: et eos, qui adolebant incensum Baal, et Soli, et Lunæ, et duodecim signis, et omni militiæ cæli.
৫যিহূদাৰ নগৰবোৰৰ ওখ ঠাইত থকা মঠবোৰত ধূপ জ্বলাবৰ কাৰণে আৰু যিৰূচালেমৰ চাৰিওফালৰ ঠাইবোৰত বাল দেৱতা, সূর্য, চন্দ্র, গ্রহ-নক্ষত্র, আকাশৰ সকলো তৰাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাবৰ কাৰণে যিহূদাৰ ৰজাসকলে যি সকলো মূর্তিপূজাকাৰী পুৰোহিতসকলক মনোনীত কৰিছিল, তেওঁলোকক তেওঁ সেই ঠাইবোৰৰ পৰা আতৰালে।
6 Et efferri fecit lucum de domo Domini foras Ierusalem in Convalle cedron, et combussit eum ibi, et redegit in pulverem, et proiecit super sepulchra vulgi.
৬তেওঁ যিহোৱাৰ গৃহৰ পৰা আচেৰা মূৰ্ত্তিটো বাহিৰ কৰি, যিৰূচালেমৰ পৰা কিদ্ৰোণ উপত্যকালৈ নি তাত পুৰি পেলালে। তাৰ পাছত তাক কোবাই কোবাই গুড়ি কৰি তাৰ ধূলি সাধাৰণ জনতাৰ মৈদামৰ ওপৰত ছটিয়াই দিলে।
7 Destruxit quoque ædiculas effeminatorum, quæ erant in domo Domini, pro quibus mulieres texebant quasi domunculas luci.
৭যিহোৱাৰ গৃহত দেৱদাসসকল থকা কোঁঠাবোৰ তেওঁ ভাঙি পেলালে। সেই কোঁঠাবোৰত মহিলাসকলে আচেৰাৰ কাৰণে কাপোৰ বৈছিল।
8 Congregavitque omnes sacerdotes de civitatibus Iuda: et contaminavit excelsa, ubi sacrificabant sacerdotes de Gabaa usque Bersabee: et destruxit aras portarum in introitu ostii Iosue principis civitatis, quod erat ad sinistram portæ civitatis.
৮ৰজা যোচিয়াই যিহূদাৰ নগৰবোৰৰ সকলো পুৰোহিতক যিৰূচালেমলৈ আনিলে আৰু গেবাৰ পৰা বেৰ-চেবা পর্যন্ত যি সকলো ওখ ঠাইৰ মঠবোৰত পুৰোহিতসকলে ধূপ জ্বলাইছিল, তেওঁ সেই সকলোবোৰ ঠাই অপবিত্র কৰি দিলে। তেওঁ দুৱাৰবোৰৰ ওচৰত থকা ওখ ঠাইৰ মঠবোৰ ধ্বংস কৰিলে; যিৰূচালেম নগৰৰ যিহোচূৱা নামৰ এজন ৰাজ্যপালে নির্মাণ কৰা যিহোচূৱা দুৱাৰৰ প্রৱেশ পথত যি সকলো ওখ ঠাইত মঠবোৰ আছিল, তেওঁ সেই সকলোকে ভাঙি পেলালে। এই মঠবোৰ নগৰলৈ সোমাই যোৱা নগৰৰ প্রধান দুৱাৰৰ বাওঁফালে আছিল।
9 Verumtamen non ascendebant sacerdotes excelsorum ad altare Domini in Ierusalem: sed tantum comedebant azyma in medio fratrum suorum.
৯ওখ ঠাইৰ মঠবোৰৰ পুৰোহিতসকলক যদিও যিৰূচালেমত যিহোৱাৰ যজ্ঞবেদীত সেৱা-কার্য কৰিবলৈ দিয়া হোৱা নাছিল, কিন্তু তেওঁলোকে আন পুৰোহিতসকলৰ দৰে খমীৰ নিদিয়া পিঠা খাব পাৰিছিল।
10 Contaminavit quoque Topheth, quod est in Convalle filii Ennom: ut nemo consecraret filium suum aut filiam per ignem, Moloch.
১০কোনেও যাতে মোলক দেৱতাৰ উদ্দেশ্যে নিজৰ পুতেক বা জীয়েকক হোমবলি দিব নোৱাৰে, সেয়ে ৰজা যোচিয়াই বিন-হিন্নোমৰ উপত্যকাত থকা তোফৎ নামৰ পূজাৰ ঠাইক অপবিত্র কৰি দিলে।
11 Abstulit quoque equos, quos dederant reges Iuda, Soli, in introitu templi Domini iuxta exedram Nathanmelech eunuchi, qui erat in Pharurim: currus autem Solis combussit igni.
১১যিহূদাৰ ৰজাসকলে যি সকলো ঘোঁৰা আৰু ৰথবোৰ সূর্যৰ পূজাৰ অর্থে দিছিল, যোচিয়াই সেই ঘোঁৰাবোৰক দূৰ কৰিলে আৰু ৰথবোৰ পুৰি পেলালে। ঘোঁৰাবোৰক নাথন-মেলক নামৰ এজন গৃহাধ্যক্ষৰ কোঁঠাৰ ওচৰত, যিহোৱাৰ গৃহৰ প্রৱেশ পথৰ ওচৰৰ এডোখৰ ঠাইত ঘোঁৰাবোৰক ৰখা হৈছিল।
12 Altaria quoque, quæ erant super tecta cœnaculi Achaz, quæ fecerant reges Iuda, et altaria quæ fecerat Manasses in duobus atriis templi Domini, destruxit rex: et cucurrit inde, et dispersit cinerem eorum in Torrentem cedron.
১২ৰাজপ্রাসাদৰ চালত ৰজা আহজৰ ওপৰ কোঁঠালিৰ ওপৰত যিহূদাৰ ৰজাসকলে যি সকলো বেদী নির্মাণ কৰিছিল আৰু যিহোৱাৰ মন্দিৰৰ দুখন চোতালত মনচিয়ে যি বেদীবোৰ নির্মাণ কৰিছিল, ৰজা যোচিয়াই সেই সকলোবোৰ ভাঙি পেলালে। তেওঁ সেইবোৰ ভাঙি টুকুৰা-টুকুৰ কৰি কিদ্ৰোণ উপত্যকাত পেলাই দিলে।
13 Excelsa quoque, quæ erant in Ierusalem ad dexteram partem Montis offensionis, quæ ædificaverat Salomon rex Israel Astaroth idolo Sidoniorum, et Chamos offensioni Moab, et Melchom abominationi filiorum Ammon, polluit rex.
১৩ভ্রষ্টাচাৰ পাহাৰৰ দক্ষিণে যিৰূচালেমৰ পূবফালে যি সকলো মঠ ওখ ঠাইবোৰত আছিল, সেইবোৰক যোচিয়াই অপবিত্র কৰিলে। ইস্রায়েলৰ ৰজা চলোমনে চীদোনীয়াসকলৰ ঘৃণ্য দেৱী অষ্টাৰেতৰ কাৰণে, মোৱাবীয়াসকলৰ ঘৃণ্য দেৱতা কমোচৰ কাৰণে আৰু অম্মোনৰ লোকসকলৰ ঘৃণ্য দেৱতা মিল্কমৰ কাৰণে এই সকলো ওখ ঠাইৰ মঠবোৰ তৈয়াৰ কৰিছিল।
14 Et contrivit statuas, et succidit lucos: replevitque loca eorum ossibus mortuorum.
১৪ৰজা যোচিয়াই পূজাৰ শিলৰ স্তম্ভবোৰ ভাঙি পেলালে আৰু আচেৰা মুৰ্ত্তিবোৰো কাটি পেলালে। সেই ঠাইবোৰ মানুহৰ অস্থিৰে পূর্ণ কৰি ঢাকি দিলে।
15 Insuper et altare, quod erat in Bethel, et excelsum, quod fecerat Ieroboam filius Nabat, qui peccare fecit Israel: et altare illud, et excelsum destruxit, atque combussit, et comminuit in pulverem, succenditque etiam lucum.
১৫ইস্রায়েলক পাপ কার্যত লিপ্ত কৰোঁৱা নবাটৰ পুত্র যাৰবিয়ামে বৈৎএলত যি বেদী আৰু ওখ ঠাইৰ মঠ নির্মাণ কৰিছিল, তাক যোচিয়াই ভাঙি পেলালে। তেওঁ মঠৰ বেদী জুইৰে পুৰি তাক মাৰি মাৰি গুড়া কৰি পেলালে। আচেৰা মুৰ্ত্তিটোও জুইৰে পুৰিলে।
16 Et conversus Iosias, vidit ibi sepulchra, quæ erant in monte: misitque et tulit ossa de sepulchris, et combussit ea super altare, et polluit illud iuxta verbum Domini, quod locutus est vir Dei, qui prædixerat verba hæc.
১৬তাৰ পাছত তেওঁ চাৰিওফালে চালে আৰু পাহাৰৰ কাষত থকা সমাধিস্থল দেখা পালে। তেওঁ মানুহ পঠাই সেই সমাধিবোৰৰ পৰা অস্থিবোৰ উলিয়াই অনালে আৰু সেইবোৰ বেদীৰ ওপৰত পুৰি তাক অপবিত্র কৰিলে। ঈশ্বৰৰ লোকে যি সকলো ঘটনাৰ কথা পূর্বে ঘোষণা কৰিছিল, যিহোৱাৰ সেই বাক্য অনুসাৰেই এই সকলো হ’ল।
17 Et ait: Quis est titulus ille, quem video? Responderuntque ei cives urbis illius: Sepulchrum est hominis Dei, qui venit de Iuda, et prædixit verba hæc, quæ fecisti super altare Bethel.
১৭ৰজাই সুধিলে, “মই সেই যি স্তম্ভটো দেখা পাইছো, সেইটো কি?” নগৰৰ লোকসকলে ক’লে, “সেইটো ঈশ্বৰৰ লোকৰ মৈদাম। ঈশ্বৰৰ সেই লোকে যিহূদাৰ পৰা আহি বৈৎএলৰ বেদীৰ বিৰুদ্ধে যি যি ঘোষণা কৰিছিল, আপুনিও ঠিক তাকেই কৰিছে।”
18 Et ait: Dimitte eum, nemo commoveat ossa eius. Et intacta manserunt ossa illius cum ossibus prophetæ, qui venerat de Samaria.
১৮তেতিয়া ৰজা যোচিয়াই ক’লে, “সেইটো থাকিবলৈ দিয়া; কোনেও যেন তেওঁৰ হাড়বোৰ আঁতৰ নকৰে।” সেয়ে লোকসকলে তেওঁৰ হাড়বোৰ আৰু যি ভাববাদী চমৰিয়াৰ পৰা আহিছিল, তেওঁৰ হাড়বোৰ যেনেদৰে আছিল, তেনেদৰেই ৰাখিলে।
19 Insuper et omnia fana excelsorum, quæ erant in civitatibus Samariæ, quæ fecerant reges Israel ad irritandum Dominum, abstulit Iosias: et fecit eis secundum omnia opera, quæ fecerat in Bethel.
১৯চমৰিয়াৰ নগৰবোৰত থকা সকলো মন্দিৰ আৰু ওখ ঠাইৰ মঠবোৰ, যি সকলোবোৰ ইস্ৰায়েলৰ ৰজাসকলে নির্মাণ কৰি যিহোৱাক ক্রুদ্ধ কৰি তুলিছিল, যোচিয়াই সেইবোৰ দূৰ কৰি দিলে আৰু তেওঁ বৈৎএলত কৰা সকলো কর্মৰ দৰেই সেইবোৰলৈকো কৰিলে।
20 Et occidit universos sacerdotes excelsorum, qui erant ibi super altaria: et combussit ossa humana super ea: reversusque est Ierusalem.
২০মঠবোৰৰ সকলো পুৰোহিতকে যোচিয়াই সেই বেদীবোৰৰ ওপৰত বধ কৰিলে আৰু সেইবোৰৰ ওপৰত মানুহৰ হাড়বোৰ পুৰিলে। তাৰ পাছত তেওঁ যিৰূচালেমলৈ ঘূৰি গ’ল।
21 Et præcepit omni populo, dicens: Facite Phase Domino Deo vestro, secundum quod scriptum est in libro fœderis huius.
২১ৰজাই সকলো লোকক এই আজ্ঞা দিলে, “বিধান-পুস্তকখনত যেনেকৈ লিখা আছে, তেনেকৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ‘নিস্তাৰ-পৰ্ব্ব’ পালন কৰক।
22 Nec enim factum est Phase tale a diebus iudicum, qui iudicaverunt Israel, et omnium dierum regum Israel, et regum Iuda,
২২ইস্রায়েলৰ বিচাৰকর্তাসকলৰ শাসন কালত অথবা ইস্রায়েল আৰু যিহূদাৰ ৰজাসকলৰ আমোলত এনে ধৰণৰ নিস্তাৰ-পৰ্ব্ব পালন কেতিয়াও কৰা হোৱা নাছিল।
23 sicut in octavo decimo anno regis Iosiæ factum est Phase istud Domino in Ierusalem.
২৩কিন্তু ৰজা যোচিয়াৰ ৰাজত্বৰ ওঠৰ বছৰত যিৰূচালেমত যিহোৱাৰ উদ্দেশ্যে এই নিস্তাৰ-পৰ্ব্ব পালন কৰা হ’ল।
24 Sed et pythones, et ariolos, et figuras idolorum, et immunditias, et abominationes, quæ fuerant in terra Iuda et Ierusalem, abstulit Iosias: ut statueret verba legis, quæ scipta sunt in Libro, quem invenit Helcias sacerdos in templo Domini.
২৪ইয়াৰ বাহিৰেও, যোচিয়াই ভূত পোহা বা মৃত আত্মাৰ লগত পৰামর্শ কৰা সকলক আঁতৰাই পঠালে। তেওঁ পাৰিবাৰিক দেৱমূর্তিবোৰ, প্রতিমাবোৰ, যিহূদা আৰু যিৰূচালেমত যিবোৰ ঘৃণনীয় বস্তু দেখা পালে, সেই সকলোবোৰ দূৰ কৰিলে। পুৰোহিত হিল্কিয়াই যিহোৱাৰ গৃহত বিধান লিখা যি পুস্তকখন পাইছিল, তাৰ কথাবোৰ যেন পালন কৰা হয়, সেয়ে যোচিয়াই এই কার্য কৰিছিল।
25 Similis illi non fuit ante eum rex, qui reverteretur ad Dominum in omni corde suo, et in tota anima sua, et in universa virtute sua iuxta omnem legem Moysi: neque post eum surrexit similis illi.
২৫তেওঁ তেওঁৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে মোচিৰ বিধান অনুসাৰে যিহোৱাৰ পথত চলিছিল। তেওঁৰ আগত বা পাছত আন কোনো ৰজা তেওঁৰ দৰে নাছিল।
26 Verumtamen non est aversus Dominus ab ira furoris sui magni, quo iratus est furor eius contra Iudam: propter irritationes, quibus provocaverat eum Manasses.
২৬তথাপিও, মনচিয়ে যি সকলো কাম কৰি যিহোৱাক ক্রুদ্ধ কৰি তুলিছিল, সেইবোৰৰ কাৰণে যিহূদাৰ বিৰুদ্ধে যিহোৱাৰ যি ভয়ঙ্কৰ ক্রোধ প্রজ্বলিত হৈ উঠিছিল, সেই ক্ৰোধৰ পৰা তেওঁ নুঘূৰিল।
27 Dixit itaque Dominus: Etiam Iudam auferam a facie mea, sicut abstuli Israel: et proiiciam civitatem hanc, quam elegi Ierusalem, et domum, de qua dixi: Erit nomen meum ibi.
২৭সেইবাবে যিহোৱাই ক’লে, “মই মোৰ দৃষ্টিৰ পৰা ইস্ৰায়েলক যেনেকৈ দূৰ কৰিলোঁ, তেনেকৈ যিহূদাকো দূৰ কৰিম। মই যি নগৰক মনোনীত কৰি লৈছিলোঁ, সেই যিৰূচালেমক আৰু যি গৃহৰ সম্বন্ধে মই কৈছিলোঁ, ‘মোৰ নাম তাত থাকিব’ সেই গৃহক মই অগ্রাহ্য কৰিম।
28 Reliqua autem sermonum Iosiæ, et universa quæ fecit, nonne hæc scripta sunt in Libro verborum dierum regum Iuda?
২৮যোচিয়াৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
29 In diebus eius ascendit Pharao Nechao rex Ægypti, contra regem Assyriorum ad flumen Euphraten: et abiit Iosias rex in occursum eius: et occisus est in Mageddo, cum vidisset eum.
২৯যোচিয়াৰ ৰাজত্বৰ সময়ত মিচৰৰ ফৰৌণ-নখোৱে ইউফ্রেটিচ নদীৰ তীৰত অচূৰৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল। তেতিয়া ৰজা যোচিয়াই যুদ্ধত নখোক লগ পাবলৈ গ’ল আৰু তাতে নখোৱে তেওঁক মগিদ্দোত বধ কৰিলে।
30 Et portaverunt eum servi sui mortuum de Mageddo: et pertulerunt in Ierusalem, et sepelierunt eum in sepulchro suo. Tulitque populus terræ Ioachaz filium Iosiæ: et unxerunt eum, et constituerunt eum regem pro patre suo.
৩০যোচিয়াৰ দাসবোৰে তেওঁৰ শৱটো ৰথত তুলি মগিদ্দোৰ পৰা যিৰূচালেমলৈ লৈ আনিলে আৰু তেওঁৰ নিজৰ মৈদামনিত মৈদাম দিলে। পাছত দেশৰ লোকসকলে যোচিয়াৰ পুত্ৰ যিহোৱাহজক অভিষেক কৰি তেওঁৰ পিতৃৰ পদত ৰজা পাতিলে।
31 Viginti trium annorum erat Ioachaz cum regnare cœpisset, et tribus mensibus regnavit in Ierusalem: nomen matris eius Amital, filia Ieremiæ, de Lobna.
৩১তেইশ বছৰ বয়সত যিহোৱাহজ ৰজা হৈছিল। তেওঁ তিনি মাহ যিৰূচালেমত ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল হমূতল। তেওঁ লিব্না নিবাসী যিৰিমিয়াৰ জীয়েক আছিল।
32 Et fecit malum coram Domino, iuxta omnia quæ fecerant patres eius.
৩২যিহোৱাহজে তেওঁৰ পূর্বপুৰুষসকলৰ দৰে যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিলে।
33 Vinxitque eum Pharao Nechao in Rebla, quæ est in terra Emath, ne regnaret in Ierusalem: et imposuit mulctam terræ centum talentis argenti, et talento auri.
৩৩ফৰৌণ নখোৱে তেওঁক হমাৎ দেশৰ ৰিব্লাত শিকলিৰে বান্ধি আটক কৰি ৰাখিলে, যাতে তেওঁ যিৰূচালেমত ৰাজত্ব কৰিব নোৱাৰে। তাৰ পাছত ফৰৌণ নখোৱে যিহূদা দেশক প্রায় এশ কিক্কৰ ৰূপ আৰু এক কিক্কৰ সোণ জৰিমনা দিবলৈ নিৰূপণ কৰিলে।
34 Regemque constituit Pharao Nechao Eliacim filium Iosiæ pro Iosia patre eius: vertitque nomen eius Ioakim. porro Ioachaz tulit, et duxit in Ægyptum, et mortuus est ibi.
৩৪ফৰৌণ নখোৱে যোচিয়াৰ আন এজন পুত্ৰ ইলিয়াকীমক তেওঁৰ পিতৃ যোচিয়াৰ পদত ৰজা পাতিলে আৰু তেওঁৰ নাম সলাই যিহোয়াকীম ৰাখিলে। কিন্তু তেওঁ যিহোৱাহজক মিচৰলৈ লৈ গ’ল আৰু তাতে যিহোৱাহজৰ মৃত্যু হ’ল।
35 Argentum autem, et aurum dedit Ioakim Pharaoni cum indixisset terræ per singulos, ut conferretur iuxta præceptum Pharaonis: et unumquemque iuxta vires suas exegit, tam argentum quam aurum de populo terræ: ut daret Pharaoni Nechao.
৩৫যিহোয়াকীমে ফৰৌণ নখোৰ দাবী অনুসাৰে তেওঁক সেই ৰূপ আৰু সোণ দিলে; ফৰৌণৰ নির্দেশত তেওঁ ধন দিয়াৰ কাৰণে মাটিৰ কৰ নিৰূপণ কৰিলে; ফৰৌণ নখোক দিবলৈ দেশৰ লোকসকলৰ মাজত প্রতিজনকে সোণ আৰু ৰূপ দিবৰ কাৰণে তেওঁ বাধ্য কৰিলে।
36 Vigintiquinque annorum erat Ioakim cum regnare cœpisset: et undecim annis regnavit in Ierusalem: nomen matris eius Zebida filia Phadaia de Ruma.
৩৬যিহোয়াকীমে পঁচিশ বছৰ বয়সত ৰজা হৈছিল। তেওঁ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল জবীদা। তেওঁ ৰূমা-নিবাসী পদায়াৰ জীয়েক আছিল।
37 Et fecit malum coram Domino iuxta omnia, quæ fecerant patres eius.
৩৭যিহোৱাকীমে তেওঁৰ পূর্বপুৰুষসকলৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকেই কৰিছিল।