< Leviticus 11 >
1 Locutusque est Dominus ad Moysen et Aaron, dicens:
১পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
2 Dicite filiis Israel: Hæc sunt animalia quæ comedere debetis de cunctis animantibus terræ:
২“তোমালোকে ইস্ৰায়েলৰ সন্তান সকলক কোৱা যে, ‘সকলো ভূ-চৰ পশুবোৰৰ মাজত এইবোৰ জন্তু তোমালোকে খাব পাৰিবা।
3 Omne quod habet divisam ungulam, et ruminat in pecoribus, comedetis.
৩পশুবোৰৰ মাজত যি কোনো জন্তুৰ খুৰা সম্পুৰ্ণৰূপে দুফাল আৰু ঘাঁহ পাগুলে তাক তোমালোকে খাব পাৰিবা
4 Quidquid autem ruminat quidem, et habet ungulam, sed non dividit eam, sicut camelus et cetera, non comedetis illud, et inter immunda reputabitis.
৪তথাপি ঘাঁহ পাগুলা বা খুৰা দুফাল হোৱাবোৰৰ মাজত তোমালোকে কোনোমতে খাব নলগীয়া পশু এইবোৰ; উট, কিয়নো সি ঘাঁহ পাগুলে হয়, কিন্তু দুফলীয়া খুৰা থকা নহয়, সি তোমালোকৰ পক্ষে অশুচি।
5 Chœrogryllus qui ruminat, ungulamque non dividit, immundus est.
৫আৰু চাফন পশু, কিয়নো সিও ঘাঁহ পাগুলে, তথাপি দুফলীয়া খুৰা থকা নহয়, সিওঁ তোমালোকৰ পক্ষে অশুচি।
6 Lepus quoque: nam et ipse ruminat, sed ungulam non dividit.
৬শহা; কিয়নো সিও ঘাঁহ পাগুলে, কিন্তু দুফলীয়া খুৰা থকা নহয়, সি তোমালোকৰ পক্ষে অশুচি।
7 Et sus: qui cum ungulam dividat, non ruminat.
৭আৰু গাহৰি: কিয়নো তাৰ খুৰা সম্পুৰ্ণৰূপে দুফাল হয় তথাপি সি ঘাঁহ নাপাগুলে, তোমালোকৰ পক্ষে সিও অশুচি।
8 Horum carnibus non vescemini, nec cadavera contingetis, quia immunda sunt vobis.
৮তোমালোকে সেইবোৰৰ মাংস ভোজন নকৰিবা আৰু সেইবোৰৰ শৱকো নুচুবা; সেইবোৰ তোমালোকৰ পক্ষে অশুচি।
9 Hæc sunt quæ gignuntur in aquis, et vesci licitum est. Omne quod habet pinnulas et squamas, tam in mari quam in fluminibus et stagnis, comedetis.
৯জলজন্তুবোৰৰ মাজত সমুদ্ৰত কি নদীত বা আন পানীত থকা জন্তুৰ মাজত, পাখি আৰু বাকলি থকা জন্তু তোমালোকে খাব পাৰিবা।
10 Quidquid autem pinnulas et squamas non habet eorum quæ in aquis moventur et vivunt, abominabile vobis,
১০কিন্তু সমুদ্ৰত বা নদীত থকা জলচৰবোৰৰ মাজত বা পানীত থকা সকলো প্ৰাণীৰ মাজত, যিবোৰৰ পাখি আৰু বাকলি নাই, সেইবোৰ তোমালোকৰ পক্ষে ঘিণলগা।
11 execrandumque erit, carnes eorum non comedetis, et morticina vitabitis.
১১সেইবোৰ তোমালোকৰ পক্ষে সদায় ঘিণলগা। তোমালোকে সেইবোৰৰ মাংস ভোজন নকৰিবা আৰু সেইবোৰৰ শৱকো ঘিণ কৰিবা।
12 Cuncta quæ non habent pinnulas et squamas in aquis, polluta erunt.
১২জলন্তুবোৰৰ মাজত যিবোৰৰ পাখি আৰু বাকলি নাই, সেই সকলোৱেই তোমালোকৰ পক্ষে ঘিণলগা।
13 Hæc sunt quæ de avibus comedere non debetis, et vitanda sunt vobis: Aquilam, et gryphem, et haliæetum,
১৩আৰু পক্ষীবোৰৰ মাজত এইবোৰ তোমালোকে ঘিণ কৰিবা আৰু এইবোৰ নাখাবা, ঈগল, শগুণ,
14 et milvum ac vulturem iuxta genus suum,
১৪মটিয়া চিলনী আৰু সকলো বিধৰ ৰঙা চিলনী;
15 et omne corvini generis in similitudinem suam,
১৫আৰু সকলো বিধৰ কাউৰী,
16 struthionem, et noctuam, et larum, et accipitrem iuxta genus suum:
১৬বগা ফেচাঁ, লক্ষী ফেচাঁ, গঙ্গা-চিলনী আৰু সকলো বিধৰ শেন।
17 bubonem, et mergulum, et ibin,
১৭তোমালোকে এইবোৰকো ঘিণ কৰিবা, যেনে - ফেঁচা, মাছৰোকা আৰু হুদু,
18 et cygnum, et onocrotalum, et porphyrionem,
১৮দীঘল ডিঙীয়া হাঁহ, ঢোঁৰা কাউৰী আৰু সৰু শগুণ,
19 herodionem, et charadrion iuxta genus suum, upupam quoque, et vespertilionem.
১৯বৰটোকোলা, সকলো বিধৰ বগলী, গোবৰ খোঁচোৰা আৰু বাদুলী।
20 Omne de volucribus quod graditur super quattuor pedes, abominabile erit vobis.
২০চাৰি ঠেঙেৰে উৰি ফুৰা সকলো পাখি থকা জন্তু তোমালোকৰ পক্ষে ঘিণলগা।
21 Quidquid autem ambulat quidem super quattuor pedes, sed habet longiora retro crura, per quæ salit super terram,
২১তথাপি পাখি থকা উৰি ফুৰা চাৰি ঠেঙেৰে ফুৰা জন্তুৰ মাজত, মাটিত ভৰ দি জাপ মাৰিবৰ বাবে যিবোৰৰ চাৰি ভৰিৰ ওপৰত দুটা ঠেং থাকে, সেইবোৰ খাব পাৰিবা।
22 comedere debetis, ut est bruchus in genere suo, et attacus atque ophiomachus, ac locusta, singula iuxta genus suum.
২২আৰু সকলো বিধৰ কাকতী ফৰিং, সকলো বিধৰ খগা ফৰিং, সকলো বিধৰ উই-চিৰিঙা আৰু সকলো বিধৰ তামুলী ফৰিং, এই সকলোকে তোমালোকে খাব পাৰিবা।
23 Quidquid autem ex volucribus quattuor tantum habet pedes, execrabile erit vobis:
২৩কিন্তু উৰি ফুৰা সকলো চাৰি ঠেঙীয়া জন্তু তোমালোকৰ পক্ষে ঘিণ লগা।
24 et quicumque morticina eorum tetigerit, polluetur, et erit immundus usque ad vesperum:
২৪তোমালোক এই জন্তুবোৰৰ দ্বাৰাই সন্ধিয়ালৈকে অশুচি হৈ পৰিবা, যদি কোনোৱে এইবোৰৰ শৱবোৰো স্পৰ্শ কৰে, তেৱোঁ অশুচি হ’ব।
25 et si necesse fuerit ut portet quippiam horum mortuum, lavabit vestimenta sua, et immundus erit usque ad occasum solis.
২৫আৰু যিকোনোৱে সেইবোৰৰ শৱ লৈ যাব, সি নিজ কাপোৰ ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব।
26 Omne animal quod habet quidem ungulam, sed non dividit eam, nec ruminat, immundum erit: et qui tetigerit illud, contaminabitur.
২৬যিবোৰ জন্তুৰ খুৰা দুফাল হলেও সম্পুৰ্ণৰূপে দুফাল নহয় আৰু যি জন্তুৱে ঘাঁহ নাপাগুলে, সেইবোৰ তোমালোকৰ পক্ষে অশুচি। যিকোনোৱে সেইবোৰৰ শৱ চুব, তেওঁ অশুচি হ’ব।
27 Quod ambulat super manus ex cunctis animantibus, quæ incedunt quadrupedia, immundum erit: qui tetigerit morticina eorum, polluetur usque ad vesperum.
২৭আৰু চাৰি ঠেঙেৰে ফুৰা সকলো জন্তুৰ মাজত যিবোৰ ভৰিৰ তলুৱাৰে খোজ কাঢ়ে, সেইবোৰ তোমালোকৰ পক্ষে অশুচি। যিকোনোৱে সেইবোৰৰ শৱ চুব, তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
28 Et qui portaverit huiuscemodi cadavera, lavabit vestimenta sua, et immundus erit usque ad vesperum: quia omnia hæc immunda sunt vobis.
২৮আৰু যিকোনোৱে সেইবোৰৰ শৱ লৈ যাব, সি নিজ বস্ত্ৰ ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব। সেইবোৰেই তোমালোকৰ পক্ষে অশুচি।
29 Hæc quoque inter polluta reputabuntur de his, quæ moventur in terra, mustela et mus et crocodilus, singula iuxta genus suum,
২৯মাটিত বগাই ফুৰা সকলো বিধৰ উৰগ জন্তুৰ মাজত এইবোৰ তোমালোকৰ পক্ষে অশুচি; নেউল, এন্দুৰ,
30 mygale, et chamæleon, et stellio, et lacerta, et talpa:
৩০সকলো বিধৰ গুঁই জেঠী, নাইপিয়া, তেজপিয়া, সোণগুঁই, আৰু মটিয়া গুঁই।
31 omnia hæc immunda sunt. Qui tetigerit morticina eorum, immundus erit usque ad vesperum:
৩১বগাই ফুৰা জন্তুৰ জন্তুবোৰৰ ভিতৰত এইবোৰ তোমালোকৰ পক্ষে অশুচি; সেইবোৰ মৰিলে, যি কোনোৱে সেইবোৰৰ শৱ চুব, তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
32 et super quod ceciderit quidquam de morticinis eorum, polluetur tam vas ligneum et vestimentum, quam pelles et cilicia: et in quocumque fit opus, tingentur aqua, et polluta erunt usque ad vesperum, et sic postea mundabuntur.
৩২আৰু সেইবোৰৰ মাজৰ কোনো শৱ যি বস্তুৰ ওপৰত পৰিব, সিও অশুচি হ’ব; কাঠৰ পাত্ৰ বা বস্ত্ৰ বা ছাল বা মোনা, যিকোনো কামত লগা বস্তুৱেই হওক, তাক পানীত জুবুৰিয়াব লাগিব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব আৰু তেতিয়াহে শুচি হ’ব।
33 Vas autem fictile, in quod horum quidquam intro cecidit, polluetur, et idcirco frangendum est.
৩৩আৰু কোনো মাটিৰ পাত্ৰৰ ভিতৰত সেইবোৰৰ শৱ পৰিলে, তাৰ ভিতৰত থকা সকলো বস্তু অশুচি হ’ব আৰু তোমালোকে তাক ভাঙি পেলাবা।
34 Omnis cibus, quem comedetis, si fusa fuerit super eum aqua, immundus erit: et omne liquens quod bibitur de universo vase, immundum erit.
৩৪তাৰ ভিতৰত থকা পানী দি সিজোৱা সকলো খোৱা বস্তু অশুচি হ’ব আৰু তেনেকুৱা সকলো পাত্ৰত থকা সকলো প্ৰকাৰ পেয় দ্ৰব্য অশুচি হ’ব।
35 Et quidquid de morticinis huiuscemodi ceciderit super illud, immundum erit: sive clibani, sive chytropodes, destruentur, et immundi erunt.
৩৫আৰু এন্দুৰেই হওঁক বা চুলাই হওঁক, যিকোনো বস্তুৰ ওপৰত সেইবোৰৰ শৱ পৰিব, সেয়ে অশুচি হ’ব; তাক ভাঙি পেলাব লাগিব; সেইবোৰ অশুচি, তোমালোকৰ পক্ষে সেইবোৰ অশুচি হৈ থাকিব।
36 Fontes vero et cisternæ, et omnis aquarum congregatio munda erit. Qui morticinum eorum tetigerit, polluetur.
৩৬তথাপি ভুমুক বা যি নাদত অনেক পানী জমা হৈ থাকে, সেয়ে শুচি হব; কিন্তু যি জনে সেইবোৰৰ মৰা শৱ চুব, তেওঁ অশুচি হ’ব।
37 Si ceciderit super sementem, non polluet eam.
৩৭আৰু সেইবোৰৰ শৱ যদি কোনো ববলগীয়া গুটিত পৰে, তেন্তে সেয়ে শুচি হৈ থাকিব।
38 Si autem quispiam aqua sementem perfuderit, et postea morticinis tacta fuerit, illico polluetur.
৩৮কিন্তু গুটিৰ ওপৰত পানী দিলে, যদি সেইবোৰৰ শৱ তাৰ ওপৰত পৰে, তেন্তে সেয়ে তোমালোকৰ পক্ষে অশুচি।
39 Si mortuum fuerit animal, quod licet vobis comedere, qui cadaver eius tetigerit, immundus erit usque ad vesperum:
৩৯তোমালোকে খাব পৰা পশুৰ মাজত কোনো পশু মৰিলে, যিকোনোৱে তাৰ শৱ চুব, সি সন্ধ্যালৈকে অশুচি হৈ থাকিব।
40 et qui comederit ex eo quippiam, sive portaverit; lavabit vestimenta sua, et immundus erit usque ad vesperum.
৪০আৰু যিকোনোৱে তাৰ মাংস খাব, সি নিজৰ কাপোৰ ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব। আৰু যি কোনোৱে তাৰ শৱ লৈ যাব তেওঁ নিজ বস্ত্ৰ ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব।
41 Omne quod reptat super terram, abominabile erit, nec assumetur in cibum.
৪১আৰু মাটিত বগাই ফুৰা প্ৰত্যেক উৰগ জন্তু ঘিণ লগা; তাক খাব নালাগে।
42 Quidquid super pectus quadrupes graditur, et multos habet pedes, sive per humum trahitur, non comedetis, quia abominabile est.
৪২মাটিত বগাই ফুৰা যিকোনো জীৱজন্তু পেটেৰে যায় বা চাৰি ঠেঙেৰে যায় বা যিবোৰৰ অধিক ভৰি থাকে, সেইবোৰ তোমালোকে নাখাবা; কিয়নো সেইবোৰ ঘিণ লগা।
43 Nolite contaminare animas vestras, nec tangatis quidquam eorum, ne immundi sitis.
৪৩সেই সকলো বগাই ফুৰা উৰগ আদি জন্তুবোৰৰ দ্বাৰাই তোমালোকে নিজক অশুচি নকৰিবা আৰু অশুচি হবলৈ সেইবোৰৰ দ্বাৰাই নিজকে অশুচি নকৰিবা।
44 Ego enim sum Dominus Deus vester: sancti estote, quia ego Sanctus sum. Ne polluatis animas vestras in omni reptili quod movetur super terram.
৪৪কাৰণ মই তোমালোকৰ ঈশ্বৰ যিহোৱা; এই হেতুকে তোমালোকে নিজকে পবিত্ৰ কৰি পবিত্ৰ হোৱা, কিয়নো মই পবিত্ৰ; তোমালোকে মাটিৰ ওপৰত বগাই ফুৰা ভূ-চৰ জন্তুবোৰৰ দ্বাৰাই নিজকে অশুচি নকৰিবা।
45 Ego enim sum Dominus, qui eduxi vos de Terra Ægypti, ut essem vobis in Deum: sancti eritis, quia ego Sanctus sum.
৪৫কিয়নো, তোমালোকৰ ঈশ্বৰ হ’বলৈ তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই অনা যিহোৱা মই; এই হেতুকে তোমালোক পবিত্ৰ হোৱা, কাৰণ মই পবিত্ৰ।
46 Ista est lex animantium ac volucrum, et omnis animæ viventis, quæ movetur in aqua, et reptat in terra,
৪৬শুচি অশুচি বস্তুৰ আৰু খাব পৰা, খাব নোৱাৰা জন্তু, প্ৰভেদ জন্মাবৰ বাবে,
47 ut differentias noveritis mundi, et immundi, et sciatis quid comedere et quid respuere debeatis.
৪৭পশু, পক্ষী; জলচৰ আৰু বগাই ফুৰা উৰগ আদি প্ৰাণীবোৰৰ বিষয়ে এই নিয়ম’।”