< Hiezechielis Prophetæ 24 >
1 Et factum est verbum Domini ad me in anno nono, in mense decimo, decima die mensis, dicens:
১পুনৰায় আমাৰ নিৰ্বাসনৰ নৱম বছৰৰ দশম মাহৰ দশম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2 Fili hominis scribe tibi nomen diei huius, in qua confirmatus est rex Babylonis adversum Ierusalem hodie.
২“হে মনুষ্য সন্তান, তুমি নিজেই লিখা, এই দিনৰেই নাম লিখা; আজি এই দিনটোতেই বাবিলৰ ৰজাই যিৰূচালেম আক্ৰমণ কৰিছে।
3 Et dices per proverbium ad domum irritatricem parabolam, et loqueris ad eos: Hæc dicit Dominus Deus: Pone ollam; pone, inquam, et mitte in eam aquam.
৩তুমি সেই বিদ্ৰোহী বংশৰ আগত দৃষ্টান্ত দি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি ৰন্ধন টৌটো বহোৱা! ঠিক ঠাইত বহোৱা! আৰু তাত পানী বাকি দিয়া!
4 Congere frusta eius in eam, omnem partem bonam, femur et armum, electa et ossibus plena.
৪তাত দিব লগীয়া ডোখৰবোৰ, পাছ-পিৰা, আগ-পিৰা আদি উত্তম উত্তম ডোখৰবোৰ তাৰ মাজত গোটাই দিয়া; উত্তম হাড়বোৰেৰে তাক পূৰ কৰা!
5 Pinguissimum pecus assume, compone quoque strues ossium sub ea: efferbuit coctio eius, et discocta sunt ossa illius in medio eius.
৫জাকৰ মাজৰ উত্তম মেৰবোৰ লোৱা আৰু টৌটোৰ তলত হাড়বোৰো দমোৱা; তাক ভালকৈ উতলোৱা, এনে কি, তাৰ মাজত থকা হাড়বোৰ সিজক।
6 Propterea hæc dicit Dominus Deus: Væ civitati sanguinum, ollæ, cuius rubigo in ea est, et rubigo eius non exivit de ea: per partes et per partes suas eiice eam, non cecidit super eam sors.
৬এই হেতুকে প্ৰভু যিহোৱাই কৈছে: কঁহে ধৰা আৰু কঁহ নুগুচা টৌৰূপ ৰক্তপাতকাৰিণী নগৰীৰ সন্তাপ হ’ব; তুমি চিঠি নেখেলোৱাকৈ এডোখৰ এডোখৰকৈ তাৰ সকলোকে উলিওৱা।
7 Sanguis enim eius in medio eius est, super limpidissimam petram effudit illum: non effudit illum super terram ut possit operiri pulvere.
৭কিয়নো তাই কৰা ৰক্তপাত তাইৰ মাজত আছে! তাই শুদা শিলৰ ওপৰত তাক ৰাখিছে; তাই ধূলিৰে ঢাকি ৰাখিবৰ কাৰণে মাটিৰ ওপৰত তাক ঢলা নাই,
8 Ut superinducerem indignationem meam, et vindicta ulciscerer: dedi sanguinem eius super petram limpidissimam ne operiretur.
৮যেন প্ৰতিকাৰ সাধিবৰ অৰ্থে ক্ৰোধ তোলে! তাই উলিওৱা ৰক্ত ঢাক নাখাবৰ বাবে মই তাক শুদা শিলত ৰাখিলোঁ!
9 Propterea hæc dicit Dominus Deus: Væ civitati sanguinum, cuius ego grandem faciam pyram.
৯এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ৰক্তপাতকাৰিণী নগৰীৰ সন্তাপ হ’ব; ময়ো দমটো ডাঙৰ কৰি দিম!
10 Congere ossa, quæ igne succendam: consumentur carnes, et coquetur universa compositio, et ossa tabescent.
১০খৰি দমোৱা! জুই বৰকৈ জ্বলোৱা! মাংস ভালকৈ সিজোৱা, জোল সুস্বাদু হব’লৈ চুৰুহা ডাঠ কৰা! আৰু হাড়বোৰ ভালদৰে পুৰিবলৈ দিয়া!
11 Pone quoque eam super prunas vacuam, ut incalescat, et liquefiat æs eius: et confletur in medio eius inquinamentum eius, et consumatur rubigo eius:
১১তাৰ পিছত টৌটো গৰম হ’বলৈ আৰু তাৰ পিতল পুৰিবলৈ, তাৰ মল তাত গলিবলৈ আৰু তাৰ কঁহ গুচিবলৈ তাৰ আঙঠাৰ ওপৰত তাক খালীকৈ বহোৱা!’
12 multo labore sudatum est, et non exivit de ea nimia rubigo eius, neque per ignem.
১২সেয়ে মোক পৰিশ্ৰমেৰে ক্লান্ত কৰিলে, তথাপি তাৰ বৰ কঁহ তাৰ পৰা নুগুচে; সেয়ে তাক জুইত দিব লাগে।
13 Immunditia tua execrabilis: quia mundare te volui, et non es mundata a sordibus tuis: sed nec mundaberis prius, donec quiescere faciam indignationem meam in te.
১৩তোমাৰ অশুচিতাত লজ্জাজনক আচৰণবোৰ আছে, কাৰণ মই তাক শুচি কৰিলোঁ, কিন্তু তোমাক শুচি কৰিবলৈ যত্ন কৰিলেও তুমি শুচি নোহোৱা। এই কাৰণে মই তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিনিয়ালৈকে তুমি তোমাৰ অশুচিতাৰ পৰা আৰু শুচি নহ’বা।
14 Ego Dominus locutus sum: Veniet, et faciam: non transeam, nec parcam, nec placabor: iuxta vias tuas, et iuxta adinventiones tuas iudicabo te, dicit Dominus.
১৪মই, যিহোৱায়ে ইয়াক কলোঁ যে এয়ে ঘটিব আৰু মই ইয়াক সিদ্ধ কৰিম! মই দয়া নকৰিম আনকি ক্ষান্তও নহ’ম। তোমাৰ আচৰণ আৰু কাৰ্য অনুসাৰে তোমাক দণ্ড দিয়া হ’ব!” এইয়াই প্ৰভু যিহোৱাৰ ঘোষণা।
15 Et factum est verbum Domini ad me, dicens:
১৫তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
16 Fili hominis, ecce ego tollo a te desiderabile oculorum tuorum in plaga: et non planges, neque plorabis, neque fluent lacrymæ tuæ.
১৬“হে মনুষ্য সন্তান, চোৱা! মই আঘাতেৰে তোমাৰ চকুৰ তৃপ্তিজনক বস্তু তোমাৰ পৰা দূৰ কৰিম; তথাপিও তুমি বিলাপ কি ক্ৰন্দন নকৰিবা আৰু তোমাৰ চকুলো বৈ নাযাওক।
17 Ingemisce tacens, mortuorum luctum non facies: corona tua circumligata sit tibi, et calceamenta tua erunt in pedibus tuis, nec amictu ora velabis, nec cibos lugentium comedes.
১৭তুমি নিৰৱে হুমুনিয়াহ পেলাবা। মৃত লোকৰ বাবে শোক নকৰিবা। তোমাৰ মূৰত পাগুৰি বান্ধা আৰু ভৰিত জোতা পিন্ধা, তোমাৰ মুখমণ্ডল নাঢাকিবা আৰু পত্নীসকলক হেৰোৱাই শোক কৰা লোকসকলে দিয়া পিঠা নাখাবা।”
18 Locutus sum ergo ad populum mane, et mortua est uxor mea vespere: fecique mane sicut præceperat mihi.
১৮গতিকে ৰাতিপুৱা মই লোকসকলক এইদৰে কলোঁ আৰু গধূলি মোৰ ভাৰ্য্যাৰ মৃত্যু হ’ল। আৰু আজ্ঞা পোৱাৰ দৰে মই ৰাতিপুৱা সেইদৰে কৰিলোঁ।
19 Et dixit ad me populus: Quare non indicas nobis quid ista significent, quæ tu facis?
১৯লোকসকলে মোক প্রশ্ন কৰিলে, “তুমি যে এইবোৰ কৰি আছা, এইবোৰৰ অৰ্থ কি? তাক তুমি আমাক নক’বা নে?”
20 Et dixi ad eos: Sermo Domini factus est ad me, dicens:
২০তেতিয়া মই তেওঁলোকক ক’লোঁ, “যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
21 Loquere domui Israel: Hæc dicit Dominus Deus: Ecce ego polluam sanctuarium meum, superbiam imperii vestri, et desiderabile oculorum vestrorum, et super quo pavet anima vestra: filii vestri, et filiæ vestræ, quas reliquistis, gladio cadent.
২১‘তুমি ইস্ৰায়েল বংশক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! তোমালোকৰ বলদায়ক অহঙ্কাৰৰ স্থল, তোমালোকৰ চকুৰ তৃপ্তিজনক আৰু তোমালোকৰ প্ৰাণৰ আকাঙ্ক্ষিত বস্তু যি মোৰ ধৰ্ম–ধাম, তাক অপবিত্ৰ কৰি আছে! সেয়ে তোমালোকে এৰি যোৱা তোমালোকৰ পো-জীসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
22 Et facietis sicut feci: Ora amictu non velabitis, et cibos lugentium non comedetis.
২২তেতিয়া মই কৰাৰ দৰে তোমালোকেও কৰিবা: তোমালোকে তোমালোকৰ ওঁঠ নাঢাকিবা বা শোক কৰি থকা লোকসকলে দিয়া পিঠা নাখাবা!
23 Coronas habebitis in capitibus vestris, et calceamenta in pedibus: non plangetis neque flebitis, sed tabescetis in iniquitatibus vestris, et unusquisque gemet ad fratrem suum.
২৩বৰং, তোমালোকৰ পাগুৰি তোমালোকৰ মূৰত আৰু তোমালোকৰ জোতা তোমালোকৰ ভৰিত থাকিব; তোমালোকে বিলাপ কি ক্ৰন্দন নকৰিবা, কিন্তু নিজ নিজ অপৰাধত ক্ষীণ হৈ যাবা আৰু এজনে আন জনৰ আগত কেঁকাবা।
24 Eritque Ezechiel vobis in portentum: iuxta omnia, quæ fecit, facietis cum venerit istud: et scietis quia ego Dominus Deus.
২৪এইদৰে যিহিষ্কেল তোমালোকৰ চিনস্বৰূপ হ’ব; তেওঁ কৰা আটাই কাৰ্য অনুসাৰে তোমালোকেও কৰিবা। এয়ে যেতিয়া ঘটিব, তেতিয়া, মই যে প্ৰভু যিহোৱা, তাক তোমালোকে জানিবা’!”
25 Et tu fili hominis ecce in die, qua tollam ab eis fortitudinem eorum, et gaudium dignitatis, et desiderium oculorum eorum, super quo requiescunt animæ eorum, filios, et filias eorum:
২৫“কিন্তু তুমি, হে মনুষ্য সন্তান, যি দিনা মই তোমালোকৰ বল, তেওঁলোকৰ আনন্দদায়ক গৌৰৱৰ স্থল, তেওঁলোকৰ চকুৰ তৃপ্তিজনক আৰু মনৰ অভিলাষিত বস্তু আৰু তেওঁলোকৰ পো-জীসকলক তেওঁলোকৰ পৰা দূৰ কৰিম -
26 In die illa cum venerit fugiens ad te, ut annunciet tibi:
২৬সেই দিনাখন পলাই ৰক্ষা পোৱা এজন লোকে সেই কথা তোমাৰ কাণত পেলাবলৈ তোমাৰ ওচৰলৈ আহিব!
27 In die, inquam, illa aperietur os tuum cum eo, qui fugit: et loqueris, et non silebis ultra: erisque eis in portentum, et scietis quia ego Dominus.
২৭সেই দিনাখনত পলাই ৰক্ষা পোৱাজনৰ আগত তোমাৰ মুখ মুকলি হ’ব - তেতিয়া তুমি আৰু নিৰৱে নাথাকিবা। তুমি আৰু বোবা নহ’বা। এইদৰে তুমি তেওঁলোকৰ আগত চিনস্বৰূপ হ’বা আৰু মই যে যিহোৱা, তাক তেওঁলোকে জানিব!”