< I Regum 2 >
1 Appropinquaverunt autem dies David ut moreretur, præcepitque Salomoni filio suo, dicens:
১পাছত দায়ুদৰ মৃত্যুৰ দিন ওচৰ চপাত, তেওঁ নিজ পুত্ৰ চলোমনক এই আদেশ দি ক’লে,
2 Ego ingredior viam universæ terræ: confortare, et esto vir.
২“সকলো মৰ্ত্যই যোৱা পথেৰে মই যাওঁ৷ সেয়েহে তুমি বলৱান হোৱা আৰু নিজৰ পুৰুষালি দেখুউৱা৷
3 Et observa custodias Domini Dei tui, ut ambules in viis eius, ut custodias ceremonias eius, et præcepta eius, et iudicia, et testimonia, sicut scriptum est in lege Moysi: ut intelligas universa quæ facis, et quocumque te verteris:
৩তোমাৰ ঈশ্ৱৰ যিহোৱাৰ আজ্ঞাবোৰ পালন কৰা আৰু তেওঁৰ পথত চলিবা আৰু তেওঁৰ, তেওঁৰ সকলো বিধি, আজ্ঞা, সিদ্ধান্ত আৰু তেওঁৰ নিয়ম-চুক্তিবোৰ সাৱধানে পালন কৰিবা। যি বিষয়বোৰ মোচিৰ ব্যৱস্থা-পুস্তকত লিখা আছে, তেনেদৰে তেওঁৰ বিধি, আজ্ঞা, শাসন-প্ৰণালী আৰু সাক্ষ্য অনুসাৰে কাৰ্য কৰিবা আৰু সেই সেয়েহে তুমি যেন সকলো কাৰ্যত আৰু যি যি ঠাইত যাবা সেই সকলোতে তুমি শান্তিপ্ৰাপ্ত হ’বা,
4 ut confirmet Dominus sermones suos, quos locutus est de me, dicens: Si custodierint filii tui vias suas, et ambulaverint coram me in veritate, in omni corde suo, et in omni anima sua, non auferetur tibi vir de solio Israel.
৪যাতে মোৰ বিষয়ে যিহোৱাই কোৱা সেই বাক্য তেওঁ সিদ্ধ কৰিব বোলে, ‘তোমাৰ সন্তান সকলে যদি সত্যভাৱে সকলো চিত্তেৰে আৰু সকলো প্ৰাণেৰে মোৰ আগত চলে, তেনেহ’লে ইস্ৰায়েলৰ সিংহাসনত বহিবলৈ তোমাৰ সম্বন্ধীয়া লোক এজনৰো অভাৱ নহ’ব’৷
5 Tu quoque nosti quæ fecerit mihi Ioab filius Sarviæ, quæ fecerit duobus principibus exercitus Israel, Abner filio Ner, et Amasæ filio Iether: quos occidit, et effudit sanguinem belli in pace, et posuit cruorem prælii in balteo suo, qui erat circa lumbos eius, et in calceamento suo, quod erat in pedibus eius.
৫চৰূয়াৰ পুত্ৰ যোৱাবে মোৰ বিৰুদ্ধে যি কৰিলে, অৰ্থাৎ নেৰৰ পুত্ৰ অবনেৰ আৰু যেথৰৰ পুত্ৰ অমাচা, ইস্ৰায়েলৰ এই দুজন সেনাপতিলৈ যি কৰিলে, সেই বিষয়ে তুমি জানা৷ তেওঁ তেওঁলোকক বধ কৰি যুদ্ধৰ সময়ত কৰাৰ দৰে শান্তিৰ সময়তো ৰক্তপাত কৰিলে আৰু সেই ৰক্ত তেওঁৰ কটিবন্ধনত আৰু ভৰিৰ জোতাত লগালে।
6 Facies ergo iuxta sapientiam tuam, et non deduces canitiem eius pacifice ad inferos. (Sheol )
৬এতেকে তুমি নিজ জ্ঞান অনুসাৰে তেওঁলৈ ব্যৱহাৰ কৰিবা আৰু তেওঁৰ পকা চুলি শান্তিৰে মৈদামলৈ নামিব নিদিবা। (Sheol )
7 Sed et filiis Berzellai Galaaditis reddes gratiam, eruntque comedentes in mensa tua: occurrerunt enim mihi quando fugiebam a facie Absalom fratris tui.
৭কিন্তু গিলিয়দীয়া বৰ্জ্জিলয়ৰ পুত্ৰসকলক দয়া ব্যৱহাৰ কৰিবা আৰু তোমাৰ মেজত বহোঁতাসকলৰ মাজত তেওঁলোককো ঠাই দিবা, কিয়নো তোমাৰ ককাই অবচালোমৰ ভয়ত মই পলোৱা সময়ত তেওঁলোকে মোক সহায় কৰিবলৈ মোৰ ওচৰলৈ আহিছিল।
8 Habes quoque apud te Semei filium Gera filii Iemini de Bahurim, qui maledixit mihi maledictione pessima, quando ibam ad castra: sed quia descendit mihi in occursum cum transirem Iordanem, et iuravi ei per Dominum, dicens: Non te interficiam gladio:
৮আৰু চোৱা, বহূৰীমত থকা বিন্যামীনীয়া গেৰাৰ পুত্ৰ চিমিয়ী তোমাৰ লগত আছে, যি জনে মই মহনয়িমলৈ যোৱা দিনা মোক অতিশয়ৰূপে শাও দিছিল৷ পাছত তেওঁ মোৰ লগত সাক্ষাৎ কৰিবলৈ যৰ্দ্দনলৈ আহিছিল আৰু তাতে মই যিহোৱাৰ নামেৰে শপত কৰি তেওঁক কলোঁ, ‘মই তোমাক তৰোৱালেৰে বধ নকৰোঁ।’
9 tu noli pati eum esse innoxium. Vir autem sapiens es, ut scias quæ facies ei, deducesque canos eius cum sanguine ad inferos. (Sheol )
৯এই হেতুকে তুমি এতিয়া তেওঁক নিৰ্দ্দোষী বুলি নাভাবিবা৷ তুমি এজন জ্ঞানৱান লোক আৰু তেওঁলৈ কি কৰা উচিত, সেই বিষয়ে তুমি জানা৷ তুমি তেওঁৰ পকা চুলি তেজেৰে সৈতে তেওঁক মৈদামলৈ নমাই দিবা।” (Sheol )
10 Dormivit igitur David cum patribus suis, et sepultus est in Civitate David.
১০তাৰ পাছত দায়ুদ নিজৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল; তেওঁক দায়ুদৰ নগৰত মৈদাম দিয়া হ’ল।
11 Dies autem, quibus regnavit David super Israel, quadraginta anni sunt: in Hebron regnavit septem annis: in Ierusalem, triginta tribus.
১১দায়ুদে ইস্ৰায়েলৰ ওপৰত চল্লিশ বছৰ ধৰি ৰাজত্ব কৰিছিল৷ তেওঁ সাত বছৰ হিব্ৰোণত আৰু তেত্ৰিশ বছৰ যিৰূচালেমত ৰাজত্ব কৰিছিল।
12 Salomon autem sedit super thronum David patris sui, et firmatum est regnum eius nimis.
১২তেতিয়া চলোমন নিজ পিতৃ দায়ুদৰ সিংহাসনত বহি তেওঁৰ ৰাজ্য অতিশয় দৃঢ় কৰিলে।
13 Et ingressus est Adonias filius Haggith ad Bethsabee matrem Salomonis. Quæ dixit ei: Pacificusne est ingressus tuus? Qui respondit: Pacificus.
১৩সেই সময়ত হগ্গীতৰ পুত্ৰ অদোনিয়া চলোমনৰ মাতৃ বৎচেবাৰ ওচৰলৈ আহিল। তেতিয়া বৎচেবাই সুধিলে, “ভালৰ অৰ্থে আহিছা নে?” তেওঁ উত্তৰ দি ক’লে, “ভালৰ অৰ্থেই।”
14 Addiditque: Sermo mihi est ad te. Cui ait: Loquere. Et ille:
১৪তেওঁ পুনৰ ক’লে, “তোমাৰ আগত কিছু কথা ক’ব লগা আছে।”
15 Tu, inquit, nosti, quia meum erat regnum, et me præposuerat omnis Israel sibi in regem: sed translatum est regnum, et factum est fratris mei: a Domino enim constitutum est ei.
১৫তেতিয়া তেওঁ ক’লে, “কোৱা।” তেতিয়া অদোনিয়াই ক’লে, “তুমি জানা যে ৰাজ্য মোৰহে আছিল, আৰু মইহে ৰজা হ’ম বুলি গোটেই ইস্ৰায়েলে মোক আশা কৰিছিল৷ তথাপি ৰাজ্য সলনি হৈ মোৰ ভাইৰ হ’ল, কিয়নো যিহোৱাৰ দ্বাৰাইহে তেওঁ হ’ল।
16 Nunc ergo petitionem unam precor a te; ne confundas faciem meam. Quæ dixit ad eum: Loquere.
১৬এই হেতুকে এতিয়া মই তোমাৰ আগত এটি নিবেদন কৰিম৷ সেই বিষয়ে তুমি অসন্মত নহ’বা।” তেতিয়া বৎচেবাই ক’লে, “কোৱা।”
17 Et ille ait: Precor ut dicas Salomoni regi (neque enim negare tibi quidquam potest) ut det mihi Abisag Sunamitidem uxorem.
১৭তেতিয়া অদোনিয়াই ক’লে, “অনুগ্ৰহ কৰি চলোমন ৰজাক কোৱা, তেওঁ যেন চূনেমীয়া অবীচগক মোক পত্নীৰূপে দিয়ে; কিয়নো তেওঁ তোমাত অসন্মত নহ’ব।”
18 Et ait Bethsabee: Bene, ego loquar pro te regi.
১৮তেতিয়া বৎচেবাই ক’লে, “বাৰু, মই তোমাৰ বিষয়ে ৰজাৰ লগত কথা পাতিম।”
19 Venit ergo Bethsabee ad regem Salomonem, ut loqueretur ei pro Adonia: et surrexit rex in occursum eius, adoravitque eam, et sedit super thronum suum: positusque est thronus matri regis, quæ sedit ad dexteram eius.
১৯পাছত বৎচেবাই অদোনিয়াৰ বিষয়ে কথা পাতিবলৈ চলোমন ৰজাৰ ওচৰলৈ গ’ল। তাতে ৰজাই তেওঁক আগবাঢ়ি লগ ধৰিবলৈ উঠি আহিল, আৰু তেওঁৰ আগত প্ৰণিপাত কৰিলে৷ তাৰ পাছত তেওঁ নিজৰ সিংহাসনত বহিল আৰু তেওঁৰ মাতৃৰ কাৰণে এখন আসন যুগুত কৰিলে৷ তেওঁ ৰজাৰ সোঁফালে বহিল।
20 Dixitque ei: Petitionem unam parvulam ego deprecor a te, ne confundas faciem meam. Et dixit ei rex: Pete mater mea: neque enim fas est ut avertam faciem tuam.
২০তেতিয়া তেওঁ ক’লে, “মই তোমাৰ আগত এটি সৰু বিষয় নিবেদন কৰোঁ; সেই বিষয়ে তুমি মোক অস্ৱীকাৰ নকৰিবা।” তেতিয়া ৰজাই ক’লে, “হে মোৰ মাতৃ, খোজক; কিয়নো মই আপোনাক অস্ৱীকাৰ নকৰোঁ।”
21 Quæ ait: Detur Abisag Sunamitis Adoniæ fratri tuo uxor.
২১তেতিয়া বৎচেবাই ক’লে, “তোমাৰ ককাই অদোনিয়া লগত চূনেমীয়া অবীচগক পত্নীৰূপে দিয়া হওঁক৷”
22 Responditque rex Salomon, et dixit matri suæ: Quare postulas Abisag Sunamitidem Adoniæ? Postula ei et regnum: ipse est enim frater meus maior me, et habet Abiathar sacerdotem, et Ioab filium Sarviæ.
২২তেতিয়া চলোমন ৰজাই উত্তৰ কৰি নিজৰ মাতৃক ক’লে, “আপুনি অদোনিয়াৰ কাৰণে চূনেমীয়া অবীচগক কিয় খুজিছে? তেওঁৰ বাবে ৰাজ্যখনকো কিয় খোজা নাই, কিয়নো তেওঁ মোৰ বৰ ককাই - এনে কি, অবিয়াথৰ পুৰোহিত আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ কাৰণেও খোজক।”
23 Iuravit itaque rex Salomon per Dominum, dicens: Hæc faciat mihi Deus, et hæc addat, quia contra animam suam locutus est Adonias verbum hoc.
২৩তেতিয়া চলোমন ৰজাই যিহোৱাৰ নামেৰে শপত লৈ ক’লে, “অদোনিয়াই যদি নিজৰ প্ৰাণ হানি হোৱাকৈ এই কথা কোৱা নাই, তেনেহ’লে ঈশ্বৰে মোলৈকো সেইদৰে কৰক বা তাতকৈয়ো অধিক দণ্ড দিয়ক।
24 Et nunc vivit Dominus, qui firmavit me, et collocavit me super solium David patris mei, et qui fecit mihi domum, sicut locutus est, quia hodie occidetur Adonias.
২৪এই হেতুকে এতিয়া যি জনে নিজৰ প্ৰতিজ্ঞা অনুসাৰে, মোক সুস্থিৰ কৰি মোৰ পিতৃ দায়ুদৰ সিংহাসনত মোক বহুৱালে আৰু মোৰ বংশ স্থাপন কৰিলে, সেই যিহোৱাৰ জীৱনৰ শপত, আজি নিশ্চয়ে অদোনিয়াৰ প্ৰাণ-দণ্ড হ’ব।”
25 Misitque rex Salomon per manum Banaiæ filii Ioiadæ, qui interfecit eum, et mortuus est.
২৫তেতিয়া চলোমন ৰজাই যিহোয়াদাৰ পুত্ৰ বনায়াক পঠিয়াই দিলে; তেওঁ অদোনিয়াক বিচাৰি পাই তেওঁক বধ কৰিলে।
26 Abiathar quoque sacerdoti dixit rex: Vade in Anathoth ad agrum tuum, equidem vir mortis es: sed hodie te non interficiam, quia portasti arcam Domini Dei coram David patre meo, et sustinuisti laborem in omnibus, in quibus laboravit pater meus.
২৬পাছত ৰজাই অবিয়াথৰ পুৰোহিতক ক’লে, “তুমি অনাথোতলৈ নিজ উত্তৰাধিকাৰৰ ভুমিলৈ যোৱা৷ তুমিও মৃত্যুৰ যোগ্য, তথাপি মই এই সময়ত তোমাৰ প্ৰাণ দণ্ড নকৰোঁ, কাৰণ তুমি মোৰ পিতৃ দায়ুদৰ আগত প্ৰভু যিহোৱাৰ চন্দুক বৈ নিছিলা আৰু মোৰ পিতৃৰ দুখভোগৰ সকলো সময়ত তুমিও দুখ-ভোগ কৰিছিলা।”
27 Eiecit ergo Salomon Abiathar, ut non esset sacerdos Domini, ut impleretur sermo Domini, quem locutus est super domum Heli in Silo.
২৭এইদৰে চীলোত এলীৰ বংশৰ অহিতে যিহোৱাই কোৱা বাক্য যেন সিদ্ধ হয়, এই কাৰণে চলোমনে অবিয়াথৰ পুৰোহিতক যিহোৱাৰ পুৰোহিত পদৰ পৰা অব্যাহতি দিলে৷
28 Venit autem nuncius ad Ioab, quod Ioab declinasset post Adoniam, et post Salomonem non declinasset: fugit ergo Ioab in tabernaculum Domini, et apprehendit cornu altaris.
২৮তেতিয়া সেই ঘটনাৰ বাতৰি যোৱাবলৈ আহিল, কিয়নো যোৱাব যদিও অবচালোমৰ ফলীয়া নাছিল, তথাপি অদোনীয়াৰ ফলীয়া হৈছিল। সেই কাৰণে তেওঁ যিহোৱাৰ তম্বুৰ ভিতৰলৈ পলাই গৈ যজ্ঞবেদীৰ শিঙত ধৰি থাকিল৷
29 Nunciatumque est regi Salomoni quod fugisset Ioab in tabernaculum Domini, et esset iuxta altare: misitque Salomon Banaiam, filium Ioiadæ, dicens: Vade, interfice eum.
২৯পাছত যোৱাব যিহোৱাৰ তম্বুৰ ভিতৰলৈ পলাই যোৱা আৰু তেওঁ যজ্ঞবেদীৰ কাষত থকা এই বুলি কোনোবাই চলোমন ৰজাক খবৰ দিলে৷ তেতিয়া তেওঁ যিহোয়াদাৰ পুত্ৰ বনায়াক পঠিয়াই ক’লে, “যোৱা তেওঁক বধ কৰা।”
30 Et venit Banaias ad tabernaculum Domini, et dixit ei: Hæc dicit rex: Egredere. Qui ait: Non egrediar, sed hic moriar. Renunciavit Banaias regi sermonem, dicens: Hæc locutus est Ioab, et hæc respondit mihi.
৩০তেতিয়া বনায়াই যিহোৱাৰ তম্বুলৈ গ’ল, আৰু তেওঁক ক’লে, “ৰজাই কৈছে, ‘তুমি বাহিৰলৈ ওলাই আহাঁ’।” তেতিয়া তেওঁ ক’লে, “নহয়, মই এই ঠাইতে মৰিম।” তেতিয়া বনায়া ৰজাৰ ওচৰলৈ উভতি গ’ল, আৰু তেওঁক ক’লে, “যোৱাবে সেই যজ্ঞবেদীৰ কাষতে মৰিবলৈ বিচাৰিছে৷”
31 Dixitque ei rex: Fac sicut locutus est: et interfice eum, et sepeli, et amovebis sanguinem innocentem, qui effusus est a Ioab, a me, et a domo patris mei.
৩১তেতিয়া ৰজাই ক’লে, “তুমি তেওঁৰ কথাৰ দৰেই কাৰ্য কৰা৷ তেওঁক বধ কৰি তেওঁক মৈদাম দিবা; সেইদৰে কৰিলে, যোৱাবে যি নিৰ্দ্দোষীৰ ৰক্তপাত কৰিছিল, সেই ৰক্তপাতৰ দোষ তুমি মোৰ পৰা আৰু মোৰ পিতৃ-বংশৰ পৰা দূৰ কৰিবা।
32 Et reddet Dominus sanguinem eius super caput eius, quia interfecit duos viros iustos, melioresque se: et occidit eos gladio, patre meo David ignorante, Abner filium Ner principem militiæ Israel, et Amasam filium Iether principem exercitus Iuda:
৩২আৰু যিহোৱাই তেওঁৰ ৰক্তপাতৰ দোষ তেওঁৰেই ওপৰত থ’ব, কিয়নো তেওঁ মোৰ পিতৃ দায়ূদে নজনাকৈ, তেওঁ নিজতকৈ ধাৰ্মিক আৰু উত্তম দুজন লোকক, অৰ্থাৎ ইস্ৰায়েলৰ প্ৰধান সেনাপতি নেৰৰ পুত্ৰ অবনেৰক আৰু যিহূদাৰ প্ৰধান সেনাপতি যেথৰৰ পুত্ৰ অমাচাক আক্ৰমণ কৰি তৰোৱালৰ দ্বাৰাই বধ কৰিছিল।
33 et revertetur sanguis illorum in caput Ioab, et in caput seminis eius in sempiternum. David autem et semini eius, et domui, et throno illius sit pax usque in æternum a Domino.
৩৩তেওঁলোকৰ ৰক্তপাতৰ দোষ যেন যোৱাবৰ মূৰত আৰু তেওঁৰ বংশৰ মূৰত চিৰকাললৈকে থাকক; কিন্তু দায়ুদ আৰু তেওঁৰ সন্তান সকললৈ, তেওঁৰ বংশলৈ আৰু তেওঁৰ সিংহাসনলৈ যিহোৱাৰ পৰা সৰ্ব্বদায় শান্তি হ’ব।”
34 Ascendit itaque Banaias filius Ioiadæ, et aggressus eum interfecit: sepultusque est in domo sua in deserto.
৩৪তেতিয়া যিহোয়াদাৰ পুত্ৰ বনায়াই উঠি গ’ল, আৰু তেওঁক আক্ৰমণ কৰি বধ কৰিলে৷ পাছত মৰুপ্ৰান্তত থকা তেওঁৰ নিজৰ ঘৰলৈ নিলে, আৰু তেওঁক তাতে মৈদাম দিলে।
35 Et constituit rex Banaiam filium Ioiadæ pro eo super exercitum, et Sadoc sacerdotem posuit pro Abiathar.
৩৫পাছত ৰজাই তেওঁৰ পদত যিহোয়াদাৰ পুত্ৰ বনায়াক প্ৰধান সেনাপতি পাতিলে আৰু ৰজাই অবিয়াথৰ পদত চাদোকক পুৰোহিত নিযুক্ত কৰিলে।
36 Misit quoque rex, et vocavit Semei, dixitque ei: Ædifica tibi domum in Ierusalem, et habita ibi: et non egredieris inde huc atque illuc.
৩৬তাৰ পাছত ৰজাই মানুহ পঠিয়াই চিমিয়ীক মতাই আনি ক’লে, “তুমি যিৰূচালেমত নিজৰ কাৰণে এটা ঘৰ সাজা আৰু তাতে আহি বাস কৰা। সেই ঠাইৰ পৰা তুমি আন কোনো ঠাইলৈ ওলাই নাযাবা।
37 Quacumque autem die egressus fueris, et transieris Torrentem Cedron, scito te interficiendum: sanguis tuus erit super caput tuum.
৩৭কিয়নো তুমি যিদিনা বাহিৰ হৈ কিদ্ৰোণ জুৰি পাৰ হ’বা, সেইদিনা অৱশ্যে তোমাৰ প্ৰাণ যাব, সেই বিষয়ে জানিবা; তেতিয়া তোমাৰ ৰক্তপাতৰ দোষ তোমাৰেই মূৰত থাকিব।”
38 Dixitque Semei regi: Bonus sermo. Sicut locutus est dominus meus rex, sic faciet servus tuus. Habitavit itaque Semei in Ierusalem diebus multis.
৩৮গতিকে চিমিয়ীয়ে ৰজাক ক’লে, “আপুনি যি কথা কৈছে, সেয়ে উত্তম৷ মোৰ প্ৰভু মহাৰাজে যেনেকৈ ক’লে, আপোনাৰ এই দাসে সেইদৰেই কৰিব।” পাছত চিমিয়ীয়ে অনেক কাললৈকে যিৰূচালেমত বাস কৰিলে।
39 Factum est autem post annos tres ut fugerent servi Semei ad Achis filium Maacha regem Geth: nunciatumque est Semei quod servi eius issent in Geth.
৩৯কিন্তু তিনি বছৰৰ মূৰত চিমিয়ীৰ দুজন দাসে পলাই গৈ মাখাৰ পুত্ৰ আখীচ নামেৰে গাতৰ ৰজাৰ ওচৰলৈ গ’ল। তেতিয়া লোকসকলে ক’লে “চোৱা, তোমাৰ বন্দীহঁত গাতত আছে”, এই বুলি কোনোবাই চিমিয়ীক ক’লে,
40 Et surrexit Semei, et stravit asinum suum: ivitque ad Achis in Geth ad requirendum servos suos, et adduxit eos de Geth.
৪০তেতিয়া চিমিয়ীয়ে উঠি গাধ সজাই তেওঁৰ বন্দীবোৰ বিচাৰি গাতত থকা আখীচৰ ওচৰলৈ গ’ল, আৰু গাতৰ পৰা তেওঁৰ বন্দীবোৰক লৈ আহিল।
41 Nunciatum est autem Salomoni quod isset Semei in Geth de Ierusalem, et rediisset.
৪১পাছত চিমিয়ী যিৰূচালেমৰ পৰা গাতলৈ গৈ উভতি অহাৰ কথা কোনোবাই আহি ৰজা চলোমনক জনালে।
42 Et mittens vocavit eum, dixitque illi: Nonne testificatus sum tibi per Dominum, et prædixi tibi: Quacumque die egressus, ieris huc et illuc, scito te esse moriturum? Et respondisti mihi: Bonus sermo, quem audivi.
৪২তেতিয়া ৰজাই মানুহ পঠিয়াই চিমিয়ীক মতাই আনিলে, আৰু তেওঁক ক’লে, “যি দিনা তুমি বাহিৰ ওলাই কোনো ফালে যাবা, সেইদিনা অৱশ্যে তোমাৰ প্ৰাণ যাব, এইদৰে জানো যিহোৱাৰ নামেৰে তোমাক শপত দিয়া হোৱা নাই? আৰু এই বিষয় নিশ্চিতভাৱে জানো তোমাক কোৱা হোৱা নাই? তেতিয়া তুমিও কৈছিলা, ‘মই যি শুনিলোঁ, সেয়ে উত্তম’।
43 Quare ergo non custodisti iusiurandum Domini, et præceptum quod præceperam tibi?
৪৩এতিয়া যিহোৱাৰ নামেৰে দিয়া শপত আৰু মই তোমাক দিয়া আজ্ঞা তুমি কিয় পালন কৰা নাই?”
44 Dixitque rex ad Semei: Tu nosti omne malum, cuius tibi conscium est cor tuum, quod fecisti David patri meo: reddidit Dominus malitiam tuam in caput tuum.
৪৪ৰজাই চিমিয়ীক পুনৰ ক’লে, “মোৰ পিতৃ দায়ূদলৈ কৰা তোমাৰ যি দুষ্টতাৰ বিষয়ে তোমাৰ মনে সাক্ষ্য দি আছে, সেই বিষয়ে তুমি জানি আছা; এতেকে এতিয়া যিহোৱাই তোমাৰ দুষ্টতাৰ ফল তোমাৰ নিজ মূৰতে দিব।
45 Et rex Salomon benedictus, et thronus David erit stabilis coram Domino usque in sempiternum.
৪৫কিন্তু চলোমন ৰজাই আশীৰ্ব্বাদ পাব আৰু যিহোৱাৰ সন্মুখত দায়ূদৰ সিংহাসন চিৰকাললৈকে থাকিব।”
46 Iussit itaque rex Banaiæ filio Ioiadæ: qui egressus, percussit eum, et mortuus est.
৪৬পাছত ৰজাই যিহোয়াদাৰ পুত্ৰ বনায়াক আজ্ঞা কৰিলে, আৰু বনায়া ওলাই গৈ তেওঁক আক্ৰমণ কৰি বধ কৰিলে। এইদৰে চলোমনৰ হাতত ৰাজ্য দৃঢ় হ’ল।