< I Paralipomenon 2 >
1 Filii autem Israel: Ruben, Simeon, Levi, Iuda, Issachar, et Zabulon,
১ইস্ৰায়েলৰ পুত্ৰ এওঁলোক: ৰূবেণ, চিমিয়োন, লেবী, যিহূদা, ইচাখৰ, জবূলূন,
2 Dan, Ioseph, Beniamin, Nephthali, Gad et Aser.
২দান, যোচেফ, বিন্যামীন, নপ্তালী, গাদ, আৰু আচেৰ।
3 Filii Iuda: Her, Onan, et Sela. Hi tres nati sunt ei de filia Sue Chananitide. Fuit autem Her primogenitus Iuda, malus coram Domino, et occidit eum.
৩যিহূদাৰ পুত্ৰ, এৰ, ওনন, আৰু চেলা তেওঁৰ এই তিনি জন পুত্ৰ কনানীয়া চূৱাৰ জীয়েকৰ ঔৰসত জন্ম হৈছিল। তেওঁলোকৰ মাজত যিহূদাৰ ডাঙৰ পুত্ৰ এৰে যিহোৱাৰ দৃষ্টিত পাপ কৰিছিল আৰু তেওঁ তাক বধ কৰিলে।
4 Thamar autem nurus eius peperit ei Phares et Zara. Omnes ergo filii Iuda, quinque.
৪যিহূদাৰ বোৱাৰীয়েক তামাৰে পেৰচ আৰু জেৰহক জন্ম দিলে। যিহূদাৰ পাঁচ জন পুত্র আছিল।
5 Filii autem Phares: Hesron et Hamul.
৫পেৰচৰ পুত্র হিষ্ৰোণ আৰু হামূল আছিল।
6 Filii quoque Zaræ: Zamri, et Ethan, et Eman, Chalchal quoque, et Dara, simul quinque.
৬জেৰহৰ পাঁচ জন সন্তান: জিম্ৰী, এথন হেমন, কলকোল, আৰু দাৰা।
7 Filii Charmi: Achar, qui turbavit Israel, et peccavit in furto anathematis.
৭আখৰ কর্মীৰ পুত্র আছিল, তেওঁ যিহোৱাৰ উদ্দেশে সংগ্ৰহ কৰি ৰখা বস্তু চুৰ কৰি ইস্ৰায়েললৈ সংকট কঢ়িয়াই আনিছিল।
৮এথনৰ পুত্র অজৰিয়া আছিল।
9 Filii autem Hesron qui nati sunt ei: Ierameel, et Ram, et Calubi.
৯হিষ্ৰোণৰ পুত্র যিৰহমেল, ৰাম, আৰু কলূবয় আছিল।
10 Porro Ram genuit Aminadab. Aminadab autem genuit Nahasson, principem filiorum Iuda.
১০ৰামৰ পুত্র অম্মীনাদব; অম্মীনাদবৰ পুত্র নহচোন। তেওঁ যিহূদাৰ পূৰ্বপুৰুষসকলৰ অধ্যক্ষ আছিল।
11 Nahasson quoque genuit Salma, de quo ortus est Booz.
১১নহচোনৰ পুত্ৰ চলমা, চলমাৰ পুত্র বোৱজ।
12 Booz vero genuit Obed, qui et ipse genuit Isai.
১২বোৱজৰ পুত্র ওবেদ, ওবেদৰ পুত্র যিচয়।
13 Isai autem genuit primogenitum Eliab, secundum Abinadab, tertium Simmaa,
১৩যিচয়ৰ জ্যেষ্ঠ পুত্ৰ ইলীয়াব, দ্বিতীয় অবীনাদব, তৃতীয় চিমিয়া,
14 quartum Nathanael, quintum Raddai,
১৪চতুৰ্থ নথনেল, পঞ্চম ৰদ্দয়,
15 sextum Asom, septimum David.
১৫ষষ্ঠ ওচম, আৰু সপ্তম দায়ুদ।
16 Quorum sorores fuerunt Sarvia, et Abigail. Filii Sarviæ: Abisai, Ioab, et Asael, tres.
১৬তেওঁলোকৰ ভনীয়েক চৰূয়া আৰু অবীগল। চৰূয়াৰ পুত্ৰ তিনি জন, অবীচয়, যোৱাব, আৰু অচাহেল।
17 Abigail autem genuit Amasa, cuius pater fuit Iether Ismahelites.
১৭অবীগলৰ পুত্ৰ অমাচা, এওঁৰ পিতৃ ইশ্মায়েলীয়া যেথৰ।
18 Caleb vero filius Hesron accepit uxorem nomine Azuba, de qua genuit Ierioth: fueruntque filii eius Iaser, et Sobab, et Ardon.
১৮হিষ্ৰোণৰ পুত্ৰ কালেবৰ ভাৰ্যা অজূবা আৰু যিৰীয়োত। তেওঁলোকৰ সন্তান যেচৰ, চোবব, আৰু অৰ্দোন আছিল।
19 Cumque mortua fuisset Azuba, accepit uxorem Caleb, Ephratha: quæ peperit ei Hur.
১৯আৰু অজূবাৰ মৃত্যুৰ পাছত কালেবে ইফ্ৰাথাক বিয়া কৰালে, আৰু তেওঁ হূৰক জন্ম হ’ল।
20 Porro Hur genuit Uri: et Uri genuit Bezeleel.
২০হূৰৰ পুত্র ঊৰী, আৰু ঊৰীৰ পুত্র বচলেল আছিল।
21 Post hæc ingressus est Hesron ad filiam Machir patris Galaad, et accepit eam cum esset annorum sexaginta: quæ peperit ei Segub.
২১তাৰ পাছত হিষ্ৰোণে ষাঠি বছৰ বয়সত গিলিয়দৰ পিতৃ মাখীৰৰ জীয়েকক বিয়া কৰিলে। তেওঁ তেওঁলৈ চগূবৰক জন্ম দিলে।
22 Sed et Segub genuit Iair, et possedit viginti tres civitates in Terra Galaad.
২২চগূবৰ পুত্র যায়ীৰ, গিলিয়দ দেশত তেওঁ তেইশখন নগৰ শাসন কৰিছিল।
23 Cepitque Gessur, et Aram oppida Iair, et Canath, et viculos eius sexaginta civitatum. Omnes isti, filii Machir patris Galaad.
২৩গচুৰ আৰু অৰামে তেওঁলোকৰ পৰা যায়ীৰ আৰু কনাৎ নগৰ, আৰু তাৰ চাৰিওফালৰ ষাঠিখন নগৰ অধিকাৰ কৰিছিল। এই সকলো বাসিন্দা গিলিয়দৰ পিতৃ মাখীৰৰ বংশধৰ আছিল।
24 Cum autem mortuus esset Hesron, ingressus est Caleb ad Ephratha. Habuit quoque Hesron uxorem Abia, quæ peperit ei Assur patrem Thecuæ.
২৪হিষ্ৰোণ মৃত্যুৰ পাছত, কালেবে তেওঁৰ পিতৃৰ ভাৰ্যা ইফ্ৰাথাৰ সৈতে শয়ন কৰে। আৰু তেওঁৰ অচহূৰক জন্ম দিলে, তেওঁ তকোৱাৰ পিতৃ আছিল।
25 Nati sunt autem filii Ierameel primogeniti Hesron, Ram primogenitus eius, et Buna, et Aram, et Asom, et Achia.
২৫হিষ্ৰোণৰ প্ৰথম পুত্ৰ যিৰহমেল, যিৰহমেলৰ প্ৰথম পুত্র ৰাম, ৰামৰ পাছত বূনা, ওৰণ, ওচম, আৰু অহিয়া।
26 Duxit quoque uxorem alteram Ierameel, nomine Atara, quæ fuit mater Onam.
২৬যিৰহমেলৰ অটাৰা নামেৰে আৰু এগৰাকী ভাৰ্যা আছিল, তেওঁ ওনমৰ মাতৃ আছিল।
27 Sed et filii Ram primogeniti Ierameel, fuerunt Moos, Iamin, et Achar.
২৭যিৰহমেলৰ প্ৰথম পুত্র ৰাম, তেওঁৰ পুত্র মাচ, যামীন, আৰু একৰ।
28 Onam autem habuit filios Semei, et Iada. Filii autem Semei: Nadab, et Abisur.
২৮ওনমৰ পুত্র চম্ময় আৰু যাদা, আৰু চম্ময়ৰ পুত্র নাদব আৰু অবীচূৰ।
29 Nomen vero uxoris Abisur, Abihail, quæ peperit ei Ahobban, et Molid.
২৯অবীচূৰৰ ভাৰ্য্যাৰ নাম অবীহয়িল; তেওঁ অহবান আৰু মোলিদক জন্ম দিলে।
30 Filii autem Nadab fuerunt Saled, et Apphaim. Mortuus est autem Saled absque liberis.
৩০আৰু নাদবৰ পুত্র চেলদ আৰু অপ্পয়িম, কিন্তু চেলদ নি: সন্তান হৈ মৃত্যু বৰণ কৰে।
31 Filius vero Apphaim, Iesi: qui Iesi genuit Sesan. Porro Sesan genuit Oholai.
৩১অপ্পয়িমৰ পুত্র যিচী, যিচীৰ পুত্র চেচন, আৰু চেচনৰ পুত্র অহলয়।
32 Filii autem Iada fratris Semei: Iether, et Ionathan. Sed et Iether mortuus est absque liberis.
৩২চম্ময়ৰ ভায়েক যাদাৰ পুত্র যেথৰ আৰু যোনাথন, যেথৰ নি: সন্তান হৈ মৃত্যু বৰণ কৰে।
33 Porro Ionathan genuit Phaleth, et Ziza. Isti fuerunt filii Ierameel.
৩৩যোনাথনৰ পুত্র পেলৎ আৰু জাজা আছিল। এওঁলোক যিৰহমেলৰ বংশধৰ আছিল।
34 Sesan autem non habuit filios, sed filias: et servum Ægyptium nomine Ieraa.
৩৪চেচনৰ পুত্র নাছিল, কেৱল জীয়েক আছিল। যৰ্হা নামেৰে চেচনৰ এজন মিচৰীয়া দাস আছিল।
35 Deditque ei filiam suam uxorem: quæ peperit ei Ethei.
৩৫চেচনে তেওঁৰ দাস যৰ্হাই সৈতে নিজৰ জীয়েকক বিয়া দিলে; তেওঁ অত্তয়ক জন্ম দিলে।
36 Ethei autem genuit Nathan, et Nathan genuit Zabad.
৩৬অত্তয়ৰ পুত্র নাথন, নাথনৰ পুত্র জাবদ।
37 Zabad quoque genuit Ophlal, et Ophlal genuit Obed.
৩৭জাবদৰ পুত্র ইফলল, ইফললৰ পুত্র ওবেদ।
38 Obed genuit Iehu, Iehu genuit Azariam.
৩৮ওবেদৰ পুত্র যেহূ, যেহূৰ পুত্র অজৰিয়া।
39 Azarias genuit Helles, et Helles genuit Elasa.
৩৯অজৰিয়াৰ পুত্র হেলচ, হেলচৰ পুত্র ইলিয়াচা।
40 Elasa genuit Sisamoi, Sisamoi genuit Sellum.
৪০ইলিয়াচাৰ পুত্র চিচময়, চিচময়ৰ পুত্র চল্লুম।
41 Sellum genuit Icamiam, Icamia autem genuit Elisama.
৪১চল্লুমৰ পুত্র যকমিয়া, আৰু যকমিয়াৰ পুত্র ইলীচামা।
42 Filii autem Caleb fratris Ierameel: Mesa primogenitus eius, ipse est pater Ziph: et filii Maresa patris Hebron.
৪২যিৰহমেলৰ ভায়েক কালেবৰ পুত্রৰ প্ৰথম সন্তান মেচা, তেওঁ জীফৰ পিতৃ। তেওঁৰ দ্বিতীয় সন্তান মাৰেচা, তেওঁ হিব্ৰোণৰ পিতৃ আছিল।
43 Porro filii Hebron, Core, et Taphua, et Recem, et Samma.
৪৩হিব্ৰোণৰ পুত্র কোৰহ, তপ্পূহ, ৰেকম, আৰু চেমা।
44 Samma autem genuit Raham, patrem Iercaam, et Recem genuit Sammai.
৪৪চেমাৰ পুত্র ৰহম, ৰহম পুত্র যৰ্কিয়ম আৰু ৰেকমৰ পুত্র চম্ময়।
45 Filius Sammai, Maon: et Maon pater Bethsur.
৪৫চম্ময়ৰ পুত্র মায়োন, আৰু মায়োনৰ পুত্র বৈৎ-চুৰ।
46 Epha autem concubina Caleb peperit Haran, et Mosa, et Gezez. Porro Haran genuit Gezez.
৪৬কালেবৰ উপপত্নী ঐফাই হাৰণ, মোচা, আৰু গাজেজক জন্ম দিলে। হাৰণৰ পুত্র গাজেজ।
47 Filii autem Iahaddai, Regom, et Ioathan, et Gesan, et Phalet, et Epha, et Saaph.
৪৭যেহদৰ পুত্র ৰেগম, যোথম, গেচন, পেলট, ঐফা, আৰু চাফ।
48 Concubina Caleb Maacha, peperit Saber, et Tharana.
৪৮কালেবৰ উপপত্নী মাখা চেবৰ আৰু তিৰ্হনাক জন্ম দিলে।
49 Genuit autem Saaph pater Madmena, Sue patrem Machbena, et patrem Gabaa. Filia vero Caleb, fuit Achsa.
৪৯আৰু তেওঁ মদ্মন্না পিতৃ চাফকক আৰু মগবেনা ও গিবিয়াৰ পিতৃ চবাকক জন্ম দিলে। কালেবৰ জীয়েকৰ নাম অকচা।
50 Hi erant filii Caleb, filii Hur primogeniti Ephratha, Sobal pater Cariathiarim.
৫০এওঁলোক হূৰৰ সন্তান, ইফ্ৰাথাৰ পৰা জন্ম হোৱা প্ৰথম পুত্র হূৰ: কিৰিয়ৎ-যিয়াৰীমৰ পিতৃ চোবল,
51 Salma pater Bethlehem, Hariph pater Bethgader.
৫১বৈৎলেহেমৰ পিতৃ চলমা, বৈৎ-গাদেৰৰ পিতৃ হাৰেফ।
52 Fuerunt autem filii Sobal patris Cariathiarim, qui videbat dimidium requietionum.
৫২কিৰিয়ৎ-যিয়াৰীমৰ পিতৃ চোবলৰ বংশধৰসকল আছিল: হাৰোৱি, মানহতীয়াসকলৰ আধা ভাগ,
53 Et de cognatione Cariathiarim, Iethrei, et Aphuthei, et Semathei, et Maserei. Ex his egressi sunt Saraitæ, et Esthaolitæ.
৫৩আৰু কিৰিয়ৎ-যিয়াৰীমৰ গোষ্ঠী- যিত্ৰীয়া, পুথীয়া, চূমাথীয়া, আৰু মিশ্ৰায়ীয়াসকল। এওঁলোকৰ বংশধৰ আছিল চৰায়ীয়া আৰু ইষ্টায়োলীয়াসকল।
54 Filii Salma, Bethlehem, et Netophathi, Coronæ domus Ioab, et dimidium requietionis Sarai,
৫৪তলত উল্লেখিত সকল চলমাৰ গোষ্ঠীৰ: বৈৎলেহেম, নটোফাতীয়াসকল অট্ৰোৎ-বৈৎযোৱাব, আৰু মানহতীয়াসকলৰ আধা ভাগ লোক, চৰীয়াসকল।
55 cognationes quoque scribarum habitantium in Iabes, canentes atque resonantes, et in tabernaculis commorantes. Hi sunt Cinæi, qui venerunt de Calore patris domus Rechab.
৫৫যাবেচ-নিবাসী লিখকসকলৰ গোষ্ঠী তিৰাথীয়া, চিমিয়াথীয়া, আৰু চুখাথিয়াসকল। এওঁলোক ৰেখবৰ বংশৰ আদি-পিতৃ হম্মতৰ বংশধৰ কেনীয়া লোক।