< Liber Numeri 33 >

1 Hæ sunt mansiones filiorum Israël, qui egressi sunt de Ægypto per turmas suas in manu Moysi et Aaron,
ইস্ৰায়েলৰ সন্তান সকলে মোচি আৰু হাৰোণৰ অধীনত নিজ সৈন্যদল অনুসাৰে মিচৰ দেশৰ পৰা ওলাই আহোঁতে, তেওঁলোকে যি যি যাত্ৰা কৰিছিল, সেই সকলো যাত্ৰাৰ বিৱৰণ এই।
2 quas descripsit Moyses juxta castrorum loca, quæ Domini jussione mutabant.
মোচিয়ে যিহোৱাৰ আজ্ঞামতেই তেওঁলোকৰ সকলো যাত্ৰা অনুসাৰে তেওঁলোকে থাকি ৰাওনা হোৱা ঠাইৰ তালিকা লিখিলে। তেওঁলোকে থাকি ৰাওনা হোৱা ঠাই অনুসাৰে তেওঁলোকৰ এই এই যাত্ৰা।
3 Profecti igitur de Ramesse mense primo, quintadecima die mensis primi, altera die Phase, filii Israël in manu excelsa, videntibus cunctis Ægyptiis,
প্ৰথম মাহত, প্ৰথম মাহৰ পঞ্চদশ দিনা ইস্ৰায়েলৰ সন্তান সকলে ৰামিচেচৰ পৰা যাত্ৰা কৰি নিস্তাৰ-পৰ্ব্বৰ পাছদিনা আটাই মিচৰীয়া লোকৰ সাক্ষাতে যিহোৱাৰ পৰাক্ৰমী বাহুৰে ওলাই গ’ল।
4 et sepelientibus primogenitos, quos percusserat Dominus (nam et in diis eorum exercuerat ultionem),
তেতিয়া মিচৰীয়াসকলে, যিহোৱাই তেওঁলোকৰ মাজত বধ কৰা তেওঁলোকৰ প্ৰথমে ওপজাবোৰৰ মৰা শৱ পুতি আছিল, আৰু যিহোৱাই তেওঁলোকৰ দেৱতাবোৰকো দণ্ড দিছিল।
5 castrametati sunt in Soccoth.
ৰামিচেচৰ পৰা যাত্ৰা কৰি, ইস্ৰায়েলৰ সন্তান সকলে চুক্কোতত ছাউনি পাতিলে।
6 Et de Soccoth venerunt in Etham, quæ est in extremis finibus solitudinis.
আৰু চুক্কোতৰ পৰা যাত্ৰা কৰি, মৰুভূমিৰ দাঁতিত থকা এথমত ছাউনি পাতিলে।
7 Inde egressi venerunt contra Phihahiroth, quæ respicit Beelsephon, et castrametati sunt ante Magdalum.
আৰু এথমৰ পৰা যাত্ৰা কৰি, বাল-চফোনৰ আগত থকা পী-হহীৰোতলৈ ঘূৰি আহি মিগদোলৰ সন্মুখত ছাউনি পাতিলে।
8 Profectique de Phihahiroth, transierunt per medium mare in solitudinem: et ambulantes tribus diebus per desertum Etham, castrametati sunt in Mara.
তেতিয়া পী-হহীৰোতৰ সন্মুখৰ পৰা যাত্ৰা কৰি, সমুদ্ৰৰ মাজেদি গৈ মৰুভূমিত সোমাল আৰু এথন অৰণ্যত তিন দিনৰ বাট যাত্ৰা কৰি, মাৰাত ছাউনি পাতিলে।
9 Profectique de Mara, venerunt in Elim, ubi erant duodecim fontes aquarum, et palmæ septuaginta: ibique castrametati sunt.
আৰু মাৰাৰ পৰা যাত্ৰা কৰি, এলীম পালে; এলীমত বাৰটা জলৰ ভূমূক আৰু ষাঠী জোপা খাজুৰ গছ আছিল; তেওঁলোকে সেই ঠাইত ছাউনি পাতিলে।
10 Sed et inde egressi, fixerunt tentoria super mare Rubrum. Profectique de mari Rubro,
১০পাছত এলীমৰ পৰা যাত্ৰা কৰি, চূফ সাগৰৰ ওচৰত ছাউনি পাতিলে।
11 castrametati sunt in deserto Sin.
১১আৰু চূফ সাগৰৰ পৰা যাত্ৰা কৰি, চীন অৰণ্যত ছাউনি পাতিলে।
12 Unde egressi, venerunt in Daphca.
১২পাছত চীন মৰুভূমিৰ পৰা যাত্ৰা কৰি দফকাত ছাউনি পাতিলে।
13 Profectique de Daphca, castrametati sunt in Alus.
১৩আৰু দফকাৰ পৰা যাত্ৰা কৰি, আলূচত ছাউনি পাতিলে।
14 Egressique de Alus, in Raphidim fixere tentoria, ubi populo defuit aqua ad bibendum.
১৪আৰু আলূচৰ পৰা যাত্ৰা কৰি, ৰফীদীমত ছাউনি পাতিলে; সেই ঠাইত লোকসকলৰ খাবলৈ পানী নাছিল।
15 Profectique de Raphidim, castrametati sunt in deserto Sinai.
১৫পাছত তেওঁলোকে ৰফীদীমৰ পৰা যাত্ৰা কৰি, চীনয় মৰুভূমিত ছাউনি পাতিলে।
16 Sed et de solitudine Sinai egressi, venerunt ad sepulchra concupiscentiæ.
১৬আৰু চীনয় মৰুভূমিৰ পৰা যাত্ৰা কৰি, কিব্ৰোৎ-হত্তাবাত ছাউনি পাতিলে।
17 Profectique de sepulchris concupiscentiæ, castrametati sunt in Haseroth.
১৭আৰু কিব্ৰোৎ-হত্তাবাৰ পৰা যাত্ৰা কৰি, হচেৰোতত ছাউনি পাতিলে।
18 Et de Haseroth venerunt in Rethma.
১৮আৰু হচেৰোতৰ পৰা যাত্ৰা কৰি, ৰিৎমাত ছাউনি পাতিলে।
19 Profectique de Rethma, castrametati sunt in Remmomphares.
১৯আৰু ৰিৎমাৰ পৰা যাত্ৰা কৰি, ৰিম্মোন-পেৰচত ছাউনি পাতিলে।
20 Unde egressi venerunt in Lebna.
২০আৰু ৰিম্মোন-পেৰচৰ পৰা যাত্ৰা কৰি, লিবনাত ছাউনি পাতিলে।
21 De Lebna castrametati sunt in Ressa.
২১আৰু লিবনাৰ পৰা যাত্ৰা কৰি, ৰিচ্ছাত ছাউনি পাতিলে।
22 Egressique de Ressa, venerunt in Ceelatha.
২২আৰু ৰিচ্ছাৰ পৰা যাত্ৰা কৰি, কহেলাথাত ছাউনি পাতিলে।
23 Unde profecti, castrametati sunt in monte Sepher.
২৩আৰু কহেলাথাৰ পৰা যাত্ৰা কৰি, চেফৰ পৰ্ব্বতত ছাউনি পাতিলে।
24 Egressi de monte Sepher, venerunt in Arada.
২৪পাছত তেওঁলোকে চেফৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰি, হৰাদাত ছাউনি পাতিলে।
25 Inde proficiscentes, castrametati sunt in Maceloth.
২৫আৰু হৰাদাৰ পৰা যাত্ৰা কৰি, মখেলোতত ছাউনি পাতিলে।
26 Profectique de Maceloth, venerunt in Thahath.
২৬আৰু মখেলোতৰ পৰা যাত্ৰা কৰি, তহতত ছাউনি পাতিলে।
27 De Thahath, castrametati sunt in Thare.
২৭আৰু তহতৰ পৰা যাত্ৰা কৰি, তেৰহত ছাউনি পাতিলে।
28 Unde egressi, fixere tentoria in Methca.
২৮আৰু তেৰহৰ পৰা যাত্ৰা কৰি, মিৎকাত ছাউনি পাতিলে।
29 Et de Methca, castrametati sunt in Hesmona.
২৯আৰু মিৎকাৰ পৰা যাত্ৰা কৰি, হচমোনাত ছাউনি পাতিলে।
30 Profectique de Hesmona, venerunt in Moseroth.
৩০আৰু হচমোনাৰ পৰা যাত্ৰা কৰি, মোচেৰোতত ছাউনি পাতিলে।
31 Et de Moseroth, castrametati sunt in Benejaacan.
৩১আৰু মোচেৰোতৰ পৰা যাত্ৰা কৰি, বনেই-যাকনত ছাউনি পাতিলে।
32 Profectique de Benejaacan, venerunt in montem Gadgad.
৩২আৰু বনেই-যাকনৰ পৰা যাত্ৰা কৰি, হোৰহগ্গিদগদত ছাউনি পাতিলে।
33 Unde profecti, castrametati sunt in Jetebatha.
৩৩আৰু হোৰহগ্গিদগদৰ পৰা যাত্ৰা কৰি, যটবাথাত ছাউনি পাতিলে।
34 Et de Jetebatha venerunt in Hebrona.
৩৪আৰু যটবাথাৰ পৰা যাত্ৰা কৰি, অব্ৰোণাত ছাউনি পাতিলে।
35 Egressique de Hebrona, castrametati sunt in Asiongaber.
৩৫আৰু অব্ৰোণাৰ পৰা যাত্ৰা কৰি, ইচিয়োন-গেবৰত ছাউনি পাতিলে।
36 Inde profecti, venerunt in desertum Sin, hæc est Cades.
৩৬আৰু ইচিয়োন-গেবৰৰ পৰা যাত্ৰা কৰি, ছিন মৰুভূমিত থকা কাদেচত ছাউনি পাতিলে।
37 Egressique de Cades, castrametati sunt in monte Hor, in extremis finibus terræ Edom.
৩৭আৰু কাদেচৰ পৰা যাত্ৰা কৰি, ইদোম দেশৰ কাষত থকা হোৰ পৰ্ব্বতত ছাউনি পাতিলে।
38 Ascenditque Aaron sacerdos in montem Hor jubente Domino: et ibi mortuus est anno quadragesimo egressionis filiorum Israël ex Ægypto, mense quinto, prima die mensis,
৩৮এই সময়ত হাৰোণ পুৰোহিত যিহোৱাৰ আজ্ঞা অনুসাৰে হোৰ পৰ্ব্বতত উঠি, মিচৰৰ পৰা ইস্ৰায়েলৰ সন্তান সকল ওলাই অহাৰ চল্লিশ বছৰৰ পঞ্চম মাহৰ প্ৰথম দিনা সেই ঠাইতে মৰিল।
39 cum esset annorum centum viginti trium.
৩৯হোৰ পৰ্ব্বতত হাৰোণ মৰা সময়ত, তেওঁৰ এশ তেইশ বছৰ বয়স হৈছিল।
40 Audivitque Chananæus rex Arad, qui habitabat ad meridiem, in terram Chanaan venisse filios Israël.
৪০আৰু কনানৰ দক্ষিণ মৰুভূমিত থকা অৰাদৰ কনানীয়া ৰজাই ইস্ৰায়েলৰ সন্তান সকল অহা সম্বাদ পালে।
41 Et profecti de monte Hor, castrametati sunt in Salmona.
৪১পাছত তেওঁলোকে হোৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰি, চল্মোনাত ছাউনি পাতিলে।
42 Unde egressi, venerunt in Phunon.
৪২আৰু চল্মোনাৰ পৰা যাত্ৰা কৰি, পুনোনত ছাউনি পাতিলে।
43 Profectique de Phunon, castrametati sunt in Oboth.
৪৩আৰু পুনোনৰ পৰা যাত্ৰা কৰি, এবোতত ছাউনি পাতিলে।
44 Et de Oboth venerunt in Ijeabarim, quæ est in finibus Moabitarum.
৪৪আৰু এবোতৰ পৰা যাত্ৰা কৰি, মোৱাবৰ সীমাৰ ওচৰত থকা ইয়ে-অবাৰীমত ছাউনি পাতিলে।
45 Profectique de Ijeabarim, fixere tentoria in Dibongad.
৪৫আৰু ইয়ীমৰ পৰা যাত্ৰা কৰি, দীবোন-গাদত ছাউনি পাতিলে।
46 Unde egressi, castrametati sunt in Helmondeblathaim.
৪৬আৰু দীবোন-গাদৰ পৰা যাত্ৰা কৰি, অল্মোনদিব্লাথয়িমত ছাউনি পাতিলে।
47 Egressique de Helmondeblathaim, venerunt ad montes Abarim contra Nabo.
৪৭আৰু অল্মোনদিব্লাথয়িমৰ পৰা যাত্ৰা কৰি, নবোৰ সন্মুখত থকা অবাৰীম পৰ্ব্বতৰ মাজত ছাউনি পাতিলে।
48 Profectique de montibus Abarim, transierunt ad campestria Moab, supra Jordanem, contra Jericho.
৪৮আৰু অবাৰীম পৰ্ব্বতবোৰৰ পৰা যাত্ৰা কৰি, যিৰীহোৰ সন্মুখত থকা যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত ছাউনি পাতিলে।
49 Ibique castrametati sunt de Bethsimoth usque ad Abelsatim in planioribus locis Moabitarum.
৪৯আৰু তেওঁলোকে যৰ্দ্দনৰ ওচৰত বৈৎ-যিচীমোতৰ পৰা আবেল-চিটীমলৈকে মোৱাবৰ সমথলত ছাউনি পাতিলে।
50 Ubi locutus est Dominus ad Moysen:
৫০তেতিয়া যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত যিহোৱাই মোচিক ক’লে,
51 Præcipe filiis Israël, et dic ad eos: Quando transieritis Jordanem, intrantes terram Chanaan,
৫১“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘তোমালোকে যেতিয়া যৰ্দ্দন পাৰহৈ কনান দেশত সোমাবা,
52 disperdite cunctos habitatores terræ illius: confringite titulos, et statuas comminuite, atque omnia excelsa vastate,
৫২তেতিয়া তোমালোকৰ আগৰ পৰা সেই দেশ নিবাসী সকলো লোকক দূৰ কৰিবা। আৰু তেওঁলোকৰ সকলো নক্সা কটা শিলবোৰ আৰু আটাই সাঁচত ঢলা প্ৰতিমাবোৰ নষ্ট কৰিবা আৰু তেওঁলোকৰ আটাই ওখ ঠাইবোৰ উচ্ছন্ন কৰিবা।
53 mundantes terram, et habitantes in ea. Ego enim dedi vobis illam in possessionem,
৫৩আৰু তোমালোকে সেই দেশ অধিকাৰ কৰি, তাৰ মাজত বাস কৰিবা; কিয়নো মই উত্তৰাধিকাৰৰ অৰ্থে সেই দেশ তোমালোকক দিলোঁ।
54 quam dividetis vobis sorte. Pluribus dabitis latiorem, et paucis angustiorem. Singulis ut sors ceciderit, ita tribuetur hæreditas. Per tribus et familias possessio dividetur.
৫৪আৰু তোমালোকে চিঠি-খেলেৰে নিজ নিজ গোষ্ঠী অনুসাৰে দেশ অধিকাৰ কৰি ল’বা; অধিকক অধিক উত্তৰাধীকাৰ আৰু তাকৰক কম উত্তৰাধীকাৰ দিবা; আৰু যাৰ ভাগ যি ঠাইত পৰে, তাৰ ভাগ সেই ঠাইতে হ’ব; তোমালোকে নিজ নিজ পিতৃ-বংশ অনুসাৰে তাক অধিকাৰ কৰি ল’বা।
55 Sin autem nolueritis interficere habitatores terræ: qui remanserint, erunt vobis quasi clavi in oculis, et lanceæ in lateribus, et adversabuntur vobis in terra habitationis vestræ:
৫৫কিন্তু তোমালোকে যদি তোমালোকৰ আগৰ পৰা সেই দেশ নিবাসীসকলক দূৰ নকৰা, তেন্তে তোমালোকে যিসকলক অৱশিষ্ট ৰাখিবা, তেওঁলোকেই তোমালোকৰ চকুত কাঁইট আৰু তোমালোকৰ গাৰ কাষত হুলস্বৰূপ হ’ব আৰু তোমালোকে নিবাস কৰা সেই দেশত তেওঁলোকে তোমালোকক ক্লেশ দিব।
56 et quidquid illis cogitaveram facere, vobis faciam.
৫৬আৰু মই তেওঁলোকলৈ যি কৰিবৰ মন কৰিছোঁ, তাক তোমালোকলৈ কৰিম’।”

< Liber Numeri 33 >