< Genesis 49 >
1 Vocavit autem Jacob filios suos, et ait eis: Congregamini, ut annuntiem quæ ventura sunt vobis in diebus novissimis.
১পাছত যাকোবে তেওঁৰ পুত্ৰসকলক মাতি আনিলে আৰু ক’লে, “তোমালোক গোট খোৱা; আগলৈ তোমালোকৰ যি যি ঘটিব, সেই বিষয়ে মই তোমালোকক জনাওঁ।
2 [Congregamini, et audite, filii Jacob, audite Israël patrem vestrum:
২হে যাকোবৰ পুত্ৰসকল, গোট খোৱা আৰু শুনা; তোমালোকৰ পিতৃ ইস্ৰায়েলৰ বাক্য শ্ৰৱণ কৰা।
3 Ruben, primogenitus meus, tu fortitudo mea, et principium doloris mei; prior in donis, major in imperio.
৩হে ৰূবেণ, তুমি মোৰ জ্যেষ্ঠ পুত্ৰ, মোৰ বল, আৰু মোৰ শক্তিৰ প্ৰথম ফল; তুমি মৰ্যদাত লক্ষণীয় আৰু পৰাক্ৰমত লক্ষণীয়।
4 Effusus es sicut aqua, non crescas: quia ascendisti cubile patris tui, et maculasti stratum ejus.
৪তুমি উতলা পানীৰ নিচিনা হোৱা বাবে তোমাৰ প্ৰাধান্যতা নাথাকিব; কিয়নো তুমি নিজ পিতৃৰ শোৱা বিচনালৈ উঠি গৈছিলা। তেতিয়া তুমি অপবিত্ৰ কৰ্ম কৰিছিলা। সি মোৰ শয্যালৈ উঠি গৈছিল।
5 Simeon et Levi fratres vasa iniquitatis bellantia.
৫চিমিয়োন আৰু লেবী দুয়ো ভাই, সিহঁতৰ তৰোৱাল হিংস্ৰতাৰ অস্ত্ৰ।
6 In consilium eorum non veniat anima mea, et in cœtu illorum non sit gloria mea: quia in furore suo occiderunt virum, et in voluntate sua suffoderunt murum.
৬মই নিজে সিহঁতৰ সভালৈ নাহিম; মোৰ হৃদয়ৰ বহু সন্মানৰ বাবে, মই সিহঁতৰ সমাজত যোগ নহম। কিয়নো সিহঁতে ক্ৰোধত নৰ-হত্যা কৰে, আৰু আনন্দ কৰি ষাঁড় গৰুবোৰ বধ কৰে।
7 Maledictus furor eorum, quia pertinax: et indignatio eorum, quia dura: dividam eos in Jacob, et dispergam eos in Israël.
৭সিহঁতৰ খং অভিশপ্ত হওক, সেয়ে প্ৰচণ্ড, প্ৰকোপ আৰু নিষ্ঠুৰ মই যাকোবৰ মাজত সিহঁতক ভাগ কৰিম; আৰু ইস্ৰায়েলৰ মাজত সিহঁতক ছিন্ন-ভিন্ন কৰিম।
8 Juda, te laudabunt fratres tui: manus tua in cervicibus inimicorum tuorum, adorabunt te filii patris tui.
৮হে যিহূদা, তোমাক হ’লে, নিজৰ ভাইসকলে প্ৰশংসা কৰিব; তোমাৰ হাতে শত্ৰুবোৰৰ ডিঙিত ধৰিব; তোমাৰ পিতৃৰ সন্তান সকলে তোমাৰ আগত প্ৰণিপাত কৰিব।
9 Catulus leonis Juda: ad prædam, fili mi, ascendisti: requiescens accubuisti ut leo, et quasi leæna: quis suscitabit eum?
৯যিহূদা যুবা সিংহ; হে মোৰ বোপা, তুমি পশু ছিৰি পেলোৱাৰ পৰা উঠি আহিলা। সি সিংহৰ দৰে পৰি শুইছে, এনে কি, শক্তিশালী সিংহৰ দৰে শুইছে; কোনে তাক জগাব?
10 Non auferetur sceptrum de Juda, et dux de femore ejus, donec veniat qui mittendus est, et ipse erit expectatio gentium.
১০চীলো নহালৈকে যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোক সমূহ সেই জনাৰ আজ্ঞাধীন হ’ব।
11 Ligans ad vineam pullum suum, et ad vitem, o fili mi, asinam suam, lavabit in vino stolam suam et in sanguine uvæ pallium suum.
১১সি দ্ৰাক্ষালতাত নিজৰ ডেকা গাধ, আৰু উত্তম দ্ৰাক্ষালতাত নিজৰ গাধ পোৱালি বান্ধি, নিজ বস্ত্ৰ দ্ৰাক্ষাৰসত, নিজ কাপোৰ দ্ৰাক্ষাদুটিৰ তেজৰূপ ৰসত ধুইছে।
12 Pulchriores sunt oculi ejus vino, et dentes ejus lacte candidiores.
১২তাৰ চকু দ্ৰাক্ষাৰসেৰে ৰঙা, তাৰ দাঁত গাখীৰেৰে বগা।
13 Zabulon in littore maris habitabit, et in statione navium pertingens usque ad Sidonem.
১৩জবূলূনে সমুদ্ৰৰ তীৰত বসতি কৰিব; সি জাহাজবোৰৰ আশ্ৰয়ৰ তীৰ হ’ব; আৰু চীদোনলৈকে তাৰ সীমা হ’ব।
14 Issachar asinus fortis accubans inter terminos.
১৪ইচাখৰ বলৱান গাধ; সি দুটা গঁৰালৰ মাজত শোৱে।
15 Vidit requiem, quod esset bona et terram, quod optima: et supposuit humerum suum ad portandum, factusque est tributis serviens.
১৫সি জিৰণিক ভাল দেখি, আৰু দেশক সুন্দৰ দেখি, ভাৰ ব’বলৈ নিজৰ কান্ধ পাতি দিলে আৰু কৰি দিবলগীয়া কামৰ ভাৰ লৈ দাস হ’ল।
16 Dan judicabit populum suum sicut et alia tribus in Israël.
১৬দান ইস্ৰায়েলৰ এক ফৈদ হ’ল; তেওঁ নিজ লোকসকলৰ সোধ-বিচাৰ কৰিব।
17 Fiat Dan coluber in via, cerastes in semita, mordens ungulas equi, ut cadat ascensor ejus retro.
১৭দান পথৰ দাঁতিত থকা সাপ, সি পথৰ দাঁতিত থকা বিষাক্ত সাপ, যিয়ে ঘোঁৰাৰ ঠেঙত দংশিব পাৰে, য’ত অশ্বাৰোহী জন পাছফালে পৰিব।
18 Salutare tuum expectabo, Domine.
১৮হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ অপেক্ষা কৰি আছোঁ।
19 Gad, accinctus præliabatur ante eum: et ipse accingetur retrorsum.
১৯গাদ - অশ্বাৰোহীয়ে তেওঁক হ’লে আক্ৰমণ কৰিব; কিন্তু সি সিহঁতৰ পাছফালে আক্ৰমণ কৰিব।
20 Aser, pinguis panis ejus, et præbebit delicias regibus.
২০আচেৰৰ মাজৰ পৰা নিজৰ উত্তম আহাৰ জন্মিব; সি ৰজাই খাব পৰা সুখাদ্য আহাৰ যোগাব।
21 Nephthali, cervus emissus, et dans eloquia pulchritudinis.
২১নপ্তালী মুকলি হোৱা হৰিণ; সি মনোহৰ কথা কয়।
22 Filius accrescens Joseph, filius accrescens et decorus aspectu: filiæ discurrerunt super murum.
২২যোচেফ ফলৱান গছৰ ডাল; ভুমুকৰ ওচৰত থকা লাগনী গছৰ ডাল; তাৰ ডালবোৰ গড়ৰ ওপৰলৈকে জুৰি যায়।
23 Sed exasperaverunt eum et jurgati sunt, invideruntque illi habentes jacula.
২৩ধনুৰ্দ্ধৰসকলে তাক বৰকৈ ক্লেশ দিলে, আৰু তালৈ কঢ়িয়াই আনি তাক তাড়না কৰিলে;
24 Sedit in forti arcus ejus, et dissoluta sunt vincula brachiorum et manuum illius per manus potentis Jacob: inde pastor egressus est, lapis Israël.
২৪কিন্তু তেওঁৰ অৱশিষ্ট ধনু অতল হৈ থাকিল, আৰু তেওঁৰ হাত দক্ষতাপূৰ্ণ কিয়নো যাকোবৰ একমাত্র পৰাক্ৰমী জনাৰ হাতৰ দ্বাৰাই, কিয়নো তেওঁৰ নাম মেৰ-ছাগৰ ৰখীয়া, ইস্ৰায়েলৰ শিলা।
25 Deus patris tui erit adjutor tuus, et omnipotens benedicet tibi benedictionibus cæli desuper, benedictionibus abyssi jacentis deorsum, benedictionibus uberum et vulvæ.
২৫কিয়নো তোমাৰ পিতৃ ঈশ্বৰ, তেৱেঁ তোমাক সহায় কৰিব, কিয়নো সৰ্ব্বশক্তিমান ঈশ্বৰ জনাই আশীৰ্ব্বাদ কৰিব, তেওঁ ওপৰত থকা আকাশৰ আশীৰ্ব্বাদৰ সৈতে তলত থকা অগাধ জল, স্তন আৰু গৰ্ভৰ আশীৰ্ব্বাদেৰে, তোমাক আশীৰ্ব্বাদ কৰিব।
26 Benedictiones patris tui confortatæ sunt benedictionibus patrum ejus, donec veniret desiderium collium æternorum: fiant in capite Joseph, et in vertice Nazaræi inter fratres suos.
২৬মোৰ পূর্বপুৰুষসকলৰ আশীৰ্ব্বাদতকৈ তোমাৰ নিজ পিতৃৰ আশীৰ্ব্বাদ ফলদায়ক হ’ল, আৰু চিৰকালীয়া পৰ্ব্বতৰ সীমালৈকে বিয়পি গ’ল। সেয়ে যোচেফৰ মূৰত থকিব; ভায়েক- ককায়েকসকলৰ পৰা পৃথকে থকা জনৰ মূৰৰ তালুত থাকিব।
27 Benjamin lupus rapax, mane comedat prædam, et vespere dividet spolia.]
২৭বিন্যামীন পশু ছিৰি পেলাব পৰা ৰাংকুকুৰ। ৰাতিপুৱা সি মৃগ ভক্ষণ কৰিব; সন্ধিয়া পৰত লুটদ্ৰব্য ভগাই দিব।”
28 Omnes hi in tribubus Israël duodecim: hæc locutus est eis pater suus, benedixitque singulis benedictionibus propriis.
২৮এই সকলেই হ’ল ইস্ৰায়েলৰ বাৰ ফৈদ; আৰু তেওঁলোকৰ পিতৃয়ে আশীৰ্ব্বাদ কৰি তেওঁলোকক কোৱা কথাও এয়ে। তেওঁলোকৰ প্ৰতিজনকে এইদৰে তেওঁ বিশেষ বিশেষ আশীৰ্ব্বাদেৰে আশীৰ্ব্বাদ কৰিলে।
29 Et præcepit eis, dicens: Ego congregor ad populum meum: sepelite me cum patribus meis in spelunca duplici quæ est in agro Ephron Hethæi,
২৯পাছত তেওঁ তেওঁলোকক আজ্ঞা কৰি ক’লে, “মই মোৰ নিজ লোকসকলৰ ওচৰলৈ যাম। হিত্তীয়া ইফ্রোণৰ পথাৰত যি গুহা আছে, তাতে মোৰ ওপৰ-পিতৃসকলৰ সৈতে মোক মৈদাম দিবা।
30 contra Mambre in terra Chanaan, quam emit Abraham cum agro ab Ephron Hethæo in possessionem sepulchri.
৩০সেই গুহা কনান দেশত মম্ৰিৰ ওচৰৰ মকপেলাৰ পথাৰত আছে, অব্ৰাহামে মৈদাম দিবৰ বাবে সেই গুহা হিত্তীয়া ইফ্রোণৰ পৰা পথাৰে সৈতে কিনি লৈছিল।
31 Ibi sepelierunt eum, et Saram uxorem ejus: ibi sepultus est Isaac cum Rebecca conjuge sua: ibi et Lia condita jacet.
৩১সেই ঠাইতে অব্ৰাহাম আৰু তেওঁৰ ভাৰ্যা চাৰাক মৈদাম দিয়া হ’ল; সেই ঠাইতে ইচহাক আৰু তেওঁৰ ভাৰ্যা ৰিবেকাকো মৈদাম দিয়া হ’ল, আৰু সেই ঠাইতে মইও লেয়াক মৈদাম দিলোঁ।
৩২সেই পথাৰ আৰু গুহা হেতৰ সন্তান সকলৰ পৰা কিনা হৈছিল।”
33 Finitisque mandatis quibus filios instruebat, collegit pedes suos super lectulum, et obiit: appositusque est ad populum suum.
৩৩এইদৰে যাকোবে তেওঁৰ পুত্ৰসকলক আজ্ঞা দিয়াৰ পাছত, ভৰি দুখন শয্যাৰ ওপৰত কোঁচ খুৱাই ল’লে আৰু শেষ নিশ্বাস ত্যাগ কৰিলে। পাছত তেওঁৰ লোকসকলৰ ওচৰলৈ তেওঁক নিয়া হ’ল।