< Esther 6 >
1 Noctem illam duxit rex insomnem, jussitque sibi afferri historias et annales priorum temporum. Quæ cum illo præsente legerentur,
১সেই ৰাতি ৰজাই টোপনি যাব নোৱাৰিলে। ৰজাই তেওঁৰ ৰাজত্বৰ সময়ত ঘটা ঘটনাৱলীৰ কাৰ্য-বিৱৰণী আনিবলৈ আজ্ঞা দিলে; আৰু তেওঁলোকে উচ্চ-স্বৰে ৰজাৰ আগত তাক পাঠ কৰিলে।
2 ventum est ad illum locum ubi scriptum erat quomodo nuntiasset Mardochæus insidias Bagathan et Thares eunuchorum, regem Assuerum jugulare cupientium.
২সেই কাৰ্য-বিৱৰণীত লিখা অনুসাৰে এই কথা গ’ম পোৱা গ’ল যে, ৰাজ-নপুংসক বিগথন আৰু তেৰচ নামেৰে দুজন প্রৱেশ দুৱাৰৰ দুৱৰীয়ে ৰজা অহচবেৰোচৰ ক্ষতি কৰিবলৈ চেষ্টা কৰা বিষয়টো এই মৰ্দখয়েই ৰজাক জনাইছিল।
3 Quod cum audisset rex, ait: Quid pro hac fide honoris ac præmii Mardochæus consecutus est? Dixerunt ei servi illius ac ministri: Nihil omnino mercedis accepit.
৩পাছত ৰজাই সুধিলে, “মৰ্দখয়ে কৰা এই কাৰ্যৰ বাবে তেওঁক কি সন্মান বা স্বীকৃতি প্রদান কৰা হৈছিল? তাৰ পাছত ৰজাৰ পৰিচৰ্যা কৰা যুৱক দাস সকলে তেওঁক ক’লে, “তেওঁৰ বাবে একো কৰা হোৱা নাই।”
4 Statimque rex: Quis est, inquit, in atrio? Aman quippe interius atrium domus regiæ intraverat, ut suggereret regi, et juberet Mardochæum affigi patibulo, quod ei fuerat præparatum.
৪ৰজাই সুধিলে, “চোতালত কোন আছে? সেই সময়ত ৰজাৰ আগত নিবেদন কৰি নিজে যুগুত কৰা ফাঁচি কাঠত মৰ্দখয়ক ফাঁচি দিবলৈ ৰাজগৃহৰ বাহিৰ চোতালত হামন সোমাইছিল।
5 Responderunt pueri: Aman stat in atrio. Dixitque rex: Ingrediatur.
৫ৰজাৰ দাস সকলে তেওঁক ক’লে, “হামন চোতালত থিয় হৈ আছে।” তাতে ৰজাই ক’লে, “তেওঁক ভিতৰলৈ আহিব দিয়া।”
6 Cumque esset ingressus, ait illi: Quid debet fieri viro, quem rex honorare desiderat? Cogitans autem in corde suo Aman, et reputans quod nullum alium rex, nisi se, vellet honorare,
৬হামন যেতিয়া ভিতৰলৈ সোমাল, তেতিয়া ৰজাই তেওঁক ক’লে, “ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে, তেওঁলৈ কি কৰা উচিত?” হামনে মনতে ভাবিলে, মোতকৈ বেছি ৰজাই আন কাক সন্মান দিবলৈ ইচ্ছা কৰিব?
7 respondit: Homo, quem rex honorare cupit,
৭সেয়ে হামনে ৰজাক ক’লে, “ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে,
8 debet indui vestibus regiis, et imponi super equum, qui de sella regis est, et accipere regium diadema super caput suum:
৮তেওঁৰ বাবে যি বস্ত্র ৰজাই পৰিধান কৰে সেই ৰাজকীয় বস্ত্র দিয়া যাওক, আৰু ৰাজকীয় মুকুটৰ সৈতে যি ঘোঁৰাত ৰজা উঠে, সেই ঘোঁৰা দিয়া যাওক।
9 et primus de regiis principibus ac tyrannis teneat equum ejus, et per plateam civitatis incedens clamet, et dicat: Sic honorabitur, quemcumque voluerit rex honorare.
৯তাৰ পাছত সেই বস্ত্ৰ আৰু ঘোঁৰা ৰজাৰ বিশেষ প্ৰধান কৰ্মচাৰী সকলৰ মাজৰ এজনৰ হাতত গতাই দিয়া হওক; আৰু ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে, তেওঁক সেই ৰাজ-বস্ত্ৰ পিন্ধোৱা হওক। পাছত তেওঁক সেই ঘোঁৰাত তুলি নগৰৰ মাজৰ পথেৰে লৈ যাবলৈ তেওঁলোকক কোৱা হওক। তেওঁৰ আগে আগে এই কথা ঘোষণা কৰা হওক যে, ‘ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে, তেওঁলৈ এইদৰে কৰা হ’ব!’”
10 Dixitque ei rex: Festina, et sumpta stola et equo, fac, ut locutus es, Mardochæo Judæo, qui sedet ante fores palatii. Cave ne quidquam de his, quæ locutus es, prætermittas.
১০তেতিয়া ৰজাই হামনক ক’লে, “বেগাই আহাঁ, তুমি ৰাজ-বস্ত্ৰ আৰু ঘোঁৰা লোৱা, আৰু তুমি কোৱাৰ দৰে ৰাজদুৱাৰত বহি থকা যিহুদী মৰ্দখয়লৈ সেই দৰেই কৰা। তুমি কোৱা কথাৰ এটা কথাও ত্ৰুটি নকৰিবা।”
11 Tulit itaque Aman stolam et equum, indutumque Mardochæum in platea civitatis, et impositum equo præcedebat, atque clamabat: Hoc honore condignus est, quemcumque rex voluerit honorare.
১১তেতিয়া হামনে সেই ৰাজ-বস্ত্ৰ আৰু ঘোঁৰা ল’লে, আৰু মৰ্দখয়ক বস্ত্ৰ পিন্ধাই ঘোঁৰাত তুলি নগৰৰ মাজেৰে ফুৰালে। তেওঁ মৰ্দখয়ৰ আগে আগে এই কথা ঘোষণা কৰিলে যে, “ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে, তেওঁলৈ এইদৰে কৰা হ’ব।”
12 Reversusque est Mardochæus ad januam palatii: et Aman festinavit ire in domum suam, lugens et operto capite:
১২তাৰ পাছত মৰ্দখয় ৰাজ-দুৱাৰলৈ উলটি গ’ল। কিন্তু হামনে শোক কৰি কাপোৰেৰে মুৰ ঢাকি নিজৰ ঘৰলৈ বেগাই গ’ল।
13 narravitque Zares uxori suæ, et amicis, omnia quæ evenissent sibi. Cui responderunt sapientes quos habebat in consilio, et uxor ejus: Si de semine Judæorum est Mardochæus, ante quem cadere cœpisti, non poteris ei resistere, sed cades in conspectu ejus.
১৩হামনে তেওঁৰ ভাৰ্যা জেৰচক আৰু তেওঁৰ সকলো বন্ধুক তেওঁলৈ ঘটা সকলো কথা ক’লে। তেতিয়া তেওঁৰ যি সকল লোক জ্ঞানৰ বাবে জনাজাত আছিল, তেওঁলোক আৰু তেওঁৰ ভাৰ্যা জেৰচে তেওঁক ক’লে, “যি মৰ্দখয়ৰ আগত আপোনাৰ সন্মান ম্লান হ’ব ধৰিছে, সেই মৰ্দখয় যদি যিহুদী বংশৰ লোক হয়, তেনেহলে আপুনি কেতিয়াও তেওঁক জয় কৰিব নোৱাৰিব, তেওঁৰ আগত আপোনাৰ নিশ্চয় সৰ্বনাশ হ’ব।”
14 Adhuc illis loquentibus, venerunt eunuchi regis, et cito eum ad convivium, quod regina paraverat, pergere compulerunt.
১৪তেওঁলোকে তেওঁৰ লগত কথা পাতি থাকোঁতেই ৰাজ-নপুংসক সকল আহি উপস্থিত হ’ল; আৰু ৰাণী ইষ্টেৰে যুগুত কৰা ভোজলৈ হামনক লৈ যাবলৈ খৰধৰ কৰিলে।