< Danihelis Prophetæ 5 >
1 Baltassar rex fecit grande convivium optimatibus suis mille: et unusquisque secundum suam bibebat ætatem.
১বহু বছৰৰ পাছত বেলচচৰ ৰজাই তেওঁৰ এক হাজাৰ প্ৰধান লোকৰ বাবে এটা বৰ ভোজ দিলে, আৰু সেই এক হাজাৰ লোকৰ সাক্ষাতে তেওঁ দ্ৰাক্ষাৰস পান কৰিলে।
2 Præcepit ergo jam temulentus ut afferrentur vasa aurea et argentea, quæ asportaverat Nabuchodonosor pater ejus de templo, quod fuit in Ierusalem, ut biberent in eis rex, et optimates ejus, uxoresque ejus, et concubinæ.
২বেলচচৰে দ্ৰাক্ষাৰস পান কৰি থাকোঁতে, যিৰূচালেম মন্দিৰৰ পৰা তেওঁৰ পিতৃ নবূখদনেচৰে অনা সোণৰ আৰু ৰূপৰ পাত্ৰবোৰত যাতে ৰজা আৰু তেওঁৰ প্ৰধান লোকসকল, তেওঁৰ পত্নী আৰু উপপত্নীসকলে পান কৰিব পাৰে, সেই বাবে সেই পাত্ৰবোৰ আনিবলৈ আজ্ঞা কৰিলে।
3 Tunc allata sunt vasa aurea, et argentea, quæ asportaverat de templo, quod fuerat in Ierusalem: et biberunt in eis rex, et optimates ejus, uxores et concubinæ illius.
৩যিৰূচালেমত থকা ঈশ্বৰৰ গৃহৰ মন্দিৰৰ পৰা অনা সেই সোণৰ পাত্ৰবোৰ দাস সকলে আনিলে। ৰজা আৰু তেওঁৰ প্ৰধান লোকসকল, তেওঁৰ পত্নী আৰু উপপত্নীসকলে সেই পাত্রবোৰত পান কৰিলে।
4 Bibebant vinum, et laudabant deos suos aureos et argenteos, æreos, ferreos, ligneosque et lapideos.
৪তেওঁলোকে দ্ৰাক্ষাৰস পান কৰি তেওঁলোকৰ সোণ, ৰূপ, পিতল, লোহা, কাঠ, আৰু শিলৰ দেৱতাবোৰৰ প্ৰশংসা কৰিলে।
5 In eadem hora apparuerunt digiti, quasi manus hominis scribentis contra candelabrum in superficie parietis aulæ regiæ: et rex aspiciebat articulos manus scribentis.
৫সেই মুহূৰ্ত্ততে মানুহৰ হাতৰ আঙুলি ওলাই দীপাধাৰৰ সন্মুখত দেখা দিলে, আৰু ৰাজ প্রাসাদৰ দেৱালত লিপা চূণৰ ওপৰত লিখিলে। লিখি থকাৰ সময়ত ৰজাই হাতৰ এটা অংশ দেখা পালে।
6 Tunc facies regis commutata est, et cogitationes ejus conturbabant eum: et compages renum ejus solvebantur, et genua ejus ad se invicem collidebantur.
৬তেতিয়া ৰজাৰ মুখ বিবৰ্ণ হ’ল, তেওঁ চিন্তাত ব্যাকুল হ’ল; তেওঁৰ অঙ্গ-প্রত্যঙ্গই ভাৰগ্রস্ত হ’ল, আৰু তেওঁৰ আঁঠু কঁপিবলৈ ধৰিলে।
7 Exclamavit itaque rex fortiter ut introducerent magos, Chaldæos, et aruspices. Et proloquens rex ait sapientibus Babylonis: Quicumque legerit scripturam hanc, et interpretationem ejus manifestam mihi fecerit, purpura vestietur, et torquem auream habebit in collo, et tertius in regno meo erit.
৭ৰজাই বৰকৈ চিঞৰী, মৃতলোকৰ লগত কথা পতা বুলি দাবী কৰা সকলক, জ্ঞানীলোকক, আৰু জ্যোতিষী সকলক আনিবলৈ আজ্ঞা দিলে। ৰজাই বাবিলত নিজৰ জ্ঞানসম্পন্নতাৰ দ্বাৰাই পৰিচিত লোকসকলক ক’লে, “যি কোনোৱে ইয়াত লিখা কথা আৰু ইয়াৰ অৰ্থ মোক ব্যাখ্যা কৰি বুজাব, তেওঁক বেঙেনা বৰণীয়া বস্ত্র পিন্ধোৱা হ’ব, আৰু তেওঁৰ ডিঙিত সোণৰ হাৰ দিয়া হ’ব। তেওঁক ৰাজ্যৰ তৃতীয় শ্ৰেণীৰ শাসকৰ ক্ষমতা দিয়া হ’ব।
8 Tunc ingressi omnes sapientes regis non potuerunt nec scripturam legere, nec interpretationem indicare regi.
৮তাৰ পাছত ৰজাৰ লোকসকল, যি নিজৰ জ্ঞানসম্পন্নতাৰ দ্বাৰাই পৰিচিত, তেওঁলোকে ভিতৰলৈ সোমাল; কিন্তু তেওঁলোকে সেই লিখা কথা পঢ়িব নোৱাৰিলে, বা ৰজাক তাৰ অৰ্থ ব্যাখ্যা কৰি বুজাবও নোৱাৰিলে।
9 Unde rex Baltassar satis conturbatus est, et vultus illius immutatus est; sed et optimates ejus turbabantur.
৯তেতিয়া ৰজা বেলচচৰ অতিশয় ব্যাকুল হ’ল, আৰু তেওঁৰ মুখ বিবৰ্ণ হ’ল। তাতে তেওঁৰ প্ৰধান লোকসকল বিহ্বল হ’ল।
10 Regina autem pro re, quæ acciderat regi et optimatibus ejus, domum convivii ingressa est: et proloquens ait: Rex, in æternum vive! non te conturbent cogitationes tuæ, neque facies tua immutetur.
১০তেতিয়া ৰজা আৰু তেওঁৰ প্ৰধান লোকসকলৰ কথা শুনি, ৰাজমাতা ভোজৰ ঘৰৰ ভিতৰলৈ সোমাই আহিল, ৰাজমাতাই ক’লে, “মহাৰাজ চিৰজীৱি হওক! আপোনাৰ চিন্তাই আপোনাক অশান্তি নকৰক, আৰু আপোনাৰ মুখ বিবৰ্ণ নহওক।
11 Est vir in regno tuo, qui spiritum deorum sanctorum habet in se, et in diebus patris tui scientia et sapientia inventæ sunt in eo: nam et rex Nabuchodonosor pater tuus principem magorum, incantatorum, Chaldæorum, et aruspicum constituit eum, pater, inquam, tuus, o rex:
১১পবিত্ৰ দেৱতাবোৰৰ আত্মা থকা এজন মানুহ আপোনাৰ ৰাজ্যত আছে। আপোনাৰ পিতৃ থকা সময়ত জ্ঞান, বিবেচনা, আৰু দেৱতাবোৰৰ প্রজ্ঞাৰ দৰে প্রজ্ঞা তেওঁত বিচাৰি পোৱা গৈছিল। আপোনাৰ পিতৃ, ৰজা নবূখদনেচৰে, তেওঁক শাস্ত্রজ্ঞ, মৃতলোকৰ লগত কথা পতাসকল, জ্ঞানীলোক, আৰু জ্যোতিষী সকলৰ ওপৰত অধ্যক্ষ নিযুক্ত কৰিছিল।
12 quia spiritus amplior, et prudentia, intelligentiaque et interpretatio somniorum, et ostensio secretorum, ac solutio ligatorum inventæ sunt in eo, hoc est in Daniele: cui rex posuit nomen Baltassar. Nunc itaque Daniel vocetur, et interpretationem narrabit.
১২তেওঁৰ অন্তৰত উত্তম আত্মা, বিবেচনা শক্তি, সপোনৰ ফলিতা ক’ব পৰা, নিগূঢ় বাক্য ব্যাখ্যা কৰিব পৰা, আৰু সমস্যা সামাধান কৰিব পৰা গুণ পোৱা গৈছিল; তেওঁৰ নাম দানিয়েল, ৰজাই তেওঁক বেলটচচৰ নাম দিছিল। এতিয়া সেই দানিয়েলক মতা হওক, আৰু তেৱেঁ আপোনাক ইয়াত কি লিখা আছে তাৰ অৰ্থ ক’ব।”
13 Igitur introductus est Daniel coram rege: ad quem præfatus rex ait: Tu es Daniel de filiis captivitatis Judæ, quem adduxit pater meus rex de Judæa?
১৩তাৰ পাছত দানিয়েলক ৰজাৰ ওচৰলৈ অনা হ’ল, ৰজাই দানিয়েলক ক’লে, “মোৰ পিতৃ মহাৰাজে যিহূদা দেশৰ পৰা অনা দেশান্তৰিত যিহূদী লোকসকলৰ মাজত যি দানিয়েল আছিল, সেই দানিয়েল আপুনিয়ে নে?
14 audivi de te, quoniam spiritum deorum habeas, et scientia, intelligentiaque ac sapientia ampliores inventæ sunt in te.
১৪মই আপোনাৰ বিষয়ে শুনিছোঁ যে, আপোনাত দেৱতাবোৰৰ আত্মা আছে, আৰু জ্ঞান, বিবেচনা, আৰু উত্তম প্রজ্ঞা আপোনাত পোৱা যায়।
15 Et nunc introgressi sunt in conspectu meo sapientes magi, ut scripturam hanc legerent, et interpretationem ejus indicarent mihi: et nequiverunt sensum hujus sermonis edicere.
১৫জ্ঞানসম্পন্নতাৰ দ্বাৰাই পৰিচিত লোক, আৰু মৃতলোকৰ সৈতে কথা পতা বুলি দাবী কৰা লোকসকলক ইয়াত কি লিখা আছে পঢ়ি ইয়াৰ অৰ্থ মোক বুজাবলৈ, মোৰ ওচৰলৈ অনা হৈছিল; কিন্তু তেওঁলোকে এই কথাখিনিৰ অৰ্থ বুজাব নোৱাৰিলে।
16 Porro ego audivi de te, quod possis obscura interpretari, et ligata dissolvere: si ergo vales scripturam legere, et interpretationem ejus indicare mihi, purpura vestieris, et torquem auream circa collum tuum habebis, et tertius in regno meo princeps eris.
১৬মই শুনিছোঁ যে, আপুনি অৰ্থ বুজাব পাৰে, আৰু সমস্যা সামাধান কৰিব পাৰে। সেয়ে এতিয়া যদি আপুনি এই লিখা কথাখিনি পঢ়িব পাৰিব, আৰু ইয়াৰ অৰ্থ মোক বুজাব পাৰিব, তেনেহ’লে আপোনাক বেঙেনা বৰণীয়া বস্ত্র পৰিধান কৰোঁৱা হ’ব, আপোনাৰ ডিঙিত সোণৰ হাৰ পিন্ধোৱা হ’ব, আৰু আপোনাক ৰাজ্যৰ তৃতীয় শ্ৰেণীৰ শাসকৰ ক্ষমতা দিয়া হ’ব।
17 Ad quæ respondens Daniel, ait coram rege: Munera tua sint tibi, et dona domus tuæ alteri da: scripturam autem legam tibi, rex, et interpretationem ejus ostendam tibi.
১৭তেতিয়া দানিয়েলে ৰজাৰ সন্মুখত উত্তৰ দি ক’লে, “আপোনাৰ উপহাৰবোৰ নিজৰ বাবে ৰাখক, আৰু আপোনাৰ পুৰস্কাৰ আন লোকক দিয়ক। তথাপি মই মহাৰাজৰ আগত এই লিখা কথাখিনি পঢ়িম, আৰু ইয়াৰ অৰ্থ মহাৰাজক বুজাম।
18 O rex, Deus altissimus regnum et magnificentiam, gloriam et honorem dedit Nabuchodonosor patri tuo.
১৮হে মহাৰাজ, সৰ্ব্বোপৰি ঈশ্বৰে আপোনাৰ পিতৃ নবূখদনেচৰক ৰাজ্য, মহিমা, মৰ্যদা, আৰু ঐশ্বৰ্য দিছিল।
19 Et propter magnificentiam, quam dederat ei, universi populi, tribus, et linguæ tremebant, et metuebant eum: quos volebat, interficiebat: et quos volebat, percutiebat: et quos volebat, exaltabat: et quos volebat, humiliabat.
১৯ঈশ্বৰে তেওঁক দিয়া মহিমাৰ কাৰণে, সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকে তেওঁৰ সাক্ষাতে কঁপিছিল আৰু ভয় কৰিছিল। তেওঁ যিসকলক বধ কৰিবলৈ ইচ্ছা কৰিছিল, তেওঁলোকক বধ কৰিছিল, আৰু যিসকলক জীয়াই ৰাখিবলৈ ইচ্ছা কৰিছিল, তেওঁলোকক জীয়াই ৰাখিছিল। তেওঁ ইচ্ছা কৰা সকলক উন্নত কৰিছিল, আৰু যি সকলক ইচ্ছা কৰিছিল তেওঁলোকক নত কৰিছিল।
20 Quando autem elevatum est cor ejus, et spiritus illius obfirmatus est ad superbiam, depositus est de solio regni sui, et gloria ejus ablata est:
২০যেতিয়া তেওঁৰ হৃদয় অহংকাৰী আৰু তেওঁৰ মন কঠিন হৈছিল, আৰু তেওঁ গৰ্ব্ব আচৰণ কৰিছিল, তেতিয়া তেওঁক ৰাজ সিংহাসনৰ পৰা নমোৱা হৈছিল, আৰু তেওঁলোকে তেওঁৰ পৰা তেওঁৰ ঐশ্বৰ্য কাঢ়ি লৈছিল।
21 et a filiis hominum ejectus est, sed et cor ejus cum bestiis positum est, et cum onagris erat habitatio ejus: fœnum quoque ut bos comedebat, et rore cæli corpus ejus infectum est, donec cognosceret quod potestatem haberet Altissimus in regno hominum, et quemcumque voluerit, suscitabit super illud.
২১তেওঁক মানুহৰ মাজৰ পৰা দূৰ কৰা হৈছিল, তেওঁৰ হৃদয় জন্তুৰ সদৃশ হৈছিল, আৰু তেওঁ বনৰীয়া গাধৰ লগত বাস কৰিছিল, তেওঁ গৰুৰ দৰে ঘাঁহ খাইছিল, আৰু তেওঁৰ শৰীৰ আকাশৰ নিয়ৰত তিতিছিল; মানুহৰ ৰাজ্যত যে, সৰ্ব্বোপৰি ঈশ্বৰে শাসন কৰে, আৰু যিজনক তেওঁ ইচ্ছা কৰে, সেই জনকে তাৰ ওপৰত নিযুক্ত কৰে, এই বিষয়ে তেওঁ নজনালৈকে সেই অৱস্থাত আছিল।
22 Tu quoque, filius ejus Baltassar, non humiliasti cor tuum, cum scires hæc omnia:
২২হে বেলচচৰ, আপুনি তেওঁৰেই পুত্ৰ, আপুনি এই সকলো জানিও, আপোনাৰ হৃদয় নম্ৰ কৰা নাই।
23 sed adversum Dominatorem cæli elevatus es: et vasa domus ejus allata sunt coram te, et tu, et optimates tui, et uxores tuæ, et concubinæ tuæ vinum bibistis in eis: deos quoque argenteos, et aureos, et æreos, ferreos, ligneosque et lapideos, qui non vident, neque audiunt, neque sentiunt, laudasti: porro Deum, qui habet flatum tuum in manu sua, et omnes vias tuas, non glorificasti.
২৩স্বৰ্গৰ প্ৰভুৰ বিৰুদ্ধে আপুনি নিজকে উচ্চ কৰিলে, আৰু তেওঁৰ গৃহৰ পৰা পাত্রবোৰ তেওঁলোকে আপোনাৰ আগত আনিলে, আৰু আপুনি আৰু আপোনাৰ প্ৰধান লোকসকল, আপোনাৰ পত্নী আৰু উপপত্নীসকলে সেইবোৰত দ্ৰাক্ষাৰস পান কৰিলে। যিবোৰে নেদেখে, নুশুনে, আৰু একোকে নাজানে, তেনে ৰূপ, সোণ, পিতল, লোহা, কাঠ, আৰু শিলৰ দেৱতাবোৰক আপুনি প্ৰশংসা কৰিলে। আপোনাৰ নিশ্বাস যি জনাৰ হাতত আছে, আৰু আপোনাৰ সকলো পথ যি জনে জানে, সেই ঈশ্বৰক আপুনি সমাদৰ নকৰিলে।
24 Idcirco ab eo missus est articulus manus, quæ scripsit hoc quod exaratum est.
২৪সেই বাবে ঈশ্বৰৰ সন্মুখৰ পৰা এখন হাত পঠালে, আৰু এই কথাখিনি লিখা হ’ল।
25 Hæc est autem scriptura, quæ digesta est: Mane, Thecel, Phares.
২৫লিখা কথা খিনি এই, “মিনে, মিনে, তিকেল, উফৰ্চীন।”
26 Et hæc est interpretatio sermonis. Mane: numeravit Deus regnum tuum, et complevit illud.
২৬কথাখিনিৰ অৰ্থ এই: মিনে, ঈশ্বৰে আপোনাৰ ৰাজ্য গণনা কৰি, তাৰ অন্ত কৰিলে;
27 Thecel: appensus es in statera, et inventus es minus habens.
২৭তিকেল, আপোনাক তুলাচনীত জোখা হ’ল, আৰু কম পোৱা গ’ল;
28 Phares: divisum est regnum tuum, et datum est Medis, et Persis.
২৮পিৰেচ, আপোনাৰ ৰাজ্য ভাঙি মাদীয়া আৰু পাৰসীসকলক দিয়া হৈছে।”
29 Tunc, jubente rege, indutus est Daniel purpura, et circumdata est torques aurea collo ejus: et prædicatum est de eo quod haberet potestatem tertius in regno suo.
২৯তাৰ পাছত বেলচচৰে আজ্ঞা দিলে, আৰু তেওঁলোকে দানিয়েলক বেঙেনা বৰণীয়া বস্ত্ৰ, তেওঁৰ ডিঙিত সোণৰ হাৰ পিন্ধালে; আৰু ৰাজ্যৰ তৃতীয় শ্ৰেণীৰ শাসকৰ ক্ষমতা তেওঁৰ থাকিব বুলি ৰজাই ঘোষণা কৰিলে।
30 Eadem nocte interfectus est Baltassar rex Chaldæus.
৩০সেই ৰাতিয়েই কলদীয়াৰ ৰজা বেলচচৰক হত্যা কৰা হৈছিল।
31 Et Darius Medus successit in regnum, annos natus sexaginta duos.
৩১তাৰ পাছত মাদীয়াৰ দাৰিয়াবচৰ প্ৰায় বাষষ্টি বছৰ বয়সত তেওঁ সেই ৰাজ্য পাইছিল।