< زەکەریا 14 >
ئەی ئۆرشەلیم، ڕۆژی یەزدان دێت، سامانەکەت تاڵان دەکرێت و لەناوەڕاستی خۆتدا دابەش دەکرێت. | 1 |
১চোৱা! যি দিনা তুমি লুট কৰি লোৱা দ্ৰব্য শত্ৰুৱে তোমাৰ মাজত ভাগ কৰি ল’ব, যিহোৱাৰ এনে এটা সোধ-বিচাৰৰ দিন আহি আছে।
هەموو نەتەوەکان لەسەر ئۆرشەلیم کۆدەکەمەوە بۆ ئەوەی لە دژی بجەنگن. شارەکە داگیر دەکرێت، ماڵەکان تاڵان دەکرێن، ئافرەت لاقە دەکرێن. نیوەی شارەکە ڕاپێچ دەکرێن، بەڵام پاشماوەی خەڵکەکە لە شارەکە ڕاپێچ ناکرێن. | 2 |
২কিয়নো মই যুঁজৰ অৰ্থে যিৰূচালেমৰ অহিতে আটাই জাতিক গোটাম; তাতে নগৰখন আটক কৰা হ’ব! ঘৰবোৰ লুট কৰা হ’ব আৰু মহিলাসকলক বলাৎকাৰ কৰা হ’ব! নগৰখনৰ এভাগ লোক বন্দী অৱস্থালৈ ওলাই যাব, কিন্তু অৱশিষ্ট লোকসকলক নগৰখনৰ পৰা উচ্ছন্ন কৰা নহ’ব।
ئینجا یەزدان دێتە دەرەوە و لەگەڵ ئەو نەتەوانە دەجەنگێت، هەروەک ڕۆژی جەنگ شەڕ دەکات. | 3 |
৩কিন্তু যিহোৱাই যুদ্ধ কৰিবলৈ ওলাই যাব আৰু সেই নগৰবোৰৰ বিৰুদ্ধে তেওঁ যুঁজ কৰাৰ দৰেই যুঁজ কৰিব।
لەو ڕۆژەدا پێیەکانی لەسەر کێوی زەیتوون دەوەستن، ڕۆژهەڵاتی ئۆرشەلیم، ئینجا کێوی زەیتوون لە ناوەڕاستەوە شەق دەبێت، لە ڕۆژهەڵاتەوە بۆ ڕۆژئاوا، دەبێتە دۆڵێکی زۆر گەورە، نیوەی چیاکە دەگوازرێتەوە باکوور و نیوەکەی دیکەشی باشوور. | 4 |
৪সেই দিনা পূৱফালে যিৰূচালেমৰ সন্মুখত থকা জৈতুন পৰ্ব্বতৰ ওপৰত তেওঁৰ চৰণ স্থিতি হ’ব; আৰু জৈতুন পৰ্বত মাজেৰে ফাটি পূব আৰু পশ্চিম ফালে ভাগ হৈ বৰ ডাঙৰ উপত্যকা হ’ব আৰু পৰ্বতৰ এফাল উত্তৰ দিশে আৰু আন ফাল দক্ষিণ দিশে হুঁহকি যাব।
ئێوە بە ناو دۆڵی چیاکەی مندا هەڵدێن، چونکە هەتا ئاچێل درێژ دەبێتەوە. ئێوە هەڵدێن، هەروەک ئەوەی لە بوومەلەرزەکەی سەردەمی عوزیای پاشای یەهودا هەڵاتن. ئینجا یەزدانی پەروەردگارم دێت، هەموو پیرۆزەکانیشی لەگەڵە. | 5 |
৫তেতিয়া তোমালোকে মোৰ পৰ্ব্বত দুখনৰ উপত্যকাইদি পলাবা; কিয়নো পৰ্ব্বত দুখনৰ সেই উপত্যকা আঁচললৈকে বিস্তৃত হ’ব। এনে কি, যিহূদাৰ ৰজা উজ্জিয়াৰ ৰাজত্বৰ সময়ত ভূমিকম্প হওঁতে যেনেকৈ তোমালোক পলাইছিলা, তেনেকৈ পলাবা; তেতিয়া মোৰ ঈশ্বৰ যিহোৱা আহিব আৰু তোমালোকৰ সৈতে সকলো পবিত্ৰ লোক থাকিব।
لەو ڕۆژەدا ڕووناکی و سەرما و شەختەبەندان نابێت. | 6 |
৬আৰু সেই দিনা পোহৰ নাইকিয়া হব, তৰাবোৰ ম্লান হৈ যাব।
ڕۆژێکی بێ وێنە دەبێت، جیاوازی نییە لەنێوان شەو و ڕۆژ، کاتێک ئێوارە دادێت ڕووناکی هەیە، ئەو ڕۆژە تەنها لەلای یەزدان زانراوە. | 7 |
৭কিন্তু সেয়ে যিহোৱাই জনা অনুপম দিন হ’ব, সেয়ে দিনো নহয় ৰাতিও নহয়, কিন্তু সন্ধিয়া সময়ত পোহৰ হ’ব।
لەو ڕۆژەدا ئاوی زیندوو لە ئۆرشەلیمەوە هەڵدەقوڵێت، نیوەی ڕووەو ڕۆژهەڵات بۆ دەریای مردوو و نیوەشی ڕووەو ڕۆژئاوا بۆ دەریای سپی ناوەڕاست، لە هاوین و لە زستان بەردەوام دەبێت. | 8 |
৮আৰু সেইদিনা যিৰূচালেমৰ পৰা জীৱন্ত জল সমূহ ওলাব, তাৰ আধা পূৱ সমুদ্ৰৰ ফালে, আধা পশ্চিম সমুদ্ৰৰ ফালে যাব; সেয়ে গৰম বা জাৰকালতো থাকিব।
یەزدانیش دەبێتە پاشای هەموو زەوی. لەو ڕۆژەدا تەنها یەزدان دەبێت و تەنها ناوی ئەویش دەبێت. | 9 |
৯যিহোৱা গোটেই পৃথিৱীৰ ওপৰত ৰজা হ’ব! সেইদিনা যিহোৱা অদ্বিতীয় হ’ব আৰু তেওঁৰ নামো অদ্বিতীয় হ’ব।
هەموو خاکەکە لە گەڤەعەوە هەتا ڕیمۆنی باشووری ئۆرشەلیم وەک عەراڤا دەبێتە دەشتایی، بەڵام ئۆرشەلیم بەرز دەکرێتەوە و لە شوێنەکەی خۆیدا ئاوەدان دەبێتەوە، لە دەروازەی بنیامینەوە هەتا شوێنی دەروازەی یەکەم و هەتا دەروازەی گۆشەکە و لە قوللەی حەنەنێلەوە هەتا گوشەرەکانی پاشا. | 10 |
১০গেবাৰে পৰা তাৰ মাজত দক্ষিণফালে থকা ৰিম্মোনলৈকে গোটেই দেশ পৰিবৰ্ত্তন হৈ অৰাবা যেন হ’ব আৰু নগৰখন বিন্যামীনৰ দুৱাৰৰ পৰা প্ৰথম দুৱাৰৰ ঠাইলৈকে, চুকৰ দুৱাৰলৈকে আৰু হননেলৰ ওখ কোঁঠৰ পৰা ৰজাৰ দ্ৰাক্ষাকুণ্ডলৈকে ওখ হৈ নিজ ঠাইত স্থাপিত হ’ব।
ئاوەدانی دەکەنەوە، چیدی وێران ناکرێت. ئۆرشەلیم ئاسوودە دەبێت. | 11 |
১১লোকসকলে যিৰূচালেমত বাস কৰিব; কোনো শত্রুৱে তেওঁলোকক ধ্বংস কৰিবলৈ তালৈ নাহিব। যিৰূচালেম নিৰাপদে বাস কৰিব।
ئەمەش ئەو دەردە دەبێت کە یەزدان تووشی هەموو گەلانی دەکات، ئەوانەی لە دژی ئۆرشەلیم جەنگان: گۆشتیان بۆگەن دەبێت کە لەسەر پێیەکانیان وەستاون، چاوەکانیان لەناو چاڵی چاویاندا بۆگەن دەبێت، زمانیشیان لە دەمیاندا بۆگەن دەبێت. | 12 |
১২যিৰূচালেমৰ বিৰুদ্ধে যুঁজ কৰা আটাই জাতিক যিহোৱাই এই মহামাৰীৰে আঘাত কৰিব: ভৰিৰ ওপৰত ভৰ দি থিয় হৈ থাকোঁতে তেওঁলোকৰ মাংস ক্ষয় পাব, চকুৰ গাতত তেওঁলোকৰ চকু ক্ষয় পাব আৰু তেওঁলোকৰ মুখত তেওঁলোকৰ জিভা ক্ষয় পাব।
لەو ڕۆژەدا لەلایەن یەزدانەوە تووشی شڵەژانێکی گەورە دەبن، هەر پیاوە و دەستی نزیکەکەی دەگرێت و دەست لە یەکتری بەرزدەکەنەوە. | 13 |
১৩আৰু সেই দিনা তেওঁলোকৰ মাজত যিহোৱাৰ পৰা মহাকোলাহল উপস্থিত হ’ব; তেতিয়া প্ৰতিজনে নিজ ওচৰ-চুবুৰীয়াৰ হাতত ধৰিব আৰু প্ৰতিজনে নিজ ওচৰ-চুবুৰীয়াৰ অহিতে হাত তুলিব।
هەروەها یەهوداش لە ئۆرشەلیم شەڕ دەکات. سامانی هەموو نەتەوەکانی دەوروبەری کۆدەکاتەوە، ڕێژەیەکی زۆری زێڕ و زیو و جلوبەرگ. | 14 |
১৪যিহূদায়ো যিৰূচালেমত যুঁজ কৰিব! তেওঁলোকে চাৰিওফালে থকা সকলো জাতিৰ সোণ ৰূপ, কাপোৰ আদি ধন-সম্পত্তি অধিকৰূপে গোটাব।
هەمان ئەو دەردە تووشی ئەسپ و هێستر و وشتر و گوێدرێژ و هەموو ئەو ئاژەڵانە دەبێت کە لە ئۆردوگای دوژمنن. | 15 |
১৫আৰু সেই ছাউনিবোৰত থকা ঘোঁৰা, খছৰ, গাধ আদি সকলো পশুৰ আঘাতবোৰ, সেই আঘাতৰ নিচিনাই হ’ব।
هەروەها پاشماوەی هەموو نەتەوەکان، ئەوانەی هاتنە سەر ئۆرشەلیم، ساڵ لەدوای ساڵ دێن، تاکو کڕنۆش بۆ پاشا ببەن، یەزدانی سوپاسالار، هەروەها جەژنی کەپرەشینە بگێڕن. | 16 |
১৬আৰু যিৰূচালেমৰ বিৰুদ্ধে অহা আটাই জাতিৰ অৱশিষ্ট থকা প্ৰতিজনে বছৰে বছৰে বাহিনীসকলৰ যিহোৱা ৰজাৰ আগত প্ৰণিপাত কৰিবলৈ আৰু পঁজা-পৰ্ব্ব পালন কৰিবলৈ উঠি আহিব।
ئەگەر هەر نەتەوەیەکی زەوی نەچێتە ئۆرشەلیم بۆ کڕنۆشبردن بۆ پاشا، یەزدانی سوپاسالار، بارانی بۆ نابارێت. | 17 |
১৭পৃথিবীৰ আটাই গোষ্ঠীবোৰৰ মাজত যিসকলে বাহিনীসকলৰ যিহোৱা ৰজাৰ আগত প্ৰণিপাত কৰিবলৈ যিৰূচালেমলৈ উঠি নাহিব, তেওঁলোকৰ ওপৰত বৃষ্টি নহ’ব।
ئەگەر گەلی میسر نەیێت و بەشدار نەبێت، بارانیان بۆ نابارێت، ئەو دەردەیان لەسەر دەبێت کە یەزدان لە نەتەوەکانی دەدات، ئەوانەی نایەن بۆ گێڕانی جەژنی کەپرەشینە. | 18 |
১৮আৰু মিচৰীয়া গোষ্ঠী যদি উঠি আহি উপস্থিত নহয়, তেন্তে তেওঁলোকৰ ওপৰতো বৰষুণ নহ’ব; পঁজা-পৰ্ব্ব পালন কৰিবলৈ উঠি নহা জাতিক যিহোৱাই মহামাৰীৰে আঘাত কৰিব।
ئەمە سزای میسر و هەموو ئەو نەتەوانەیە کە ناچن بۆ ئەوەی جەژنی کەپرەشینە بگێڕن. | 19 |
১৯এয়ে মিচৰৰ আৰু পঁজা-পৰ্ব্ব পালন কৰিবলৈ উঠি নহা আটাই জাতিৰ দণ্ড হ’ব।
لەو ڕۆژەدا ئەمە لەسەر زەنگی ئەسپەکان دەنووسرێت: «پیرۆزی بۆ یەزدان». مەنجەڵەکانی ماڵی یەزدان وەک تاسەکانی خوێنپرژاندنی بەردەم قوربانگا دەبن. | 20 |
২০কিন্তু সেই দিনা, “যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ!” এই কথা ঘোঁৰাবোৰৰ টিলিঙাত থাকিব আৰু যিহোৱাৰ গৃহত থকা সকলো ৰন্ধন-পাত্ৰ যজ্ঞবেদীৰ আগত থকা তেজ ৰখা পাত্ৰবোৰৰ নিচিনা হ’ব;
هەر مەنجەڵێک لە ئۆرشەلیم و لە یەهودا پیرۆز دەبێت بۆ یەزدانی سوپاسالار، هەموو ئەوانەی قوربانی سەردەبڕن دێن و دەیانبەن و تێیاندا لێ دەنێن. لەو ڕۆژە بەدواوە کەنعانی لە ماڵی یەزدانی سوپاسالار نابێت. | 21 |
২১এনে কি, যিৰূচালেম আৰু যিহূদাৰ প্ৰত্যেক ৰন্ধন-পাত্ৰ বাহিনীসকলৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব; আৰু বলিদান কৰোঁতা আটাইলোকে আহি তাৰ মাজত কোনো কোনো পাত্ৰ লৈ তাতে সিজাব। সেই দিনা বাহিনীসকলৰ যিহোৱাৰ গৃহত কনানীয়া লোক পুনৰ নাথাকিব।