< زەبوورەکان 26 >
زەبوورێکی داود. ئەی یەزدان، ئەستۆپاکیم بسەلمێنە، چونکە بەبێ کەموکوڕی ژیاوم، پشتم بە یەزدان بەستووە، بەبێ دوودڵی. | 1 |
১হে যিহোৱা, মোৰ বিচাৰ কৰা, কিয়নো মই নিজ সিদ্ধতাত চলিছোঁ, অলৰভাৱে মই যিহোৱাত ভাৰসা কৰিছোঁ।
ئەی یەزدان، تاقیم بکەوە، بمخە ناو لێکۆڵینەوە، مێشک و دڵم بپشکنە، | 2 |
২হে যিহোৱা, তুমি মোক পৰীক্ষা কৰি মোৰ শুদ্ধতাৰ প্রমাণ চোৱা; মোৰ হৃদয় আৰু মনক খপি চোৱা।
چونکە خۆشەویستی نەگۆڕی تۆم لەبەرچاوە، بە ڕاستیی تۆ ڕەفتار دەکەم. | 3 |
৩কাৰণ তোমাৰ অসীম দয়া মোৰ চকুৰ আগত আছে, মই তোমাৰ বিশ্বস্ততাত চলা-ফুৰা কৰোঁ।
لەگەڵ فێڵبازان دانانیشم، تێکەڵی دووڕووان نابم. | 4 |
৪প্রৱঞ্চক লোকসকলৰ লগত মই বহা নাই। অসৎ লোকসকলৰ সৈতে মই মিলা-মিছা কৰা নাই।
ڕقم لە کۆمەڵی بەدکاران دەبێتەوە و لەگەڵ خراپەکار دانانیشم. | 5 |
৫মই দুষ্টবোৰৰ সমাজক ঘৃণা কৰোঁ; দুষ্ট লোকৰ লগত নবহো।
دەستەکانم دەشۆم تاکو بێتاوانیم دەربخەم، ئەی یەزدان، بە دەوری قوربانگاکەتدا دەسووڕێمەوە و | 6 |
৬হে যিহোৱা, মই মোৰ নিৰ্দোষীতাত হাত ধোওঁ, আৰু তোমাৰ যজ্ঞবেদী প্রদক্ষিণ কৰোঁ,
بە دەنگی بەرز ستایشت دەکەم و هەموو کارە سەرسوڕهێنەرەکانت ڕادەگەیەنم. | 7 |
৭যাতে মই উচ্চস্বৰে প্রশংসাৰ গীত গাই তোমাক ধন্যবাদ জনাব পাৰোঁ; তোমাৰ আচৰিত কৰ্মবোৰ প্ৰচাৰ কৰিব পাৰোঁ।
ئەی یەزدان، ئەو ماڵەم خۆشدەوێت کە تۆ تێیدا دەژیت، ئەو شوێنەی کە شکۆی تۆی تێدا نیشتەجێیە. | 8 |
৮হে যিহোৱা, যি গৃহত তুমি নিবাস কৰা, তোমাৰ গৌৰৱ সেই ঠাইত থাকে, মই তোমাৰ নিবাস গৃহক ভাল পাওঁ।
گیانم لەگەڵ گوناهباران کۆ مەکەوە، ژیانم لەگەڵ خوێنڕێژان، | 9 |
৯পাপীবোৰৰ লগত মোৰ প্ৰাণ লৈ নাযাবা; ৰক্তপাতী মনুষ্যবোৰৰ লগত মোৰ জীৱন নিনিবা।
ئەوانەی کە دەستیان بە خراپە پیس بووە، ئەوانەی دەستی ڕاستەیان پڕ لە بەرتیلە. | 10 |
১০তেওঁলোকৰ হাতত দুষ্টতাৰ পৰিকল্পনা আছে; তেওঁলোকৰ সোঁহাত উৎকোচেৰে ভৰা।
بەڵام من بەبێ کەموکوڕی ژیاوم، بمکڕەوە و لەگەڵم میهرەبان بە. | 11 |
১১কিন্তু মই হলে নিজ সিদ্ধতাত চলোঁ; মোক মুক্ত কৰা; মোক কৃপা কৰা।
پێم لەسەر زەوییەکی تەختە، لە کۆڕ و کۆمەڵی گەورەدا ستایشی یەزدان دەکەم. | 12 |
১২মোৰ ভৰি সমান ঠাইত থিয় হৈ আছে; মহা-সমাজবোৰৰ মাজত মই যিহোৱাৰ ধন্যবাদ কৰিম।