< حزقیێل 2 >
پێی فەرمووم: «ئەی کوڕی مرۆڤ، هەستە سەر پێیەکانت، قسەت لەگەڵ دەکەم.» | 1 |
১তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, এতিয়া নিজৰ ভৰিত থিয় দিয়া; মই তোমাৰ সৈতে কথা পাতিম।”
کە قسەی بۆ دەکردم، ڕۆحی خودا هاتە ناوم و هەڵیستاندمەوە سەر پێیەکانم، گوێم لەوە بوو کە قسەی بۆ دەکردم. | 2 |
২যেতিয়া তেওঁ মোৰে সৈতে কথা পাতি আছিল, তেতিয়া সেই আত্মাই মোৰ অন্তৰত উদগাই মোক নিজ ভৰিত থিয় কৰোৱালে আৰু তেওঁ কোৱা বাক্য মই শুনিলোঁ।
پێی فەرمووم: «ئەی کوڕی مرۆڤ، من بۆ لای نەوەی ئیسرائیل دەتنێرم، بۆ لای نەتەوەیەکی یاخی کە لە من یاخی بوون، ئەوان و باوکانیشیان هەتا ئەم ڕۆژەش لێم یاخی بوونە. | 3 |
৩তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, যি জাতি বিদ্ৰোহী আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলে এই দিনলৈকে মোৰ বিৰুদ্ধে পাপ কৰি আহিছে, সেই ইস্ৰায়েলৰ সন্তান সকলৰ ওচৰলৈ মই তোমাক পঠিয়াম।
ئەو گەلە کە بێ چاوەڕوون و کەللەڕەقن، من بۆ لای ئەوان دەتنێرم، پێیان دەڵێیت:”یەزدانی باڵادەست ئەمە دەفەرموێت.“ | 4 |
৪তেওঁলোক আঁকোৰগোজ মুখমণ্ডলৰ আৰু কঠিন হৃদয়ৰ বংশধৰ। মই তোমাক সেই লোকসকলৰ ওচৰলৈ পঠিয়াম। তুমি তেওঁলোকক ক’বা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে’:
هەرچەندە بنەماڵەیەکی یاخین، گوێ بگرن یان نەیگرن، دەزانن کە پێغەمبەرێکیان لەنێودا بووە. | 5 |
৫তেওঁলোকে শুনক বা নুশুনক; যিহেতু তেওঁলোক বিদ্ৰোহী বংশধৰ, তথাপিও তেওঁলোকৰ মাজত এজন ভাববাদী যে উপস্থিত হ’ব, সেই বিষয়ে তেওঁলোকে জানিব।
بەڵام تۆ ئەی کوڕی مرۆڤ، نە لە خۆیان و نە لە قسەکانیان مەترسە. مەترسە، هەرچەندە تۆ لەنێو بنەماڵەیەکی یاخی دادەنیشیت کە دەبنە دڕکوداڵ و دووپشک بۆت. لە قسەکانیان مەترسە و لێیان مەتۆقە. | 6 |
৬আৰু তুমি, হে মনুষ্য- সন্তান, তুমি তেওঁলোকলৈ বা তেওঁলোকৰ কথালৈ ভয় নকৰিবা। যদিও তুমি কাঁইটীয়া বন আৰু কাঁইট গছৰ হাবি আৰু কেঁকোৰাবিছাবোৰৰ মাজত থকাৰ দৰে বাস কৰি আছা, তথাপিও তেওঁলোকৰ কথালৈ ভয় নকৰিবা বা তেওঁলোকৰ মুখ দেখি ব্যাকুল নহ’বা, কিয়নো তেওঁলোক বিদ্ৰোহী বংশ।
هەرچەندە بنەماڵەیەکی یاخین، دەبێت بە فەرموودەکانی من لەگەڵیان بدوێیت، گوێ بگرن یان نەیگرن. | 7 |
৭যদিও তেওঁলোকে সেই বিষয়ে শুনক বা নুশুনক, কিন্তু তুমি হ’লে মোৰ বাক্য তেওঁলোকক ক’বা, কিয়নো তেওঁলোক অত্যন্ত বিদ্ৰোহী।
ئەی کوڕی مرۆڤ، تۆش گوێ لەوە بگرە کە پێت دەفەرمووم، وەک بنەماڵەی یاخیبوو یاخی مەبە. دەمت بکەرەوە و ئەوەی دەتدەمێ بیخۆ.» | 8 |
৮কিন্তু হে মনুষ্য-সন্তান, তুমি হ’লে মই কোৱা কথা শুনা। সেই বিদ্ৰোহী বংশৰ নিচিনা তুমি বিদ্ৰোহী নহ’বা; তুমি নিজ মুখ মেলা আৰু মই তোমাক যি দিম তাক খোৱা’।”
کە تەماشام کرد دەستێک بۆ لام درێژکراوە و تۆمارێکی پێچراوی تێدایە. | 9 |
৯তেতিয়া মই চাই দেখিলোঁ যে, মোলৈ এখন হাত মেলা হ’ল; আৰু তাত এখন নুৰিওৱা পুথি আছিল।
لەبەردەمم کردییەوە و لەناوەوە و لەپشتەوەشی لاوانەوە و گریان و واوەیلا نووسرابوون. | 10 |
১০তেওঁ সেই নুৰিওৱা পুথিখন মোৰ আগত মেলি দিলে; সেই পুথিখনৰ আগফালে আৰু পাছফালে দুয়ো পিঠিত লিখা আছিল; তাত বিলাপ, শোক আৰু সন্তাপৰ বিষয়ে লিখা আছিল।