< ئەستێر 5 >
لە سێیەمین ڕۆژ ئەستێر جلوبەرگی شاهانەی لەبەرکرد و لە دیوانەکەی ناوەوەی کۆشکی پاشا بەرامبەر دیوەخانی پاشا ڕاوەستا، پاشاش لە دیوەخانەکە لە بەرامبەر دەروازەکە لەسەر تەختەکەی دانیشتبوو. | 1 |
১তিনি দিনৰ পাছত, ৰাণী ইষ্টেৰে ৰাজবস্ত্ৰ পিন্ধি ৰাজপ্রসাদৰ ৰাজগৃহত থকা ভিতৰ চোতালৰ সন্মুখত থিয় হ’ল। সেই সময়ত ৰজাই ৰাজগৃহৰ প্ৰবেশ স্থানৰ ফালে মুখ কৰি ৰাজ সিংহাসনত বহি আছিল।
کاتێک پاشا ئەستێری شاژنی بینی لە دیوانەکەدا ڕاوەستاوە، دڵی پێی خۆشبوو و داردەستە زێڕینەکەی دەستی بۆ ئەستێر درێژکرد. ئەستێریش چووە پێشەوە و دەستی لەسەری داردەستەکە دا. | 2 |
২ৰজাই যেতিয়া চোতালত থিয় হোৱা ৰাণী ইষ্টেৰক দেখা পালে, তেতিয়া তেওঁৰ ইষ্টেৰৰ প্রতি মৰম লাগিল; আৰু ৰজাই নিজৰ হাতত থকা সোণাময় দণ্ডডালি ৰাণী ইষ্টেৰৰ ফালে মেলি দিলে। সেয়ে ইষ্টেৰে ওচৰ চাপি সোণাময় দণ্ডডালিৰ আগ ভাগ চুলে।
ئینجا پاشا پێی گوت: «شاژنە ئەستێر، چیتە و داواکاریت چییە؟ هەتا داوای نیوەی شانشینەکەش بکەیت پێت دەدرێت.» | 3 |
৩তাৰ পাছত ৰজাই তেওঁক ক’লে, “ৰাণী ইষ্টেৰ, তোমাক কি লাগে? তোমাৰ কি প্রাৰ্থনা আছে কোৱা? যদি তোমাক মোৰ ৰাজ্যৰ আধা অংশও লাগে, তথাপিও তোমাক দিয়া হ’ব।”
ئەستێر گوتی: «ئەگەر پاشا پێی خۆشە، با ئەمڕۆ پاشا لەگەڵ هامان بێنە ئەو خوانەی کە بۆم ئامادە کردووی.» | 4 |
৪তেতিয়া ইষ্টেৰে উত্তৰ দিলে, “যদি ৰজাই ভাল দেখে, তেনেহলে আপোনাৰ বাবে মই যুগুত কৰা ভোজলৈ আপুনি আৰু হামন আজি আহিব।”
پاشاش گوتی: «بە پەلە هامان بهێنن بۆ ئەوەی داواکەی ئەستێر جێبەجێ بکات.» ئینجا پاشا و هامان چوون بۆ ئەو خوانەی کە ئەستێر ئامادەی کردبوو. | 5 |
৫তেতিয়া ৰজাই আজ্ঞা দিলে, “ৰাণী ইষ্টেৰে কোৱাৰ দৰে কৰিবলৈ হামনক বেগাই মাতি অনা হওক।” সেয়ে ৰজা আৰু হামন ইষ্টেৰে যুগুত কৰা ভোজলৈ গ’ল।
پاشا لە کاتی شەراب خواردنەوە بە ئەستێری گوت: «بابەتەکەت چییە؟ پێت دەدرێت. داواکارییەکەت چییە؟ تەنانەت داوای نیوەی شانشینەکەش بکەیت، پێت دەدرێت.» | 6 |
৬ভোজত যেতিয়া দ্রাক্ষাৰস বাকি দিয়া হ’ল, তেতিয়া ৰজাই ইষ্টেৰক সুধিলে, “তোমাৰ আবেদন কি? তোমাৰ বাবে সেই আবেদন গ্ৰহণ কৰা হ’ব; আৰু তোমাৰ প্রাৰ্থনা কি? ৰাজ্যৰ আধা অংশও যদি তোমাক লাগে, তেনেহ’লে তাক সিদ্ধ কৰা হ’ব।
ئەستێر وەڵامی دایەوە و گوتی: «بابەتەکەم و داواکارییەکەم ئەمەیە: | 7 |
৭তেতিয়া ইষ্টেৰে উত্তৰ দি ক’লে, “মোৰ আবেদন আৰু মোৰ প্ৰাৰ্থনা এই,
ئەگەر پاشا لێم ڕازی بێت و پێی خۆش بێت بابەتەکەم و داواکارییەکەم بۆ جێبەجێ بکات، با سبەینێ پاشا لەگەڵ هامان بێتە ئەو خوانەی کە بۆیان ئامادە دەکەم، ئەو کاتە وەڵامی پرسیارەکەی پاشا دەدەمەوە.» | 8 |
৮মই যদি ৰজাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, আৰু মোৰ নিবেদন ও প্ৰাৰ্থনা গ্রহণ কৰি সিদ্ধ কৰিবলৈ যদি ৰজাই ভাল দেখে, তেনেহলে মই আপোনালোকৰ অৰ্থে কাইলৈ যি ভোজ যুগুত কৰিম, সেই ভোজলৈ আপুনি আৰু হামন পুনৰ আহিব। মই ৰজাৰ প্রশ্নৰ উত্তৰ কাইলৈহে দিম।”
ئەو ڕۆژە هامان بە شادی و دڵخۆشییەوە چووە دەرەوە. بەڵام کاتێک هامان لە دەروازەی پاشا مۆردەخای بینی لەبەری هەڵنەستا و خۆی تێکنەدا، زۆر ڕقی لە مۆردەخای هەستا. | 9 |
৯সেই দিনা হামন আনন্দ আৰু সন্তুষ্ট মনেৰে বাহিৰলৈ ওলাই গ’ল। কিন্তু হামনে যেতিয়া মৰ্দখয়ক ৰাজদুৱাৰত বহি থকা দেখা পালে, তেতিয়াও মৰ্দখয়ে হামনৰ আগত থিয় নহ’ল বা লৰচৰো নহ’ল। তাতে হামনে মৰ্দখয়ৰ ওপৰত ক্রোধেৰে পৰিপূৰ্ণ হ’ল।
بەڵام هامان خۆی گرت و گەڕایەوە ماڵەوە. هامان دۆستەکانی و زەرەشی ژنی بانگکرد، | 10 |
১০তথাপি, হামনে নিজকে নিয়ন্ত্রিত কৰি ৰাখিলে, আৰু নিজৰ ঘৰলৈ গুচি গ’ল। তেওঁ তেওঁৰ ভাৰ্যা জেৰচৰ সৈতে তেওঁৰ বন্ধু সকলক একত্রিত হ’বলৈ মাতি পঠিয়ালে।
شانازی بە زۆری دەوڵەمەندی و زۆری کوڕەکانی کرد، هەروەها چۆن پاشا ڕێزی لێی ناوە و پایەی بەرزکردووەتەوە لەسەر سەرکردە و کاربەدەستەکانی دیکەی. | 11 |
১১হামনে তেওঁলোকৰ আগত নিজৰ ঐশ্চৰ্যৰ প্ৰতাপ আৰু তেওঁৰ পুত্রৰ সংখ্যা অধিক এই কথা তেওঁলোকক ক’লে; আৰু ৰজাই কি দৰে তেওঁৰ সকলো কৰ্মচাৰী আৰু দাসতকৈ তেওঁক ওখ পদ দিলে; এই সকলো কথা তেওঁলোকৰ আগত বৰ্ণনা কৰি ক’লে।
هەروەها هامان گوتی: «تەنانەت شاژنە ئەستێر جگە لە من کەسی دیکەی لەگەڵ پاشا بۆ ئەو خوانە داوەت نەکردووە کە ئامادەی کردووە، بۆ سبەینێ منیشی لەگەڵ پاشا داوەت کردووە. | 12 |
১২হামনে ক’লে, “এনেকি ৰাণী ইষ্টেৰে যুগুত কৰা ভোজত যাবলৈ ৰজাৰ লগত মোৰ বাহিৰে আন কাকো নিমন্ত্রণ দিয়া নাছিল। আৰু অহা কালিও ভোজত ৰজাৰ লগত যাবলৈ মই ৰাণী ইষ্টেৰৰ দ্বাৰাই নিমন্ত্ৰণ পাইছোঁ।
بەڵام ئەمانە هەموویان هیچ بەهایەکیان لەلای من نییە، هەر کاتێک مۆردەخای جولەکە دەبینم لە دەروازەی پاشادا دانیشتووە.» | 13 |
১৩তথাপিও মই ৰাজদুৱাৰত বহি থকা যিহুদী মৰ্দখয়ক যেতিয়া দেখা পাওঁ, তেতিয়া এই সকলোতো মোৰ একো মূল্য নাই যেন মই উপলব্ধি কৰোঁ।”
زەرەشی ژنی و هەموو دۆستەکانی پێیان گوت: «با دارێک بە بەرزی پەنجا باڵ ئامادە بکرێت، بەیانی بە پاشا بڵێ کە فەرمان بدات مۆردەخای لەو دارە بدرێت. پاشان بە خۆشییەوە لەگەڵ پاشا بڕۆ سەر خوانەکە.» هامان ئەو قسەیەی پێ باش بوو، فەرمانی دا دارەکە ئامادە بکرێت. | 14 |
১৪পাছত তেওঁৰ ভাৰ্যা জেৰচ আৰু তেওঁৰ বন্ধু সকলে তেওঁক ক’লে, “পঞ্চাশ হাত দীঘল এডাল ফাঁচি-কাঠ যুগুত কৰক; যাতে আপুনি কাইলৈ ৰাতিপুৱাই ৰজাৰ আগত নিবেদন কৰি মৰ্দখয়ক সেই কাঠডালত ফাঁচি দিব পাৰে। তাৰ পাছত আপুনি আনন্দ মনেৰে ৰজাৰ লগত ভোজত যাব।” তেতিয়া হামনে সেই কথাত সন্তুষ্ট হ’ল আৰু তেওঁ ফাঁচি-কাঠ নিৰ্মাণ কৰালে।