< ژیرمەندی 10 >
وەک چۆن مێشی مردوو بۆنی خۆش بۆگەن دەکات، کەمێک کاری گێلانە دەتوانێت دانایی و ڕێزی کەسێک لەناوبەرێت. | 1 |
১যেনেকৈ মৰা মাখিয়ে সুগন্ধি তেলৰ দ্রব্য দুৰ্গন্ধময় কৰি তোলে, তেনেকৈ অলপ অজ্ঞানতাৰ কার্যই প্রজ্ঞা আৰু সন্মানক মছি পেলায়।
دڵی دانا مەیلی ڕێی ڕاست دەکات، دڵی گێلیش مەیلی ڕێی چەوت دەکات. | 2 |
২জ্ঞানৱানৰ হৃদয় ভাল পথৰ ফালে ঘূৰে; কিন্তু অজ্ঞানীৰ হৃদয় ভুল পথলৈ ঘূৰে।
کە گێل بە ڕێگادا دەڕوات گێلی لێ دەبارێت، ئیتر گێلایەتییەکەی بۆ هەموو لایەک دیارە. | 3 |
৩বাটত খোজকঢ়াৰ সময়তো এজন অজ্ঞানীৰ বুদ্ধিৰ অভাৱ দেখা যায় আৰু সকলোৰে আগত তেওঁৰ অজ্ঞানতা প্ৰকাশ কৰে।
ئەگەر تووڕەیی فەرمانڕەوا بەسەرتدا جۆشا، شوێنی کاری خۆت بەجێمەهێڵە، چونکە هێمنی هەڵەی گەورە ئارام دەکاتەوە. | 4 |
৪অধিপতি যদি তোমাৰ ওপৰত ক্রুদ্ধ হয়, তথাপিও তুমি তোমাৰ পদ ত্যাগ নকৰিবা; কিয়নো শান্তভাৱে থাকিলে ডাঙৰ ডাঙৰ অন্যায়কো শান্ত কৰিব পাৰি।
خراپەیەک هەیە لەسەر زەویدا بینیم، وەک هەڵەیەکی مەزنە لەلایەن فەرمانڕەوا: | 5 |
৫অধিপতিৰ পৰা উৎপন্ন হোৱা এক প্রকাৰ ভ্ৰান্তি আৰু এক দুষ্টতাৰ বিষয় মই সূৰ্যৰ তলত দেখিলোঁ।
گێل زۆر جار لە پلەوپایەی بەرز دادەنرێت و دەوڵەمەندەکانیش لە شوێنە نزمەکان دادەنیشن. | 6 |
৬অজ্ঞানীসকলক উচ্চ পদবোৰত নিযুক্ত কৰা হয় আৰু সফল লোক নিম্ন পদত নিযুক্ত হয়।
بینیم خزمەتکاران ئەسپ سوار بوون و میران پیادە بوون وەک خزمەتکار. | 7 |
৭মই দাসক ঘোঁৰাত উঠি যোৱা, আৰু অধিপতিক দাসৰ দৰে মাটিত খোজ কাঢ়ি যোৱা দেখিছোঁ।
ئەوەی چاڵ هەڵکەنێت خۆی تێی دەکەوێت، ئەوەی دیوار بڕووخێنێت مار پێیەوە دەدات. | 8 |
৮যি মানুহে গাত খান্দে, তেওঁ তাৰ ভিতৰত পৰিব পাৰে; যি মানুহে শিলৰ দেৱাল ভাঙে তেওঁক সাপে খুঁটিব পাৰে।
ئەوەی بەرد هەڵبکەنێت ئازاری پێوە دەبینێت، ئەوەی دار ببڕێت لە مەترسییەکەیدا دەبێت. | 9 |
৯যি মানুহে শিলবোৰ কাটে, তেওঁ তাৰ দ্বাৰাই আঘাত পাব পাৰে। যি মানুহে কাঠ ডোখৰ ডোখৰ কৰে, তেওঁ তাৰ দ্বাৰাই বিপদত পৰিব পাৰে।
ئەگەر تەور کول بێت و دەمی تیژ نەکرێت، هێزی زیاتری دەوێت، بەڵام دانایی بەسوودە بۆ سەرکەوتن. | 10 |
১০কুঠাৰ যদি ভোঁতা হয় আৰু তাক ধাৰ দিয়া নহয়, তেন্তে তাক ব্যৱহাৰ কৰিবলৈ অধিক বল লাগে; কিন্তু সফলতাৰ কাৰণে জ্ঞানৰ ব্যৱহাৰ উপযোগী।
ئەگەر پێش نوشتەکردن مار پێتەوە بدات، ئیتر نوشتەکەر کرێیەکەی وەرناگرێت. | 11 |
১১মন্ত্ৰৰে মুগ্ধ কৰাৰ আগেয়েই যদি সাপে খুটে, তেন্তে মন্ত্ৰ গাওঁতাজনৰ কোনো লাভ নাই।
قسەی زاری دانا شیرینە، بەڵام گێل لێوەکانی خۆی هەڵیدەلووشن. | 12 |
১২জ্ঞানৱান লোকৰ মুখৰ কথাই খ্যাতি আনে; কিন্তু অজ্ঞানীৰ ওঁঠে নিজকে ধ্বংস কৰে।
سەرەتای وشەکانی دەمی گێلییە، لە کۆتاییدا دەبنە شێتێکی خراپ. | 13 |
১৩অজ্ঞানীৰ কথাৰ আৰম্ভণিতেই নির্বুদ্ধিতা থাকে আৰু তেওঁৰ কথাৰ শেষত দুষ্ট বিচাৰবুদ্ধিহীনতা থাকে।
گێل زۆر قسە دەکات. مرۆڤ نازانێت چی دەبێت و کێ دەتوانێت بە کەسێکی دیکە ڕابگەیەنێت کە چی لەدوای خۆی ڕوودەدات؟ | 14 |
১৪অজ্ঞানী লোকে অনেক কথা কয়; কিন্তু কি হব, তাক কোনেও নাজানে; ভৱিষ্যত কালত কি ঘটিব, সেই কথা মানুহক কোনে জনাব পাৰে?
ماندووبوونی گێل خۆی شەکەت دەکات، بە جۆرێک نازانێت چۆن بۆ شار بچێت. | 15 |
১৫অজ্ঞানী লোকৰ পৰিশ্ৰমেই তেওঁলোকক ক্লান্ত কৰে, নগৰলৈ যোৱা বাটকো তেওঁ নাজানে।
قوڕبەسەر ئەو خاکەی کە پاشاکەی پێشتر خزمەتکار بوو و میرەکانیشی بەیانییان لەسەر خوان دادەنیشن. | 16 |
১৬দেশৰ ৰজা যেতিয়া অল্পবয়সীয়া হ’য়, সেই দেশ অস্থিৰ হয়; মন্ত্ৰীসকলে ৰাতিপুৱাতেই ভোজ খায়।
خۆزگە بەو خاکەی کە پاشاکەی لە نەوەی شازادە بێت و میرەکانیشی نان لە کاتی خۆیدا بخۆن، بۆ هێز نەک بۆ سەرخۆشی. | 17 |
১৭কিন্তু দেশৰ ৰজা যেতিয়া ভদ্ৰ বংশজাতৰ পুত্র হয়, সেই দেশত আনন্দ হয়; মন্ত্ৰীসকলে মতলীয়া হবলৈ নহয়, কিন্তু শক্তি বৃদ্ধিৰ কাৰণে উচিত সময়ত ভোজন পান কৰে।
بە تەمبەڵی بنمێچ دێتە خوارێ و بە دەست شلکردنیش خانوو دڵۆپە دەکات. | 18 |
১৮এলেহুৱা লোকৰ ঘৰৰ চাল ধ্বংস হয়; সোৰোপা হাতৰ কাৰণে ঘৰত পানী পৰে।
بۆ ئەوەی پێبکەنن خوان ئامادە دەکەن و شەرابیش ژیان خۆش دەکات، بەڵام پارە هەموو شتێکی پێ دەکرێت. | 19 |
১৯আমোদৰ কাৰণেই ভোজ-মেল পতা হয়; দ্ৰাক্ষাৰসে জীৱনলৈ আনন্দ আনে আৰু অর্থই অনেক অভাৱ পূর্ণ কৰে।
تەنانەت لەبیری خۆشت نەفرەت لە پاشا مەکە، لە ژووری نوستنیشت نەفرەت لە دەوڵەمەند مەکە، چونکە چۆلەکەی ئاسمان دەنگەکەت دەگەیەنێت و باڵداریش قسەکەت ڕادەگەیەنێت. | 20 |
২০ৰজাক শাও নিদিবা, এনেকি মনে মনেও নিদিবা; তোমাৰ শোৱা কোঁঠালিত ধনীক শাও নিদিবা; কিয়নো আকাশৰ এটি সৰু চৰায়ে তোমাৰ সেই কথা শুনি বৈ নিব পাৰে নাইবা কিছুমান ডেউকাযুক্ত জীৱই উৰি গৈ সকলোকে সেই কথা কৈ দিব পাৰে।