< کردار 28 >

کە ڕزگارمان بوو زانیمان ئەو دوورگەیە پێی دەگوترێ ماڵتا. 1
এনেদৰে সকলোৱে নিৰাপদে বামত উঠি ৰক্ষা পোৱাৰ পাছত, আমি সেই দ্ৱীপটোৰ নাম মিলিতা বুলি জানিলোঁ৷
دانیشتووانەکەی چاکەیەکی لە ڕادەبەدەریان لەگەڵ کردین. ئاگریان بۆ کردینەوە و پێشوازییان لە هەموومان کرد، چونکە باران دەباری و کەشوهەوا سارد بوو. 2
তাত থকা স্থানীয় লোক সকলে আমাক বিদেশী বুলি কেৱল মৰম দেখুৱাই নহয়, কিন্তু তেতিয়া ঘন বৰষুণ আৰু জাৰৰ কাৰণে তেওঁলোকে জুই জ্ৱলালে আৰু আমাক মৰমেৰে গ্ৰহন কৰিলে৷
پۆڵس هەندێک چیلکەی کۆکردەوە و خستییە ئاگرەکە، تیرەمارێک لەبەر گەرماییەکە دەرپەڕی و خۆی بە دەستیەوە هەڵواسی. 3
কিন্তু পৌলে যেতিয়া এমুঠি খৰি গোটাই জুইত দিলে তেতিয়া জুইৰ তাপ পাই এটা ক’লা সাপ ওলাই আহি তেওঁৰ হাতত মেৰিয়াই ধৰিলে৷
کاتێک خەڵکەکە تیرەمارەکەیان بینی خۆی بە دەستییەوە هەڵواسیوە، بە یەکتریان گوت: «بێگومان ئەم کابرایە بکوژە، هەرچەندە لە دەریا ڕزگاری بوو، بەڵام خوداوەندی دادپەروەری ناهێڵێت بژیێت.» 4
তাতে স্থানীয় লোক সকলে তেওঁৰ হাতত সাপ ওলমি থকা দেখি, ইজনে সিজনক কবলৈ ধৰিলে, “এই মানুহ জন নিশ্চয়কৈ এজন হত্যাকাৰী; সাগৰৰ পৰা ৰক্ষা পোৱাৰ পাছতো ন্যায় দিওঁতাই ইয়াক জীয়াই থাকিব নিদিলে৷”
بەڵام پۆڵس تیرەمارەکەی ڕاوەشاندە ناو ئاگرەکە و تووشی هیچ زیانێک نەبوو. 5
কিন্তু যেতিয়া তেওঁ জোকাৰ মাৰি সাপটোক জুইত পেলাই দিয়া দেখিলে; আনফালে তেওঁৰ একো ক্ষতিও নহ’ল,
ئەوانیش چاوەڕێیان دەکرد بئاوسێت یان لەناکاو بە مردوویی بکەوێت. بەڵام زۆر چاوەڕێیان کرد و بینییان هیچی بەسەرنەهات، ئەوسا بیروڕایان گۆڕی و سەبارەت بە پۆڵس گوتیان: «ئەمە خوداوەندێکە!» 6
তেতিয়া তাত উপস্থিত থকা লোকসকলে তেওঁৰ গা জ্ৱৰ হৈ উখহি উঠিব বা অকস্মাতে পৰি মৰিব বুলি ভাবিছিল৷ কিন্তু বহু সময় তেওঁৰ একো হোৱা নেদেখি, সিহঁতে মত সলনি কৰি ক’লে যে, “তেওঁ এজন দেৱতা৷”
دەوروبەری ئەو شوێنە زەوی و زاری پیاوگەورەی دوورگەکە بوو کە ناوی پۆبلیۆسە. ئەو پێشوازی لێکردین و سێ ڕۆژ بە خۆشییەوە میوانداری کردین. 7
সেই ঠাইৰ ওচৰত পুব্লিয় নামেৰে দ্ৱীপটোৰ প্ৰধান লোক জনৰ মাটি আছিল৷ তেৱেঁই আমাক আদৰণি জনাই, মৰমেৰে তিন দিন আলহী কৰি ৰাখিলে;
وا ڕێککەوت باوکی پۆبلیۆس لەناو جێگادا کەوتبوو، تا و سکچوونی هەبوو. پۆڵس چووە لای و نوێژی کرد، دەستی لەسەر دانا و چاکیکردەوە. 8
আৰু সেই সময়তে পুব্লিয়ৰ পিতৃৰ জ্ৱৰ আৰু গ্ৰহণী ৰোগ হৈ আছিল৷ পৌলে তাতে সোমাই গাত হাত দি প্ৰাৰ্থনা কৰি তেওঁক সুস্থ কৰিলে৷
کاتێک ئەمە ڕوویدا، نەخۆشەکانی دیکەی دوورگەکە دەهاتن و چاک دەبوونەوە. 9
এনেদৰে সুস্থ কৰাৰ পাছত সেই দ্ৱীপত আন যিমান ৰোগী আছিল সেই সকলো আহি সুস্থ হ’ল৷
ئیتر بە زۆر شێوە ڕێزیان گرتین، کە بەڕێکەوتین هەموو پێداویستییەکانیان بۆ دابین کردین. 10
১০তেতিয়া তেওঁলোকে আমাক অনেক আদৰ-সাদৰ কৰিলে আৰু আমাৰ যোৱাৰ সময়তো নানা প্ৰয়োজনীয় বস্তু আনি জাহাজত তুলি দিলে৷
دوای سێ مانگ بە کەشتییەکی ئەسکەندەری بەڕێکەوتین، کە زستانی لە دوورگەکە بەسەربرد بوو؛ کەشتییەکە وێنەی دوو خوداوەندی جمکی بە ناوی کاستۆر و پۆلوکس لەسەر بوو. 11
১১তিনি মাহৰ পাছত আমি আলেকজেন্দ্ৰিয়া নগৰৰ পৰা দিয়স্কৰী, অর্থাৎ যজা লৰাৰ চিন থকা জাহাজ খনত উঠি যাত্ৰা কৰিলোঁ; এই জাহাজ খন জাৰকালি আহি এই দ্ৱীপটোত আছিল৷
کاتێک لە سیراکۆسا دابەزین، سێ ڕۆژ لەوێ ماینەوە. 12
১২এনেদৰে আমি চুৰাকূচ নগৰলৈ আহিলোঁ আৰু সেই ঠাইতে তিন দিন থাকিলোঁ৷
ئینجا لەوێ ڕۆیشتین و گەیشتینە ڕیگیۆم. بۆ بەیانی بای خواروو هەڵیکرد، لە ڕۆژی دووەم هاتینە پوتیولی. 13
১৩তাৰ পৰা যাত্ৰা কৰি আমি ৰীগিয়া নগৰ পালোঁ; এদিন পাছত দক্ষিণৰ বতাহ বলাত, দ্ৱিতীয় দিনা পুতিয়লী নগৰ পালোহি৷
لەوێ برایانمان دۆزییەوە، داوایان لێکردین هەفتەیەک بمێنینەوە. بەم شێوەیە هاتینە ڕۆما. 14
১৪তাত কেইবাজনো ভাই পালোঁ, তেওঁলোকে আমাক সাত দিন থাকিবলৈ নিমন্ত্ৰণ দিলে; এইদৰে আমি ৰোমলৈ যাত্ৰা কৰিলোঁ৷
لەوێوە کە برایان هەواڵی ئێمەیان بیست، تاکو گۆڕەپانی ئەپیۆس و سێ خانەکە هاتنە پیشوازیمان. کاتێک پۆڵس بینییانی سوپاسی خودای کرد و ورەی بەرزبووەوە. 15
১৫তাৰ পৰা ভাই সকলে আমাৰ সম্বাদ শুনি আমাক আগবঢ়াই নিবলৈ অপ্পিয় হাট আৰু তিনি চৰাইলৈকে আহিছিল; পৌলে তেওঁলোকক দেখি ঈশ্ৱৰৰ স্তুতি কৰি সাহস পালে৷
کاتێک گەیشتینە ڕۆما، ڕێگا بە پۆڵس درا بە تەنها لەگەڵ ئەو سەربازەی پاسەوانی دەکرد نیشتەجێ بێت. 16
১৬ৰোম নগৰত সোমোৱাৰ পাছত, পৌলক তেওঁৰ পহৰা দিয়া সেনাৰ সৈতে নিজৰ মতে থাকিবলৈ অনুমতি দিলে৷
دوای سێ ڕۆژ پۆڵس ڕابەرانی جولەکەی بانگکرد. کاتێک کۆبوونەوە، پێی گوتن: «برایان، هەرچەندە هیچم لە دژی گەلەکەمان و نەریتی باوباپیرانمان نەکردووە، بەڵام لە ئۆرشەلیم گیرام و درامە دەستی ڕۆمانییەکان. 17
১৭পাছত তিন দিনৰ মূৰত পৌলে ইহুদী সকলৰ প্ৰধান লোক সকলক মতাই আনি গোট খুৱালে আৰু তেওঁলোক গোট খোৱাত, তেওঁ ক’লে, “হে ভাইসকল, মই মোৰ জাতিৰ নাইবা পূর্বপুৰুষৰ ৰীতিৰ বিৰুদ্ধে একো কৰা নাই; তথাপি যিৰূচালেমৰ পৰা নিয়া হৈ ৰোমীয়া লোক সকলৰ হাতত মই বন্দী হিচাপে সমর্পিত হৈছিলো৷
لێکۆڵینەوەیان لەگەڵم کرد ویستیان ئازادم بکەن، چونکە هۆیەکیان بۆ کوشتنم نەدۆزییەوە. 18
১৮তেখেত সকলে মোৰ সোধ-বিচাৰ কৰি মোক মুক্ত কৰিবলৈ কামনা কৰিলে, কিয়নো মোক প্ৰাণদণ্ড দিয়াৰ একো কাৰণ নাছিল৷
بەڵام جولەکە ناڕازی بوون و منیش ناچار بووم داواکارییەکەم بدەمە قەیسەر، مەبەستم ئەوە نەبوو سکاڵا لە گەلی خۆم بکەم. 19
১৯কিন্তু যেতিয়া ইহুদী সকলে আপত্তি কৰিলে, মই চীজাৰৰ ওচৰত আপীল কৰিবলৈ বাধ্য হলোঁ; কিন্তু এনে নহয় যে, মই মোৰ জাতিক কোনো অপবাদ দিছিলোঁ৷
لەبەر ئەوە داوام کرد بتانبینم و قسەتان لەگەڵ بکەم، چونکە لە پێناوی هیوای ئیسرائیل ئەم زنجیرەم پێوەیە.» 20
২০এই কাৰণে আপোনালোকক চাবলৈ আৰু কথা-বার্ত্তা হবলৈ মাতিলো, কিয়নো ইস্ৰায়েলৰ আশাৰ কাৰণেহে মই এই শিকলিৰ বান্ধনত আছোঁ৷”
وەڵامیان دایەوە: «دەربارەی تۆ نامەمان لە یەهودیاوە وەرنەگرتووە، کەسیش لە برایان نەهاتووە تاکو دەربارەی تۆ هەواڵمان بداتێ یان بە خراپە باست بکات. 21
২১তেতিয়া তেওঁলোকে তেওঁক ক’লে, “আমি তোমাৰ বিষয়ে যিহুদীয়াৰ পৰা কোনো পত্ৰকে পোৱা নাই আৰু ভাই সকলৰ মাজৰ পৰাও কোনো ইয়ালৈ আহি তোমাৰ বিষয়ে দুষ্কর্মৰ খবৰ দিয়া নাই বা কোৱা নাই৷
بەڵام پێمان خۆشە گوێمان لە بۆچوونەکانی تۆ بێت، چونکە دەزانین کە خەڵکی لە هەموو شوێنێکەوە بەربەرەکانێی ئەم ڕێبازە دەکات.» 22
২২কিন্তু তোমাৰ মত কি, সেই বিষয়ে আমি তোমাৰ পৰা শুনিবলৈ খোজো; কিয়নো এই মতৰ বিষয়ে আমি জানো যে, ই সকলো ঠাইতে নিন্দিত হৈছে৷”
ڕۆژێکیان بۆ دیتنی پۆڵس دیاری کرد و زۆر کەس هاتنە ماڵەکەی. ئەویش لە بەیانییەوە تاکو ئێوارە بۆیانی ڕوون دەکردەوە و شایەتی بۆ پاشایەتی خودا دەدا، هەوڵی دەدا بە تەوراتی موسا و پەڕتووکی پێغەمبەران دەربارەی عیسا قەناعەتیان پێ بهێنێت. 23
২৩পাছত তেওঁলোকে তেওঁলৈ এটা দিন নির্ধাৰণ কৰিলে আৰু বহুলোকে তেওঁক লগ পাবলৈ তেওঁ বসতি কৰা ঠাইলৈ আহিল৷ তেওঁ মানুহবোৰৰ আগত ঈশ্ৱৰৰ ৰাজ্যৰ কথাৰ সাক্ষ্য প্ৰদান কৰিলে আৰু ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে মোচিৰ বিধান-শাস্ত্ৰ আৰু ভাববাদীৰ পুস্তকৰ পৰা কথা উলিয়াই তেওঁলোকক প্ৰবৃত্তি দিলে৷
جا هەندێکیان بەو قسانەی قایل بوون، هەندێکیش باوەڕیان نەکرد. 24
২৪তেওঁৰ কথা কিছুমান লোকে বিশ্ৱাস কৰিলে আৰু কিছুমান লোকে অবিশ্বাস কৰিলে৷
ئینجا بە جیاوازی بیروڕاوە ئەوێیان بەجێهێشت کاتێک پۆڵس دوایین قسەی بۆ کردن: «ڕۆحی پیرۆز لە ڕێگەی ئیشایا پێغەمبەرەوە ڕاستی بە باوباپیرانتان فەرمووە: 25
২৫তাৰ পাছত পৌলে যেতিয়া ক’লে, “পবিত্ৰ আত্মাই যিচয়া ভাৱবাদীৰ দ্ৱাৰাই আমাৰ পূর্বপুৰুষ সকলৰ বিষয়ে ভালদৰে কৈছিল”; কিন্তু সেই কথাত পৰস্পৰৰ মাজত একমত নোহোৱাত, তেওঁলোক বিদায় ল’বলৈ ধৰিলে৷
«[بڕۆ لای ئەم گەلە و پێی بڵێ:”ئێوە هەمیشە دەبیستن بەڵام هەرگیز تێناگەن، ئێوە هەمیشە سەیر دەکەن بەڵام هەرگیز نابینن!“ 26
২৬পৌলে কৈছিল, “এই মানুহবোৰৰ ওচৰলৈ গৈ কোৱা, ‘তোমালোকে শুনাত শুনিবা কিন্তু নুবুজিবা; দেখোতে দেখিবা কিন্তু নাজানিবা;
چونکە دڵی ئەم گەلە ڕەق بووە و گوێیان قورس بووە، چاویان نوقاندووە، نەوەک بە چاویان ببینن و بە گوێیان ببیستن و بە دڵیان تێبگەن و بگەڕێنەوە، منیش چاکیان بکەمەوە.] 27
২৭কিয়নো এই মানুহবোৰৰ হৃদয় ভোতোহা হৈ পৰিছে, তেওঁলোকৰ কাণো শুনিবলৈ গধূৰ, তেওঁলোকে নিজ নিজ চকু বন্ধ কৰিলে; নহ’লে তেওঁলোকে দেখিলেহেঁতেন, আৰু কাণেৰে শুনিলেহেঁতেন, আৰু অন্তৰেৰে বুজিলেহেঁতেন, আৰু ঘূৰি আহিলেহেঁতেন, আৰু মই তেওঁলোকক সুস্থ কৰিলোঁহেতেন৷’
«با لەلاتان زانراو بێت، ڕزگاریی خودا بۆ ناجولەکەکان نێردرا، ئەوانیش گوێ دەگرن.» 28
২৮সেই কাৰণে আপোনালোকে জানিব যে, ঈশ্ৱৰৰ এই পৰিত্রাণৰ কথা অনা-ইহুদী সকলৰ মাজলৈ পঠোৱা হৈছে আৰু তেওঁলোকে তেওঁৰ বিষয়ে শুনিবও৷”
کاتێک ئەمەی گوت، جولەکەکان ڕۆیشتن و دەمەقاڵێیەکی زۆریان هەبوو. 29
২৯
پۆڵس دوو ساڵی تەواو لەو ماڵەی بە کرێی گرتبوو مایەوە، پێشوازی لە هەموو ئەوانە دەکرد کە دەهاتنە لای، 30
৩০পাছত পৌলে দুবছৰলৈকে নিজে ভাড়া লোৱা ঘৰত থাকিলে আৰু যিমান মানুহ তেওঁৰ ওচৰলৈ আহিল, সেই আটাই লোককে তেওঁ গ্ৰহণ কৰিলে৷
بەوپەڕی ئازایی و بێ کۆسپ شانشینی خودای ڕادەگەیاند و سەبارەت بە عیسای مەسیحی خاوەن شکۆ خەڵکی فێردەکرد. 31
৩১তাতে তেওঁ কোনো বাধা নোপোৱাকৈ ঈশ্ৱৰৰ ৰাজ্য আৰু প্ৰভু যীচু খ্ৰীষ্টৰ বিষয়ে সাহসেৰে প্রচাৰ কৰি থাকিল৷

< کردار 28 >