< 레위기 13 >
১পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
2 사람의 피부에 무엇이 돋거나 딱지가 앉거나 색점이 생겨서 그 피부에 문둥병 같이 되거든 곧 제사장 아론에게나 그 자손 중 한 제사장에게로 데리고 갈 것이요
২“যদি কোনো এজন লোকৰ গাৰ ছাল উখহি উঠে, বা চোকোৰা বান্ধি উঠে, বা জিলিকা দাগ হয়, আৰু সেয়ে যদি গাৰ ছালত কুষ্ঠৰোগৰ ঘা হৈ যায়, তেতিয়া তেওঁক হাৰোণ পুৰোহিত বা তেওঁৰ পুত্ৰ পুৰোহিতসকলৰ মাজৰ এজনৰ ওচৰলৈ অনা হ’ব।
3 제사장은 그 피부의 병을 진찰할지니 환처의 털이 희어졌고 환처가 피부보다 우묵하여졌으면 이는 문둥병의 환처라 제사장이 진단하여 그를 부정하다 할 것이요
৩তেতিয়া পুৰোহিত জনে তেওঁৰ গাৰ ছালত থকা সেই ঘাটো চাব; যদি সেই ঘাৰ নোম বগা হৈ উঠে, আৰু ঘা যদি গাৰ ছালতকৈ দ যেন বোধ হয়, তেতিয়া সেই ঘা কুষ্ঠৰোগৰ ঘা; তেওঁৰ সেই ঘা চোৱাৰ পাছত পুৰোহিতে তেওঁক অশুচি বুলি জনাব।
4 피부에 색점이 희나 우묵하지 아니하고 그 털이 희지 아니하면 제사장은 그 환자를 칠 일동안 금고할 것이며
৪আৰু যদি তেওঁৰ সেই জিলিকা দাগ ঘাৰ ছালত বগা হয়, কিন্তু ছালতকৈ দ যেন বোধ নহয়, আৰু তেওঁৰ ঘাৰ নোম বগা হৈ যোৱা নাই, তেতিয়া সেই ঘা হোৱা লোক জনক পুৰোহিতে সাতদিন আতৰ কৰি ৰাখিব।
5 칠 일만에 제사장이 그를 진찰할지니 그의 보기에 그 환처가 변하지 아니하고 병색이 피부에 퍼지지 아니하였으면 제사장이 그를 또 칠 일 동안을 금고할 것이며
৫পাছত সপ্তম দিনা পুৰোহিত জনে সেই ঘা হোৱা লোকজনক চাই যদি তেওঁৰ দৃষ্টিত ঘা সেই একেদৰে থাকে বা ছালত ব্যাপি যোৱা নাই, তেতিয়া পুৰোহিত জনে তেওঁক আকৌ সাত দিনলৈ আতৰত ৰাখিব।
6 칠 일만에 제사장이 또 진찰할지니 그 환처가 엷어졌고 병색이 피부에 퍼지지 아니하였으면 피부병이라 제사장이 그를 정하다 할 것이요 그는 옷을 빨 것이라 그리하면 정하리라
৬আৰু সপ্তমদিনা পুৰোহিত জনে তেওঁক আকৌ চাব; তেতিয়া যদি সেই ঘা শুকাবলৈ ধৰে, আৰু ছালত যদি বিয়পি যোৱা নেদেখে, তেতিয়া পুৰোহিতে তেওঁক শুচি বুলি জনাব; সেয়ে কেৱল চোকোৰা বন্ধা ঘা হে; পাছত তেওঁ নিজ বস্ত্ৰ ধুই শুচি হ’ব।
7 그러나 정결한 여부를 위하여 제사장에게 보인 후에 병이 피부에 퍼지면 제사장에게 다시 보일 것이요
৭কিন্তু তেওঁৰ শুচিৰ অৰ্থে নিজকে পুৰোহিতক দেখুউৱাৰ পাছত যদি সেই চোকোৰা বন্ধা ঘা ছালত বিয়পি যায়, তেতিয়া তেওঁ পুনৰায় নিজকে পুৰোহিতক দেখুৱাব লাগিব।
8 제사장은 진찰할지니 그 병이 피부에 퍼졌으면 그를 부정하다 진단할 것이라 이는 문둥병임이니라
৮তেতিয়া পুৰোহিতে সেই ঘা চাই যদি তেওঁৰ চোকোৰা বন্ধা ঘা ছালত বিয়পি যোৱা দেখে, তেতিয়া তেওঁ লোকজনক অশুচি বুলি জনাব; সেয়ে কুষ্ঠৰোগ।
9 사람에게 문둥병이 들었거든 그를 제사장에게로 데려갈 것이요
৯কোনো এজন লোকৰ কুষ্ঠৰোগৰ ঘা হ’লে, তেওঁক পুৰোহিতৰ ওচৰলৈ অনা হ’ব।
10 제사장은 진찰할지니 피부에 흰 점이 돋고 털이 희어지고 거기 난육이 생겼으면
১০তেতিয়া পুৰোহিতে তেওঁক চাব; যদি তেওঁৰ ছালত বগা ধৰণৰ টেমুনা বান্ধে, আৰু তাৰ দ্বাৰাই তাৰ নোম বগা হৈ উঠে, আৰু সেই টেমুনাত কেঁচা মঙহ থাকে,
11 이는 그의 피부의 오랜 문둥병이라 제사장이 부정하다 진단할 것이요 그가 이미 부정하였은즉 금고하지는 않을 것이며
১১তেতিয়া তেওঁৰ গাৰ ছালত সেয়ে পুৰণি কুষ্ঠৰোগ; তাতে পুৰোহিতে তেওঁক অশুচি বুলি জনাব; তেওঁ সেই লোকজনক আতৰত নাৰাখিব, কিয়নো তেওঁ আগৰে পৰা অশুচি।
12 제사장의 보기에 문둥병이 그 피부에 크게 발하였으되 그 환자의 머리부터 발까지 퍼졌거든
১২যদি ছালৰ সকলোতে সেই কুষ্ঠৰোগ ব্যাপি যায়, আৰু পুৰোহিতৰ যিমানলৈকে চকু পৰে, সিমানলৈকে সেই ঘা থকা লোকজনৰ মূৰৰ পৰা ভৰিলৈকে গোটেই ছাল কুষ্ঠৰোগেৰে ঢাকে,
13 그가 진찰할 것이요 문둥병이 과연 그 전신에 퍼졌으면 그 환자를 정하다 할지니 다 희어진 자인즉 정하거니와
১৩তেতিয়া তেওঁৰ গোটেই গা কুষ্ঠৰোগেৰে ঢকা দেখি, পুৰোহিতে সেই ঘা থকা লোকজনক শুচি বুলি ক’ব; তেওঁৰ গোটেই গা বগা হোৱাত তেওঁ শুচি।
14 아무 때든지 그에게 난육이 발생하면 그는 부정한즉
১৪কিন্তু যেতিয়া সেই ঘাত কেঁচা মঙহ দেখা যায়, তেতিয়া তেওঁ অশুচি হ’ব।
15 제사장이 난육을 보고 그를 부정하다 진단할지니 그 난육은 부정한 것인즉 이는 문둥병이며
১৫তেতিয়া পুৰোহিতে সেই কেঁচা মঙহ দেখি, তেওঁক অশুচি বুলি ক’ব, কিয়নো সেই কেঁচা মঙহ অশুচি; সেয়ে কুষ্ঠৰোগ।
16 그 난육이 변하여 다시 희어지면 제사장에게로 갈 것이요
১৬আৰু সেই কেঁচা মঙহ যদি পুনৰায় বগা হৈ যায়, তেতিয়া তেওঁ পুৰোহিতৰ ওচৰলৈ যাব।
17 제사장은 그를 진찰하여서 그 환처가 희어졌으면 환자를 정하다 할지니 그는 정하니라
১৭তেতিয়া পুৰোহিতে সেই লোকজনৰ বগা হৈ উঠা ঘাটো চাব, আৰু যদি সেই ঘা বগা হোৱা দেখে, তেতিয়া পুৰোহিতে সেই ঘা থকা লোকজনক শুচি বুলি ক’ব।
১৮আৰু গাৰ ছালত ফোঁহোৰা হৈ ভাল হোৱাৰ পাছত,
19 그 종처에 흰 점이 돋거나 희고 불그스름한 색점이 생겼으면 제사장에게 보일 것이요
১৯যদি সেই ফোঁহোৰাৰ ঠাইত বগা বৰণৰ টেমুনা বান্ধে, বা বগা আৰু অলপ ৰঙা বৰণৰ জিলিকা দাগ হয়, তেতিয়া তাক পুৰোহিতক দেখুউৱা হ’ব।
20 그는 진찰하여 피부보다 얕고 그 털이 희면 그를 부정하다 진단할지니 이는 종기로 된 문둥병의 환처임이니라
২০তেতিয়া পুৰোহিতে তাক চাব; যদি সেয়ে ছালতকৈ দ যেন বোধ হয়, আৰু তাৰ নোম বগা হৈ গ’ল, তেতিয়া পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; সেয়ে ফোঁহোৰাত ওলোৱা কুষ্ঠৰোগৰ ঘা।
21 그러나 제사장의 보기에 거기 흰 털이 없고 피부보다 얕지 아니하고 빛이 엷으면 제사장은 그를 칠 일 동안 금고할 것이며
২১কিন্তু পুৰোহিতে তাক চাই যদি বগা নোম নেদেখে, আৰু সেয়ে ছালতকৈ দ নহয়, কিন্তু শুকাই গৈছে, তেতিয়া পুৰোহিতে তেওঁক সাত দিন আতৰত ৰাখিব।
22 그 병이 크게 피부에 퍼졌으면 제사장은 그를 부정하다 진단할지니 이는 그 환처임이니라
২২পাছত সেয়ে যদি ছালত বিয়পি যায়, তেন্তে পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; সেয়ে কুষ্ঠ ৰোগৰ ঘা।
23 그러나 그 색점이 여전하고 퍼지지 아니하였으면 이는 종기 흔적이니 제사장은 그를 정하다 진단할지니라
২৩কিন্তু যদি সেই জিলিকা দাগ নিজ ঠাইতে থাকে, আৰু বিয়পি নাযায়, তেন্তে সেয়ে ফোঁহোৰাৰ দাগ মাত্ৰ; আৰু পুৰোহিতে তেওঁক শুচি বুলি ক’ব।
24 피부를 불에 데었는데 그 덴 곳에 불그스름하고 희거나 순전히 흰 색점이 생기면
২৪যদি গাৰ ছালত পোৰা দাগ হয়, আৰু সেই দাগৰ নতুন ছালৰ ৰঙচুৱা বগা বা শুদ্ধ বগা বা জিলিকা দাগ হয়,
25 제사장은 진찰할지니 그 색점의 털이 희고 그 자리가 피부보다 우묵하면 이는 화상에서 발한 문둥병인즉 제사장은 그를 부정하다 할 것은 문둥병의 환처가 됨이니라
২৫তেন্তে পুৰোহিতে তাক চাব; যদি জিলিকা দাগত থকা নোম বগা হৈ গ’ল, আৰু আন ছালতকৈ দ যেন দেখা যায়, তেতিয়া সেয়ে জুইয়ে পোৰা দাগত ওলোৱা কুষ্ঠ ৰোগ; পুৰোহিতে তাক অশুচি বুলি ক’ব, কিয়নো সেয়ে কুষ্ঠ ৰোগৰ ঘা।
26 그러나 제사장의 보기에 그 색점에 흰 털이 없으며 그 자리가 피부보다 얕지 아니하고 빛이 엷으면 그는 그를 칠 일동안 금고할 것이며
২৬কিন্তু যদি পুৰোহিতে চাই জিলিকা দাগত বগা নোম নেদেখে, আৰু সেই দাগ ছালতকৈ দ নহয়, কিন্তু শুকাই গ’ল, তেতিয়া পুৰোহিতে তেওঁক সাত দিন আতৰত ৰাখিব।
27 칠 일만에 제사장이 그를 진찰할지니 만일 병이 크게 피부에 퍼졌으면 그는 그를 부정하다 진단할 것은 문둥병의 환처임이니라
২৭পাছত সপ্তম দিনা পুৰোহিতে তেওঁক চাব; তেতিয়া যদি ছালত সেয়ে বিয়পি যায়, তেন্তে পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; সেয়ে কুষ্ঠ ৰোগৰ ঘা।
28 만일 색점이 여전하여 피부에 퍼지지 아니하고 빛이 엷으면 화상으로 부은 것이니 제사장은 그를 정하다 할 것은 이는 화상의 흔적임이니라
২৮আৰু যদি সেই জিলিকা দাগ নিজ ঠাইতে থাকে, আৰু ছালত ব্যাপি নাযায়, কিন্তু শুকাই যায়, তেন্তে সেয়ে পোৰা ঠাইত উঠা টেমুনা মাথোন; আৰু পুৰোহিতে তেওঁক শুচি বুলি ক’ব, কিয়নো সেয়ে জুইয়ে পোৰা ঘাৰ দাগহে মাথোন।
29 남자나 여자의 머리에나 수염에 환처가 있으면
২৯কোনো পুৰুষ বা স্ত্ৰীৰ মূৰত বা থুঁতৰিৰ তলত ঘা হ’লে,
30 제사장은 진찰할지니 환처가 피부보다 우묵하고 그 자리에 누르고 가는 털이 있으면 그는 그를 부정하다 할 것은 이는 옴이라 머리에나 수염에 발한 문둥병임이니라
৩০পুৰোহিতে সেই ঘা চাব; সেয়ে যদি ছালতকৈ দ যেন বোধ হয়, আৰু তাত হালধীয়া মিহি নোম থাকে তেন্তে পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; সেয়ে খজুৱা ৰোগ; মূৰৰ চুলি বা দাড়ি সৰা কুষ্ঠ ৰোগ।
31 만일 제사장의 보기에 그 옴의 환처가 피부보다 우묵하지 아니하고 그 자리에 검은 털이 없으면 제사장은 그 옴 환자를 칠 일 동안 금고할 것이며
৩১আৰু পুৰোহিতে সেই খজুৱা চুলি বা দাড়ি সৰা ৰোগৰ ঘা চালে, যদি সেয়ে ছালতকৈ দ যেন বোধ নহয়, আৰু তাত ক’লা নোম নাথাকে, তেন্তে পুৰোহিতে সেই চুলি কি দাড়ি সৰা ৰোগ থকা লোকজনক সাতদিন আতৰ কৰি ৰাখিব।
32 칠 일만에 제사장은 그 환처를 진찰할지니 그 옴이 퍼지지 아니하고 그 자리에 누른 털이 없고 피부보다 우묵하지 아니하거든
৩২পাছত পুৰোহিতে সপ্তম দিনা সেই ঘা চাব; যদি সেই ঘা বিয়পি যোৱা নাই, আৰু তাত হালধীয়া নোম নাই, আৰু ছালতকৈ ঘাৰ ছাল দ যেন বোধ নহয়,
33 그는 모발을 밀되 환처는 밀지 말 것이요 제사장은 옴 환자를 또 칠 일 동안 금고할 것이며
৩৩তেন্তে সেই ঘাৰ কাষৰ চৰিওফালে থকা চুলি খুৰুউৱা হ’ব, কিন্তু ঘা থকা ঠাইডোখৰ নুখুৰাব; তেতিয়া পুৰোহিতে সেই খজুৱা ঘা থকা লোকজনক আৰু সাতদিন আতৰ কৰি ৰাখিব।
34 칠 일만에 제사장은 그 옴을 또 진찰할지니 그 옴이 피부에 퍼지지 아니하고 피부보다 우묵하지 아니하면 그는 그를 정하다 진단할 것이요 그는 그 옷을 빨지니 정하려니와
৩৪পাছত সপ্তমদিনা পুৰোহিতে সেই ঘা চাব; তাতে, যদি সেই ঘা ছালত ব্যাপি যোৱা নাই, আৰু ছালতকৈ দ যেন বোধ নহয়, তেন্তে পুৰোহিতে তেওঁক শুচি বুলি ক’ব; পাছত সেই লোকজনে নিজ বস্ত্ৰ ধুই শুচি হ’ব।
35 깨끗한 후에라도 옴이 크게 피부에 퍼지면
৩৫কিন্তু পুৰোহিতে শুচি কৰোঁৱাৰ পাছত, যদি তেওঁৰ ছালত সেই ঘা ব্যাপি যায়,
36 제사장은 그를 진찰할지니 과연 옴이 피부에 퍼졌으면 누른 털을 찾을 것 없이 그는 부정하니라
৩৬তেন্তে পুৰোহিতে তেওঁক পুনৰায় চাব; যদি তেওঁৰ ছালত সেই ঘা ব্যাপি যোৱা দেখে, তেন্তে পুৰোহিতে হালধীয়া নোম নিবিচাৰিব; সেই লোকজন অশুচি।
37 그러나 제사장의 보기에 옴이 여전하고 그 자리에 검은 털이 났으면 그 옴은 나았고 그 사람은 정하니 제사장은 그를 정하다 진단할지니라
৩৭কিন্তু তেওঁৰ দৃষ্টিত যদি সেই ঘা একেদৰে থাকে, আৰু তাৰ মাজত ক’লা নোম গজে, তেন্তে সেই ৰোগ ভাল হ’ল; তেওঁ শুচি; আৰু পুৰোহিতে তেওঁক শুচি বুলি ক’ব।
38 남자나 여자의 피부에 색점 곧 흰 색점이 있으면
৩৮আৰু যদি কোনো পুৰুষ বা স্ত্ৰীৰ গাৰ ছালত ঠায়ে ঠায়ে বগা দাগ হয়,
39 제사장은 진찰할지니 그 피부의 색점이 부유스름하면 이는 피부에 발한 어루러기라 그는 정하니라
৩৯তেন্তে পুৰোহিতে সেই লোকজনক চাব; যদি তেওঁৰ ছালত হোৱা জিলিকা দাগবোৰ গোম বৰণীয়া বগা হয়, তেন্তে সেয়ে ছালত উৎপন্ন হোৱা এবিধ ফোঁহা; আৰু তেওঁ শুচি।
40 누구든지 그 머리털이 빠지면 그는 대머리니 정하고
৪০আৰু যদি কোনো মানুহৰ মূৰৰ চুলি সৰি যায়, তেন্তে তেওঁ টকলা মূৰা; কিন্তু তেওঁ শুচি।
41 앞머리가 빠져도 그는 이마 대머리니 정하니라
৪১আৰু যদি তেওঁৰ মূৰৰ আগফালৰ চুলি সৰি যায় আৰু টপা; তেৱোঁ শুচি।
42 그러나 대머리나 이마 대머리에 희고 불그스름한 색점이 있으면 이는 문둥병이 대머리에나 이마 대머리에 발함이라
৪২কিন্তু যদি তেওঁৰ টকলা বা টপা মূৰত ৰঙচীয়া বগা ঘা হয়, তেন্তে সেয়ে তাৰ টকলা মূৰত বা টপা মূৰত হোৱা কুষ্ঠ ৰোগ।
43 제사장은 그를 진찰할지니 그 대머리에나 이마 대머리에 돋은 색점이 희고 불그스름하여 피부에 발한 문둥병과 같으면
৪৩তেতিয়া পুৰোহিতে তেওঁক চাব; যদি গাৰ ছালত হোৱা কুষ্ঠ ৰোগৰ দৰে তেওঁৰ টকলা বা টপা মূৰত সেই ঘা দমলা ৰঙচীয়া বগা হয়,
44 이는 문둥 환자라 부정하니 제사장은 그를 부정하다 확실히 진단할 것은 그 환처가 그 머리에 있음이니라
৪৪তেন্তে তেওঁ কুষ্ঠ ৰোগী আৰু অশুচি; অৱশ্যে পুৰোহিতে তেওঁক অশুচি বুলি ক’ব; তাৰ কুষ্ঠৰোগৰ ঘা তেওঁৰ মূৰতে আছে।
45 문둥 환자는 옷을 찢고 머리를 풀며 윗 입술을 가리우고 외치기를 부정하다 부정하다 할 것이요
৪৫যি কুষ্ঠৰোগীৰ গাত কুষ্ঠৰোগৰ ঘা থাকে, তেওঁ ফলা বস্ত্ৰ পিন্ধিব, আৰু তেওঁৰ মূৰৰ চুলি মুকলিকৈ ৰখা হ’ব, আৰু তেওঁ নিজৰ ওপৰ ওঁঠ ঢাকিব, আৰু ‘অশুচি, অশুচি,’ বুলি চিঞৰিব।
46 병 있는 날 동안은 늘 부정할 것이라 그가 부정한즉 혼자 살되 진 밖에 살지니라
৪৬যিমান দিন তেওঁৰ গাত সেই কুষ্ঠৰোগ ঘা থাকিব, সিমান দিন তেওঁ অশুচি হৈ থাকিব; তেওঁ অশুচি হোৱাত আৰু তেওঁৰ সেই ৰোগ যেন ব্যাপি নাযায় সেই কাৰণে তেওঁ অকলে থাকিব; তেওঁৰ থকা ঠাই ছাউনিৰ বাহিৰত হ’ব।
47 만일 의복에 문둥병 색점이 발하여 털옷에나 베옷에나
৪৭আৰু নোমৰ কি শণ সুতাৰ এটা বস্ত্ৰত, কুষ্ঠৰোগৰ কোনো দাগ থাকিলে
48 베나 털의 날에나 씨에나 혹 가죽에나 무릇 가죽으로 만든 것에 있되
৪৮বা শণৰ কি নোমৰ দীঘ সুতা বা বাণী সুতাত, বা কোনো ছালত, কি ছালেৰে সজা
49 그 의복에나 가죽에나 그 날에나 씨에나 무릇 가죽으로 만든 것에 병색이 푸르거나 붉으면 이는 문둥병의 색점이라 제사장에게 보일 것이요
৪৯কোনো বস্ত্ৰত, বস্ত্ৰ বা ছালত, বা দীঘ সুতাত বা বাণী সুতাত, বা ছালৰ কোনো বস্ত্ৰত থকা সেই দাগ যদি অলপ কেঁচা বৰণীয়া বা ৰঙচুৱা হয়, তেন্তে সেয়ে কুষ্ঠৰোগ দাগ, তাক পুৰোহিতক দেখুউৱা যাব।
50 제사장은 그 색점을 살피고 그것을 칠 일 동안 간직하였다가
৫০পাছত পুৰোহিতে সেই দাগ চাই, দাগ থকা বস্তুটো সাতদিন আতৰ কৰি ৰাখিব।
51 칠 일만에 그 색점을 살필지니 그 색점이 그 의복의 날에나 씨에나 가죽에나 가죽으로 만든 것에 퍼졌으면 이는 악성 문둥병이라 그것이 부정하니
৫১পাছত সপ্তমদিনা পুৰোহিতে সেই দাগ চাই যদি কাপোৰত, বা দীঘ সুতা কি বাণী সুতাত, বা কোনো কামৰ কাৰণে ব্যৱহাৰ কৰা ছালত সেই দাগ ব্যাপি যোৱা দেখে, তেন্তে সেই দাগ সংহাৰক কুষ্ঠৰোগৰ দাগ; সেয়ে অশুচি বস্তু।
52 그는 그 색점 있는 의복이나 털이나 베의 날이나 씨나 무릇 가죽으로 만든 것을 불사를지니 이는 악성 문둥병인즉 그것을 불사를지니라
৫২এই কাৰণে যি বস্ত্ৰত, বা নোমৰ যি শণ বা যি দীঘ সুতাত বা বাণী সুতাত, বা ছালেৰে সজা যি বস্ত্ৰত সেই দাগ হয়, তাক পুৰি ভস্ম কৰিব; কিয়নো সেয়ে সংহাৰক কুষ্ঠ; তাক সম্পূৰ্ণৰূপে জুইত পুৰি ভস্ম কৰা হ’ব।
53 그러나 제사장의 보기에 그 색점이 그 의복의 날에나 씨에나 무릇 가죽으로 만든 것에 퍼지지 아니하였으면
৫৩কিন্তু পুৰোহিতে চাই যদি সেই দাগ কাপোৰত, বা দীঘ সুতাত কি বাণী সুতাত, বা ছালৰ কোনো বস্ত্ৰত সেই দাগ ব্যাপি যোৱা নেদেখে,
54 제사장은 명하여 그 색점 있는 것을 빨게하고 또 칠 일 동안 간직하였다가
৫৪তেতিয়া পুৰোহিতে সেই দাগ থকা বস্তুটো ধুবলৈ আজ্ঞা দিব; পাছত আৰু সাতদিন সেই বস্তুটো আতৰত ৰাখিব।
55 그 빤 곳을 볼지니 그 색점의 빛이 변치 아니하고 그 색점이 퍼지지 아니하였으면 부정하니 너는 그것을 불사르라 이는 거죽에 있든지 속에 있든지 악성 문둥병이니라
৫৫সেই দাগ থকা বস্তু ধোৱাৰ পাছত পুৰোহিতে সেই দাগ চাব; আৰু সেই দাগ ব্যাপি নগলেও যদি আন বৰণ ধৰা নাই, তেন্তে সেয়ে অশুচি; যি ঠাইতে সেই দাগে বস্তুটোক অশুচি নকৰক, তুমি তাক জুইত পুৰি ভস্ম কৰিবা।
56 빤 후에 제사장의 보기에 그 색점이 엷으면 그 의복에서나 가죽에서나 그 날에서나 씨에서나 그 색점을 찢어 버릴 것이요
৫৬কিন্তু ধোৱাৰ পাছত পুৰোহিতে চাই যদি সেই দাগ গোমা দেখে, তেন্তে তেওঁ সেই বস্ত্ৰৰ পৰা, বা ছালৰ পৰা, বা দীঘ সুতা বা বাণী সুতাৰ পৰা তাক চিঙি পেলাব।
57 그 의복의 날에나 씨에나 무릇 가죽으로 만든 것에 색점이 여전히 보이면 복발하는 것이니 너는 그 색점있는 것을 불사를지니라
৫৭তথাপিও যদি সেই বস্ত্ৰত, বা দীঘ সুতা কি বাণী সুতাত, বা ছালেৰে সজা কোনো বস্ত্ৰত তাক পুনৰাই দেখা যায়, তেন্তে সেয়ে ব্যাপি যোৱা কুষ্ঠ; সেই দাগ থকা যিয়ে বস্তু তুমি তাক জুইত পুৰি ভস্ম কৰিবা।
58 네가 빤 의복의 날에나 씨에나 무릇 가죽으로 만든 것에 그 색점이 벗어졌으면 그것을 다시 빨아야 정하리라
৫৮আৰু ধোৱাৰ পাছত সেই দাগ বস্ত্ৰৰ পৰা বা দীঘ সুতা কি বাণী সুতাৰ পৰা, বা ছালৰ কোনো বস্তুৰ পৰা এৰাই, তেন্তে দ্বিতীয়বাৰ তাক ধোৱা হ’ব; তেতিয়া সেয়ে শুচি হব।
59 이는 털옷에나 베옷에나 그 날에나 씨에나 무릇 가죽으로 만든 것에 발한 문둥병 색점의 정하고 부정한 것을 단정하는 규례니라
৫৯নোমৰ বা শণ সুতাৰ বস্ত্ৰত, বা দীঘ সুতা কি বাণী সুতাত বা ছালৰ কোনো বস্তুত হোৱা কুষ্ঠ ৰোগৰ দাগৰ বিষয়ে শুচি অশুচি বুলি কোৱা নিয়ম এই।”