< 시편 38 >

1 (다윗의 기념케 하는 시) 여호와여, 주의 노로 나를 책하지 마시고 분노로 나를 징계치 마소서
হে যিহোৱা, তোমাৰ ক্ৰোধত মোক ধমকি নিদিবা; তোমাৰ প্ৰচণ্ড কোপত মোক শাস্তি নিদিবা।
2 주의 살이 나를 찌르고 주의 손이 나를 심히 누르시나이다
কিয়নো তোমাৰ কাঁড়বোৰে মোক বিন্ধিছে, তোমাৰ হাতে মোক বৰকৈ হেঁচি ধৰিছে।
3 주의 진노로 인하여 내 살에 성한 곳이 없사오며 나의 죄로 인하여 내 뼈에 평안함이 없나이다
তোমাৰ ক্রোধৰ কাৰণে মোৰ শৰীৰত ক’তো সুস্থতা নাই; মোৰ পাপৰ কাৰণে মোৰ অস্থিবোৰত স্বাস্থ্য নাই।
4 내 죄악이 내 머리에 넘쳐서 무거운 짐 같으니 감당할 수 없나이다
মোৰ মূৰৰ ওপৰলৈকে মোৰ অনেক অপৰাধবোৰ উঠিছে; সেইবোৰ মোৰ বাবে বব নোৱাৰা অতি গধুৰ বোজাৰ নিচিনাও হৈছে।
5 내 상처가 썩어 악취가 나오니 나의 우매한 연고로소이다
মোৰ অজ্ঞানতাৰ কাৰণে মোৰ ঘাঁবোৰ গেলি দুৰ্গন্ধময় হৈছে।
6 내가 아프고 심히 구부러졌으며 종일토록 슬픈 중에 다니나이다
মই দুখ পাই বৰ কুঁজা হৈ পৰিছো, ওৰে দিনটো শোকাতুৰ হৈ ফুৰিছোঁ।
7 내 허리에 열기가 가득하고 내 살에 성한 곳이 없나이다
মোৰ কঁকালত জ্বলা-পোৰাৰ বিষ হৈছে, মোৰ শৰীৰৰ ক’তো সুস্থতা নাই।
8 내가 피곤하고 심히 상하였으매 마음이 불안하여 신음하나이다
মই বৰ দুৰ্ব্বল আৰু ভাগি পৰিছোঁ; মনৰ ব্যাকুলতাত মই কেঁকাই আছোঁ।
9 주여 나의 모든 소원이 주의 앞에 있사오며 나의 탄식이 주의 앞에 감추이지 아니하나이다
হে যিহোৱা, মোৰ সকলো কামনা-বাসনা তুমি জানা; মোৰ হুমুনিয়াহ তোমাৰ পৰা লুকাই থকা নাই।
10 내 심장이 뛰고 내 기력이 쇠하여 내 눈의 빛도 나를 떠났나이다
১০মোৰ বুকু ধপধপাইছে; মোৰ শক্তি নোহোৱা হৈ গৈছে; এনে কি মোৰ চকুও অন্ধকাৰ হৈ গৈছে।
11 나의 사랑하는 자와 나의 친구들이 나의 상처를 멀리하고 나의 친척들도 멀리 섰나이다
১১মোৰ এই অৱস্থা দেখি, বন্ধু-বান্ধৱ আৰু সংগীসকলে মোৰ আপদৰ পৰা আঁতৰত থিয় হৈ থাকে, মোৰ চুবুৰীয়াসকলেও আঁতৰত থাকে।
12 내 생명을 찾는 자가 올무를 놓고 나를 해하려는 자가 괴악한 일을 말하여 종일토록 궤계를 도모하오나
১২যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোকে মোলৈ ফান্দ পাতিছে, যিসকলে মোৰ অনিষ্ট কৰিবলৈ বিচাৰে, তেওঁলোকে ধ্বংসৰ কথা কয়; তেওঁলোকে ওৰে দিনটো কেৱল ছলনা কৰিবলৈকে চিন্তা কৰি থাকে।
13 나는 귀먹은 자 같이 듣지 아니하고 벙어리 같이 입을 열지 아니하오니
১৩মই কলা মানুহৰ নিচিনা হ’লো, একোকে নুশুনো; মই মুখ মেলিব নোৱাৰা বোবা মানুহৰ নিচিনা হ’লো।
14 나는 듣지 못하는 자 같아서 입에는 변박함이 없나이다
১৪যি মানুহে নুশুনে, যাৰ মুখত কোনো উত্তৰ নাই, মই এনে মানুহৰ নিচিনাই হ’লো।
15 여호와여, 내가 주를 바랐사오니 내 주 하나님이 내게 응락하시리이다
১৫হে যিহোৱা, মই তোমালৈহে অপেক্ষা কৰি আছোঁ; হে মোৰ ঈশ্বৰ যিহোৱা, তুমিয়েই উত্তৰ দিবা।
16 내가 말하기를 두렵건대 저희가 내게 대하여 기뻐하며 내가 실족할 때에 나를 향하여 망자존대할까 하였나이다
১৬মই প্রার্থনা কৰি কওঁ, “যেতিয়া মোৰ ভৰি পিছলি যায়, মোৰ বিৰুদ্ধে যিসকলে অহংকাৰ কৰে, তুমি তেওঁলোকক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা।”
17 내가 넘어지게 되었고 나의 근심이 항상 내 앞에 있사오니 내 죄악을 고하고 내 죄를 슬퍼함이니이다
১৭মইতো প্রায় পৰিয়েই গ’লো; মোৰ ক্লেশ সদায় মোৰ লগতে আছে।
18 내 원수가 활발하며 강하고 무리하게 나를 미워하는 자가 무수하오며
১৮মোৰ অপৰাধ মই স্বীকাৰ কৰিছোঁ; মোৰ পাপৰ কাৰণে মই দুঃখিত হৈছোঁ।
19 또 악으로 선을 갚는 자들이 내가 선을 좇는 연고로 나를 대적하나이다
১৯যিসকল অকাৰণতে মোৰ শত্রু হৈছে, তেওঁলোক শক্তিশালী। যিসকলে অকাৰণে মোক ঘৃণা কৰে, তেওঁলোক অনেক।
20 여호와여, 나를 버리지 마소서 나의 하나님이여, 나를 멀리하지 마소서
২০মোৰ উপকাৰৰ সলনি তেওঁলোকে মোলৈ অপকাৰহে কৰে; যদিও মই সৎকর্ম কৰোঁ, তেওঁলোক মোৰ বিৰোধী।
২১হে যিহোৱা, মোক ত্যাগ নকৰিবা। হে মোৰ ঈশ্বৰ, মোৰ ওচৰৰ পৰা তুমি আঁতৰত নাথাকিবা।
২২হে মোৰ যিহোৱা, মোৰ পৰিত্ৰাণকর্তা; মোক সহায় কৰিবলৈ তুমি শীঘ্রে আহাঁ।

< 시편 38 >