< 시편 19 >

1 (다윗의 시. 영장으로 한 노래) 하늘이 하나님의 영광을 선포하고 궁창이 그 손으로 하신 일을 나타내는도다
গগণ-মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে; আকাশ-মণ্ডলে তেওঁৰ হাতৰ কৰ্ম দেখুৱায়।
2 날은 날에게 말하고 밤은 밤에게 지식을 전하니
দিনৰ পাছত দিন সেইবোৰৰ পৰা কথা ওলাই আহে; ৰাতিৰ পাছত ৰাতি সেইবোৰে জ্ঞান প্ৰচাৰ কৰে।
3 언어가 없고 들리는 소리도 없으나
কিন্তু তাৰ কোনো কথা নাই, কোনো ভাষা নাই; তাৰ শব্দও শুনা নাযায়।
4 그 소리가 온 땅에 통하고 그 말씀이 세계 끝까지 이르도다 하나님이 해를 위하여 하늘에 장막을 베푸셨도다
তথাপিও সেইবোৰৰ মাত সমগ্র পৃথিবীতে বিয়পি যায়; সেইবোৰৰ কথা জগতৰ শেষ সীমালৈকে বিয়পি যায়; আকাশ-মণ্ডলত তেওঁ সূৰ্যৰ বাবে এটা তম্বু স্থাপন কৰিলে।
5 해는 그 방에서 나오는 신랑과 같고 그 길을 달리기 기뻐하는 장사 같아서
সূৰ্যই দৰাৰ দৰে নিজৰ শোৱনি কোঁঠাৰ পৰা ওলাই আহে; নিজৰ পথত বীৰৰ দৰে আনন্দেৰে লৰ মাৰে।
6 하늘 이 끝에서 나와서 하늘 저 끝까지 운행함이여 그 온기에서 피하여 숨은 자 없도다
সেয়ে আকাশৰ এটা মূৰত উদয় হৈ ঘূৰি তাৰ সিটো মূৰ পায়গৈ; তাৰ তাপৰ পৰা কোনো বস্তুৱেই লুকাই নাথাকে
7 여호와의 율법은 완전하여 영혼을 소성케 하고 여호와의 증거는 확실하여 우둔한 자로 지혜롭게 하며
যিহোৱাৰ ব্যৱস্থা সিদ্ধ, সেয়ে মানুহৰ প্ৰাণক জগাই তোলে; যিহোৱাৰ বাক্য বিশ্বাসযোগ্য, সেয়ে সাধাৰণ লোকক জ্ঞান দান কৰে।
8 여호와의 교훈은 정직하여 마음을 기쁘게 하고 여호와의 계명은 순결하여 눈을 밝게 하도다
যিহোৱাৰ আদেশবোৰ যথাৰ্থ, সেয়ে মানুহৰ হৃদয়ত আনন্দ দান কৰে; যিহোৱাৰ আজ্ঞা সুস্পষ্ট, সেয়ে অন্তর্দৃষ্টিক দীপ্তিময় কৰে।
9 여호와를 경외하는 도는 정결하여 영원까지 이르고 여호와의 규례는 확실하여 다 의로우니
যিহোৱা বিষয়ক যি ভয়, সেয়ে শুচি আৰু চিৰস্থায়ী; যিহোৱাৰ শাসন-প্ৰণালীবোৰ সম্পূর্ণভাৱে সত্য আৰু ধাৰ্মিক।
10 금 곧 많은 정금보다 더 사모할 것이며 꿀과 송이꿀보다 더 달도다
১০সেইবোৰ সোণতকৈ, এনেকি নিভাঁজ সোণতকৈয়ো বাঞ্ছনীয়; সেইবোৰ মৌতকৈও সোৱাদ, এনেকি ৰহঘৰাৰ পৰা জৰি জৰি ওলোৱা মৌতকৈয়ো সোৱাদ।
11 또 주의 종이 이로 경계를 받고 이를 지킴으로 상이 크니이다
১১তাৰোপৰি সেইবোৰে তোমাৰ দাসক সাৱধান কৰে; সেইবোৰ পালন কৰিলে পৰম লাভ হয়।
12 자기 허물을 능히 깨달을 자 누구리요 나를 숨은 허물에서 벗어나게 하소서
১২কোনে নিজৰ ভুলবোৰ গমিব পাৰে? মোক গুপুত পাপৰ পৰা শুচি কৰা।
13 또 주의 종으로 고범죄를 짓지 말게 하사 그 죄가 나를 주장치 못하게 하소서 그리하시면 내가 정직하여 큰 죄과에서 벗어나겠나이다
১৩গৰ্ব্বীকৃত পাপৰ পৰাও তোমাৰ দাসক ধৰি ৰাখা; সেইবোৰে যেন মোৰ ওপৰত অধিকাৰ নকৰে; তাতে মই সিদ্ধ হ’ম, আৰু মহা অপৰাধৰ দায়ৰ পৰা মুক্ত হ’ম।
14 나의 반석이시요 나의 구속자이신 여호와여, 내 입의 말과 마음의 묵상이 주의 앞에 열납되기를 원하나이다
১৪হে মোৰ যিহোৱা, মোৰ আশ্রয়-শিলা আৰু মোৰ মুক্তিকৰ্ত্তা, মোৰ মুখৰ বাক্য আৰু মোৰ মনৰ চিন্তা তোমাৰ দৃষ্টিত গ্ৰাহ্য হওঁক।

< 시편 19 >