< 열왕기하 17 >
1 유다 왕 아하스 십 이년에 엘라의 아들 호세아가 사마리아에서 이스라엘 왕이 되어 구년을 치리하며
১যিহূদাৰ ৰজা আহজৰ ৰাজত্বৰ বাৰ বছৰৰ সময়ত এলাৰ পুত্ৰ হোচেয়াই চমৰিয়াত ইস্ৰায়েলৰ ৰজা হৈছিল। তেওঁ ন বছৰ ৰাজত্ব কৰিছিল।
2 여호와 보시기에 악을 행하였으나 그전 이스라엘 여러 왕들과 같이 하지는 아니하였더라
২যিহোৱাৰ দৃষ্টিত যি বেয়া, তেওঁ তাকেই কৰিছিল, যদিও ইস্রায়েলৰ আগৰ ৰজাসকলে কৰাৰ দৰে তেওঁ নাছিল।
3 앗수르 왕 살만에셀이 올라와서 호세아를 친고로 호세아가 신복하여 조공을 드리더니
৩অচূৰৰ ৰজা চল্মনেচৰে আক্রমণ কৰি হোচেয়াক পৰাজয় কৰিলে; তাতে হোচেয়া তেওঁৰ অধীনৰ ৰজা হোৱাত তেওঁলৈ ৰাজহ আনিছিল।
4 저가 애굽 왕 소에게 사자들을 보내고 해마다 하던대로 앗수르 왕에게 조공을 드리지 아니하매 앗수르 왕이 호세아의 배반함을 보고 저를 옥에 금고하여 두고
৪পাছত অচূৰৰ ৰজাই বুজি পালে যে, হোচেয়াই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র ৰচনা কৰিছে, কিয়নো তেওঁ মিচৰৰ চো ৰজা ওচৰলৈ বার্তাবাহকসকলক পঠাইছিল আৰু অচূৰৰ ৰজাক বছৰে বছৰে যি ৰাজহ দিছিল, সেয়া পুনৰ দিয়া নাছিল। সেইবাবেই অচূৰৰ ৰজাই তেওঁক ধৰি নি কাৰাগাৰত বন্দী কৰি থৈছিল।
5 올라와서 그 온 땅에 두루 다니고 사마리아로 올라와서 삼년을 에워쌌더라
৫তাৰ পাছত অচূৰৰ ৰজাই গোটেই দেশ আক্ৰমণ কৰি চমৰিয়ালৈকে গ’ল আৰু তিনি বছৰলৈকে তাক অৱৰোধ কৰিলে।
6 호세아 구년에 앗수르 왕이 사마리아를 취하고 이스라엘 사람을 사로잡아 앗수르로 끌어다가 할라와 고산 하볼 하숫가와 메대 사람의 여러 고을에 두었더라
৬হোচেয়াৰ ৰাজত্বৰ নৱম বছৰৰ সময়ত অচূৰৰ ৰজাই চমৰিয়া দখল কৰিলে আৰু ইস্ৰায়েলীয়াসকলক বন্দী কৰি অচূৰ দেশলৈ লৈ গ’ল। তেওঁলোকক তেওঁ হলহত, গোজনৰ নদী হাবোৰৰ পাৰত আৰু মাদীয়াসকলৰ নগৰবোৰত বাস কৰিবলৈ দিলে।
7 이 일은 이스라엘 자손이 자기를 애굽에서 인도하여 내사 애굽 왕 바로의 손에서 벗어나게 하신 그 하나님 여호와께 죄를 범하고 또 다른 신들을 경외하며
৭এই সকলো ঘটিছিল, কাৰণ যদিও ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক মিচৰৰ ৰজা ফৰৌণৰ অধীনৰ পৰা বাহিৰ কৰি মিচৰ দেশৰ পৰা লৈ আনিছিল, তথাপিও তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰিছিল। তেওঁলোকে আন দেৱ-দেৱীৰ পূজা কৰিছিল।
8 여호와께서 이스라엘 자손 앞에서 쫓아내신 이방 사람의 규례와 이스라엘 여러 왕의 세운 율례를 행하였음이라
৮যি জাতিবোৰক যিহোৱাই ইস্ৰায়েলৰ সন্মুখৰ পৰা দূৰ কৰিছিল, তেওঁলোকৰ ৰীতি-নীতি আৰু নিজৰ ৰজাসকলে স্থাপন কৰা ৰীতিত তেওঁলোক চলিছিল।
9 이스라엘 자손이 가만히 불의를 행하여 그 하나님 여호와를 배역하여 모든 성읍에 망대로부터 견고한 성에 이르도록 산당을 세우고
৯ইস্ৰায়েলীয়াসকলে গোপনে ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে অনুচিত কাৰ্যবোৰ কৰিছিল। প্রহৰীৰ ওখ মিনাৰৰ পৰা গড়েৰে আবৃত নগৰলৈকে তেওঁলোকৰ সকলো নগৰত ওখ মঠবোৰ নির্মাণ কৰিছিল।
10 모든 산 위에와 모든 푸른 나무 아래에 목상과 아세라상을 세우고
১০তেওঁলোকে প্ৰত্যেকটো ওখ পাহাৰৰ ওপৰত আৰু সেউজীয়া ডাল পাতেৰে ভৰা প্রত্যেকজোপা গছৰ তলত পূজা কৰা শিলৰ স্তম্ভ আৰু আচেৰা মূর্তিবোৰ স্থাপন কৰিছিল।
11 또 여호와께서 저희 앞에서 물리치신 이방 사람같이 그곳 모든 산당에서 분향하며 또 악을 행하여 여호와를 격노케 하였으며
১১যি জাতি সমূহক যিহোৱাই তেওঁলোকৰ সন্মুখৰ পৰা দূৰ কৰিছিল, সেই জাতিৰ লোকসকলৰ দৰে ইস্রায়েলীয়াসকলেও এই ওখ মঠবোৰত ধূপ জ্বলাইছিল। তেওঁলোকে দুষ্ট কর্মবোৰ কৰি যিহোৱাক ক্রোধিত কৰিছিল;
12 또 우상을 섬겼으니 이는 여호와께서 행치 말라 명하신 일이라
১২তেওঁলোকে মূর্তি পূজা কৰিছিল, যদিও যিহোৱাই তেওঁলোকক কৈছিল যে, “তোমালোকে এনে কার্য নকৰিবা।”
13 여호와께서 각 선지자와 각 선견자로 이스라엘과 유다를 경계하여 이르시기를 너희는 돌이켜 너희 악한 길에서 떠나 나의 명령과 율례를 지키되 내가 너희 열조에게 명하고 또 나의 종 선지자들로 너희에게 전한 모든 율법대로 행하라 하셨으나
১৩যিহোৱাই তেওঁৰ সকলো ভাববাদী আৰু দৰ্শকসকলৰ মাধ্যমেদি ইস্ৰায়েল আৰু যিহূদা দেশক এই বুলি সাৱধান কৰি দিছিল, “তোমালোক সকলো কু-পথৰ পৰা ঘূৰা; মোৰ সকলো আজ্ঞা আৰু বিধি-বিধান অনুসাৰে চলা। মোৰ দাস ভাৱবাদীসকলক পঠাই তেওঁলোকৰ দ্বাৰাই মই যি সকলো বিধি-বিধান তোমালোকৰ পূর্বপুৰুষসকলক দিছিলোঁ, সেই সকলো বিধান যত্নেৰে পালন কৰা।”
14 저희가 듣지 아니하고 그 목을 굳게 하기를 그 하나님 여호와를 믿지 아니하던 저희 열조의 목 같이 하여
১৪তথাপিও তেওঁলোকে সেই কথা নুশুনিলে। ঈশ্বৰ যিহোৱাত বিশ্বাস নকৰা তেওঁলোকৰ পূর্বপুৰুষসকলৰ নিচিনাকৈ তেওঁলোক আঁকোৰ-গোঁজ হৈ থাকিল।
15 여호와의 율례와 여호와께서 그 열조로 더불어 세우신 언약과 경계하신 말씀을 버리고 허무한 것을 좇아 허망하며 또 여호와께 서명하사 본받지 말라 하신 사면 이방 사람을 본받아
১৫তেওঁলোকে যিহোৱাৰ বিধিবোৰ, তেওঁলোকৰ পূর্বপুৰুষসকলৰ সৈতে স্থাপন কৰা তেওঁৰ বিধান আৰু তেওঁলোকক দিয়া তেওঁৰ সাৱধান বাণী মানিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে অসাৰ মূর্তিবোৰৰ পাছত চলি নিজেও অসাৰ হৈ পৰিছিল। যিহোৱাই তেওঁলোকক যি লোক সমূহৰ দৰে চলিবলৈ নিষেধ কৰিছিল, তেওঁলোকে নিজৰ চাৰিওফালে থকা সেই জাতি সমূহৰ দৰেই চলিছিল।
16 그 하나님 여호와의 모든 명령을 버리고 자기를 위하여 두 송아지 형상을 부어 만들고 또 아세라 목상을 만들고 하늘의 일월 성신을 숭배하며 또 바알을 섬기고
১৬তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ সকলো আজ্ঞা অগ্রাহ্য কৰি, নিজৰ নিমিত্তে পূজা কৰিবলৈ সাঁচত ঢলা দুটা দামুৰিৰ মূর্তি, এটা আচেৰা মূর্তি সাজিছিল; তেওঁলোকে আকাশৰ সকলো তৰা আৰু বাল দেৱতাৰ সেৱা-পূজা কৰিছিল।
17 또 자기 자녀를 불 가운데로 지나가게 하며 복술과 사술을 행하고 스스로 팔려 여호와 보시기에 악을 행하여 그 노를 격발케 하였으므로
১৭নিজৰ ল’ৰা-ছোৱালীবোৰক তেওঁলোকে হোমবলিৰূপে উৎসর্গ কৰিছিল; ভৱিষ্যত জনাৰ বাবে তেওঁলোকে মঙ্গল চোৱা কাৰ্য ও মায়াকৰ্মৰ অভ্যাস কৰিছিল; যিহোৱাৰ দৃষ্টিত যি বেয়া, সেই সকলোকে কৰিবলৈ তেওঁলোকে নিজক বিক্রী কৰি যিহোৱাক ক্রোধিত কৰি তুলিছিল।
18 여호와께서 이스라엘을 심히 노하사 그 앞에서 제하시니 유다 지파 외에는 남은 자가 없으니라
১৮এই হেতুকে ইস্ৰায়েলী লোকসকলৰ ওপৰত যিহোৱা অতিশয় ক্ৰোধিত হ’ল আৰু তেওঁলোকক নিজৰ সন্মুখৰ পৰা দূৰ কৰিলে; কেৱল যিহূদা গোষ্ঠীৰ বাহিৰে কোনো বাকী নাথাকিল।
19 유다도 그 하나님 여호와의 명령을 지키지 아니하고 이스라엘 사람의 세운 율례를 행하였으므로
১৯কিন্তু যিহূদা ফৈদেও তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে নচলি, ইস্ৰায়েলে যি যি কৰিছিল তাকে অনুসৰণ কৰিছিল।
20 여호와께서 이스라엘의 온 족속을 버리사 괴롭게 하시며 노략군의 손에 붙이시고 심지어 그 앞에서 쫓아내시니라
২০সেয়ে যিহোৱাই ইস্ৰায়েলৰ সকলো বংশকে অগ্ৰাহ্য কৰিলে আৰু নিজৰ সন্মুখৰ পৰা তেওঁলোকক দূৰ নকৰালৈকে, তেওঁ তেওঁলোকক কষ্ট দি আছিল; লুট কৰোঁতা সকলৰ হাতত তেওঁলোকক শোধাই দিছিল।
21 이스라엘을 다윗의 집에서 찢어 나누시매 저희가 느밧의 아들 여로보암으로 왕을 삼았더니 여로보암이 이스라엘을 몰아 여호와를 떠나고 큰 죄를 범하게 하매
২১যিহোৱাই ইস্রায়েলীসকলক দায়ুদৰ ৰাজকীয় বংশৰ পৰা যেতিয়া কাঢ়ি লৈ বেলেগ কৰিছিল, তেতিয়া তেওঁলোকে নবাটৰ পুত্র যাৰবিয়ামক ৰজা পাতিছিল। সেই যাৰবিয়ামে ইস্রায়েলী লোকসকলক যিহোৱাৰ নির্দেশিত পথত চলাৰ পৰা আঁতৰাই নি তেওঁলোকৰ দ্বাৰাই মহাপাপ কৰাইছিল।
22 이스라엘 자손이 여로보암의 행한 모든 죄를 따라 행하여 떠나지 아니하므로
২২ইস্ৰায়েলৰ লোকসকলে যাৰবিয়ামে কৰা সকলো পাপ কার্যকে অনুসৰণ কৰি চলিছিল। সেইবোৰৰ পৰা ঘূৰি অহা নাছিল।
23 여호와께서 그 종 모든 선지자로 하신 말씀대로 심지어 이스라엘을 그 앞에서 제하신지라 이스라엘이 고향에서 앗수르에 사로잡혀 가서 오늘까지 미쳤더라
২৩এইদৰে যিহোৱাই তেওঁৰ সকলো দাস অর্থাৎ ভাববাদীসকলৰ যোগেদি দিয়া সাৱধান বাণী অনুসাৰে নিজৰ সন্মুখৰ পৰা ইস্রায়েলক দূৰ কৰিলে। এইকাৰণেই ইস্রায়েলৰ লোকসকলক তেওঁলোকৰ নিজৰ দেশৰ পৰা অচূৰ দেশলৈ নিয়া হ’ল। আজিলৈকে তেওঁলোক সেই ঠাইতে আছে।
24 앗수르 왕이 바벨론과 구다와 아와와 하맛과 스발와임에서 사람을 옮겨다가 이스라엘 자손을 대신하여 사마리아 여러 성읍에 두매 저희가 사마리아를 차지하여 그 여러 성읍에 거하니라
২৪অচূৰৰ ৰজাই ইস্রায়েলীসকলৰ সলনি বেবিলন, কূথা, অব্বা, হমাৎ আৰু চফৰ্বয়িমৰ পৰা লোক আনি চমৰীয়াৰ নগৰবোৰত বাস কৰিবলৈ দিলে; তেওঁলোকে চমৰিয়া অধিকাৰ কৰি তাৰ নগৰবোৰত বসতি কৰিবলৈ ধৰিলে।
25 저희가 처음으로 거기 거할 때에 여호와를 경외치 아니한고로 여호와께서 사자들을 그 가운데 보내시매 몇 사람을 죽인지라
২৫সেই ঠাইত বসতি কৰাৰ আৰম্ভণীতে, তেওঁলোকে যিহোৱাক ভয় কৰা নাছিল; এই হেতুকে যিহোৱাই তেওঁলোকৰ মাজলৈ সিংহ পঠাই দিলে আৰু সেইবোৰে তেওঁলোকৰ কিছুমানক মাৰি পেলালে।
26 그러므로 혹이 앗수르 왕에게 고하여 가로되 왕께서 사마리아 여러 성읍에 옮겨 거하게 하신 열방 사람이 그 땅 신의 법을 알지 못하므로 그 신이 사자들을 저희 가운데 보내매 저희를 죽였사오니 이는 저희가 그 땅 신의 법을 알지 못함이니이다
২৬তেতিয়া অচূৰৰ ৰজাৰ আগত তেওঁলোকে ক’লে, “আপুনি যি জাতিবোৰক আনি চমৰিয়াত বাস কৰিবৰ কাৰণে পঠাই দিলে, তেওঁলোকে সেই দেশৰ ঈশ্বৰক কেনেদৰে উপাসনা কৰিব লাগে, তাক নাজানে। সেয়ে ঈশ্বৰে তেওঁলোকৰ মাজলৈ সিংহ পঠালে আৰু সেইবোৰে লোকসকলক মাৰি আছে, কিয়নো তেওঁলোকে সেই দেশৰ ঈশ্বৰৰ নিয়ম প্ৰণালী নাজানে।”
27 앗수르 왕이 명하여 가로되 너희는 그곳에서 사로잡아 온 제사장 하나를 그곳으로 데려가되 저로 그 곳에 가서 거하며 그 땅 신의 법으로 무리에게 가르치게 하라
২৭তেতিয়া অচূৰৰ ৰজাই এই আজ্ঞা দিলে, “তাৰ পৰা অনা পুৰোহিতসকলৰ এজনক তালৈ যাবলৈ দিয়া আৰু তেওঁ গৈ তাত বসতি কৰক। তেওঁ সেই দেশৰ ঈশ্বৰক কেনেদৰে উপাসনা কৰিব লাগে, তাক শিকাওক।”
28 이에 사마리아에서 사로잡혀 간 제사장 중 하나가 와서 벧엘에 거하며 백성에게 어떻게 여호와 경외할 것을 가르쳤더라
২৮সেয়ে চমৰিয়াৰ পৰা লৈ যোৱা পুৰোহিতসকলৰ মাজৰ এজনে আহি বৈৎএলত নিবাস কৰিলে আৰু কেনেকৈ তেওঁলোকে যিহোৱাক উপাসনা কৰিব লাগে, তাক তেওঁ শিকালে।
29 그러나 각 민족이 각기 자기의 신상들을 만들어 사마리아 사람의 지은 여러 산당에 두되 각 민족이 자기의 거한 성읍에서 그렇게 하여
২৯তথাপিও প্ৰত্যেক জাতিৰ লোকসকলে যি যি নগৰত বাস কৰিছিল, তেওঁলোকে সেই নগৰবোৰত নিজৰ নিজৰ দেৱতাবোৰ নির্মাণ কৰিলে আৰু চমৰিয়াৰ লোকসকলে নির্মাণ কৰা ওখ ঠাইৰ মঠবোৰত সেইবোৰ ৰাখিলে।
30 바벨론 사람들은 숙곳브놋을 만들었고 굿 사람들은 네르갈을 만들었고 하맛 사람들은 아시마를 만들었고
৩০সেইদৰে বেবিলনৰ লোকসকলে চক্কোৎ-বনোতৰ মূর্তি, কুথৰ লোকসকলে নেৰ্গলৰ মূর্তি, হমাতৰ লোকসকলে অচীমা মূর্তি সাজিলে;
31 아와 사람들은 닙하스와 다르닥을 만들었고 스발와임 사람들은 그 자녀를 불살라 그 신 아드람멜렉과 아남멜렉에게 드렸으며
৩১অব্বিয়াসকলে নিভজ আৰু তৰ্তকৰ মূর্তি সাজিলে; অদ্ৰম্মেলক আৰু অনম্মেলক নামৰ চফৰ্বয়িমৰ দেৱতাবোৰৰ উদ্দেশ্যে চফৰ্বয়িমৰ লোকসকলে তেওঁলোকৰ নিজৰ সন্তান সকলক জুইত পুৰি উৎসর্গ কৰিলে।
32 저희가 또 여호와를 경외하여 자기 중에서 사람을 산당의 제사장으로 택하여 그 산당에서 자기를 위하여 제사를 드리게 하니라
৩২তেওঁলোকে যিহোৱাৰো উপাসনা কৰিছিল। উপাসনাৰ ওখ ঠাইৰ মঠবোৰত পুৰোহিতৰ কার্য কৰিবৰ কাৰণে নিজৰ মাজৰ পৰাই লোক নিযুক্ত কৰিছিল; সেই পুৰোহিতসকলে তেওঁলোকৰ বাবে ওখ ঠাইৰ মঠ-মন্দিৰবোৰত বলি উৎসর্গ কৰিছিল।
33 이와 같이 저희가 여호와도 경외하고 또한 어디서부터 옮겨왔든지 그 민족의 풍속대로 자기의 신들도 섬겼더라
৩৩তেওঁলোকে যিহোৱাক উপাসনা কৰাৰ লগতে যি জাতিবোৰৰ মাজৰ পৰা তেওঁলোকক লৈ অনা হৈছিল, সেই জাতিবোৰৰ নিয়ম-প্ৰণালী অনুসাৰে নিজৰ দেৱতাবোৰৰো পূজা-অর্চনা কৰিছিল।
34 저희가 오늘까지 이전 풍속대로 행하여 여호와를 경외치 아니하며 또 여호와께서 이스라엘이라 이름을 주신 야곱의 자손에게 명하신 율례와 법도와 율법과 계명을 준행치 아니하는도다
৩৪আজিলৈকে তেওঁলোকে সেই পূৰ্বকালৰ নিয়ম-প্ৰণালী মানি চলি আছে। তেওঁলোকে প্রকৃতার্থত যিহোৱাক উপাসনা নকৰে, কাৰণ যিহোৱাই যি যাকোবৰ নাম ইস্রায়েল ৰাখিছিল, সেই যাকোবৰ সন্তান সকলৰ বিধি বা নির্দেশ বা বিধান বা যিহোৱাই তেওঁলোকক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে কাৰ্য নকৰে।
35 옛적에 여호와께서 야곱의 자손에게 언약을 세우시고 저희에게 명하여 가라사대 너희는 다른 신을 경외하지 말며 그를 숭배하지말며 그를 섬기지 말며 그에게 제사하지 말고
৩৫যাকোবৰ সৈতে যিহোৱাই ইস্রায়েলসকলৰ কাৰণে এটি নিয়ম স্থাপন কৰি তেওঁলোকক এই আজ্ঞা দিছিল, “তোমালোকে আন কোনো দেৱ-দেবীক ভয় নকৰিবা বা তেওঁলোকৰ আগত প্ৰণিপাত নকৰিবা আৰু তেওঁলোকক সেৱা-পূজা বা তেওঁলোকৰ উদ্দেশ্যে বলিদান নকৰিবা।
36 오직 큰 능력과 편 팔로 너희를 애굽에서 인도하여 낸 여호와만 너희가 경외하여 그를 숭배하며 그에게 제사를 드릴 것이며
৩৬কিন্তু যিহোৱাই, যি জনে মহা-পৰাক্ৰমেৰে আৰু মেলা বাহুৰে মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকে সেই যিহোৱাৰেই উপাসনা কৰিবা; তেওঁকেই প্ৰণিপাত কৰিবা আৰু তেওঁৰেই উদ্দেশ্যে বলি উৎসর্গ কৰিবা।
37 또 여호와가 너희를 위하여 기록한 율례와 법도와 율법과 계명을 너희가 지켜 영원히 행하고 다른 신들을 경외치 말며
৩৭তেওঁ যি সকলো বিধি, নির্দেশ, বিধান আৰু আজ্ঞা তোমালোকৰ কাৰণে লিখি দিছিল তাক তোমালোকে সদায় পালন কৰিবা। গতিকে তোমালোকে আন দেৱতাবোৰলৈ ভয় নকৰিবা।
38 또 내가 너희와 세운 언약을 잊지 말며 다른 신들을 경외치 말고
৩৮মই তোমালোকে সৈতে কৰা নিয়মটি তোমালোকে নাপাহৰিবা আৰু আন দেৱতাবোৰৰ উপাসনা নকৰিবা।
39 오직 너희 하나님 여호와를 경외하라 그가 너희를 모든 원수의 손에서 건져내리라 하셨으나
৩৯কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাকেই তোমালোকে উপাসনা কৰিবা; তাতে তেৱেঁই তোমালোকক তোমালোকৰ সকলো শত্ৰুৰ শক্তিৰ পৰা উদ্ধাৰ কৰিব।”
40 그러나 저희가 듣지 아니하고 오히려 이전 풍속대로 행하였느니라
৪০তথাপিও তেওঁলোকে সেই কথালৈ কাণ নিদিলে; তেওঁলোকে পূর্বে যিদৰে কৰিছিল, সেই অনুসাৰেই চলি থাকিল।
41 그 여러 민족이 여호와를 경외하고 또 그 아로새긴 우상을 섬기더니 그 자자 손손이 그 열조의 행한 것을 좇아 오늘까지 그대로 하니라
৪১এইদৰে সেই জাতি সমূহে যিহোৱাক ভয় কৰিছিল আৰু তেওঁলোকৰ কটা-প্ৰতিমাকো পূজা কৰিছিল; তেওঁলোকৰ পূর্বপুৰুষসকলে যেনেকৈ কৰিছিল, তেওঁলোকৰ নাতি-পুতিসকলেও তেনেকৈ আজিলৈকে কৰি আহিছে।