< Bharumi 14 >
1 Munjambelelayi jhejhioha ambajhe ndo dhaifu mu imani, bila kuhomesya hukumu kuhusu mabhuasu gha muene.
১যি জন বিশ্বাসত দূৰ্বল, তেওঁক বিচাৰ নকৰি আপোনালোকে গ্ৰহণ কৰক; কিন্তু বিভিন্ন মত, বিবাদ, বা সোধ-বিচাৰ কৰিবৰ অৰ্থে নহয়।
2 Munu mmonga ajhe ni imani jha kulya kyokyoha, jhongi ambajhe ndo zaifu ilya mbogha siene.
২কোনো এজনৰ সকলো বস্তু খাবলৈ বিশ্বাস আছে; কিন্তু আনহাতে যি জন দূৰ্বল, তেওঁ কেৱল শাক-পাচলিহে খায়।
3 Munu ambajhe ilya khila khenu asin'jimuli jhaibela kulya khila khenu. Ni muene jhailya lepi khila khenu asin'hukumu muene ambajhe ilya khila khenu. Kwa ndabha K'yara amalikumpokea.
৩যি জন লোকে সকলো খায়, তেওঁ নোখোৱা জনক হেয়জ্ঞান নকৰক আৰু যি জনে নাখায়, তেওঁ খোৱা জনৰ বিচাৰ নকৰক; কিয়নো ঈশ্বৰে তেওঁক গ্ৰহণ কৰিলে।
4 Bhebhe ghwe niani, bhebhe jhaukan'hukumu mtumishi ambajhe ndo miliki jha munu jhongi? Ndo palongolo pa K'yara ghwa muene kujha ijhema au ibina. Lakini ibetakujhinulibhwa, kwa kujha Bwana ihotola kunjemesya.
৪অাপুনি লোকৰ দাসৰ যে বিচাৰ কৰিছে, অাপুনি নো কোন? তেওঁ নিজ প্ৰভুৰ আগত হয় থিৰে থাকে নাইবা পৰে; কিন্তু তেওঁক থিৰ কৰা যাব; কিয়নো প্ৰভুৱে তেওঁক থিৰ কৰিব পাৰে।
5 Munu mmonga ithamini ligono limonga kuliko l'enge. Jhongi ithamini khila ligono sabhwa. Hebu khila munu na ashawishibhwayi mu luhala lwa muene.
৫কোনো এজনে যদি এটা দিনক আন দিনতকৈ অধিক মান্য কৰে; আনহাতে কোনোৱে সকলো দিনকে সমানে মান্য কৰে, কিন্তু প্ৰতিজনে নিজ নিজ মন বিশ্ৱাসত দৃঢ় কৰি ৰাখক।
6 Muene ambajhe ikamula ligono ikamula kwa ndabha jha K'yara. Ni kwa muene jha ilya, ilya kwandabha jha Bwana kwa kujha akampela K'yara shukrani. Muene ambajhe ilya lepi ikwizuilz kubela kulya kwandabha jha Bwana. Muene kabhele ipisya shukrani kwa K'yara.
৬যি জনে বিশেষ দিন মানে, তেওঁ প্ৰভুৰ উদ্দেশ্যে সেইদিন মানক; যি জনে খায়, তেওঁ প্ৰভুৰ উদ্দেশ্যে খাওক; কিয়নো তেওঁ ঈশ্বৰৰ ধন্যবাদ কৰে৷ যি জনে নাখায়, তেৱোঁ প্ৰভুৰ উদ্দেশ্যে নাখাওঁক; আৰু ঈশ্বৰৰ ধন্যবাদ কৰক।
7 Kwa kujha ajhelepi jhaiishi kwa nafsi jha muene, na ajhelepi jha ifwa kwandabha jha muene.
৭কিয়নো আমাৰ কোনেও নিজৰ কাৰণে জীয়াই নাথাকো আৰু কোনেও নিজৰ কাৰণে নমৰো।
8 Kwa kujha ikajhiajhi twiishi, twiishi kwandabha jha Bwana. Na kama twifwa kwandabha jha Bwana. Basi kama twiishi au twifwa twijha mali gha Bwana.
৮কিয়নো যদি আমি জীয়াই থাকো, তেনেহলে প্ৰভুৰ উদ্দেশ্যে জীওঁ; আৰু যদি মৰোঁ, তেনেহলে প্ৰভুৰ উদ্দেশ্যেই মৰোঁ; এই কাৰণে যদিও জীওঁ বা মৰোঁ, আমি প্ৰভুৰেই হৈ আছোঁ।
9 Kwa kujha ndo kwa kusudi e'le Kristu afuili ni kuishi kabhele, kujha ajhelayi. Bwana ghwa bhoha bhafu ni bhaomi.
৯কিয়নো মৃত্যু হোৱা সকলৰ আৰু জীৱিত সকলৰ প্ৰভু হ’বলৈ, খ্ৰীষ্ট মৰিল আৰু জীয়াই উঠিল।
10 Lakini bhebhe, kwa ndabha jha kiki ukan'hukumu ndongobhu? Ni bhebhe kwandabha jha kiki ukan'jimula ndongobhu? Kwa kujha tete twebhoha twibetakujhema palongolo pa kiti kya hukumu kya K'yara.
১০কিন্তু আপুনি কিয় নিজৰ ভায়েৰাৰ সোধ-বিচাৰ কৰিছে? আপোনাৰ ভায়েৰাক নো কিয় হেয়জ্ঞান কৰিছে? কিয়নো আমি সকলোৱে ঈশ্বৰৰ বিচাৰৰ আসনৰ আগত থিয় হ’ম।
11 Kwa kujha jhilembibhu, “Kama kyaniishi,” ijobha Bwana, “Kwa nene khila ligoti libetakupigibhwa, ni khila lumihu lwibetakuhomesya sifa kwa K'yara.”
১১কাৰণ এনেকৈ লিখা আছে, প্ৰভুৱে কৈছে, “মোৰ জীৱনৰে শপত, প্ৰভুৱে যে কৈছে, সকলোৱে মোৰ আগত আঁঠু ল’ব, আৰু প্ৰত্যেক জিভাই ঈশ্বৰৰ গৌৰৱ কৰিব।”
12 Henu basi, khila mmonga bhitu ibetakuhomesya hesabu jha muene kwa K'yara.
১২এনেদৰে আমি প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাব দিব লাগিব।
13 Henu tusijhendeleli kabhele kuhukumiana, lakini badala jhiake amulayi naha, kujha ajhelepi jhaibetakubheka kikwazo au n'teghu kwa ndongomunu.
১৩এই কাৰণে আমি কেতিয়াও পৰস্পৰৰ সোধ-বিচাৰ নকৰিম; কিন্তু ইয়াৰ পৰিৱর্তে আপোনালোকে এই বিচাৰ কৰক, কোনেও যেন নিজ ভাইৰ আগত বিপত্তিজনক বস্তু বা ফান্দ পাতি নাৰাখে।
14 Nimanyili na nishawishiki kwa Bwana Yesu, kujha khijhelepi khenu kya kijhele najisi kyene. Kwa muene tu jhaidhanila kujha kyokyoha ndo najisi kwa kujha kwa muene ndo najisi.
১৪স্বভাৱতে কোনো বস্তু যে অশুচি নহয়, ইয়াক মই জানো আৰু প্ৰভু যীচুত দৃঢ় বিশ্বাস কৰোঁ; কিন্তু যি জনে যি বস্তু অশুচি বুলি জ্ঞান কৰে, তেওঁলৈ সেই বস্তু অশুচি হয়।
15 Ikajhiajhi kwa ndabha jha kyakulya ndongobhu ihuzunika, wigenda lepi kabhele mu luganu. Usin'haribu kwa kyakulya kyajhobhi munu ambajhe kwandabha jha muene Kristu afuili.
১৫কিয়নো আপোনাৰ খোৱা বস্তুৰ দ্বাৰাই যদি আপোনাৰ ভাই দুঃখিত হয়, তেনেহলে আপুনি প্ৰেম আচৰণ কৰা নহ’ল। যি জনৰ কাৰণে খ্ৰীষ্ট মৰিল, সেই জনক আপোনাৰ খোৱা বস্তুৰ দ্বাৰাই বিনষ্ট নকৰিব।
16 Hivyo musiruhusu matendo gha muenga manofu ghaghibetakusababisya bhanu kubhadhihaki.
১৬এতেকে আপোনালোকৰ ভাল কর্মবোৰ আন লোকৰ ঠাট্টা নিন্দাৰ কাৰণ হবলৈ নিদিব;
17 Kwa kujha bhufalme bhwa K'yara sio kwa ndabha jha haki, amani, ni furaha mu Roho Mtakatifu.
১৭কিয়নো ভোজন বা পান কৰাই ঈশ্বৰৰ ৰাজ্য নহয়; কিন্তু ধাৰ্মিকতা, শান্তি আৰু পবিত্ৰ আত্মাৰ আনন্দ, এইবোৰহে ঈশ্বৰৰ ৰাজ্যৰ সাৰ।
18 Kwa kujha muene jha aka'tumikila Kristu kwa namna ejhe ajhedekelibhu ni K'yara na ajhedekelibhu ni bhanu.
১৮কাৰণ এই বিষয়ত যি জনে খ্ৰীষ্টৰ সেৱাকৰ্ম কৰে, তেওঁ ঈশ্বৰৰ গ্ৰহণকাৰী আৰু ব্যক্তি সকলৰ আগতো পৰীক্ষাসিদ্ধ।
19 Henu basi, na tukyesiajhi mambo gha amani ni mambo ambagho ghakan'jenga munu jhongi.
১৯এতেকে শান্তিজনক আৰু পৰস্পৰৰ উন্নতি সাধক যি যি আছে, সেইবোৰহে অনুসৰণ কৰোঁ আহক।
20 Usijhiharibu mbombo jha K'yara kwandabha jha kyakulya. Fenu fyoha kwa kweli fijhe kinofu, lakini fibhibhi kwa munu jhola ambajhe ilya ni kun'sababishila muene kukhobhala.
২০খোৱা বস্তুৰ কাৰণে ঈশ্বৰৰ কৰ্ম বিনষ্ট নকৰিব। সকলো বস্তু শুচি; তথাপি যি মানুহে যি ভোজন কৰিলে তেওঁলৈ বিঘিনি জন্মে, সেইটোৱেই তেওঁলৈ মন্দ।
21 Kinofu kutokulya nyama, bhwala kunywa divai, bhwala kyokyoha ambakyo kwa e'khu ndongobhu idadisibhwa.
২১মঙহ খোৱা বা দ্ৰাক্ষাৰস পান কৰা বা আন যি কাৰ্যৰ দ্বাৰাই আপোনাৰ ভায়েৰাই দোষী হয়, সেইবোৰ নকৰাই উচিত।
22 E'se imani maalumu jha ujhe nasu, sibhekayi pagati pa bhebhe ni K'yara. Abarikibhu jhola ambajhe ikwihukumu lepi muene kwa khela kya akakhijhendekela.
২২আপোনাৰ যি নির্দিষ্ট বিশ্বাসবোৰ আছে, সেইবোৰ আপোনাৰ আৰু ঈশ্বৰৰ মাজত ৰাখক। যি জনে যি বিষয়ক যোগ্য জ্ঞান কৰে, সেই বিষয়ত নিজৰ বিচাৰ নকৰা জন ধন্য।
23 Jhaajhe ni mashaka ahukumibhu bho ilya, kwandabha jhitokana lepi ni imani. Ni kyokyoha kyakitokenelepi ni imani ndo dhambi.
২৩কিন্তু সংশয় কৰা জনে যদি খায়, তেনেহলে তেওঁক দোষী কৰা হ’ল; কিয়নো সেয়ে বিশ্বাসমূলক নহয়; আৰু যি যি বিশ্বাসমূলক নহয়, সেই সকলোৱেই পাপ।