< Luka 24 >
1 Manyata sana ligono lya kwanza lya juma, bhahidili kumakaburi bhaletili manukato ambagho bhajhele bhaghaandele.
১কিন্তু সপ্তাহৰ প্ৰথম দিনা অতি দোকমোকালিতে, তেওঁলোকে যুগুত কৰা সুগন্ধি দ্ৰব্য লগত লৈ মৈদামৰ ওচৰলৈ আহিল।
2 Bhalibhwene liganga libelendusibhu patali ni likaburi.
২তেওঁলোকে মৈদামৰ মুখৰ পৰা শিলচটা বগৰাই থোৱা দেখিলে।
3 Bhakajhingila mugati, lakini bhaghubhwene lepi mb'ele bhwa Bwana Yesu.
৩পাছত তেওঁলোক মৈদামৰ ভিতৰলৈ সোমাই গ’ল কিন্তু তাত প্ৰভু যীচুৰ দেহ দেখা নাপালে।
4 Jhatokili kwamba, wakati bhachanganyikibhu kuhusu e'le ghafla, bhanu bhabhele bhajhemili pagati pa bhene bhafwalili mavazi gha kulangala.
৪তাতে তেওঁলোকে এই বিষয়ে সংশয় কৰি থাকোতে, সেই ঠাইত চক্মকীয়া বস্ত্ৰ পিন্ধা দুজন পুৰুষ তেওঁলোকৰ ওচৰত আহি থিয় হ’ল।
5 Bhadala bhamemili hofu ni kujhinamisya nyuso sya bhene pasi, bhakabhajobhela bhadala, “Kwandajha kiki mukandonda jha ajhe hai miongoni mwa bhafu?
৫পাছত তিৰোতা সকলে ভয় পাই মাটিৰ ফালে মূৰ দোৱাই থাকোতে, সেই দূতে তেওঁলোকক কলে, “তোমালোকে মৃত লোকৰ মাজত জীৱিত জনক কিয় বিচাৰিছা?”
6 Ajhelepi apa, ila afufuiki! Mukhombokayi kyaajobhi ni muenga bho ajhe ni muenga Galilaya,
৬“তেওঁ ইয়াত নাই, কিন্তু তেওঁ উঠিল! তেওঁ গালীল প্ৰদেশত থাকোতেই, যি কথা কৈছিল, সেই কথা তোমালোকে সোঁৱৰণ কৰা,
7 Ajobhili kujha Mwana ghwa Adamu lazima abhosibhwajhi mu mabhoko gha bhanu bhenye dhambi ni kusulubisibhwa, ni ligono lya tatu, afufukajhi kabhele.”
৭তেওঁ কৈছিল বোলে, মানুহৰ পুত্ৰ পাপী লোকৰ হাতত সমর্পিত হ’ব আৰু ক্রুচত হত হৈ, তৃতীয় দিনা পুনৰায় উঠিব লাগিব৷”
8 Bhadala bhalabhakakhomboka malobhi gha muene,
৮সেই সময়ত তেওঁ কোৱা কথাবোৰ তিৰোতা সকলৰ মনত পৰাত,
9 ni kubhujha kuhoma kumakaburi ni kubhajobhela mambo agha ghoha bhala kumi na moja ni bhangi bhoha.
৯তেওঁলোকে মৈদামৰ পৰা ঘূৰি গৈ, এঘাৰ জন পাচঁনিকে আদি কৰি সকলোকে এই সকলো কথাৰ সম্বাদ দিলে।
10 Basi Maria Magdalena, Joana, Maria mabhu ghwa Yakobo, ni bhadala bhangi pamonga nabhu bhakahomesya taarifa e'se kwa mitume.
১০তেওঁলোকৰ মাজত মগ্দলীনী মৰিয়ম, যোহানা আৰু যাকোবৰ মাক মৰিয়ম আছিল; আৰু তেওঁলোকে সৈতে আন কেইজনীয়েও পাঁচনি সকলক এইবোৰ কথা ক’লে৷
11 Lakini ujumbe obho bhwabhonekene kama mzaha tu kwa mitume, na bhebhaamini lepi bhadala bhala.
১১কিন্তু পাঁচনি সকলৰ দৃষ্টিত সেইবোৰ অনর্থক কথা যেন লগাত, তেওঁলোকে তিৰোতা সকলক অবিশ্বাস কৰিলে।
12 Hata hivyo Petro ajhumuiki, ni kujumba kulota kulikaburi, ni kuhongolela mgati abhuene sanda jhiene. Petro kisha akabhoka akalota kunyumba kwa muene, ni kustaajabu kiki kyakikahomili.
১২তথাপি পিতৰে উঠি মৈদামলৈ লৰি গৈ, চাপৰি চাই কেৱল শণ সূতাৰ মিহি কাপোৰ কেইখন দেখিলে৷ পাছে যি ঘটিল তাতে তেওঁ বিস্ময় মানি নিজ ঘৰলৈ গুচি গ’ল।
13 Na langayi, bhabhele miongoni mwa bhene bhajhele bhilota ligono leluelu mu kijiji kimonga kyakikutibhwa Emmau, ambakyo kyajhele maili sitini kuhoma Yerusalemu.
১৩পাছত তেওঁলোকৰ মাজৰ দুজনে সেই দিনাই যিৰূচালেমৰ পৰা চাৰে সাত মাইল দূৰত থকা ইম্মায়ু নামৰ এখন গাঁৱলৈ গৈ আছিল।
14 Bhajadiliene bhene kwa bhene kuhusu mambo ghaghatokili.
১৪তেওঁলোক দুয়োজনে এই সকলো ঘটনাৰ বিষয়ে কথোপকথন কৰি গৈ আছিল।
15 Jhatokili kwamba, wakati bhijadiliana ni kukota na maswali, Yesu akahegelela karibu akaambatana nabhu.
১৫তেওঁলোকে কথোপকথন আৰু সোধা-সুধি কৰি থাকোতেই, যীচুৱে নিজে ওচৰলৈ আহি তেওঁলোকৰ সৈতে যাব ধৰিলে।
16 Lakini mihu gha bhene ghazuilibhu kummanya muene.
১৬কিন্তু তেওঁলোকে যেন তেওঁক চিনিব নোৱাৰে, এই কাৰণে তেওঁলোকৰ চকু বন্ধ হ’ল৷
17 Yesu akabhajobhela, “Kiki ambakyo muenga bhabhele mkilongelela wakati mwigenda?” Bhakajhema pala bhakajha bhibhonekana ni huzuni.
১৭যীচুৱে তেওঁলোকক সুধিলে, “তোমালোকে ইজনে সিজনে কি কথা পাতি গৈ আছা?” তাতে তেওঁলোক মলিন মুখেৰে থিয় হৈ ৰ’ল।
18 Mmonga bhabhi, lihina lya muene Cleopa, an'jibili, “Je bhebhe ghwe munu pekee apa Yerusalemu ambajhe amanyilepi mambo ghaghatokili okhu magono agha?”
১৮তেতিয়া ক্লিয়পা নামৰ এজনে উত্তৰ দি ক’লে, “যি যি কথা এই কেইদিনত ঘটি আছে, সেইবোৰ কথা যিৰূচালেমত বাস কৰি কেৱল আপুনিয়ে নাজানে হ’বলা?”
19 Yesu akabhajobhela, “Mambo ghaloki?” Bhakan'jibu, “Mambo kuhusu Yesu Mnazareti, ambajhe ajhele nabii, muweza mu matendo ni malobhi mbele sya K'yara ni bhanu bhoha.
১৯যীচুৱে তেওঁলোকক সুধিলে, “কি কথা?” তেওঁলোকে তেওঁক ক’লে, যি নাচৰতীয়া যীচু, ঈশ্বৰ আৰু সকলো লোকৰ সাক্ষাতে কর্মত আৰু বাক্যত পৰাক্ৰমী ভাববাদী আছিল,
20 Ni jinsi ambavyo bhabhaha bha makuhani ni bhalongosi bha jhotu kyampisili kuhukumibhwa kifo ni kun'sulubisya.
২০তেওঁক আমাৰ প্ৰধান পুৰোহিত আৰু শাসনকর্তা সকলে কেনেকৈ দোষী কৰি প্ৰাণদণ্ডৰ অর্থে শোধাই দি ক্রুচত দিলে৷
21 Lakini twatumaini kujha muene ndo jhaibeta kubhebheka huru Israeli. Ena, patali ni agha ghoha, henu ndo ligono lya tatu kuhomela mambo agha ghatokili.
২১কিন্তু যি জনে ইস্ৰায়েল লোকক মুক্ত কৰিব, তেৱেঁই সেই জন বুলি আমি আশা কৰিছিলোঁ। কিন্তু এই সকলোৰ উপৰি এই কথা ঘটা আজি তিনি দিন হৈছে।
22 Lakini kabhele, baadhi jha bhadala kuhoma mu likundi lya tete bhatusyangese, baada jha kujha kulikaburi lubhuliku.
২২ইয়াৰ উপৰি আমাৰ লগৰ কেইবাগৰাকী তিৰোতাইয়ো ৰাতিপুৱাই মৈদামলৈ গৈ আমাক বিস্ময় লগালে;
23 Bho bhaudulili mbele ghwa muene, bhakahida, bhakajobha kwamba bhabhuene kabhele maono gha malaika bhabhajobhili kwamba muomi.
২৩কিয়নো তেওঁৰ দেহ নাপাই উলটি আহি ক’লে যে, তেওঁলোকে দূত সকলক দেখা পালে আৰু তেওঁ জীয়াই উঠিল বুলি কোৱা শুনিলে।
24 Baadhi jha bhagosi ambabho bhajhele pamonga natu bhalotili ku likaburi, ni kukolela ni kama vile bhadala kyabhajobhili. Lakini bhambwene lepi muene.”
২৪পাছত আমাৰ লগৰ কেইজনমান মানুহ মৈদামলৈ গৈ তিৰোতা সকলে কোৱাৰ দৰেই দেখিলে; কিন্তু তেওঁক দেখা নাপালে।
25 Yesu akabhajobhela, “Muenga bhanu bhajinga na bhenye mioyo mizito gha kuamini ghoha ambagho manabii bhajobhili!
২৫যীচুৱে তেওঁলোকক ক’লে, “হে নির্ব্বোধ আৰু ভাববাদীয়ে কোৱা সকলো কথাত বিশ্বাস কৰিবলৈ ভোতোহা মনৰ মানুহ!
26 Je jhajhelepi lazima Yesu kuteseka kwa mambo agha, ni kujhingila mu utukufu bhwa muene?”
২৬খ্ৰীষ্টে দুখ ভোগ কৰি নিজৰ প্ৰতাপত সোমাব নেলাগিছিল নে?”
27 Kisha kujhandila kuhoma kwa Musa ni manabii bhoha, Yesu abhatafsiriri mambo ghaghakamhusu muene mu maandiku ghoha.
২৭পাছত তেওঁ মোচিৰ পৰা আৰু সকলো ভাববাদীৰে পৰা আৰম্ভ কৰি গোটেই ধৰ্মশাস্ত্ৰত নিজৰ বিষয়ে লিখা কথা তেওঁলোকক বুজাই দিলে।
28 Bhobhakaribili kijiji khela, okhu kwa bhaloteghe, Yesu akabhomba kana kwamba ijhendelela palongolo.
২৮এনেদৰে তেওঁলোকে যাব বিচৰা গাঁৱৰ ওচৰ পোৱাত, যীচুৱে আৰু দুৰ পথ যাবলৈ থকা যেন দেখুৱালে।
29 Lakini bhandasimisi, bhakajobha, “Tamayi pamonga ni tete, maana jhilotela kimihi ni ligono kama limaliki.” Hivyo Yesu akajhingila kulota kutama nabhu.
২৯কিন্তু তেওঁলোকে যীচুক বৰকৈ অনুৰোধ কৰি ক’লে, “চাওক, এতিয়া দিনৰ শেষ; প্রায় সন্ধিয়া হবলৈ হৈছে। আপুনি আমাৰ সৈতে থাকি যাওঁক৷”
30 Jhatokili kwamba, wakati atamili nabhu kulya, atolili n'kate abhubariki, ni kuumetula, akabhapela.
৩০তেতিয়া তেওঁ তেওঁলোকৰ সৈতে থাকিল। পাছত তেওঁ ভোজন কৰিবলৈ তেওঁলোকৰ লগত বহোঁতে পিঠা লৈ আশীৰ্বাদ কৰি ভাঙি তেওঁলোকক দিলে।
31 Kisha mihu gha bhene ghafungulibhu, bhakammanya, na abhokili ghafla palongolo pa mihu gha bhene.
৩১এনেতে তেওঁলোকৰ চকু মুকলি হ’ল আৰু তেওঁক চিনি পালে; তেতিয়া তেওঁ তেওঁলোকৰ পৰা অদৃশ্য হ’ল।
32 Bhakajobhesana bhene kwa bhene, “Hivyo mioyo ghya jhotu ghyikajhelepi mu mioyo ghya jhotu, wakati ilongela natu munjela, wakati atufungutili maandiku?”
৩২পাছত তেওঁলোকে পৰস্পৰে কোৱা-কুই কৰি ক’লে, “বাটত আহি থাকোতে তেওঁ যেতিয়া আমাৰ সৈতে কথোপকথন কৰিছিল আৰু ধৰ্মশাস্ত্ৰৰ অর্থ বুজাই দিছিল, তেতিয়া আমাৰ হৃদয় প্ৰজ্বলিত নহৈছিল নে?”
33 Bhakajhinuka lisaa leluelu nikukerebhuka Yerusalemu. Bhakabhakolela bhala kumi na moja bhakibhongeniye pamonga, nibhala bhabhajhe pamonga nabhu.
৩৩সেই সময়তে তেওঁলোক দুজন উঠি, যিৰূচালেমলৈ উলটি আহিল; তাতে একে ঠাইতে গোট খোৱা এঘাৰ জন আৰু লগত থকা সকলক দেখা পাই,
34 Bhakajobha, “Bwana afufuiki kweli kweli, na an'tokili Simoni.”
৩৪তেওঁলোকক ক’লে, “নিশ্চয় প্ৰভু উঠিল; আৰু চিমোনক দেখা দিলে।”
35 Hivyo bhakabhajobhela mambo ghaghatokili mu njela ni namna Yesu kyaadhihirishibhu kwa bhene mukuumetula n'kate.
৩৫পাছত বাটত যি যি হ’ল আৰু পিঠা ভাঙোতে তেওঁক কেনেকৈ চিনি পালে, সেই সকলোবোৰ সেই দুজন লোকে তেওঁলোকক ক’লে।
36 Wakati bhilongela mambo agha, Yesu muene ajhemili pagati pa bhene ni kubhajobhela, “Amani jhijhelayi kwa muenga.”
৩৬এইবোৰ কথা কৈ থাকোতেই যীচু নিজে তেওঁলোকৰ মাজত থিয় হৈ ক’লে, “তোমালোকৰ শান্তি হওক।”
37 Lakini bhatilili ni kujhingilibhwa ni hofu, na bhafikiriri kujha bhabhwene roho.
৩৭কিন্তু ভূত দেখিছোঁ বুলি ভাবি, তেওঁলোক ভয়াতুৰ আৰু আতংকিত হ’ল।
38 Yesu akabhajobhela, kwa ndajhakiki mwifadhaika? kwa ndajhakiki maswali ghijhinuka mu mioyo ghya jhomu?
৩৮তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ মনত কিয় উগুল-থুগুল লাগিছে? আৰু তোমালোকৰ অন্তৰত কি কাৰণে প্ৰশ্ন জাগিছে?
39 Mulangayi mabhoko ghangu ni magolo ghangu, kwamba ni nene ne muene. Munigusayi na mulolayi kwa mana roho ijhelepi ni nyama ni mafupa, kama kyamukanibhona nene kujha nafu.”
৩৯মোৰ হাত আৰু ভৰি চাই জ্ঞাত হোৱা যে মইহে, মোক স্পৰ্শ কৰি চোৱা৷ যি দৰে মোক দেখিছা, সেইদৰে আত্মাৰ হ’লে হাড় আৰু মাংস নাই”;
40 Bho amali kujobha naha, akabhalasya mabhoko gha muene ni magolo gha muene.
৪০ইয়াকে কৈ তেওঁ নিজৰ হাত-ভৰি তেওঁলোকক দেখুৱালে।
41 Bhabhakona ni furaha jhajhichanganyikene ni kutokuakiniana ni kustaajabu, Yesu akabhajobhela, “Je mujhe ni khenu kyokyoha kya kulya?”
৪১কিন্তু তেওঁলোক আনন্দিত হ’লেও, তেতিয়াও অবিশ্বাস কৰি বিস্ময় মানি থকা বাবে, যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ কিবা খোৱা বস্তু আছে নে?”
42 Bhakampela kipandi kya somba jhaanyanyibhu.
৪২তেতিয়া তেওঁলোকে তেওঁক এডোখৰ ভজা মাছ দিলে।
43 Yesu akakitola, ni kukilya mbele jha bhene.
৪৩যীচুৱে তাকে লৈ তেওঁলোকৰ আগত খালে;
44 Akabhajobhela, “Bhonijhele namu, nabhajobhili kujha ghoha ghaghalembibhu musheria sya Musa ni manabii ni Zaburi lazima ghatimilikayi.”
৪৪আৰু তেওঁ তেওঁলোকক ক’লে, “মোচিৰ বিধানত, ভাববাদী সকলৰ বিধান-শাস্ত্ৰত আৰু গীতমালাত মোৰ বিষয়ে যি যি বচন লিখা আছে, সেই সকলো সিদ্ধ হ’ব লাগে বুলি তোমালোকৰ লগত থাকোতেই, যি কথা মই কৈছিলোঁ, মোৰ সেই কথা এই।”
45 Kisha akafungula akili sya bhene, kwamba bhabhwesiajhi kughajhelebhwa maandiku.
৪৫তেতিয়া তেওঁ ধৰ্মশাস্ত্ৰ বুজিবলৈ তেওঁলোকৰ হৃদয়ৰ চকু মুকলি কৰি দিলে;
46 Akabhajobhela, “Kwamba jhilembibhu, Kristu lazima atesekayi, ni kufufuka kabhele kuhoma kwa bhafu ligono lya tatu.
৪৬আৰু তেওঁ তেওঁলোকক ক’লে, “এইদৰে লিখা আছে, যে খ্ৰীষ্টে দুখভোগ কৰি তৃতীয় দিনা মৃত লোকৰ মাজৰ পৰা পুনৰায় উঠিব৷
47 Ni toba ni msamaha bhwa dhambi lazima ihubiribhwayi kwa lihina lya muene kwa mataifa ghoha, kujhandila kuhomela Yerusalemu.
৪৭আৰু যিৰূচালেমৰ পৰা আৰম্ভ কৰি সকলো জাতিৰ আগত মন-পালটন আৰু পাপ মোচনৰ কথা তেওঁৰ নামেৰে ঘোষণা কৰা হ’ব।
48 Muenga mashahidi bha mambo agha.
৪৮তোমালোক এই সকলোৰে সাক্ষী আছা।
49 Langayi nikabhapelekela ahadi jha Dadi jhangu juu jha muenga. Lakini mulendayi apa jijini, mpaka pamwibeta kufwatikibhwa nghofu kuhoma kunani.
৪৯চোৱা মোৰ পিতৃয়ে যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞা তোমালোকলৈ পঠাই দিম৷ কিন্তু ওপৰৰ পৰা শক্তি নোপোৱালৈকে এই নগৰতে থাকা।”
50 Kisha Yesu abhalonguisi kwibhala mpaka pabhakaribili Bethania. Ajhinuili mabhoko gha muene kunani, ni kubhabariki.
৫০পাছত যীচুৱে তেওঁলোকক বৈথনিয়া গাৱঁৰ সন্মূখলৈকে আগবঢ়াই আনি, তেওঁ হাত উঠাই তেওঁলোকক আশীর্বাদ কৰিলে।
51 Jhatokili kwamba, wakati ikabhabariki, abhalekili ni kup'endibhwa kunani kulotela kumbinguni.
৫১এইদৰে তেওঁলোকক আশীর্বাদ কৰি থকা সময়ত, তেওঁ তেওঁলোকৰ পৰা পৃথক হ’ল আৰু তেওঁক স্বৰ্গলৈ নিয়া হ’ল।
52 Basi bhakamwabudu, ni kukerebhuka Yerusalemu ni furaha mbaha.
৫২তেতিয়া তেওঁলোকে তেওঁক স্তুতি কৰি, অতি আনন্দেৰে যিৰূচালেমলৈ উলটি আহিল;
53 Bhajhendelili kujha mu lihekalu, bhikambariki K'yara.
৫৩আৰু সদায় মন্দিৰত ঈশ্বৰৰ প্ৰশংসা কৰি থাকিল।