< 1 Petro 4 >
1 Henu, kwa kuj'ha Kristu atesibhu mu m'mb'ele, mwikifwekai silaha sya nia j'helaj'hela. Muene j'ha atesiki mu m'mbele abhaokhene ni dhambi.
১এতেকে, খ্ৰীষ্টই মাংসত দুখভোগ কৰাৰ কাৰণে, নিজকে সেই একে অভিপ্ৰায়েৰে সুসজ্জিত কৰক৷ যি জনে মাংসত দুখভোগ কৰে, সেই জনে পাপৰ পৰা ক্ষান্ত হয়৷
2 Munu ojhu ij'hendilila lepi kabhele kutama ni tamaa sya m'mb'ele, bali kwa mapenzi gha k'yara, kwa maisha ghake gha ghasiele.
২এনে ব্যক্তিয়ে মাংসিক অভিলাষত দীর্ঘ সময় জীৱন-যাপন নকৰে৷ কিন্তু ঈশ্বৰৰ ইচ্ছাৰ দৰে মানৱ জীৱনৰ অৱশিষ্ট সময় কটায়৷
3 Kwa kuj'ha muda ghwaghulotili ghufuene kubhomba mambo ambagho bhamataifa bhilonda kubhomba- ufisadi, nia j'hibhibhi, bhulevi, bhulafi, sherehe sya kipagani ni ibada sya sanamu syasijhele ni machukizo.
৩যিহেতু অনা-ইহুদী সকলে কৰি অহা, ইন্দ্ৰিয়পৰায়ণতা, আবেগ, সুৰাসক্ত, পানার্থক আমোদ-প্ৰমোদ, ঘিণলগীয়া মূৰ্তিপূজা - এইবোৰত যি সময় পাৰ কৰিলে সেয়াই যথেষ্ট৷
4 Bhifikiri ndo ajabu pamwikibhsya kubhomba mambo agha pamonga nabhu, hivyo bhinene maovu juu j'hinu.
৪তাতে আপোনালোকে তেওঁলোকৰ সৈতে সেইবোৰ কর্ম নকৰা দেখি তেওঁলোকে আচৰিত মানি আপোনালোকক নিন্দা কৰে।
5 Bhibeta kuhomesya hesabu kwa j'ha aj'he tayari kuhukumu bhabhaj'hale hai ni bhafu.
৫কিন্তু যি জন জীৱিত আৰু মৃত লোক সকলৰ সোধ-বিচাৰ কৰিবলৈ যুগুত আছে, তেওঁৰ আগত তেওঁলোকে হিচাব দিব লাগিব।
6 Kwa kusudi ele injili j'hahubiribhu kwa bhene bhabhamali kufwa, kuj'ha japokuwa bhamali kuhukumibhwa mu mibhele ghiabho kama bhanadamu, itibhabhwesiaghe kutama kul'engana ni k'yara mu roho.
৬কিয়নো যি সকল মৰিল, তেওঁলোকৰ আগত এই অভিপ্ৰায়েৰে শুভবাৰ্তা প্ৰচাৰ কৰা হৈছিল, যদিও তেওঁলোকৰ বিচাৰ যিহেতু মানৱ শৰীৰত হব, আত্মাত তেওঁলোক সেই অনুসাৰে ঈশ্ৱৰলৈ জীৱিত৷
7 Mwisho ghwa mambo agha ghoha ghwihida. Henu muj'hiagheni bhufahamu bhwabhuj'hele sahihi ne j'hij'hiaghe ni nia j'hinofu kwa ndabha j'ha maombi ghinu.
৭কিন্তু সকলোৰে শেষ ওচৰ চাপিছে; এতেকে প্ৰাৰ্থনাৰ কাৰণে সুবোধ আৰু সচেতন হৈ থাকক;
8 Kabla gha mambo ghoha, mujh'iaghe ni bidii mu luganu kwa kila mmonga, kwa kuj'ha lugano bhwilonda lepi kufunula dhambi sya bhangi.
৮বিশেষকৈ আপোনালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখক; কিয়নো প্ৰেমে আনৰ পাপ সমূহ নিবিচাৰে।
9 Mulasiayi bhukarimu kwa kila mmonga bila kudada.
৯আপত্তি নকৰাকৈ ইজন-সিজনৰ প্ৰতি অতিথিপৰায়ণ হওক।
10 Kama ambavyo kila mmonga ghwinu kyaapokili katama, mujhitumilajhi kuhudumilana, kama bhasimamizi bhanofu bha karama lihemele syasiho mesibhu mebhu ni k'yara.
১০আপোনালোকে যেনেকৈ প্ৰতিজনে অনুগ্ৰহৰ বৰ পালে, তেনেকৈ ঈশ্বৰৰ বহুবিধ অনুগ্ৰহৰূপ ধনৰ উত্তম তত্ৱাৱধায়কৰদৰে, আপোনালোকে পৰস্পৰক সেৱা শুশ্ৰূষা কৰক;
11 Kama munu alongilili, j'hij'hiaghe kama mausia gha k'yara, na kama munu akahudumuayi, na j'hij'hiaghe kama bhuwezo bhwa ap'helibhu ni k'yara, ila kwa kila lijambo lya k'yara akabhai kutukusibhwa kup'hetela Yesu Kristu. Bhutukufu ni bhuweza fijhele nu muene milele na milele. Amina. (aiōn )
১১যদি কোনোৱে কথা কয়, তেনেহলে ঈশ্বৰৰ বাক্যৰদৰে কওক; যদি কোনোৱে সেৱা শুশ্ৰূষা কৰে, তেনেহলে ঈশ্বৰে দিয়া শক্তি অনুসাৰে কৰক; এইদৰে সকলো বিষয়তে যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰ মহিমান্বিত হয়; তেওঁৰেই মহিমা আৰু পৰাক্ৰম চিৰকাল হওক। আমেন। (aiōn )
12 Bhaganwa, msibhalangi janbu ambalyo lihida kubhaharibu kama khenu kihesya, ingawa kuj'ha k'henu kihesya kyakika j'hela kih'omela kwa muenga.
১২হে প্ৰিয় লোক সকল, আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আপোনালোকৰ মাজত যি অগ্নিময় কষ্টৰ জুই জ্ৱলিছে, এইবোৰত আপোনালোকে বিস্মিত নহ’ব, কোনো অদ্ভুত বিষয় ঘটিছে বুলি মনত নাভাবিব৷
13 Lakini kwa kadri kyamwizidi kukabha bhuzoefu bhwa malombosi gha Kristu, muhobhokai, ili kuj'ha muhobhokai pia ni kushangilila mu bhufunuo bhwa bhutukufu bhwake.
১৩কিন্তু খ্ৰীষ্টৰ দুখভোগৰ সহভাগী হোৱা বাবে আপোনালোকে আনন্দ কৰক, ইয়াৰ উপৰি তেওঁৰ গৌৰৱ প্ৰকাশিত হোৱা সময়ত আপোনালোকে অধিক আনন্দ আৰু উল্লাস কৰিব পাৰিব।
14 Iwapo mulighibhu kwa ndabha j'ha lihina lya Kristu, mbarikibhu, kwa ndabha j'ha roho mtakatifu ni roho ghwa k'yara itama panani p'hinu.
১৪আপোনালোক ধন্য, যদি আপোনালোকে খ্ৰীষ্টৰ নামৰ কাৰণে নিন্দিত হয়; কাৰণ ঈশ্ৱৰৰ আত্মা আৰু গৌৰৱৰ আত্মা আপোনালোকৰ ওপৰত স্থিৰ হৈ আছে।
15 Lakini asiwi munu ghwa kul'ombosi ghwa kama nkomi, m'meji, m'mbomba maovu, au j'ha ikishughulisya ni mambo ghangi.
১৫কিন্তু আপোনালোকৰ মাজত কোনেও যেন নৰবধী, চোৰ, কুকৰ্মকাৰী বা পৰচৰ্চ্চাকাৰী বুলি দুখভোগ নকৰক;
16 Lakini ikaj'hiayi munu itesibhwa kama mkristu, asibhoni soni, bali antukusiaghe k'yara mu lihina e'lu.
১৬যদি কোনো এজনে খ্ৰীষ্টিয়ান হোৱা কাৰণে দুখভোগ কৰে, তেনেহলে লজ্জিত নহওক; কিন্তু সেই নামেৰে ঈশ্বৰক মহিমান্বিত কৰক।
17 Kwa kuj'ha bhwakati bhufikiri kwa hukumu kubhwandila mu nyumba j'ha k'yara. Na kama j'hij'handila kwa tete, jhibeta kujha bhuli kwa bhala bhabhabelili kuntii injili j'ha k'yara?
১৭কিয়নো ঈশ্বৰৰ পৰিয়াল বর্গৰ সৈতে সোধ-বিচাৰৰ সময় আৰম্ভ হৈছে; আৰু সেয়ে যদি প্ৰথমে আমাৰ সৈতে আৰম্ভ হয়, তেনেহলে ঈশ্বৰৰ শুভবাৰ্তা নমনা সকলৰ শেষগতি কি হ’ব?
18 Ni kama “j'haaj'he ni haki ijhokolibhwa kup'hetela manonono, j'hibetakujhabhuli kwa munu j'haaj'helepi ni haki na j'haaj'he ni dhambi?”
১৮আৰু যদি ধাৰ্মিক লোকেই কোনো প্ৰকাৰেহে পৰিত্ৰাণ পায়, তেনেহলে ভক্তিহীন আৰু পাপিষ্ঠ লোকে ক’ত মুখ দেখুৱাব?
19 Kwa hiyo bhoha bhabhil'ombosibhwa kutokana ni mapenzi gha k'yara bhakabisyaghe nafsi syabho kwa muumba mwaminifu ili hali bhakabhombayi manofu.
১৯এই কাৰণে যি সকল লোকে ঈশ্বৰৰ ইচ্ছা অনুসাৰে দুখভোগ কৰে, সেই লোক সকলে সৎ কৰ্ম কৰি, নিজ নিজ জীৱাত্মাক বিশ্বাসী সৃষ্টিকৰ্ত্তাৰ হাতত সমৰ্পণ কৰক।