< 1 Petro 1 >
1 Petro ntume ghwa Yesu Kristu, kwa bhahesya bha bhutawanyiko, kwa bhateule, mu ponto j'hioha, Galatia, kapadokia, Asia ni Bithinia.
১মই পিতৰ, যীচু খ্ৰীষ্টৰ মনোনীত পাঁচনি, যি সকল প্ৰবাসী লোক পন্ত, গালাতীয়া, কোপ্পাদকিয়া, এচিয়া আৰু বিথুনিয়া দেশত গোট গোট হৈ আছে, তেখেত সকলৰ সমীপলৈ৷
2 Kutokana ni bhufahamu bhwa K'yara, Tata kwa kutakasibhwa ni Roho Mtakatifu, kwa bhutiifu bhwa Yesu Kristu, ni kwa kunyunyusibhwa muasi bhwake. Neema ij'hieghe kwa j'homu, ni amani j'hinu j'hij'honge sikaghe.
২এতিয়া পিতৃ ঈশ্ৱৰৰ পূৰ্বজ্ঞান অনুসাৰে যীচু খ্ৰীষ্টৰ আজ্ঞাধীন হ’বলৈ পবিত্ৰ আত্মাৰ দ্ৱাৰাই শুচি কৰা হ’ল আৰু তেওঁৰ তেজ ছটিয়াই দিয়া হ’ল৷ আপোনালোকলৈ অনুগ্ৰহ হওক আৰু আপোনালোকৰ শান্তি বৃদ্ধি হওক৷
3 K'yara Tata ghwa Bhwana ghwitu Yesu Kristu abarikibhuaghe. Mubhubhaha bhwa rehema j'hiake, atupelili kuhogoleka kabhale kwa bhujasiri bhwa urithi kup'etela bhufufuo bhwa Yesu Kristu mu bhafu,
৩ঈশ্ৱৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ধন্য; তেওঁৰ প্ৰচুৰ দয়া অনুসাৰে মৃত লোকৰ মাজৰ পৰা যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই জীৱনময় আশাৰ কাৰণে আৰু অক্ষয়, নিৰ্ম্মল আৰু অজৰ উত্তৰাধিকাৰৰ কাৰণে আমাক নতুন জন্ম দিলে;
4 kwa bhurithi bhwa bhubeli kuj'hangamila, bhwibeta kuj'halepi nibhuchafu bhwala kup'hangika. Bhuhifadhibhu kumbinguni kwa ndabha j'hinu.
৪সেই উত্তৰাধিকাৰ স্বৰ্গত আপোনালোকৰ কাৰণে সঞ্চিত আছে; ই চিৰস্থায়ী, কলঙ্কিত নহয়; শুদ্ধ৷
5 Kwa bhuweza bhwa K'yara mwilendibhwa kup'hetela imani kwa bhwokovu ambabho bhuj'hele tayari kufunulibhwa munyakati sya mwisho.
৫শেষৰ কালত প্ৰকাশিত হ’বলৈ যুগুত হোৱা পৰিত্রাণৰ কাৰণে, ঈশ্বৰৰ শক্তিত আপোনালোকো বিশ্বাসৰ দ্বাৰাই ৰক্ষিত হৈ আছে।
6 Muhobholelai e'le ingawaje henu ni lazima kwa muenga kwipeleka huzuni mu majaribu gha Aina mbalimbali.
৬যদিও এতিয়া বিভিন্ন দুখ-কষ্টই আপোনালোকক শোকৰ অনুভৱ আনি দিছে, তথাপি এই কথা ভাবি আপোনালোকে অানন্দ কৰক৷
7 Ej'he, kwa ndabha imani j'hinu j'hbhwesiaghe kujaribibhwa imani ambaj'ha j'ha thamani kuliko dhahabu, ambaj'ho j'hij'hagha mu muoto ambhabho ta j'hijaribu imani j'hinu. Ej'he j'hitokela ili imani j'hinu j'hibhwesiaghe kuhogola sifa bhutukufu ni heshima mubhufunuo bhwa Yesu. Kristu.
৭অাপোনালোকৰ এই বিশ্বাস পৰীক্ষাসিদ্ধ হ’ব লাগে, কিয়নো আপোনালোকৰ বিশ্ৱাস সোণতকৈও মূল্যবান। বিশ্ৱাসৰ পৰীক্ষাত যদি আপোনালোকৰ বিশ্বাস অটল দেখা যায়, তেনেহলে যীচু খ্ৰীষ্টৰ পুনৰাগমনৰ সময়ত অাপোনালোকে কিমান গৌৰৱ, প্ৰশংসা, মৰ্যদা পাব৷
8 Mumbuene dumu muene, lakini mun'ganili. Mukambona lepi henu, lakini mwikiera lwa muene na muhobhwiki muni kwa furaha ambaj'ho 'himemili bhutukufu.
৮তেওঁক আপোনালোকে দেখা নাই, কিন্তু আপোনালোকে তেওঁক প্ৰেম কৰিছে; এতিয়াও আপোনালোকে তেওঁক দেখা নাই কিন্তু আপোনালোকে তেওঁক বিশ্বাস কৰি আছে আৰু আপোনালোক অনির্বচনীয় উল্লাসত মহা আনন্দিত হৈ গৌৰৱময় হৈছে৷
9 Henu mwij'hambelela mwibhene matokeo gha imani j'hinu bhokovu bhwa nafsi syinu.
৯এতিয়া আপোনালোকৰ নিজৰ বিশ্বাসৰ ফল আপোনালোকে গ্ৰহণ কৰিছে, সেয়া আপোনালোকৰ আত্মাৰ পৰিত্রাণ৷
10 Manabii bhalondili ni kuk'hota kwa makini kuhusu bhwokovu obho, kuhusu neema ambaj'ho ngaj'hij'he j'ha muenga.
১০যি ভাববাদী সকলে আপোনালোকৰ কাৰণে নিৰূপিত অনুগ্ৰহৰ বিষয়ে ভাববাণী কৰিছিল, তেখেত সকলে সেই পৰিত্রাণৰ বিষয়ে যত্নেৰে বিচাৰ আৰু অনুসন্ধান কৰিছিল৷
11 Bhalondili kumanya ndo aina gani j'ha bhwokovu ngabhubudili. Bhalondili pia kumanya ni muda gani roho ghwa Kristu j'ha aj'hele mugati mwabhene aj'hele ilongela kiki nabhu. E'j'he j'haj'hele jbiomela wakati ikabhajobhela mapema kuhusu malombosi gha Kristu ni bhutukufu ambabho ngaumfwatili.
১১কেনেকুৱা ধৰণৰ পৰিত্ৰাণ আহিবলগীয়া আছিল, সেই বিষয়ে তেখেত সকলে অনুসন্ধান কৰি জানিব বিচাৰিছিল৷ এই বিষয়ে খ্ৰীষ্টৰ আত্মাই কোৱা সেই কাল বা সময়ৰ কথাও অনুসন্ধান কৰি জানিবলৈ বিচাৰিছিল৷ খ্ৰীষ্টৰ প্ৰতি ঘটিবলগীয়া দুখভোগ আৰু পাছত তেওঁলৈ আহিবলগীয়া মহিমাবোৰৰ বিষয়ে সেই আত্মাই তেখেত সকলক আগতীয়াকৈ কৈছিল৷
12 J'hafunulibhu kwa manabii kuj'ha bhaj'hele bhakaghatumikila mambo agha na sio kwa ndabha j'ha bhene, bali kwa ndabha j'hinu- masimulizi gha mambo agha kup'hetela bhala bhabhileta injili kwa muenga kwa nj'hela j'ha Roho N'takatifu j'heatumibhu kuh'omela kumbinguni, mambo ambagho hata malaika bhinyonywa kufunulibhwa kuake.
১২এই ভাববাদী সকললৈ প্ৰকাশিত হ’ল যে, তেখেত সকলে নিজৰ কাৰণে নহয়, কিন্তু আপোনালোকৰ কাৰণে সেই সকলো বিষয়ৰ পৰিচৰ্যা কৰিছিল; সেই সকলো সম্বাদ, স্বৰ্গৰ পৰা পঠোৱা পবিত্ৰ আত্মাৰে যি সকলে আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিল, তেওঁলোকৰ দ্বাৰাই সম্প্ৰতি আপোনালোকক দিয়া হ’ল; এই বিষয়বোৰ স্বৰ্গৰ দূত সকলেও প্ৰকাশ হোৱাটো ইচ্ছা কৰে৷
13 Henu mfungai misana ghya akili syinu. Mujhiaghe bhatulivu mu fikra syinu. Muj'hieg`ae ni bhusisya nkamilifu mu neema ambaj'ho j'hibeta kuletibhwa kwa j'homu wakati bhwa kufunuliwa kwa Yesu Kristu.
১৩এতেকে মনৰ কঁকাল বান্ধক৷ আপোনাৰ চিন্তা শান্ত হওক৷ যীচু খ্ৰীষ্ট প্ৰকাশিত হোৱা কালত আপোনালোকলৈ যি অনুগ্ৰহ দিয়া হ’ব, সেই অনুগ্ৰহত সম্পূৰ্ণৰূপে ভাৰসা ৰাখক৷
14 Kama bhana bhatiifu msifungibhu mwibhene ni tamaa ambasyo mwasifwatili bhwakati mdutili bhufahamu.
১৪আজ্ঞাধীন হোৱা সন্তান সকলৰ যেনে উপযুক্ত, তেনেকৈ আপোনালোক পুৰ্ব্বৰ অজ্ঞান অৱস্থাৰ অভিলাষৰ অনুৰূপ নহব৷
15 Lakini kama vile j'haabhakutili kya aj'hele ntakatifu namu, pia muj'hiaghe bhatakatifu mu tabia j'hinu j'hioha maishani.
১৫আপোনালোকক আমন্ত্ৰণ কৰা জন যেনে পবিত্ৰ, আপোনালোকো সকলো আচাৰ-ব্যৱহাৰত তেনে পবিত্ৰ হওক৷
16 Kwa kuj'ha j'hijhandikibhu, '“Mj'hiaghe bhatakatifu, kwa ndabha nene ne ntakatifu”.
১৬কিয়নো লিখা আছে, ‘তোমালোক পবিত্ৰ হোৱা, কাৰণ মই পবিত্ৰ।’
17 Na kama mwikuta “tata” j'hola j'hihukumu kwa haki kul'engana ni mbombo j'ha kila munu, kunyenyekela.
১৭আৰু যি জনে পক্ষপাত নকৰাকৈ প্ৰত্যেক জনৰ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰে, তেওঁক যদি পিতৃ বুলি মাতিছে, তেনেহলে আপোনালোকৰ জীৱন-যাপনৰ কাল ভক্তিৰে নিয়াব৷
18 Mumanyili kuj'ha j'haj'hedumu, kwa fedha au dhahabu - fenu fyafijhonangika - ambafyo mkombolibhu kuh'omela mu tabia syinu sya bhujinga ambasyo mwamanyili kuh'omela kwa bha tata bhinu.
১৮আপোনালোকে জানে যে, আপোনালোকৰ পূৰ্বপুৰুষৰ পৰা চলি অহা অসাৰ আচাৰ-ব্যৱহাৰৰ পৰা, আপোনালোক সোণ, ৰূপ আদিৰ ক্ষয়ণীয় বস্তুৰ দ্বাৰাই যে মুক্ত হ’ল, এনে নহয়,
19 Lakini mkombolibhu kwa muasi j'ha litengo lya Kristu, kama j'ha likondoo lyalibelikuj'ha ni hila bhwala bhuifu.
১৯কিন্তু নিৰ্দোষী আৰু নিষ্কলঙ্ক মেৰ-পোৱালি স্বৰূপ খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাইহে মুক্ত হ’ল৷
20 Kristu asalibhu kabla j'ha misingi ghya dunia, lakini magono agha gha mwisho, afunulibhu kwa muenga.
২০জগত স্থাপনৰ পুৰ্ব্বৰে পৰা তেওঁ মনোনীত আছিল, কিন্তু কালৰ শেষত, তেওঁ আপোনালোকৰ কাৰণে প্ৰকাশিত হ’ল;
21 Mukankiera k'yara kup'helela muene, ambaj'he ampelili bhutukufu ili kuj'ha imani j'hinu ni bhusisya bhuj'hiaghe kwa k'yara.
২১তেওঁৰ দ্বাৰাই আপোনালোক, মৃত লোকৰ মাজৰ পৰা তেওঁক তোলোঁতা আৰু গৌৰৱ দিওঁতা ঈশ্বৰৰ বিশ্বাসকাৰী লোক হ’ল; তাতে আপোনালোকৰ বিশ্বাস আৰু দৃঢ় আস্থা ঈশ্ৱৰত আছে।
22 Mmbombili nafsi syinu kuj'ha kinofu kwa bhutii bhwa bhukweli, kwa dhumuni lya luganu lwa kilongobhi lyalij'hele ni bhunyoofu, Henu mgananai kwa makaghoha kuh'omela mu miteema.
২২আপোনালোকে সত্যৰ আজ্ঞাধীনতাৰ দ্ৱাৰা অকপট ভাতৃপ্ৰেমৰ অৰ্থে নিজৰ আত্মা শুচি কৰিবলৈ, পৰস্পৰক হৃদয়েৰে আন্তৰিক প্ৰেম কৰক।
23 Mmalili kuhogoleka mara gha bhubhele, si kwa mbeyu j'haj'hiharibika, lakini kuhoma mu mbeyu j'haj'hiyonangeka lepi, kup'helela bhusima bhwa litobhi lya k'yara lyalisiele. (aiōn )
২৩কিয়নো আপোনালোক ক্ষয়ণীয় বীজৰ পৰা নহয়, অক্ষয় বীজৰ পৰা, ঈশ্বৰৰ জীৱনময় আৰু চিৰকাল স্থায়ী যি বাক্য, সেই বাক্যৰ দ্বাৰাই নতুন জন্ম পোৱা হৈছে। (aiōn )
24 Kwa maana “mibhele ghiogha ndo kama mat'ondo, ni bhutukufu bhwake bhouha ni kama liua lya lit'ondo. Lit'ondo linyauka ni liua libina.
২৪কাৰণ মৰ্ত্ত্যমাত্ৰেই তৃণ সদৃশ আৰু তাৰ সকলো গৌৰৱ তৃণৰ ফুল সদৃশ। তৃণ শুকাই আৰু ফুলো সৰে;
25 Lakini lilobhi lya Bwana libakila milele.” Obho ndo bhujumbe ambabho bhwatangasibhu kama injili kwa muenga. (aiōn )
২৫কিন্তু প্ৰভুৰ বাক্য চিৰকাল থাকে; যি বাক্য আপোনালোকৰ আগত প্ৰচাৰ কৰা হ’ল, এয়ে সেই শুভবাৰ্তাৰ বাক্য। (aiōn )