< イザヤ書 7 >
1 ウジャの子ヨタムその子ユダヤ王アハズのときアラムの王レヂンとレマリヤの子イスラエル王ペカと上りきたりてヱルサレムを攻しがつひに勝ことあたはざりき
১উজ্জিয়াৰ নাতি যোথমৰ পুত্ৰ যিহূদাৰ আহজ ৰজাৰ ৰাজত্বৰ সময়ত, অৰামৰ ৰচীন ৰজা আৰু ৰমলিয়াৰ পুত্ৰ ইস্ৰায়েলৰ পেকহ ৰজা, এই দুজন ৰজাই যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল; কিন্তু তাক পৰাজয় কৰিব নোৱাৰিলে।
2 ここにアラムとエフライムと結合なりたりとダビデの家につぐる者ありければ王のこころと民の心とは林木の風にうごかさるるが如くに動けり
২সেই সময়ত অৰামে ইফ্ৰয়িমৰ সৈতে যোগ দিয়া কথা দায়ূদৰ বংশৰ লোকসকলক কোৱা হৈছিল; সেয়ে বতাহত অৰন্যৰ গছ কঁপাৰ দৰে তেওঁৰ মন আৰু তেওঁৰ লোকসকলৰ মন কঁপিছিল।
3 その時ヱホバ、イザヤに言たまひけるは今なんぢと汝の子シヤルヤシユブと共にいでて布をさらす野の大路のかたはらなる上池の樋口にゆきてアハズを迎へ
৩তেতিয়া যিহোৱাই যিচয়াক ক’লে, “তুমি তোমাৰ পুত্ৰ চাৰ-যাবূচৰ সৈতে ওপৰৰ পুখুৰীৰ নলাৰ শেষ অংশত, ধোবাৰ পথাৰৰ ফাললৈ যোৱা পথত আহজক সাক্ষাত কৰিবৰ অৰ্থে ওলাই যোৱা।
4 これに告べしなんぢ謹みて静かなれ アラムのレヂン及びレマリャの子はげしく怒るとも二の燼餘りたる煙れる片柴のごとし懼るるなかれ心をよわくするなかれ
৪আৰু তেওঁক এই কথা ক’বা যে, ‘সাৱধান হোৱা; নীৰৱে থাকা, দুবিধ জ্বলি থকা কাঠলৈ অৰ্থাৎ ৰচীন আৰু অৰাম, আৰু ৰমলিয়াৰ পুত্র পেখাৰ ভয়ঙ্কৰ ক্ৰোধৰ পৰা ভয় নকৰিব।
5 アラム、エフライム及びレマリヤの子なんぢにむかひて惡き謀ごとを企てていふ
৫অৰাম, ইফ্ৰয়িম, আৰু ৰমলিয়াৰ পুত্রই তোমাৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰি কৈছে,
6 われらユダに攻上りて之をおびやかし我儕のためにこれを破りとりタビエルの子をその中にたてて王とせんと
৬“আহাঁ, আমি যিহূদাক আক্রমণ কৰোঁ, তেওঁক আতঙ্কিত কৰোঁ, আৰু পৰাজয় কৰি তাত টাবেলৰ পুত্ৰক আমাৰ ৰজা পাতো।”
7 されど主ヱホバいひたまはくこの事おこなはれずまた成ことなし
৭প্ৰভু যিহোৱাই কৈছে, “এইটো স্থাপন নহ’ব, আৰু কৰা নহ’ব,
8 アラムの首はダマスコ、ダマスコの首はレヂンなり エフライムは六十五年のうちに敗れて國をなさざるべし
৮কাৰণ অৰামৰ নেতৃত্বত দম্মেচক আৰু দম্মেচকৰ নেতৃত্বত ৰচীন। পয়ষষ্ঠি বছৰৰ ভিতৰত ইফ্ৰয়িম ভাগি ডোখৰ ডোখৰ হ’ব আৰু কোনো লোক নাথাকিব।
9 またエフライムの首はサマリヤ、サマリヤの首はレマリヤの子なり 若なんぢら信ぜずばかならず立ことを得じと
৯আৰু ইফ্ৰয়িমৰ নেতৃত্বত চমৰীয়া, আৰু চমৰিয়াৰ নেতৃত্বত ৰমলিয়াৰ পুত্র তোমালোক যদি বিশ্বাসত দৃঢ় হৈ নাথাকা, তেন্তে তোমালোক নিশ্চয় নিৰাপদে থাকিব নোৱাৰিবা”।’”
১০যিহোৱাই পুনৰ আহজক ক’লে,
11 なんぢの神ヱホバに一の豫兆をもとめよ或はふかき處あるひは上のたかき處にもとめよ (Sheol )
১১“তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ পৰা এটা চিন খোজা; অধ: স্থান বা উৰ্দ্ধস্থানত তাক খোজা।” (Sheol )
12 アハズいひけるは我これを求めじ 我はヱホバを試むることをせざるべし
১২কিন্তু আহজে ক’লে, “মই নোখোজোঁ, অথবা মই যিহোৱাক পৰীক্ষাও নকৰোঁ।”
13 イザヤいひけるはダビデのいへよ請なんぢら聞 なんぢら人をわづらはしこれを小事として亦わが神をも煩はさんとするか
১৩সেয়ে যিচয়াই উত্তৰ দি ক’লে, “হে দায়ুদৰ বংশ শুনা, লোকসকলৰ ধৈর্যৰ পৰীক্ষা যথেষ্ট হোৱা নাই নে! মোৰ ঈশ্বৰৰ ধৈর্যকো পৰীক্ষা কৰিবা নে?
14 この故に主みづから一の豫兆をなんぢらに賜ふべし 視よをとめ孕みて子をうまんその名をインマヌエルと稱ふべし
১৪এই হেতুকে প্ৰভুৱে নিজেই তোমালোকক এটা চিন দিব: চোৱা, যুৱতী কন্যা গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁৰ নাম ইম্মানুৱেল ৰখা হ’ব।
15 かれ惡をすて善をえらぶことを知 ころほひにいたりて乳酥と蜂蜜とをくらはん
১৫যেতিয়া তেওঁ বেয়াক অগ্ৰাহ্য, আৰু ভালক গ্ৰহন কৰিবৰ জ্ঞান পাব, তেতিয়া তেওঁ দৈ আৰু মৌজোল খাব।
16 そはこの子いまだ惡をすて善をえらぶことを知ざるさきになんぢが忌きらふ兩の王の地はすてらるべし
১৬কিয়নো ল’ৰাটিয়ে বেয়াক অগ্ৰাহ্য আৰু ভালক গ্ৰহণ কৰিবলৈ জনাৰ আগতেই, তুমি যি দেশৰ দুজন ৰজালৈ ভয় কৰিছা, সেই দেশ পৰিত্যক্ত হ’ব।
17 ヱホバはエフライムがユダを離れし時よりこのかた臨みしことなき日を汝となんぢの民となんぢの父の家とにのぞませ給はん是アツスリヤの王なり
১৭যিহূদাৰ পৰা ইফ্ৰয়িম বিচ্ছেদ হোৱাৰ পৰা যেনেকুৱা দিন কেতিয়াও হোৱা নাই, যিহোৱাই তোমালৈ আৰু তোমাৰ লোকসকললৈ, আৰু তোমাৰ পিতৃ-বংশলৈ তেনেকুৱা দিন আনিব আৰু তোমালোকৰ ওপৰত অচূৰৰ ৰজাক নিযুক্ত কৰিব।”
18 其日ヱホバ、エジプトなる河々のほとりの蠅をまねきアツスリヤの地の蜂をよびたまはん
১৮সেই সময়ত যিহোৱাই মিচৰ দেশৰ দূৰৰ নদীৰ পৰা মাখিৰ বাবে, আৰু অচূৰ দেশৰ পৰা মৌ-মাখিৰ বাবে সুহুৰি মাৰিব।
19 皆きたりて荒たるたに岩穴すべての荊棘すべての牧場のうヘに止まるべし
১৯সেইবোৰ সকলো আহিব আৰু সকলো সঙ্কীর্ণ ঠাইত, শিলৰ ফাটবোৰত, সকলো কাঁইটনিত, আৰু সকলো চৰণীয়া পথাৰত বাস কৰিব।
20 その日主はかはの外ふより雇へるアツスリヤの王を剃刀として首と足の毛とを剃たまはんまた髯をも除きたまふべし
২০সেই সময়ত প্ৰভুৱে ইফ্রাত নদীৰ সিপাৰত থকা ৰজা অচূৰীয়াৰ পৰা ভাড়া দি অনা খুৰেৰে খুৰাব তেওঁ তোমালোকৰ মুৰৰ চুলি আৰু ভৰিৰ নোম খুৰাব, আৰু তেওঁ ডাঢ়িও খুৰাব।
21 その日人わかき牝犢ひとつと羊ふたつとを飼をらん
২১সেই দিনা এজন মানুহে এজনী চেঁউৰী গৰু আৰু দুজনী ভেৰা জীয়াই ৰাখিব,
22 その出すところの乳おほきによりて乳酥をくらふことを得んすべて國のうちに遺れるものは乳酥と蜂蜜とをくらふべし
২২সিহঁতে দিয়া প্রচুৰ পৰিমানৰ গাখীৰৰ পৰা তেওঁ দৈ খাব; কাৰণ দেশত অৱশিষ্ট থকা প্ৰতিজনে দৈ আৰু মৌ খাব।
23 その日千株に銀一千の價をえたる葡萄ありし處もことごとく荊と棘はえいづべし
২৩সেই সময়ত, যি ঠাইত হাজাৰ ৰূপ চেকলৰ মূল্য, হাজাৰ দ্ৰাক্ষালতা আছিল, এতিয়া সেইবোৰ ঠাইত কাঁইটীয়া বন আৰু কাঁইটীয়া গছৰ বাহিৰে একো নাই।
24 荊とおどろと地にあまねきがゆゑに人々矢と弓とをもて彼處にゆくなり
২৪মানুহে তালৈ কাঁড়-ধনু লৈ চিকাৰ কৰিবলৈ যাব; কাৰণ সমগ্র দেশত কাঁইটীয়া বন আৰু কাঁইটীয়া গছ হ’ব।
25 鋤をもて掘たがへしたる山々もいばらと棘のために人おそれてその中にゆくことを得じ その地はただ牛をはなち羊にふましむる處とならん
২৫যিবোৰ পাহাৰ কোৰমাৰি খেতি কৰা হৈছিল, তেওঁলোকে কাঁইটীয়া বন আৰু কাঁইট গছৰ ভয়ত তাৰ পৰা আঁতৰি থাকিব; কিন্তু সেই ঠাই গৰু আৰু ছাগলীৰ চৰণীয়া ঠাই হ’ব।