< 詩篇 5 >

1 聖歌隊の指揮者によって笛にあわせてうたわせたダビデの歌 主よ、わたしの言葉に耳を傾け、わたしの嘆きに、み心をとめてください。
হে যিহোৱা, মোৰ কথালৈ কাণ পাতা; মোৰ হুমুনিয়াহ শুনা।
2 わが王、わが神よ、わたしの叫びの声をお聞きください。わたしはあなたに祈っています。
হে মোৰ ৰজা, মোৰ ঈশ্বৰ, তুমি মোৰ কাতৰোক্তিৰ স্বৰ শুনা; কিয়নো মই তোমাৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ।
3 主よ、朝ごとにあなたはわたしの声を聞かれます。わたしは朝ごとにあなたのためにいけにえを備えて待ち望みます。
হে যিহোৱা, প্রতি ৰাতিপুৱাতে তুমি মোৰ মাত শুনিবলৈ পোৱা; ৰাতিপুৱাই মই তোমাৰ সন্মুখত মোৰ নিবেদন উৎসৰ্গ কৰি বাট চাই থাকো।
4 あなたは悪しき事を喜ばれる神ではない。悪人はあなたのもとに身を寄せることはできない。
তুমি দুষ্টতাত সন্তোষ পাওঁতা ঈশ্বৰ নোহোৱা; দুষ্ট লোকে তোমাৰ লগত থাকিব নোৱাৰে।
5 高ぶる者はあなたの目の前に立つことはできない。あなたはすべて悪を行う者を憎まれる。
যিসকল অহংকাৰী লোক, তেওঁলোক তোমাৰ চকুৰ সন্মুখত থিয় হ’ব নোৱাৰিব; সকলো দুষ্কর্ম কৰা লোকক তুমি ঘৃণা কৰা।
6 あなたは偽りを言う者を滅ぼされる。主は血を流す者と、人をだます者を忌みきらわれる。
যিসকলে মিছা কথা কয় তেওঁলোকক তুমি বিনষ্ট কৰিবা; যিহোৱাই ৰক্তপাতকাৰী আৰু ছলনাকাৰীক ঘৃণা কৰে।
7 しかし、わたしはあなたの豊かないつくしみによって、あなたの家に入り、聖なる宮にむかって、かしこみ伏し拝みます。
কিন্তু মই তোমাৰ অসীম প্রেমৰ যোগেদি তোমাৰ গৃহত সোমাম, মই ভয়েৰে সৈতে তোমাৰ পবিত্ৰ মন্দিৰৰ ফাললৈ চাই মোৰ মূৰ নত কৰিম।
8 主よ、わたしのあだのゆえに、あなたの義をもってわたしを導き、わたしの前にあなたの道をまっすぐにしてください。
হে যিহোৱা, মোৰ অনেক শত্রু থকাৰ কাৰণে তুমি মোক তোমাৰ নিজ ধাৰ্মিকতাৰ পথত চলাই নিয়া; তোমাৰ পথ মোৰ সন্মুখত সৰল কৰি দিয়া।
9 彼らの口には真実がなく、彼らの心には滅びがあり、そののどは開いた墓、その舌はへつらいを言うのです。
মোৰ শত্রুবোৰৰ মুখত সত্যতা নাই। সিহঁতৰ হৃদয়ত ধ্বংসৰ মনোভাৱ থাকে। সিহঁতৰ ডিঙিৰ নলীবোৰ যেন মুকলি মৈদাম, সিহঁতে কপটভাৱে জিভাৰে প্রশংসাৰ কথা কয়।
10 神よ、どうか彼らにその罪を負わせ、そのはかりごとによって、みずから倒れさせ、その多くのとがのゆえに彼らを追いだしてください。彼らはあなたにそむいたからです。
১০হে ঈশ্বৰ, তুমি সিহঁতক নিজৰ দোষৰ ভাৰ বহন কৰিবলৈ দিয়া; সিহঁত নিজ নিজ পৰামর্শতে পতিত হওঁক। সিহঁতৰ অধিক অপৰাধৰ কাৰণে তুমি সিহঁতক খেদাই দিয়া; কিয়নো সিহঁতে তোমাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে।
11 しかし、すべてあなたに寄り頼む者を喜ばせ、とこしえに喜び呼ばわらせてください。また、み名を愛する者があなたによって喜びを得るように、彼らをお守りください。
১১কিন্তু যিসকলে তোমাত আশ্ৰয় লয়, তেওঁলোক আনন্দিত হওঁক; তেওঁলোকে আনন্দেৰে চিৰকাল গীত-গান কৰক, তেওঁলোকৰ ওপৰত তোমাৰ নিৰাপত্তা প্রসাৰিত কৰা যাতে তোমাৰ নামক যিসকলে প্ৰেম কৰে, তেওঁলোকে তোমাত আনন্দ পায়।
12 主よ、あなたは正しい者を祝福し、盾をもってするように、恵みをもってこれをおおい守られます。
১২কিয়নো হে যিহোৱা, যিসকল ধাৰ্মিক, তুমি তেওঁলোকক আশীৰ্বাদ কৰা; তোমাৰ দয়াৰে তুমি তেওঁলোকক ঢালৰ নিচিনাকৈ আৱৰি ৰাখিছা।

< 詩篇 5 >