< 詩篇 35 >
1 ダビデの歌 主よ、わたしと争う者とあらそい、わたしと戦う者と戦ってください。
১হে যিহোৱা, যিসকলে মোৰে সৈতে বিবাদ কৰে, তুমিও তেওঁলোকৰে সৈতে বিবাদ কৰা; যিসকলে মোৰ বিৰুদ্ধে যুদ্ধ কৰে, তুমিও তেওঁলোকৰে বিৰুদ্ধে যুদ্ধ কৰা।
2 盾と大盾とを執って、わたしを助けるために立ちあがってください。
২তুমি ঢাল আৰু ফলক ধাৰণ কৰা, মোৰ সহায়ৰ অর্থে উঠা।
3 やりと投げやりとを抜いて、わたしに追い迫る者に立ちむかい、「わたしはおまえの救である」と、わたしに言ってください。
৩মোৰ পাছে পাছে যিসকলে খেদি আহিছে, তুমি বৰছা আৰু যাঁঠি লৈ তেওঁলোকৰ পথ ৰুদ্ধ কৰা; তুমি মোৰ প্রাণক কোৱা, “ময়েই তোমাৰ পৰিত্ৰাণ।”
4 どうか、わたしの命を求める者をはずかしめ、いやしめ、わたしにむかって悪をたくらむ者を退け、あわてふためかせてください。
৪যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওঁক; যিসকলে মোৰ সর্বনাশলৈ পৰিকল্পনা কৰে, তেওঁলোক উলটি যাওঁক, হতাশ হওঁক।
5 彼らを風の前のもみがらのようにし、主の使に彼らを追いやらせてください。
৫তেওঁলোক বতাহৰ সন্মুখত উৰুৱাই নিয়া তুঁহৰ নিচিনা হওঁক; যিহোৱাৰ দূতে তেওঁলোকক খেদি যাওঁক।
6 彼らの道を暗く、なめらかにし、主の使に彼らを追い行かせてください。
৬তেওঁলোকৰ পথ অন্ধকাৰ আৰু পিছল হওঁক। যিহোৱাৰ দূতে তেওঁলোকৰ পাছে পাছে খেদি যাওঁক।
7 彼らはゆえなくわたしのために網を隠し、ゆえなくわたしのために穴を掘ったからです。
৭কিয়নো তেওঁলোকে অকাৰণে মোৰ কাৰণে গাতত গুপুতে জাল পাতিলে; বিনা কাৰণতে মোৰ প্ৰাণ নাশৰ অৰ্থে গাত খান্দিলে।
8 不意に滅びを彼らに臨ませ、みずから隠した網にとらえられ、彼らを滅びに陥らせてください。
৮হঠাত তেওঁলোকৰ ওপৰলৈ বিনাশ আহঁক; তেওঁলোকে গোপনে পতা নিজৰ জালত নিজেই ধৰা পৰক; সেই বিনাশত তেওঁলোক পতিত হওঁক।
9 そのときわが魂は主によって喜び、その救をもって楽しむでしょう。
৯তাতে মোৰ প্ৰাণ যিহোৱাত উল্লাসিত হব, তেওঁৰ পৰিত্ৰাণত আনন্দিত হব।
10 わたしの骨はことごとく言うでしょう、「主よ、だれかあなたにたぐうべき者がありましょう。あなたは弱い者を強い者から助け出し、弱い者と貧しい者を、かすめ奪う者から助け出される方です」と。
১০মোৰ সকলো অস্থিয়ে কব, “হে যিহোৱা, তোমাৰ তুল্য কোন আছে?” তুমিয়েই দুর্বলীক তেওঁতকৈ বলৱান জনৰ পৰা, দুখী-দৰিদ্রক তেওঁলোকৰ লুন্ঠণকাৰীৰ পৰা উদ্ধাৰ কৰা।
11 悪意のある証人が起って、わたしの知らない事をわたしに尋ねる。
১১অত্যাচাৰী বিদ্বেষপৰায়ণ মিছা সাক্ষীবোৰ উঠিছে; মই যি কথা নাজানো, তেওঁলোকে মোক সেই বিষয়ে সোধে।
12 彼らは悪をもってわたしの善に報い、わが魂を寄るべなき者とした。
১২তেওঁলোকে উপকাৰৰ সলনি মোৰ অপকাৰ কৰে; তাতে মোৰ প্ৰাণ অনাথ হয়।
13 しかし、わたしは彼らが病んだとき、荒布をまとい、断食してわが身を苦しめた。わたしは胸にこうべをたれて祈った、
১৩কিন্তু মই হলে, তেওঁলোক নৰিয়া পৰা সময়ত চট কাপোৰ পিন্ধিছিলোঁ, লঘোনেৰে নিজৰ প্ৰাণক দুখ দিছিলোঁ; মোৰ প্ৰাৰ্থনা মোৰ বুকুলৈকে উলটি আহিছিল, মই উত্তৰ নাপালোঁ।
14 ちょうど、わが友、わが兄弟のために悲しんだかのように。わたしは母をいたむ者のように悲しみうなだれて歩きまわった。
১৪মোৰ নিজ ভাই বা নিজ বন্ধুৰ দৰেই তেওঁলোকৰ কাৰণে মই শোক প্রকাশ কৰিলোঁ; মই মাতৃহাৰাৰ দৰে শোকার্ত হৈ মূৰ তল কৰি ফুৰিলোঁ।
15 しかし彼らはわたしのつまずくとき、喜びつどい、ともに集まってわたしを責めた。わたしの知らない他国の者はわたしをののしってやめなかった。
১৫কিন্তু মই যেতিয়া উজুটি খালো, তেতিয়া তেওঁলোক আনন্দিত হৈ একগোট হ’ল; তেওঁলোক মোৰ বিৰুদ্ধে একগোট হ’ল; মোৰ অজ্ঞাতে সেই অত্যাচাৰীবোৰে মোক চূর্ণ কৰিলে, ক্ষান্ত হৈ নাথাকিল।
16 彼らはますます、けがす言葉をもってあざけり、わたしにむかって歯をかみならした。
১৬তেওঁলোকে ভক্তিহীনভাৱে মোক বিদ্ৰূপ কৰিলে; তেওঁলোকে মোলৈ দাঁত কৰচে।
17 主よ、いつまであなたはながめておられますか、わたしを彼らの破壊から、わたしのいのちを若きししから救い出してください。
১৭হে প্ৰভু, তুমি কিমান কাললৈ চাই থাকিবা? তেওঁলোকৰ ধ্বংস কার্যৰ পৰা মোক উদ্ধাৰ কৰা; সিংহবোৰৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।
18 わたしは大いなるつどいの中で、あなたに感謝し、多くの民の中で、あなたをほめたたえるでしょう。
১৮মই মহা-সমাজত তোমাৰ ধন্যবাদ কৰিম; অসংখ্য লোকৰ মাজত তোমাৰ গুণ-প্ৰশংসা কৰিম।
19 偽ってわたしの敵となった者どものわたしについて喜ぶことを許さないでください。ゆえなく、わたしを憎む者どものたがいに目くばせすることを許さないでください。
১৯মোৰ বিশ্বাসঘাটক শত্রুবোৰক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা; অকাৰণে যিসকলে মোক ঘৃণা কৰে, মোৰ বিৰুদ্ধে চকু টিপিয়াবলৈ নিদিবা।
20 彼らは平和を語らず、国のうちに穏やかに住む者にむかって欺きの言葉をたくらむからです。
২০কিয়নো তেওঁলোকে শান্তিজনক কথা নকয়, কিন্তু দেশত শান্তভাৱে বাস কৰা লোকসকলৰ বিৰুদ্ধে তেওঁলোকে ছলনাভৰা কথা কল্পনা কৰে।
21 彼らはわたしにむかって口をあけひろげ、「あはぁ、あはぁ、われらの目はそれを見た」と言います。
২১মোৰ বিৰুদ্ধে তেওঁলোকে নিজ মুখ বহলকৈ মেলি কয়, “অহঃ অহঃ আমি নিজ চকুৰেই দেখিছোঁ।”
22 主よ、あなたはこれを見られました。もださないでください。主よ、わたしに遠ざからないでください。
২২হে যিহোৱা তুমি এই সকলো দেখিছা, নিমাতে নাথাকিবা; হে প্ৰভু, তুমি মোৰ পৰা আঁতৰ নহবা!
23 わが神、わが主よ、わがさばきのため、わが訴えのために奮いたち、目をさましてください。
২৩হে মোৰ ঈশ্বৰ যিহোৱা, জাগি উঠা, মোৰ পক্ষে সাৰ পোৱা; মোৰ কাৰণেই সাৰ পোৱা।
24 わが神、主よ、あなたの義にしたがってわたしをさばき、わたしの事について彼らを喜ばせないでください。
২৪হে মোৰ ঈশ্বৰ যিহোৱা, তোমাৰ ধাৰ্মিকতা অনুসাৰে মোৰ বিচাৰ কৰা; তেওঁলোকক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা।
25 彼らにその心のうちで、「あはぁ、われらの願ったことが達せられた」と言わせないでください。また彼らに「われらは彼を滅ぼしつくした」と言わせないでください。
২৫তেওঁলোকক মনত এই কথা কবলৈ নিদিবা, “অহঃ, আমাৰ অন্তৰে যি বিচাৰিছে, সেয়ে হৈছে।” তেওঁলোকক কবলৈ নিদিবা, “আমি তেওঁক সম্পূর্ণ ধ্বংস কৰিলোঁ।”
26 わたしの災を喜ぶ者どもをともに恥じ、あわてふためかせてください。わたしにむかって誇りたかぶる者どもに恥と、はずかしめとを着せてください。
২৬মোৰ সঙ্কটত যিসকল আনন্দিত হয়, তেওঁলোক সকলোৱেই লজ্জিত হৈ বিহ্বল হওঁক; যিসকলে মোৰ বিৰুদ্ধে নিজকে তুলি ধৰে, লাজ আৰু অপমান তেওঁলোকৰ বস্ত্ৰ হওঁক।
27 わたしの義を喜ぶ者をば喜びの声をあげて喜ばせ、「そのしもべの幸福を喜ばれる主は大いなるかな」とつねに言わせてください。
২৭যিসকলে মোৰ ধাৰ্মিকতাত সন্তোষ পায়, তেওঁলোকে আনন্দ ধ্বনি কৰি উল্লাসিত হওঁক; তেওঁলোকে সদায় কওঁক, “যিহোৱা মহান; যিহোৱাই নিজ দাসৰ মঙ্গলত আনন্দ পায়।”
28 わたしの舌はひねもすあなたの義と、あなたの誉とを語るでしょう。
২৮তাতে মোৰ জিভাই তোমাৰ ধার্মিকতাৰ কথা কব; ওৰে দিন তোমাৰ প্ৰশংসা কৰিব।