< ヨシュア記 13 >
1 さてヨシュアは年が進んで老いたが、主は彼に言われた、「あなたは年が進んで老いたが、取るべき地は、なお多く残っている。
১যেতিয়া যিহোচূৱা বুঢ়া আৰু অতিশয় বৃদ্ধ হ’ল, তেতিয়া যিহোৱাই তেওঁক ক’লে, “তুমি বুঢ়া আৰু অতিশয় বৃদ্ধ থ’লো, কিন্তু এতিয়াও অনেক দেশ অধিকাৰ কৰিবলৈ বাকী আছে।
2 その残っている地は、次のとおりである。ペリシテびとの全地域、ゲシュルびとの全土、
২এই দেশবোৰ এতিয়াও অৱশিষ্ট: পলেষ্টীয়াৰ সকলো অঞ্চল আৰু গচুৰীয়াসকলৰ অঞ্চলবোৰ,
3 エジプトの東のシホルから北にのびて、カナンびとに属するといわれるエクロンの境までの地、ペリシテびとの五人の君たちの地、すなわち、ガザ、アシドド、アシケロン、ガテ、およびエクロン。
৩মিচৰৰ পূব ফালে থকা চিহোৰৰ পৰা উত্তৰফালে থকা কনানীয়াসকলৰ অধিকাৰত থোৱা ইক্ৰোণৰ সীমালৈকে; পলেষ্টীয়াসকলৰ সেই পাঁচজন অধিপতি- ঘচাতীয়া, অচ্দোদীয়া, অস্কিলোনীয়া, গাতীয়া আৰু ইক্ৰোণীয়া - এইটো অব্বীয়াসকলৰ অঞ্চল আছিল৷
4 南のアビびとの地、カナンびとの全地、シドンびとに属するメアラからアモリびとの境にあるアペクまでの部分。
৪দক্ষিণ দিশে থকা কনানীয়াসকলৰ গোটেই দেশ আৰু চীদোনীয়াসকলৰ অধিকাৰত থকা মিয়াৰা, অফেকাৰ পৰা ইমোৰীয়াসকলৰ সীমালৈকে;
5 またヘルモン山のふもとのバアルガデからハマテの入口に至るゲバルびとの地、およびレバノンの東の全土。
৫গিবলীয়াসকলৰ দেশ, সূৰ্য উদয় হোৱা ফালে থকা গোটেই লিবানোন, হৰ্মোণ পৰ্ব্বতৰ তলত থকা বাল-গাদৰ পৰা হমাতলৈ৷
6 レバノンからミスレポテ・マイムまでの山地のすべての民、すなわちシドンびとの全土。わたしはみずから彼らをイスラエルの人々の前から追い払うであろう。わたしが命じたように、あなたはその地をイスラエルに分け与えて、嗣業とさせなければならない。
৬ইয়াৰ উপৰিও লিবানোনৰ পৰা মিষ্ৰফোৎ-ময়িমলৈকে পৰ্ব্বতীয়া অঞ্চলৰ নিবাসী সকলৰ লগতে আটাই চীদোনীয়াসকল৷ মই তেওঁলোকক ইস্ৰায়েলৰ বাহিনীসকলৰ আগৰ পৰা দূৰ কৰিম; মই তোমাক আজ্ঞা দিয়াৰ দৰে, ইস্ৰায়েল উত্তৰাধিকাৰী হ’বলৈ তাৰ ভাগ নিৰ্ধাৰিত কৰিবৰ অৰ্থে তুমি নিশ্চিত কৰা৷
7 すなわち、その地を九つの部族と、マナセの半部族とに分け与えて、嗣業とさせなければならない」。
৭উত্তৰাধিকাৰী হ’বলৈ তুমি অধিকাৰৰ অৰ্থে ন’টা গোষ্ঠীলৈ আৰু মনচিৰ আধা গোষ্ঠীলৈ এই দেশ ভাগ কৰি দিয়া।”
8 マナセの他の半部族と共に、ルベンびとと、ガドびととは、ヨルダンの向こう側、東の方で、その嗣業をモーセから受けた。主のしもべモーセが、彼らに与えたのは、
৮বাকী থকা মনছিৰ আধা জন-গোষ্ঠী, ৰূবেণীয়া আৰু গাদীয়াসকলে যৰ্দ্দনৰ পূব ফালে থকা, মোচিয়ে দিয়াৰ দৰে নিজ নিজ উত্তৰাধিকাৰ গ্ৰহণ কৰিলে,
9 アルノンの谷のほとりにあるアロエル、および谷の中にある町から、デボンとメデバの間にある高原のすべての地。
৯অৰ্ণোনৰ উপত্যকাৰ কাষত থকা অৰোয়েৰৰ পৰা উপত্যকাৰ মাজত থকা নগৰবোৰ আৰু দীবোনলৈকে মেদবাৰ গোটেই সমথল;
10 ヘシボンで世を治めた、アモリびとの王シホンのすべての町々を含めて、アンモンの人々の境までの地。
১০হিচবোনত শাসন কৰা ইমোৰীয়াসকলৰ ৰজা চীহোনৰ সকলো নগৰৰ পৰা অম্মোনৰ সীমালৈকে;
11 ギレアデと、ゲシュルびと、ならびにマアカびとの領地、ヘルモン山の全土、サルカまでのバシャン全体。
১১গিলিয়দ আৰু গচুৰীয়া আৰু মাখাথীয়াসকলৰ অঞ্চল আৰু গোটেই হৰ্মোণ পৰ্ব্বত আৰু চলখালৈকে গোটেই বাচান;
12 アシタロテとエデレイで世を治めたバシャンの王オグの全国。オグはレパイムの生き残りであった。モーセはこれらを撃って、追い払った。
১২বাচানৰ ৰজা ওগৰ সকলো ৰাজ্য, যি জনে অষ্টাৰোতত আৰু ইদ্ৰেয়ীত শাসন কৰিছিল ৰফায়ীয়াসকলৰ মাজত এইবোৰেই অৱশিষ্ট আছিল; কিয়নো মোচিয়ে তেওঁলোকক তৰোৱালেৰে প্ৰহাৰ কৰি দূৰ কৰিছিল।
13 ただし、イスラエルの人々は、ゲシュルびとと、マアカびとを追い払わなかった。ゲシュルびとと、マアカびとは、今日までイスラエルのうちに住んでいる。
১৩কিন্তু ইস্ৰায়েলৰ সন্তান সকলে গচুৰীয়া আৰু মাখাথীয়াসকলক দূৰ কৰা নাছিল; বৰং গচুৰীয়া আৰু মাখাথীয়াসকলে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত আজিলৈ বাস কৰি আছে।
14 ただレビの部族には、ヨシュアはなんの嗣業をも与えなかった。イスラエルの神、主の火祭が彼らの嗣業であるからである。主がヨシュアに言われたとおりである。
১৪কেৱল লেবীৰ গোষ্ঠীক মোচিয়ে উত্তাৰাধিকাৰি হ’বলৈ নিদিলে। যিহোৱাই মোচিক কোৱা বাক্য অনুসাৰে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ” তেওঁলোকৰ উত্তৰাধিকাৰী হ’ল।
15 モーセはルベンびとの部族に、その家族にしたがって嗣業を与えたが、
১৫মোচিয়ে বংশানুক্ৰমে ৰূবেণৰ জন-গোষ্ঠীলৈ উত্তৰাধিকাৰ দিলে।
16 その領域はアルノンの谷のほとりにあるアロエル、および谷の中にある町からメデバのほとりのすべての高原、
১৬তেওঁলোকৰ সীমা অৰ্ণোন উপত্যকাৰ কাষত থকা অৰোয়েৰৰ পৰা আৰু উপত্যকাৰ মাজত থকা নগৰৰ লগতে মেদবাৰ ওচৰত থকা গোটেই মালভূমি৷
17 ヘシボンおよびその高原のすべての町々、デボン、バモテ・バアル、ベテ・バアル・メオン、
১৭ৰূবেণে হিচবোন আৰু মালভূমিত থকা তাৰ সকলো নগৰবোৰ গ্ৰহণ কৰিছিল আৰু তাৰ লগত দীবোন, বামোৎ-বাল, বৈৎ-বালমিয়োন,
19 キリアタイム、シブマ、谷の中の山にあるゼレテ・シャハル、
১৯কিৰিয়াথয়িম, চিবমা, উপত্যকাৰ পৰ্ব্বতটোত থকা চেৰৎ-চহৰ৷
২০ৰূবেণে বৈৎ-পিয়োৰ, পিচগাৰ, চাৱলীয়া ঠাইবোৰৰ তলত থকা দেশ আৰু বৈৎ-যিচীমোৎ;
21 すなわち高原のすべての町々と、ヘシボンで世を治めたアモリびとの王シホンの全国に及んだ。モーセはシホンを、ミデアンのつかさたちエビ、レケム、ツル、ホルおよびレバと共に撃ち殺した。これらはみなシホンの諸侯であって、その地に住んでいた者である。
২১মালভূমিত থকা আন সকলো নগৰ, হিচবোনত শাসন কৰা ইমোৰীয়াসকলৰ সেই ৰজা চীহোনৰ সমুদায় ৰাজ্য, যি জনক মোচিয়ে চীহোনত থকা তলতীয়া মিদিয়নীয়া নেতাসকল- ইবী, ৰেকম, চূৰ, হূৰ আৰু ৰেবাৰৰ সৈতে পৰাস্ত কৰিছিল৷
22 イスラエルの人々はまたベオルの子、占い師バラムをもつるぎにかけて、そのほかに殺した者どもと共に殺した。
২২ইস্ৰায়েলৰ সন্তান সকলে যিসকলক বধ কৰিছিল, সেইবোৰৰ মাজত তেওঁলোকে বিয়োৰৰ পুত্ৰ বিলিয়মকো তৰোৱালেৰে বধ কৰিলে, এই জন লোকে মঙ্গল চোৱা কার্যৰ নিয়ম মানি চলিছিল৷
23 ルベンびとの領域はヨルダンを境とした。これはルベンびとが、その家族にしたがって獲た嗣業であって、その町々と村々とを含む。
২৩যৰ্দ্দন আৰু তাৰ অঞ্চল ৰূবেণৰ সন্তান সকলৰ সীমা আছিল। এয়ে ৰূবেনৰ সন্তান সকলৰ উত্তৰাধিকাৰ, যি নগৰ আৰু গাৱেঁৰে সৈতে তেওঁৰ প্ৰত্যেক বংশক দিয়া হৈছিল৷
24 モーセはまたガドの部族、ガドの子孫にも、その家族にしたがって、嗣業を与えたが、
২৪মোচিয়ে গাদৰ জন-গোষ্ঠীক নিজ বংশানুক্ৰমে দিয়া উত্তৰাধিকাৰ এই:
25 その領域はヤゼル、ギレアデのすべての町々、アンモンびとの地の半ばで、ラバの東のアロエルまでの地。
২৫তেওঁলোকৰ সীমা যাজেৰ আৰু গিলিয়দৰ সকলো নগৰ আৰু ৰব্বাৰ পূবে থকা অৰোয়েৰলৈকে অম্মোনৰ সন্তান সকলৰ আধা দেশ,
26 ヘシボンからラマテ・ミゾパまでの地、およびベトニム、マハナイムからデビルの境までの地。
২৬হিচবোনৰ পৰা ৰমাৎ-মিস্পা আৰু বটোনীমলৈকে আৰু মহনয়িমৰ পৰা দবীৰৰ সীমালৈকে৷
27 谷の中ではベテハラム、ベテニムラ、スコテ、およびザポンなど、ヘシボンの王シホンの国の残りの部分。ヨルダンを境として、ヨルダンの東側、キンネレテの湖の南の端までの地。
২৭মোচিয়ে উপত্যকাত তেওঁলোকক বৈৎ-হাৰম, বৈৎ-নিম্ৰা, চুক্কোৎ, চাফোন, হিচবোনৰ ৰজা চীহোনৰ অৱশিষ্ট ৰাজ্য, যৰ্দ্দনৰ পূব দিশে কিন্নেৰৎ সাগৰৰ কাষলৈকে যৰ্দ্দন আৰু তাৰ অঞ্চল দান কৰিলে৷
28 これはガドびとが、その家族にしたがって獲た嗣業であって、その町々と村々とを含む。
২৮এইটোৱেই হৈছে গাদৰ জন-গোষ্ঠীক বংশানুক্ৰমে দিয়া উত্তৰাধিকাৰ, এইবোৰ নগৰ তেওঁলোকৰ গাৱেঁৰে সৈতে আছিল।
29 モーセはまたマナセの半部族にも、嗣業を与えたが、それはマナセの半部族が、その家族にしたがって与えられたものである。
২৯মোচিয়ে মনচিৰ আধা জন-গোষ্ঠীক উত্তৰাধিকাৰী হ’বলৈ দিলে৷ মনচিৰ সন্তান সকলৰ আধা গোষ্ঠীয়ে সেই উত্তৰাধিকাৰ নিজ নিজ বংশ অনুসাৰে পালে।
30 その領域はマハナイムからバシャンの全土に及び、バシャンの王オグの全国、バシャンにあるヤイルのすべての町々、すなわちその六十の町。
৩০তেওঁলোকৰ সীমা মহনয়িমৰ পৰা সকলো বাচান, বাচানৰ ৰজা ওগৰ গোটেই ৰাজ্য আৰু বাচানত থকা যায়ীৰৰ সকলো নগৰ অৰ্থাৎ ষাঠিখন নগৰ;
31 またギレアデの半ば、バシャンのオグの国の町であるアシタロテとエデレイ。これらはマナセの子マキルの子孫に与えられた。すなわちマキルの子孫の半ばが、その家族にしたがって、それを獲た。
৩১গিলিয়দৰ আধা দেশ, অষ্টাৰোৎ আৰু ইদ্ৰেয়ী নগৰ৷ এই সকলোবোৰ মনচিৰ পুত্ৰ মাখীৰৰ আধা বংশৰ পৰিয়ালৰ প্ৰত্যেককে দিবলৈ নির্ধাৰিত কৰা হ’ল।
32 これらはヨルダンの向こう側、エリコの東のモアブの平野で、モーセが分け与えた嗣業である。
৩২এইবোৰেই যিৰীহোৰ পূবফালে থকা যৰ্দ্দনৰ সিপাৰৰ মোৱাবৰ সমথলত মোচিয়ে লোকসকলক ভগাই দিয়া উত্তৰাধিকাৰ৷
33 ただし、レビの部族には、モーセはなんの嗣業をも与えなかった。イスラエルの神、主がその嗣業だからである。主がモーセに言われたとおりである。
৩৩কিন্তু লেবী ফৈদক হ’লে মোচিয়ে কোনো উত্তৰাধিকাৰ নিদিলে৷ তেওঁলোকক কোৱা নিজ বাক্য অনুসাৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱায়েই তেওঁলোকৰ উত্তৰাধিকাৰ হ’ল।