< ヨブ 記 28 >

1 しろがねには掘り出す穴があり、精錬するこがねには出どころがある。
নিশ্চয়ে ৰূপৰ আকৰ আছে আৰু যি সোণ খপা যায়; সেই সোণৰ ঠাইও আছে।
2 くろがねは土から取り、あかがねは石から溶かして取る。
লোহা মাটিৰ পৰা উলিওৱা হয়, আৰু শিল গলাই তাম উলিয়ায়।
3 人は暗やみを破り、いやはてまでも尋ねきわめて、暗やみおよび暗黒の中から鉱石を取る。
মানুহে অন্ধকাৰ শেষ কৰে, নিচেই তলিলৈকে খান্দে, আন্ধাৰ আৰু মৃত্যুচ্ছায়াৰ শিল বিচাৰি উলিয়ায়।
4 彼らは人の住む所を離れて縦穴をうがち、道行く人に忘れられ、人を離れて身をつりさげ、揺れ動く。
সিহঁতে আকৰ খান্দি গৈ মানুহ থকা ঠাইৰ পৰা দূৰৈ হয়, আৰু ওপৰত ফুৰা লোকে সিহঁতৰ গম নাপায়; সিহঁতে মানুহৰ পৰা দুৰৈত ওলমি জুলি থাকে।
5 地はそこから食物を出す。その下は火でくつがえされるようにくつがえる。
যি পৃথিবীৰ পৰা শস্য উৎপন্ন হয়, তাৰ তল ভাগ জুইৰ দ্বাৰাই লণ্ডভণ্ড কৰাৰ নিচিনা।
6 その石はサファイヤのある所、そこにはまた金塊がある。
তাৰ শিলবোৰ নীলকান্ত বাখৰ থকা ঠাই, আৰু গুড়ি সোণ তাত আছিল।
7 その道は猛禽も知らず、たかの目もこれを見ず、
সেই পথ হিংসক পক্ষীয়ে নাজানে, আৰু শেনৰ চকুৱেও তাক নেদেখে।
8 猛獣もこれを踏まず、ししもこれを通らなかった。
গৰ্ব্বী হিংসুক জন্তুবোৰে তাত খোজ দিয়া নাই, আৰু সিংহও সেই ফালেদি যোৱা নাই।
9 人は堅い岩に手をくだして、山を根元からくつがえす。
মানুহে অতি টান শিলত হাত দিয়ে; সি পৰ্ব্বতবোৰ মূলে সৈতে লুটিয়াই পেলায়।
10 彼は岩に坑道を掘り、その目はもろもろの尊い物を見る。
১০সি শিলৰ মাজে মাজে নলা কাটে, আৰু তাৰ চকুৱে সকলো বিধৰ বহুমূল্য বস্তু দেখা পায়।
11 彼は水路をふさいで、漏れないようにし、隠れた物を光に取り出す。
১১সি জুৰিবোৰ পানী এটোপাও সৰকিব নোৱাৰাকৈ ভেটে, আৰু গুপুতে থকা বস্তু পোহৰলৈ উলিয়ায়।
12 しかし知恵はどこに見いだされるか。悟りのある所はどこか。
১২কিন্তু জ্ঞান ক’ত পোৱা যায়? আৰু সুবিবেচনাৰ ঠাই বা ক’ত?
13 人はそこに至る道を知らない、また生ける者の地でそれを獲ることができない。
১৩মনুষ্যই তাৰ মূল্য নাজানে, আৰু জীৱিতসকলৰ দেশত তাক পোৱা নাযায়।
14 淵は言う、『それはわたしのうちにない』と。また海は言う、『わたしのもとにない』と。
১৪অগাধ জলে কয়, এইটি মোত নাই, আৰু সাগৰে কয়, মোৰ ইয়াতো নাই।
15 精金もこれと換えることはできない。銀も量ってその価とすることはできない。
১৫শুদ্ধ সোণ দিওঁ তাক পোৱা নাযায়, আৰু তাৰ বেচ বুলি ৰূপকো জুখি দিব নোৱাৰি।
16 オフルの金をもってしても、その価を量ることはできない。尊い縞めのうも、サファイヤも同様である。
১৬ওফীৰৰ সুবৰ্ণ আৰু বহুমূল্য বৈদূৰ্য্য, আৰু নীলকান্ত বাখৰও জোখত তাৰ সমান নহয়।
17 こがねも、玻璃もこれに並ぶことができない。また精金の器物もこれと換えることができない。
১৭সোণ আৰু আৰ্চি তাৰ তুল্য হ’ব নোৱাৰে, আৰু তাৰ সলনি শুদ্ধ সোণৰ অলঙ্কাৰবোৰকো দিব নোৱাৰি।
18 さんごも水晶も言うに足りない。知恵を得るのは真珠を得るのにまさる。
১৮তাৰ আগত পোৱাল আৰু স্ফটিকৰো নাম লব নোৱাৰি, এনে কি, পদ্মৰাগ বাখৰত্কৈয়ো জ্ঞানৰ মূল্য অধিক।
19 エチオピヤのトパズもこれに並ぶことができない。純金をもってしても、その価を量ることはできない。
১৯কুচ দেশীয় গোমেদক বাখৰও তাৰ তুল্য নহয়, আৰু জোখত শুদ্ধ সোণো তাৰ সমান নহয়।
20 それでは知恵はどこから来るか。悟りのある所はどこか。
২০তেন্তে জ্ঞান ক’ৰ পৰা আহে? আৰু সুবিবেচনাৰ ঠাই বা ক’ত?
21 これはすべての生き物の目に隠され、空の鳥にも隠されている。
২১এইটো সকলো প্ৰাণীৰ চকুৰ পৰা গুপ্ত, আৰু আকাশৰ পক্ষীৰ পৰাও অদৃশ্য।
22 滅びも死も言う、『われわれはそのうわさを耳に聞いただけだ』。
২২বিনাশ আৰু মৃত্যুৱে কয়, আমি নিজ কাণে সেই বিষয়ে ঘুনুক-ঘানাককৈহে শুনিছোঁ।
23 神はこれに至る道を悟っておられる、彼はそのある所を知っておられる。
২৩তাৰ পথ ঈশ্বৰেহে জানে, আৰু তাৰ ঠাই তেওঁৰহে জনা আছে।
24 彼は地の果までもみそなわし、天が下を見きわめられるからだ。
২৪কিয়নো তেওঁ পৃথিবীৰ অন্তলৈকে দেখে, আৰু আকাশ-মণ্ডলৰ তলৰ আটাই ঠাইলৈকে তেওঁৰ চকু যায়।
25 彼が風に重さを与え、水をますで量られたとき、
২৫তেওঁ যেতিয়া বায়ুৰ গুৰুত্ব নিৰূপণ কৰিলে, যেতিয়া পৰিমান অনুসাৰে জল সমূহ জুখি জুখি দিলে,
26 彼が雨のために規定を設け、雷のひらめきのために道を設けられたとき、
২৬যেতিয়া তেওঁ বৃষ্টিৰ নিয়ম নিৰূপণ কৰিলে, আৰু মিঘ-গৰ্জ্জনৰ সৈতে ওলোৱা বিজুলীৰ পথ স্থিৰ কৰিলে,
27 彼は知恵を見て、これをあらわし、これを確かめ、これをきわめられた。
২৭তেতিয়া তেওঁ জ্ঞানক দেখিলে, আৰু প্ৰকাশ কৰিলে, তেওঁ তাক স্থাপন কৰিলে, আৰু তাৰ তদন্তও কৰিলে;
28 そして人に言われた、『見よ、主を恐れることは知恵である、悪を離れることは悟りである』と」。
২৮আৰু তেওঁ মনুষ্যক কলে, চোৱা, প্ৰভুলৈ ভয় ৰখাই জ্ঞান, আৰু কুকৰ্ম ত্যাগ কৰাই সুবিবেচনা।

< ヨブ 記 28 >