< エゼキエル書 11 >
1 時に霊はわたしをあげて、東に向かう主の宮の東の門に連れて行った。見よ、その門の入口に二十五人の者がいた。わたしはその中にアズルの子ヤザニヤと、ベナヤの子ペラテヤを見た。共に民のつかさであった。
১তেতিয়া সেই আত্মাই মোক ওপৰলৈ তুলি নিলে, আৰু যিহোৱাৰ গৃহৰ পূব দিশত পূবমুৱাকৈ থকা প্রৱেশ পথৰ ওচৰলৈ আনিলে। আৰু চোৱা! সেই প্রৱেশ পথৰ দুৱাৰমুখত পঁচিশজন পুৰুষ আছিল। তেতিয়া মই লোকসকলৰ চলাওঁতা অজ্জুৰৰ পুত্ৰ যাজনিয়া আৰু বনায়াৰ পুত্ৰ পেলাটিয়াক তেওঁলোকৰ মাজত, এই দুজনক তেওঁলোকৰ মাজত দেখিলোঁ।
2 すると彼はわたしに言われた、「人の子よ、これらの者はこの町の中で悪い事を考え、悪い計りごとをめぐらす人々である。
২ঈশ্ৱৰে মোক ক’লে, “হে মনুষ্য সন্তান, এইসকল লোকেই এই নগৰখনত অতিশয় অনৈতিক আচৰণ কৰোঁতা আৰু কু-মন্ত্ৰণা দিওঁতা।
3 彼らは言う、『家を建てる時は近くはない。この町はなべであり、われわれは肉である』と。
৩তেওঁলোকে কৈ থাকে যে, ‘ঘৰবোৰ সাজিবৰ সময় ওচৰ চপা নাই; এই নগৰখন কেৰাহী আৰু আমি মাংস-স্বৰূপ।’
4 それゆえ、彼らに向かって預言せよ。人の子よ、預言せよ」。
৪এই হেতুকে হে মনুষ্য সন্তান, তেওঁলোকৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা!”
5 時に、主の霊がわたしに下って、わたしに言われた、「主はこう言われると言え、イスラエルの家よ、考えてみよ。わたしはあなたがたの心にある事どもを知っている。
৫তেতিয়া যিহোৱাৰ আত্মা মোৰ ওপৰত স্থিতি হ’ল আৰু তেওঁ মোক ক’লে, “তুমি কোৱা, ‘যিহোৱাই এই কথা কৈছে: হে ইস্ৰায়েল-বংশ, তোমালোকে যিবোৰ কথা কৈ আছা, তোমালোকৰ মনত উদয় হোৱা সেই কথাবোৰৰ বিষয়ে মই জানো।
6 あなたがたはこの町に殺される者を増し、殺された者をもってちまたを満たした。
৬তোমালোকে এই নগৰত হত হোৱা লোকসকলৰ সংখ্যা বৃদ্ধি কৰিলা আৰু ইয়াৰ বাট-পথবোৰ তেওঁলোকেৰে পৰিপূৰ্ণ কৰিলা।
7 それゆえ、主なる神はこう言われる、町の中にあなたがたが置く殺された者は肉である。この町はなべである。しかし、あなたがたはその中から取り出される。
৭এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে যি সকলক বধ কৰিলা আৰু যিৰূচালেমৰ মাজত যিসকলৰ মৃতদেহবোৰ পেলাই থ’লা, তেওঁলোকক মাংস আৰু নগৰ খনক কেৰাহী যেন কৰিলা; কিন্তু তোমালোকক এই নগৰখনৰ মাজৰ পৰা বাহিৰ কৰি দিয়া হ’ব।
8 あなたがたはつるぎを恐れた。わたしはあなたがたにつるぎを臨ませると、主は言われる。
৮তোমালোকে তৰোৱাললৈ ভয় কৰিছা, এই কাৰণে মই তোমালোকৰ ওপৰলৈ তৰোৱালকেই আনিম’।” এয়ে প্ৰভু যিহোৱাই কৰা ঘোষণা।
9 またわたしはあなたがたをその中から引き出して、他国人の手に渡し、あなたがたをさばく。
৯“মই তোমালোকক নগৰৰ মাজৰ পৰা উলিয়াই আনিম আৰু বিদেশীসকলৰ হাতত সমৰ্পণ কৰিম, কিয়নো মই তোমালোকৰ বিৰুদ্ধে দণ্ডাজ্ঞা সিদ্ধ কৰিম।
10 あなたがたはつるぎに倒れる。わたしはあなたがたをイスラエルの境でさばく。これによってあなたがたはわたしが主であることを知るようになる。
১০তোমালোক তৰোৱালত পতিত হ’বা। মই ইস্ৰায়েলৰ সীমাৰ ভিতৰতেই তোমালোকৰ বিচাৰ কৰিম, তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা!
11 この町はあなたがたに対してなべとはならず、あなたがたはその肉とはならない。わたしはイスラエルの境であなたがたをさばく。
১১এই নগৰখন তোমালোকৰ কেৰাহীস্বৰূপ নহ’ব, বা তোমালোক তাৰ মাজত থকা মাংসস্বৰূপ নহ’বা। মই ইস্ৰায়েলৰ সীমাৰ ভিতৰতেই তোমালোকৰ বিচাৰ কৰিম।
12 これによって、あなたがたはわたしが主であることを知るようになる。あなたがたはわたしの定めに歩まず、またわたしのおきてを行わず、かえってその周囲の他国人のおきてに従って行っているからである」。
১২তেতিয়া তোমালোকে জানিবা যে, মইয়ে যিহোৱা। মোৰ আজ্ঞা তোমালোকে লঙ্ঘন কৰিছিলা। তোমালোকে মোৰ পথ অনুসৰণ কৰা নাই। বৰং তোমালোকৰ চাৰিওফালে থকা জাতিবোৰৰ শাসন প্ৰণালী অনুসাৰে তোমালোকে কাৰ্য কৰি আছা।”
13 このようにわたしが預言していた時、ベナヤの子ペラテヤが死んだので、わたしは打ち伏して、大声で叫んで言った、「ああ主なる神よ、あなたはイスラエルの残りの者をことごとく滅ぼそうとされるのですか」。
১৩আৰু এইদৰে মই ভাববাণী প্ৰচাৰ কৰি থকাৰ সময়ত, বনায়াৰ পুত্র পেলাটিয়াৰ মৃত্যু হ’ল। মই মূৰ দোৱাই উবুৰি পৰি চিঞৰি বৰ মাতেৰে কলোঁ, “হায় হায়, প্ৰভু যিহোৱা! আপুনি ইস্ৰায়েলৰ অৱশিষ্ট থকা সকলকো সম্পূৰ্ণৰূপে বিনষ্ট কৰিব নে?”
১৪যিহোৱাৰ বাক্য মোৰ ওচৰলৈ পুনৰায় আহি মোক ক’লে,
15 「人の子よ、あなたの兄弟、あなたの友、あなたの兄弟である捕われ人、イスラエルの全家、エルサレムの住民は言った、『彼らが主から遠く離れた。この地はわれわれの所有として与えられているのだ』と。
১৫“হে মনুষ্য সন্তান, তোমাৰ ভাইসকল! তোমাৰ পৰিয়াল, তোমাৰ বংশৰ লোকসকল আৰু ইস্ৰায়েলৰ গোটেই বংশ! তোমালোকৰ এই সকলোকে যিৰূচালেমত থকা সকলো নিবাসীসকলে কয়, ‘তেওঁলোক যিহোৱাৰ পৰা বহু আঁতৰত আছে! অধিকাৰস্বৰূপে এই দেশ আমাকহে দিয়া হৈছিল!’
16 それゆえ、言え、『主なる神はこう言われる、たといわたしは彼らを遠く他国人の中に移し、国々の中に散らしても、彼らの行った国々で、わたしはしばらく彼らのために聖所となる』と。
১৬এই হেতুকে তুমি ক’বা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: যদিও মই তেওঁলোকক জাতি সমূহৰ মাজৰ পৰা দূৰ কৰিলোঁ আৰু যদিও মই দেশবোৰৰ মাজত তেওঁলোকক ছিন্ন-ভিন্ন কৰিলোঁ, তথাপি তেওঁলোক যি যি দেশলৈ গৈছিল, সেই ঠাইবোৰত মই অলপকাল তেওঁলোকৰ ধৰ্মধাম হৈ আছিলোঁ।’
17 それゆえ、言え、『主はこう言われる、わたしはあなたがたをもろもろの民の中から集め、その散らされた国々から集めて、イスラエルの地をあなたがたに与える』と。
১৭এই হেতুকে কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: মই জাতি সমূহৰ মাজৰ পৰা তোমালোকক সংগ্রহ কৰিম আৰু ছিন্ন-ভিন্ন হোৱা দেশবোৰৰ পৰা তোমালোকক গোটাই আনিম আৰু মই তোমালোকক ইস্ৰায়েলৰ দেশখন দিম।
18 彼らはその所に来る時、そのもろもろのいとうべきものと、もろもろの憎むべきものとをその所から取り除く。
১৮তেতিয়া তেওঁলোকে সেই ঠাইলৈ যাব আৰু তাৰ পৰা আটাই জঘন্য আৰু ঘৃণনীয় বস্তুবোৰ দূৰ কৰিব।
19 そしてわたしは彼らに一つの心を与え、彼らのうちに新しい霊を授け、彼らの肉から石の心を取り去って、肉の心を与える。
১৯যেতিয়া তেওঁলোক মোৰ ওচৰ চাপিব, তেওঁলোকক মই এখন নতুন অন্তৰ দিম আৰু তেওঁলোকত এক নতুন আত্মা স্থিতি কৰিম; মই তেওঁলোকৰ অন্তৰ আৰু তেওঁলোকৰ শৰীৰৰ পৰা শিলৰূপ হৃদয় গুচাই তেওঁলোকক মাংসৰূপ হৃদয় দিম,
20 これは彼らがわたしの定めに歩み、わたしのおきてを守って行い、そして彼らがわたしの民となり、わたしが彼らの神となるためである。
২০তেওঁলোকে মোৰ বিধিত চলিব আৰু মোৰ শাসন-প্ৰণালীবোৰ পালন কৰি সেই অনুসাৰে কাৰ্য কৰিব। তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।
21 しかしいとうべきもの、憎むべきものをその心に慕って歩む者には、彼らの行いに従ってそのこうべに報いると、主なる神は言われる」。
২১কিন্তু তেওঁলোকৰ যিসকলে গৰ্হিত আৰু ঘিণলগীয়া বস্তুবোৰৰ পাছত চ’লে, মই তেওঁলোকৰ নিজ নিজ মূৰত তেওঁলোকৰ সেই কাৰ্যৰ প্রতিফল আনিম। এয়ে প্ৰভু যিহোৱাৰ ঘোষণা।”
22 時にケルビムはその翼をあげた。輪がそのかたわらにあり、イスラエルの神の栄光がその上にあった。
২২তেতিয়া কৰূব কেইজনে তেওঁলোকৰ নিজ নিজ ডেউকাবোৰ দাঙি তুলিলে আৰু তেওঁলোকৰ সৈতে কাষে কাষে চক্ৰকেইটাও আছিল আৰু তেওঁলোকৰ ওপৰত ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আছিল।
23 主の栄光が町の中からのぼって、町の東にある山の上に立ちどまった。
২৩আৰু যিহোৱাৰ গৌৰৱ নগৰৰ মাজৰ পৰা ওপৰলৈ উঠি গ’ল আৰু নগৰৰ পূৱফালে থকা পৰ্ব্বতখনৰ ওপৰত ৰ’ল।
24 その時、霊はわたしをあげ、神の霊によって、幻のうちにわたしをカルデヤの捕われ人の所へ携えて行った。そしてわたしが見た幻はわたしを離れてのぼった。
২৪আৰু সেই আত্মাই মোক তুলিলৈ দৰ্শনক্ৰমে ঈশ্বৰৰ আত্মাৰ দ্ৱাৰাই কলদীয়া দেশলৈ দেশান্তৰিত লোকসকলৰ ওচৰলৈ লৈ আহিল। তেতিয়া মই দেখা সেই দৰ্শন মোৰ পৰা ওপৰলৈ উঠি গ’ল।
25 そこでわたしは主がわたしに示された事をことごとくかの捕われ人に告げた。
২৫তেতিয়া যিহোৱাই মোক দেখুউৱা সকলোৰে বিষয় মই দেশান্তৰিত লোকসকলক কলোঁ।