< エステル 記 1 >
1 アハシュエロスすなわちインドからエチオピヤまで百二十七州を治めたアハシュエロスの世、
১ৰজা অহচবেৰোচৰ দিনত (ৰজা অহচবেৰোচে ভাৰতবৰ্ষৰ পৰা কুচ দেশলৈকে এশ সাতাইশ খন প্ৰদেশৰ ওপৰত ৰাজত্ব কৰিছিল);
2 アハシュエロス王が首都スサで、その国の位に座していたころ、
২সেই সময়ত, ৰজা অহচবেৰোচে চুচন ৰাজপ্রসাদত নিজৰ ৰাজসিংহাসনত বহিল।
3 その治世の第三年に、彼はその大臣および侍臣たちのために酒宴を設けた。ペルシャとメデアの将軍および貴族ならびに諸州の大臣たちがその前にいた。
৩তেওঁৰ ৰাজত্বৰ তৃতীয় বছৰত তেওঁৰ সকলো কৰ্মচাৰী আৰু দাসৰ বাবে তেওঁ ভোজ পাতিলে। পাৰস্য আৰু মাদিয়াৰ সৈন্য, উচ্চ পদবীধাৰী লোক, আৰু প্ৰদেশৰ অধ্যক্ষ সকল তেওঁৰ আগত উপস্থিত হ’ল।
4 その時、王はその盛んな国の富と、その王威の輝きと、はなやかさを示して多くの日を重ね、百八十日に及んだ。
৪তেওঁ অনেক দিন, অৰ্থাৎ এশ আশী দিনলৈকে নিজৰ প্ৰতাপান্বিত ৰাজ্যৰ ঐশ্চৰ্য্য, আৰু উৎকৃষ্ট মাহাত্ম্যৰ গৌৰৱ দেখুৱালে।
5 これらの日が終った時、王は王の宮殿の園の庭で、首都スサにいる大小のすべての民のために七日の間、酒宴を設けた。
৫সেই দিনবোৰ যেতিয়া সম্পূৰ্ন হ’ল, তেতিয়া ৰজাই সাত দিনলৈকে ভোজ দিলে। চুচনৰ ৰাজ-কোঁঠত উপস্থিত হোৱা সৰু কি বৰ সকলো প্ৰজাৰ কাৰণে তেওঁ ভোজ দিলে। এই ভোজ ৰাজ-গৃহৰ বাগিছাৰ চোতালত দিলে।
6 そこには白綿布の垂幕と青色のとばりとがあって、紫色の細布のひもで銀の輪および大理石の柱につながれていた。また長いすは金銀で作られ、石膏と大理石と真珠貝および宝石の切りはめ細工の床の上に置かれていた。
৬বাগিছাৰ চোতাল খন বগা আৰু বেঙুনীয়া কপাহী পৰ্দাৰে সজোৱা হৈছিল। পৰ্দাবোৰ মিহি শণ সুতা আৰু ৰঙা-বেঙেনা বৰণীয়া ৰচিৰে মমৰ শিলৰ খুটাত লগোৱা ৰূপৰ আঙুঠিত বন্ধা আছিল। ইয়াত বিচিত্ৰ চানেকীৰে টান শিলেৰে বন্ধা পদ পথ, মৰ্মৰ শিল, মুকুতা আৰু চেপেটা শিলাখণ্ডত সোণৰ আৰু ৰূপৰ আসনবোৰ আছিল।
7 酒は金の杯で賜わり、その杯はそれぞれ違ったもので、王の大きな度量にふさわしく、王の用いる酒を惜しみなく賜わった。
৭তেওঁলোকক সোণৰ পিয়লাত পান কৰোঁৱা হৈছিল। প্রতিটো পিয়লা তুলনাহীন আছিল। ৰজাৰ মহত্ত্বতাৰ কাৰণে অধিক ৰাজকীয় দ্ৰাক্ষাৰস তেওঁলোকক দিয়া হৈছিল।
8 その飲むことは法にかない、だれもしいられることはなかった。これは王が人々におのおの自分の好むようにさせよと宮廷のすべての役人に命じておいたからである。
৮তেওঁলোকে বিধি অনুসাৰে দ্রাক্ষাৰস পান কৰিছিল, “দ্রাক্ষাৰস পান কৰাটো বাধ্যতা মূলক নাছিল।” কাৰণ যাৰ যি ইচ্ছা, তেওঁ সেই দৰে যেন কৰিব পাৰে, সেই বাবে ৰজাই তেওঁৰ ৰাজপ্রসাদৰ কৰ্মচাৰী সকলক আজ্ঞা দিছিল।
9 王妃ワシテもまたアハシュエロス王に属する王宮の内で女たちのために酒宴を設けた。
৯ৰাণী ৱষ্টীয়েও অহচবেৰোচৰ ৰাজপ্রসাদত মহিলা সকলৰ বাবে ভোজ দিলে।
10 七日目にアハシュエロス王は酒のために心が楽しくなり、王の前に仕える七人の侍従メホマン、ビズタ、ハルボナ、ビグタ、アバグタ、ゼタルおよびカルカスに命じて、
১০সপ্তম দিনৰ দিনা ৰজাই দ্ৰাক্ষাৰস পান কৰি প্ৰফুল্লিত হৈ আছিল, আৰু তেওঁ মহূমন, বিজথা, হৰ্বোনা, বিগথা, অবগথা, জেথৰ, আৰু কৰ্কচক (ৰজা অহচবেৰোচৰ আগত পৰিচৰ্যা কৰা এই সাত জন কৰ্মচাৰী),
11 王妃ワシテに王妃の冠をかぶらせて王の前にこさせよと言った。これは彼女が美しかったので、その美しさを民らと大臣たちに見せるためであった。
১১ৰাণী ৱষ্টীক তেওঁৰ ৰাজমুকুটৰ সৈতে তেওঁৰ ওচৰলৈ আনিবলৈ ক’লে। তেওঁ লোকসকলক আৰু কৰ্মচাৰী সকলক ৰাণীৰ সৌন্দৰ্য দেখুৱাব বিচাৰিছিল, কাৰণ তেওঁৰ মুখমণ্ডল অতি আকৰ্ষণীয় আছিল।
12 ところが、王妃ワシテは侍従が伝えた王の命令に従って来ることを拒んだので、王は大いに憤り、その怒りが彼の内に燃えた。
১২কিন্তু কৰ্মচাৰী সকলৰ দ্বাৰাই ৰজাই তেওঁৰ ওচৰলৈ আনিবলৈ দিয়া আজ্ঞা ৰাণী ৱষ্টীয়ে মানিবলৈ অসন্মত হ’ল। তাতে ৰজাই ক্ৰোধাম্বিত হ’ল, আৰু তেওঁৰ অন্তৰত ক্ৰোধাগ্নি জ্বলি উঠিল।
13 そこで王は時を知っている知者に言った、王はすべて法律と審判に通じている者に相談するのを常とした。
১৩তাৰ পাছত ৰজাই জ্ঞানীলোক আৰু যি সকলে সময়ৰ মূল্য বুজে তেওঁলোকৰ লগত আলোচনা কৰিলে, (কিয়নো বিচাৰ আৰু ব্যৱস্থা জনা সকললৈ ৰজাই সেইদৰে কৰে)।
14 時に王の次にいた人々はペルシャおよびメデアの七人の大臣カルシナ、セタル、アデマタ、タルシシ、メレス、マルセナ、メムカンであった。彼らは皆王の顔を見る者で、国の首位に座する人々であった
১৪সেই সময়ত তেওঁৰ অতি ঘনিষ্ট পাৰস্য আৰু মাদিয়াৰ সাত জন কোঁৱৰ এওঁলোক: কৰ্চনা, চেথৰ, অদমথা, তৰ্চীচ, মেৰচ, মৰ্চনা, আৰু মমুকণ। এওঁলোকৰ ৰজাৰ ওচৰলৈ যোৱাৰ অধিকাৰ আছিল, আৰু তেওঁলোকে ৰাজ্যৰ ভিতৰত উচ্চখাপৰ কাৰ্যালয় স্থাপন কৰিছিল।
15 「王妃ワシテは、アハシュエロス王が侍従をもって伝えた命令を行わないゆえ、法律に従って彼女にどうしたらよかろうか」。
১৫ৰাণী ৱষ্টীয়ে কৰ্মচাৰীৰ দ্বাৰাই পঠোৱা, ৰজা অহচবেৰোচৰ আজ্ঞা অমান্য কৰিছিল। সেয়ে বিধি অনুসাৰে ৰাণী ৱষ্টীৰ প্রতি কি কৰা হ’ব?”
16 メムカンは王と大臣たちの前で言った、「王妃ワシテはただ王にむかって悪い事をしたばかりでなく、すべての大臣およびアハシュエロス王の各州のすべての民にむかってもしたのです。
১৬তেতিয়া মমুকণে ৰজা আৰু কৰ্মচাৰী সকলৰ উপস্থিতিত ক’লে, “ৰাণী ৱষ্টীয়ে যে কেৱল মহাৰাজৰ বিৰুদ্ধে অপৰাধ কৰিলে, এনে নহয়; কিন্তু সকলো কৰ্মচাৰী, আৰু অহচবেৰোচ ৰজাৰ প্ৰদেশত থকা সকলো লোকৰ বিৰুদ্ধে অপৰাধ কৰিলে।
17 王妃のこの行いはあまねくすべての女たちに聞えて、彼らはついにその目に夫を卑しめ、『アハシュエロス王は王妃ワシテに、彼の前に来るように命じたがこなかった』と言うでしょう。
১৭কাৰণ ৰাণীৰ এই কাৰ্যৰ বিষয়ে সকলো মহিলা জ্ঞাত হ’ব। ইয়াৰ বাবে মহিলা সকলে নিজৰ স্বামীক সেইদৰেই তুচ্ছ জ্ঞান কৰিব। মহিলা সকলে ক’ব, ‘অহচবেৰোচ ৰজাই ৰাণী ৱষ্টীক তেওঁৰ ওচৰলৈ আনিবলৈ আজ্ঞা দিছিল, কিন্তু তেওঁ আজ্ঞা অমান্য কৰিছিল।’
18 王妃のこの行いを聞いたペルシャとメデアの大臣の夫人たちもまた、今日、王のすべての大臣たちにこのように言うでしょう。そうすれば必ず卑しめと怒りが多く起ります。
১৮ৰাণীৰ এই কৰ্মৰ বিষয়ে পাৰস্য আৰু মাদিয়াৰ ভদ্ৰ মহিলা সকলে শুনি সেই দিনটো অতিক্রম নোহোৱাৰ আগতে ৰজা আৰু কৰ্মচাৰী সকলক সেইদৰে ক’ব। সেয়ে এই কথা বহুত অপমান আৰু ক্ৰোধৰ বিষয় হ’ব।
19 もし王がよしとされるならば、ワシテはこの後、再びアハシュエロス王の前にきてはならないという王の命令を下し、これをペルシャとメデアの法律の中に書きいれて変ることのないようにし、そして王妃の位を彼女にまさる他の者に与えなさい。
১৯যদি এই কথাই মহাৰাজক সন্তুষ্ট কৰে, তেনেহলে ‘ৰাণী ৱষ্টী অহচবেৰোচ ৰজাৰ ওচৰলৈ পুনৰ আহিবলৈ নাপাব’; এই ৰাজ আজ্ঞা আপোনাৰ মুখৰ পৰা ওলাওক, আৰু ইয়াৰ যেন লৰ-চৰ নহয়। এই কাৰণে ইয়াক পাৰস্য আৰু মাদিয়া সকলৰ বিধিত লিখা হওক। তাৰ পাছত মহাৰাজে তেওঁৰ ৰাণীপদ তেওঁতকৈ উত্তম মহিলা এগৰাকীক দিয়ক।
20 王の下される詔がこの大きな国にあまねく告げ示されるとき、妻たる者はことごとく、その夫を高下の別なく共に敬うようになるでしょう」。
২০মহাৰাজে দিয়া আজ্ঞা যেতিয়া তেওঁৰ ৰাজ্যৰ সকলো ফালে ঘোষণা কৰা যাব, তেতিয়া সৰু কি বৰ সকলো মহিলাই নিজৰ নিজৰ স্বামীক সন্মান কৰিব।”
21 王と大臣たちはこの言葉をよしとしたので、王はメムカンの言葉のとおりに行った。
২১তেতিয়া এই কথাত ৰজা আৰু প্রধান লোকসকল সন্তুষ্ট হ’ল; আৰু ৰজাই মমুকণে দিয়া প্রস্তাৱৰ দৰেই কৰিলে।
22 王は王の諸州にあまねく書を送り、各州にはその文字にしたがい、各民族にはその言語にしたがって書き送り、すべて男子たる者はその家の主となるべきこと、また自分の民の言語を用いて語るべきことをさとした。
২২তেওঁ সকলো ৰাজকীয় প্ৰদেশলৈ প্রতিখন প্রদেশৰ নিজৰ আখৰ অনুসাৰে আৰু প্ৰত্যেক লোকলৈ তেওঁলোকৰ ভাষা অনুসাৰে চিঠি পঠিয়ালে। ৰজাই আজ্ঞা দিলে যে, প্ৰতিজন পুৰুষ নিজৰ নিজৰ ঘৰৰ মূৰব্বী হওক। এই আজ্ঞা প্রত্যেক লোকৰ নিজৰ নিজৰ ভাষাত দিয়া হৈছিল।