< 伝道者の書 2 >
1 わたしは自分の心に言った、「さあ、快楽をもって、おまえを試みよう。おまえは愉快に過ごすがよい」と。しかし、これもまた空であった。
১মই মোৰ হৃদয়ক ক’লোঁ, “আহাঁ, মই আমোদ-প্রমোদেৰে তোমাক পৰীক্ষা কৰি চাম; সেয়ে, এতিয়া সুখ উপভোগ কৰা।” কিন্তু দেখিলোঁ, ইও কেৱল এক অস্থায়ী বতাহৰ দৰে অসাৰ আছিল।
2 わたしは笑いについて言った、「これは狂気である」と。また快楽について言った、「これは何をするのか」と。
২মই হাঁহিৰ বিষয়ে ক’লো, “ই বলিয়ালি,” আনন্দৰ বিষয়ত “ই কি কৰিব পাৰে?
3 わたしの心は知恵をもってわたしを導いているが、わたしは酒をもって自分の肉体を元気づけようと試みた。また、人の子は天が下でその短い一生の間、どんな事をしたら良いかを、見きわめるまでは、愚かな事をしようと試みた。
৩আকাশৰ তলত, মানুহৰ কিছুদিনৰ জীৱনকালত তেওঁলোকৰ কাৰণে কি ভাল, তাক মই দেখা নোপোৱালৈকে কেনেকৈ দ্রাক্ষাৰসেৰে মোৰ শৰীৰক আনন্দিত কৰিম; কেনেকৈ মোৰ মনক অবিৰামে পৰিচালিত কৰা প্রজ্ঞাৰে সৈতে অজ্ঞানতাক ধৰি ৰাখি উল্লাসিত হ’ম, মই মনতে অন্বেষণ কৰি চালোঁ।
4 わたしは大きな事業をした。わたしは自分のために家を建て、ぶどう畑を設け、
৪মই কিছুমান মহৎ কাৰ্য কৰিলোঁ; মই নিজৰ কাৰণে অনেক ঘৰ সাজিলোঁ আৰু দ্ৰাক্ষাবাৰী পাতিলো;
5 園と庭をつくり、またすべて実のなる木をそこに植え、
৫মই ঠায়ে ঠায়ে অনেক বাগিছা আৰু উদ্যান তৈয়াৰ কৰি তাত সকলো ধৰণৰ ফল ধৰা গছ ৰুলোঁ;
6 池をつくって、木のおい茂る林に、そこから水を注がせた。
৬গছ উৎপন্ন হোৱা বাৰীত পানী দিবলৈ মই ঠায়ে ঠায়ে পুখুৰী খান্দিলোঁ;
7 わたしは男女の奴隷を買った。またわたしの家で生れた奴隷を持っていた。わたしはまた、わたしより先にエルサレムにいただれよりも多くの牛や羊の財産を持っていた。
৭মই অনেক দাস আৰু দাসীক কিনি ল’লো; মোৰ ৰাজপ্রাসাদতো অনেক দাস-দাসীৰ জন্ম হৈছিল; মোৰ আগেয়ে যিসকল যিৰূচালেমত আছিল, তেওঁলোক সকলোতকৈ মোৰ অনেক বেছি গৰু-ছাগলী আৰু মেৰ-ছাগ আদি পশুধনৰ জাক আছিল;
8 わたしはまた銀と金を集め、王たちと国々の財宝を集めた。またわたしは歌うたう男、歌うたう女を得た。また人の子の楽しみとするそばめを多く得た。
৮মই অনেক ৰূপ আৰু সোণ, অন্যান্য ৰজাসকলৰ আৰু বিভিন্ন প্ৰদেশৰ ধন-সম্পদ আনি নিজৰ কাৰণে জমা কৰিলোঁ; মোৰ কাৰণে অনেক গায়ক-গায়িকা আৰু মাংসক সন্তোষ দিওঁতা অনেক উপপত্নী আছিল।
9 こうして、わたしは大いなる者となり、わたしより先にエルサレムにいたすべての者よりも、大いなる者となった。わたしの知恵もまた、わたしを離れなかった。
৯মোৰ আগেয়ে যিৰূচালেমত যিসকল আছিল, তেওঁলোকতকৈ মই অনেক বেচি মহান আৰু ঐশ্বর্যশালী হ’লো। তেতিয়াও প্রজ্ঞা মোৰ লগত আছিল।
10 なんでもわたしの目の好むものは遠慮せず、わたしの心の喜ぶものは拒まなかった。わたしの心がわたしのすべての労苦によって、快楽を得たからである。そしてこれはわたしのすべての労苦によって得た報いであった。
১০মোৰ চকুত যি ভাল লাগে, মই সেইবোৰৰ পৰা আতৰাই নাৰাখিলোঁ; মই মোৰ মনক কোনো আমোদ-প্রমোদৰ পৰা আটক নকৰিলোঁ, কিয়নো মোৰ সকলো কার্যত মোৰ মনে আনন্দ কৰে; আৰু আনন্দই মোৰ সকলো পৰিশ্ৰমৰ পুৰস্কাৰ আছিল।
11 そこで、わたしはわが手のなしたすべての事、およびそれをなすに要した労苦を顧みたとき、見よ、皆、空であって、風を捕えるようなものであった。日の下には益となるものはないのである。
১১তাৰ পাছত মই মোৰ হাতে যি যি কাৰ্য কৰিলে, আৰু তাক কৰিবলৈ মই যি পৰিশ্ৰম কৰিলোঁ, তাক চাই দেখিলোঁ যে, সেই সকলো অসাৰ; কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ বাহিৰে একো নহয়; সূৰ্যৰ তলত একোতেই লাভ নাই।
12 わたしはまた、身をめぐらして、知恵と、狂気と、愚痴とを見た。そもそも、王の後に来る人は何をなし得ようか。すでに彼がなした事にすぎないのだ。
১২পাছত মই প্রজ্ঞা, বলিয়ালি আৰু অজ্ঞানতাৰ কথা চিন্তা কৰিলোঁ; ৰজাৰ পাছত যিজন পৰৱর্তী ৰজা আহিব, তেওঁ কি কৰিব পাৰে? কেৱল ইতিমধ্যে যি যি কৰা হৈছে, তাকেই কৰিব।
13 光が暗きにまさるように、知恵が愚痴にまさるのを、わたしは見た。
১৩মই দেখিলোঁ, অন্ধকাৰতকৈ পোহৰ যেনেকৈ উত্তম, তেনেকৈ অজ্ঞানতকৈ প্রজ্ঞা উত্তম।
14 知者の目は、その頭にある。しかし愚者は暗やみを歩む。けれどもわたしはなお同一の運命が彼らのすべてに臨むことを知っている。
১৪জ্ঞানী মানুহৰ মূৰত চকু থাকে; কিন্তু অজ্ঞান লোকে হ’লে অন্ধকাৰত ভ্ৰমণ কৰে; তথাপি মই এটাই বুজিলো যে, সকলোৰে শেষ দশা একে হয়।
15 わたしは心に言った、「愚者に臨む事はわたしにも臨むのだ。それでどうしてわたしは賢いことがあろう」。わたしはまた心に言った、「これもまた空である」と。
১৫তেতিয়া মই মনতে ক’লোঁ, অজ্ঞানলৈ যেনে দশা হয়, মোলৈকোতো তেনে দশাই হ’ব; তেনেহ’লে অধিক জ্ঞানী হৈ মোৰ কি লাভ হ’ল? মই মনতে ক’লোঁ, “ইও অসাৰ।”
16 そもそも、知者も愚者も同様に長く覚えられるものではない。きたるべき日には皆忘れられてしまうのである。知者が愚者と同じように死ぬのは、どうしたことであろう。
১৬মানুহে অজ্ঞানীক যেনেদৰে মনত নাৰাখে, তেনেদৰে জ্ঞানীকো বেছি দিন মনত নাৰাখে; ভবিষ্যতে তেওঁলোক দুয়োকে মানুহে পাহৰি যাব। অজ্ঞানীজন মৰাৰ দৰে জ্ঞানীও মৰে।
17 そこで、わたしは生きることをいとった。日の下に行われるわざは、わたしに悪しく見えたからである。皆空であって、風を捕えるようである。
১৭এই হেতুকে জীৱনলৈ মোৰ ঘৃণা উপজিল। কাৰণ সূৰ্যৰ তলত যি কৰা হয়, সেই সকলো কাৰ্য মোৰ পক্ষে দুখজনক; কিয়নো সকলোৱেই অসাৰ আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।
18 わたしは日の下で労したすべての労苦を憎んだ。わたしの後に来る人にこれを残さなければならないからである。
১৮সূৰ্যৰ তলত মই যি যি পৰিশ্ৰম কৰিলোঁ, সেই সকলো পৰিশ্ৰমত মোৰ এতিয়া ঘিণ লাগিছে; কিয়নো মোৰ পাছত যিজন আহিব, তেওঁৰ বাবেইতো তাৰ ফল থৈ যাব লাগিব।
19 そして、その人が知者であるか、または愚者であるかは、だれが知り得よう。そうであるのに、その人が、日の下でわたしが労し、かつ知恵を働かしてなしたすべての労苦をつかさどることになるのだ。これもまた空である。
১৯সেই লোক জ্ঞানী নে অজ্ঞানী হ’ব, তাক কোনে জানে? তথাপি তেৱেঁই মোৰ সকলো কার্যৰ ফল ভোগ কৰিব, কিয়নো তেওঁৰ বাবেই মই সূৰ্যৰ তলত পৰিশ্ৰম কৰিছোঁ আৰু জ্ঞানৰ পৰিচয় দিলোঁ। ইও অসাৰ।
20 それでわたしはふり返ってみて、日の下でわたしが労したすべての労苦について、望みを失った。
২০এই হেতুকে সূৰ্যৰ তলত মই যি যি পৰিশ্ৰম কৰিলোঁ, তাৰ বাবে মোৰ মন নিৰাশ হবলৈ ধৰিলে।
21 今ここに人があって、知恵と知識と才能をもって労しても、これがために労しない人に、すべてを残して、その所有とさせなければならないのだ。これもまた空であって、大いに悪い。
২১কিয়নো কোনো মানুহে প্ৰজ্ঞা, জ্ঞান, আৰু দক্ষতাৰে পৰিশ্ৰম কৰিব পাৰে; কিন্তু পাছত তেওঁৰ সকলোখিনি এনে এজনৰ কাৰণে ৰাখি যাব লগা হয়, যি মানুহে তাৰ বাবে কোনো পৰিশ্ৰমেই কৰা নাই। ইও অসাৰ আৰু এক অতি দুখৰ কথা।
22 そもそも、人は日の下で労するすべての労苦と、その心づかいによってなんの得るところがあるか。
২২সূৰ্যৰ তলত মানুহে যি যি কঠোৰ পৰিশ্ৰম কৰে আৰু মনৰ চাপ লয়, তাৰ ফলত তেওঁৰ কি লাভ হয়?
23 そのすべての日はただ憂いのみであって、そのわざは苦しく、その心は夜の間も休まることがない。これもまた空である。
২৩প্রত্যেক দিনা তেওঁৰ কামত দুখ আৰু বিৰক্তি থকে; এনেকি ৰাতিও তেওঁৰ মনে বিশ্রাম নাপায়। ইও অসাৰ।
24 人は食い飲みし、その労苦によって得たもので心を楽しませるより良い事はない。これもまた神の手から出ることを、わたしは見た。
২৪তেন্তে মানুহৰ পক্ষে ভোজন-পান কৰা আৰু নিজ পৰিশ্ৰমত সন্তুষ্ট হৈ থকাৰ বাহিৰে উত্তম একোকে নাই। মই দেখিলোঁ যে এই সকলো ঈশ্বৰৰ হাতৰ পৰাহে আহে।
25 だれが神を離れて、食い、かつ楽しむことのできる者があろう。
২৫কাৰণ ঈশ্বৰে নিদিলে কোনে মোক বাদ দি খাব পাৰে অথবা কোনে যি কোনো ধৰণৰ আনন্দ ভোগ কৰিব পাৰে?
26 神は、その心にかなう人に、知恵と知識と喜びとをくださる。しかし罪びとには仕事を与えて集めることと、積むことをさせられる。これは神の心にかなう者にそれを賜わるためである。これもまた空であって、風を捕えるようである。
২৬যি মানুহে ঈশ্বৰক সন্তুষ্ট কৰে, তেওঁক তেওঁ প্ৰজ্ঞা, জ্ঞান, আৰু আনন্দ দান কৰে; কিন্তু তেওঁ পাপীক হ’লে, ধন-সম্পদ গোটোৱা আৰু জমা কৰাৰ কার্য দিয়ে, যাতে তেওঁ ঈশ্বৰক সন্তুষ্ট কৰা লোকক দিব পাৰে। ইও অসাৰ আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।