< 申命記 27 >

1 モーセとイスラエルの長老たちとは民に命じて言った、「わたしが、きょう、あなたがたに命じるすべての戒めを守りなさい。
মোচিয়ে ইস্ৰায়েলৰ বৃদ্ধ নেতাসকলক লগত লৈ লোকসকলক এই আজ্ঞা দিলে, “যি সকলো আজ্ঞা মই আজি আপোনালোকক দিছো, তাক আপোনালোকে পালন কৰিব।
2 あなたがたがヨルダンを渡ってあなたの神、主が賜わる国にはいる時、あなたは大きな石数個を立てて、それにしっくいを塗り、
আপোনালোকে যি দিনা যৰ্দ্দন নদী পাৰ হৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া দেশলৈ যাব, তেতিয়া কেইটামান ডাঙৰ ডাঙৰ শিল স্থাপন কৰি ল’ব আৰু চূণেৰে সেইবোৰ লিপি দিব।
3 そしてあなたが渡って、あなたの先祖たちの神、主が約束されたようにあなたの神、主が賜わる地、すなわち乳と蜜の流れる地にはいる時、この律法のすべての言葉をその上に書きしるさなければならない。
সেইবোৰৰ ওপৰত এই বিধিৰ সকলো কথা লিখিব। আপোনালোকৰ পূৰ্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ ওচৰত কৰা তেওঁৰ প্ৰতিজ্ঞাৰ দৰেই গাখীৰ আৰু মৌ বোৱা যি দেশ আপোনালোকক দিব, আপোনালোক তাত যোৱাৰ পাছত,
4 すなわち、あなたがたが、ヨルダンを渡ったならば、わたしが、きょう、あなたがたに命じるそれらの石をエバル山に立て、それにしっくいを塗らなければならない。
অর্থাৎ যৰ্দ্দন নদী পাৰ হৈ যোৱাৰ পাছত মই আজি আপোনালোকক যি আজ্ঞা কৰিছোঁ, আপোনালোকে সেই সকলো শিল এবাল পাহাৰৰ ওপৰত স্থাপন কৰি তাক চূণেৰে লিপি দিব।
5 またそこにあなたの神、主のために、祭壇、すなわち石の祭壇を築かなければならない。鉄の器を石に当てず、
আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে আপোনালোকে সেই ঠাইত এটা শিলৰ যজ্ঞবেদী নির্ম্মাণ কৰিব। সেই শিলবোৰৰ ওপৰত আপোনালোকে কোনো লোহাৰ সজুলি ব্যৱহাৰ নকৰিব।
6 自然のままの石であなたの神、主のために祭壇を築き、その上であなたの神、主に燔祭をささげなければならない。
আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ এই যজ্ঞবেদীটো আপোনালোকে নকটা-শিলেৰে নিৰ্ম্মাণ কৰি তাৰ ওপৰত ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিব।
7 また酬恩祭の犠牲をささげて、その所で食べ、あなたの神、主の前で喜び楽しまなければならない。
আপোনালোকে মঙ্গলাৰ্থক বলি উৎসর্গ কৰি তাত ভোজন কৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আনন্দ কৰিব।
8 あなたはこの律法のすべての言葉をその石の上に明らかに書きしるさなければならない」。
সেই শিলবোৰৰ ওপৰত এই নিয়মৰ সকলো কথা অতি স্পষ্টকৈ লিখিব।”
9 またモーセとレビびとたる祭司たちとは、イスラエルのすべての人々に言った、「イスラエルよ、静かに聞きなさい。あなたは、きょう、あなたの神、主の民となった。
পাছত মোচি আৰু লেবীয়া পুৰোহিতসকলে সকলো ইস্ৰায়েলীয়াক ক’লে, “হে ইস্ৰায়েলীয়াসকল, আপোনালোকে মনে মনে থাকি শুনক; আজি আপোনালোক নিজ ঈশ্বৰ যিহোৱাৰ প্ৰজা হ’ল।
10 それゆえ、あなたの神、主の声に聞き従い、わたしが、きょう、命じる戒めと定めとを行わなければならない」。
১০আপোনালোকে সেয়ে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বাধ্য হৈ চলিব। আজি মই আপোনালোকক আদেশ কৰা তেওঁৰ আজ্ঞা আৰু বিধিবোৰ আপোনালোকে পালন কৰি চলিব।”
11 その日またモーセは民に命じて言った、
১১সেইদিনা মোচিয়ে লোকসকলক এই আজ্ঞা কৰিলে,
12 「あなたがたがヨルダンを渡った時、次の人たちはゲリジム山に立って民を祝福しなければならない。すなわちシメオン、レビ、ユダ、イッサカル、ヨセフおよびベニヤミン。
১২“আপোনালোকে যৰ্দ্দন নদী পাৰ হোৱাৰ পাছত লোকসকলক আশীৰ্ব্বাদ কৰিবলৈ চিমিয়োন, লেবী, যিহূদা, ইচাখৰ, যোচেফ, আৰু বিন্যামীন এই ফৈদৰ লোকসকল গৰিজ্জীম পৰ্ব্বতত উঠি থিয় হ’ব;
13 また次の人たちはエバル山に立ってのろわなければならない。すなわちルベン、ガド、アセル、ゼブルン、ダンおよびナフタリ。
১৩ৰূবেণ, গাদ, আচেৰ, জবূলূন, দান আৰু নপ্তালী, ফৈদৰ লোকসকলে শাও দিবলৈ এবাল পৰ্ব্বতত থিয় হ’ব।”
14 そしてレビびとは大声でイスラエルのすべての人々に告げて言わなければならない。
১৪লেবীয়াসকলে তেতিয়া ইস্ৰায়েলীয়া সকলো লোকক বৰ মাতেৰে ক’ব:
15 『工人の手の作である刻んだ像、または鋳た像は、主が憎まれるものであるから、それを造って、ひそかに安置する者はのろわれる』。民は、みな答えてアァメンと言わなければならない。
১৫‘যি লোকে সাঁচত ঢালি নাইবা খোদাই কৰি কোনো মূর্তি নির্মাণ কৰে আৰু গুপুতে তাক স্থাপন কৰে, সেই লোক অভিশপ্ত হওঁক। এই কার্য কাৰিকৰৰ হাতৰ শিল্পকলা মাত্র। এইবোৰ মূর্তি যিহোৱাৰ ঘিণলগীয়া।’ তেতিয়া সকলোৱে ক’ব ‘আমেন।’
16 『父や母を軽んずる者はのろわれる』。民はみなアァメンと言わなければならない。
১৬যি কোনোৱে নিজ পিতৃ-মাতৃক অমান্য কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে কব ‘আমেন।’
17 『隣人との土地の境を移す者はのろわれる』。民はみなアァメンと言わなければならない。
১৭যিকোনোৱে ওচৰ-চুবুৰীয়াৰ মাটিৰ সীমাৰ চিন লৰাব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে সেয়ে হওক বুলি ক’ব।
18 『盲人を道に迷わす者はのろわれる』。民はみなアァメンと言わなければならない。
১৮যি কোনোৱে অন্ধক ভুল পথে লৈ যায়, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
19 『寄留の他国人や孤児、寡婦のさばきを曲げる者はのろわれる』。民はみなアァメンと言わなければならない。
১৯যি কোনোৱে বিদেশী, পিতৃহীন আৰু বিধৱাৰ প্রতি অন্যায় বিচাৰ হ’বলৈ দিয়ে, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
20 『父の妻を犯す者は、父を恥ずかしめるのであるからのろわれる』。民はみなアァメンと言わなければならない。
২০যি কোনোৱে বাপেকৰ ভার্যাৰে সৈতে ব্যভিচাৰ কৰে, তেওঁ বাপেকৰ অধিকাৰ লোৱাৰ কাৰণে অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
21 『すべて獣を犯す者はのろわれる』。民はみなアァメンと言わなければならない。
২১যি কোনোৱে পশুৰ সৈতে সহবাস কৰে, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
22 『父の娘、または母の娘である自分の姉妹を犯す者はのろわれる』。民はみなアァメンと言わなければならない。
২২যি কোনোৱে নিজ ভনীয়েক কি বায়েকৰে সৈতে, অৰ্থাৎ নিজ বাপেক-মাকৰ জীয়েকৰ লগত শয়ন কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
23 『妻の母を犯す者はのろわれる』。民はみなアァメンと言わなければならない。
২৩যি কোনোৱে শাহুৱেকেৰে সৈতে শয়ন কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
24 『ひそかに隣人を撃ち殺す者はのろわれる』。民はみなアァメンと言わなければならない。
২৪যি কোনোৱে চুবুৰীয়াক গুপুতে বধ কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
25 『まいないを取って罪なき者を殺す者はのろわれる』。民はみなアァメンと言わなければならない。
২৫যি কোনোৱে নিৰ্দ্দোষীক বধ কৰিবলৈ ভেঁটি খাব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
26 『この律法の言葉を守り行わない者はのろわれる』。民はみなアァメンと言わなければならない。
২৬যি কোনোৱে এই নিয়মৰ কথাবোৰ পালন কৰিবলৈ অস্বীকাৰ কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’

< 申命記 27 >