< サムエル記Ⅱ 15 >

1 この後、アブサロムは自分のために戦車と馬、および自分の前に駆ける者五十人を備えた。
সেই সময়ৰ পাছত অবচালোমে নিজৰ বাবে এখন ৰথ, কেইটামান ঘোঁৰা আৰু নিজৰ আগে আগে লৰি যাবৰ বাবে পঞ্চাশ জন মানুহ যুগুত কৰি ল’লে।
2 アブサロムは早く起きて門の道のかたわらに立つのを常とした。人が訴えがあって王に裁判を求めに来ると、アブサロムはその人を呼んで言った、「あなたはどの町の者ですか」。その人が「しもべはイスラエルのこれこれの部族のものです」と言うと、
অবচালোমে ৰাতিপুৱাতে উঠি, নগৰৰ দুৱাৰ বাটৰ কাষত থিয় দি থাকে৷ তেতিয়া যদি বিচাৰৰ অৰ্থে ৰজাৰ ওচৰলৈ আহিব লগা কোনো মানুহৰ গোচৰ থাকে, অবচালোমে তেওঁক মাতি সোধে, “তুমি কোন নগৰৰ পৰা আহিছা?” তাতে সেই লোকজনে উত্তৰ দি কয় বোলে, “আপোনাৰ এই দাস ইস্ৰায়েলৰ ফৈদৰ মাজৰ এজন৷”
3 アブサロムはその人に言った、「見よ、あなたの要求は良く、また正しい。しかしあなたのことを聞くべき人は王がまだ立てていない」。
তেতিয়া অবচালোমে তেওঁক কয়, “চোৱা, তোমাৰ গোচৰৰ কথা ভাল আৰু ন্যায়, কিন্তু তোমাৰ কথা শুনিবলৈ ৰজাৰ নিযুক্ত কৰা লোক কোনো নাই।”
4 アブサロムはまた言った、「ああ、わたしがこの地のさばきびとであったならばよいのに。そうすれば訴え、または申立てのあるものは、皆わたしの所にきて、わたしはこれに公平なさばきを行うことができるのだが」。
অবচালোমে আৰু কয়, “মোৰ ইচ্ছা এয়ে যে যদি মোক দেশৰ বিচাৰকৰ্ত্তা পতা হ’লে, কোনো বিবাদ বা গোচৰ থকা প্ৰতিজন ব্যক্তিয়ে মোৰ ওচৰলৈ আহিলহেঁতেন আৰু মই তেওঁলৈ ন্যায় বিচাৰ কৰিলোঁহেঁতেন।”
5 そして人が彼に敬礼しようとして近づくと、彼は手を伸べ、その人を抱きかかえて口づけした。
পাছত এনে ঘটে যে কোনো এজন লোক যেতিয়া তেওঁক শ্ৰদ্ধা জনাবলৈ তেওঁৰ ওচৰলৈ আহে, সেই লোকজনক তেওঁ হাত মেলি ধৰে আৰু চুমা খায়।
6 アブサロムは王にさばきを求めて来るすべてのイスラエルびとにこのようにした。こうしてアブサロムはイスラエルの人々の心を自分のものとした。
ইস্ৰায়েলৰ যি সকলো লোক ৰজাৰ ওচৰলৈ বিচাৰৰ অৰ্থে আহে, সেই সকলোকে অবচালোমে সেইৰূপেই ব্যৱহাৰ কৰে। এইদৰেই অবচালোমে ইস্ৰায়েল লোকসকলৰ মন তেওঁৰ ফাললৈ নিলে।
7 そして四年の終りに、アブサロムは王に言った、「どうぞわたしを行かせ、ヘブロンで、かつて主に立てた誓いを果させてください。
তাৰ পাছত চাৰি বছৰৰ শেষত, অবচালোমে ৰজাক ক’লে, “মই আপোনাক বিনয় কৰিছোঁ, মই যিহোৱালৈ যি এটা সঙ্কল্প কৰিলোঁ তাক হিব্ৰোণত পালন কৰিবৰ বাবে মোক যাবলৈ অনুমতি দিয়ক।
8 それは、しもべがスリヤのゲシュルにいた時、誓いを立てて、『もし主がほんとうにわたしをエルサレムに連れ帰ってくださるならば、わたしは主に礼拝をささげます』と言ったからです」。
কিয়নো আপোনাৰ দাস মই যেতিয়া অৰাম দেশৰ গচুৰত প্ৰবাস কৰি আছিলোঁ, তেতিয়া মই এই সঙ্কল্প কৰি কৈছিলোঁ, ‘যদি যিহোৱাই মোক নিশ্চয়ে যিৰূচালেমলৈ ওভোটাই নিয়ে, তেতিয়া মই যিহোৱাক সেৱাভক্তি কৰিম।’”
9 王が彼に、「安らかに行きなさい」と言ったので、彼は立ってヘブロンへ行った。
তাতে ৰজাই ক’লে, “শান্তিৰে যোৱা।” তেতিয়া অবচালোম উঠি হিব্ৰোণলৈ গ’ল।
10 そしてアブサロムは密使をイスラエルのすべての部族のうちにつかわして言った、「ラッパの響きを聞くならば、『アブサロムがヘブロンで王となった』と言いなさい」。
১০কিন্তু অবচালোমে ইস্ৰায়েলৰ আটাই ফৈদৰ ওচৰলৈ চোৰাং-চোৱাৰ দ্বাৰাই কৈ পঠালে, বোলে, “শিঙাৰ শব্দ শুনামাত্ৰে তোমালোকে ক’বা, ‘অবচালোম হিব্ৰোণত ৰজা হ’ল।’”
11 二百人の招かれた者がエルサレムからアブサロムと共に行った。彼らは何心なく行き、何事をも知らなかった。
১১আৰু অবচালোমৰ লগত যিৰূচালেমৰ পৰা দুশ নিমন্ত্ৰিত লোক গৈছিল।
12 アブサロムは犠牲をささげている間に人をつかわして、ダビデの議官ギロびとアヒトペルを、その町ギロから呼び寄せた。徒党は強く、民はしだいにアブサロムに加わった。
১২পাছে অবচালোমে বলি দান কৰা সময়ত মানুহ পঠাই দায়ূদৰ মন্ত্ৰী গিলোনীয়া অহীথোফলক তেওঁৰ নগৰ গিলোৰ পৰা মতাই আনিলে৷ এইদৰে অবচালোমৰ চক্ৰান্ত মজবুত হৈ উঠিল, কাৰণ অবচালোমৰ পক্ষৰ লোক ক্ৰমে ক্ৰমে বাঢ়ি গ’ল।
13 ひとりの使者がダビデのところにきて、「イスラエルの人々の心はアブサロムに従いました」と言った。
১৩পাছত এজন দূতে দায়ূদৰ ওচৰলৈ আহি এই সম্বাদ দিলে, বোলে, “ইস্ৰায়েল লোকসকলৰ মন অবচালোমৰ পক্ষ হ’ল।”
14 ダビデは、自分と一緒にエルサレムにいるすべての家来に言った、「立て、われわれは逃げよう。そうしなければアブサロムの前からのがれることはできなくなるであろう。急いで行くがよい。さもないと、彼らが急ぎ追いついて、われわれに害をこうむらせ、つるぎをもって町を撃つであろう」。
১৪তাতে দায়ূদে যিৰূচালেমত নিজৰ লগত থকা সকলো দাসবোৰক ক’লে, “আহা আমি ওলাই পলাওঁহ’ক; নহ’লে অবচালোমৰ হাতৰ পৰা আমি এজনো সাৰিব নোৱাৰিম। এতেকে শীঘ্ৰে যাবলৈ যুগুত হোৱা, নহ’লে সি বেগাই আমাৰ লগ ধৰিব আৰু আমাৰ ওপৰত অমঙ্গল ঘটাব আৰু তৰোৱালৰ ধাৰেৰে নগৰৰ লোকক আঘাত কৰিব।”
15 王のしもべたちは王に言った、「しもべたちは、わが主君、王の選ばれる所をすべて行います」。
১৫তাতে, ৰজাৰ দাসবোৰে ৰজাক ক’লে, “চাওঁক, আমাৰ প্ৰভু মহাৰাজে যি কৰিবলৈ মন কৰিছে তাক কৰিবলৈ আপোনাৰ দাসবোৰ যুগুত হৈ আছে।”
16 こうして王は出て行き、その全家は彼に従った。王は十人のめかけを残して家を守らせた。
১৬পাছে ৰজা ওলাই গ’ল, আৰু তেওঁৰ সকলো পৰিয়াল তেওঁৰ পাছে পাছে গ’ল; কিন্তু ৰাজগৃহ প্ৰতিপাল কৰিবৰ বাবে ৰজাই দহজনী উপপত্নী এৰি থৈ গ’ল।
17 王は出て行き、民はみな彼に従った。彼らは町はずれの家にとどまった。
১৭পাছত ৰজা আৰু তেওঁৰ পাছত যোৱা সকলো মানুহ ওলাই গৈ বৈৎ-মিৰ্হকত ৰ’ল।
18 彼のしもべたちは皆、彼のかたわらを進み、すべてのケレテびとと、すべてのペレテびと、および彼に従ってガテからきた六百人のガテびとは皆、王の前に進んだ。
১৮তেওঁৰ দাসবোৰ তেওঁৰ লগে লগে কুচকাৱাজ কৰি খোজ কাঢ়ি গ’ল আৰু সকলো কৰেথীয়া, পেলেথীয়া আৰু সকলো গাতীয়া লোক অৰ্থাৎ ছশ লোক তেওঁৰ পাছে পাছে গাতৰ পৰা অহা ৰজাৰ আগে আগে গ’ল।
19 時に王はガテびとイッタイに言った、「どうしてあなたもまた、われわれと共に行くのですか。あなたは帰って王と共にいなさい。あなたは外国人で、また自分の国から追放された者だからです。
১৯তেতিয়া ৰজাই গাতীয়া ইত্তয়ক ক’লে, “তুমি আমাৰ লগত কিয় আহিছা? তুমি উভটি গৈ অবচালোম ৰজাৰ লগত থাকা কিয়নো তুমি বিদেশী আৰু এজন দেশান্তৰিত লোক৷ তোমাৰ নিজ ঠাইলৈ উভটি যোৱা।
20 あなたは、きのう来たばかりです。わたしは自分の行く所を知らずに行くのに、どうしてきょう、あなたを、われわれと共にさまよわせてよいでしょう。あなたは帰りなさい。あなたの兄弟たちも連れて帰りなさい。どうぞ主が恵みと真実をあなたに示してくださるように」。
২০যিহেতু তুমি যোৱা কালি মাথোন আহিলা, কিয় মই তোমাক আমাৰ লগত লৈ সকলোফালে ঘূৰাই ফুৰাম? মই নিজেই নাজানো যে মই ক’লৈ গৈ আছোঁ৷ সেই কাৰণে তুমি তোমাৰ লোকসকলক লৈ ঘূৰি যোৱা৷ তোমাৰ লগত দয়া আৰু সত্য থাকক।”
21 しかしイッタイは王に答えた、「主は生きておられる。わが君、王は生きておられる。わが君、王のおられる所に、死ぬも生きるも、しもべもまたそこにおります」。
২১কিন্তু ইত্তয়ে ৰজাক উত্তৰ দি ক’লে, “জীৱন্ত যিহোৱাৰ শপত আৰু মোৰ প্ৰভু মহাৰাজৰ জীৱনৰ শপত, মৰিবৰ বা জীয়াই থকাৰ অৰ্থেই হওঁক, মোৰ প্ৰভু মহাৰাজ যি ঠাইলৈ যাব, আপোনাৰ এই দাসো সেই ঠাইলৈকে যাব।”
22 ダビデはイッタイに言った、「では進んで行きなさい」。そこでガテびとイッタイは進み、また彼のすべての従者および彼と共にいた子どもたちも皆、進んだ。
২২সেই বাবে দায়ূদে ইত্তয়ক ক’লে, “তেন্তে তুমি আমাৰ লগত আগবাঢ়ি গৈ পাৰ হোৱা।” তেতিয়া গাতীয়া ইত্তয় ও তেওঁৰ সমূদায় লোক আৰু তেওঁলোকৰ লগত অহা সকলো পৰিয়াল ৰজাৰ সৈতে গ’ল।
23 国中みな大声で泣いた。民はみな進んだ。王もまたキデロンの谷を渡って進み、民は皆進んで荒野の方に向かった。
২৩সকলো লোকে কিদ্ৰোণ উপত্যকা পাৰ হৈ যাওঁতে, গোটেই দেশখনে বৰকৈ ক্ৰন্দন কৰিলে আৰু ৰজাই নিজেও পাৰ হ’ল৷ এইদৰে সকলো লোক বাটত যাত্ৰা কৰি কৰি মৰুপ্ৰান্তৰ দিশে গ’ল।
24 そしてアビヤタルも上ってきた。見よ、ザドクおよび彼と共にいるすべてのレビびともまた、神の契約の箱をかいてきた。彼らは神の箱をおろして、民がことごとく町を出てしまうのを待った。
২৪আনকি চাদোকো তেওঁৰ লগত লেবীয়া লোকসকল ঈশ্বৰৰ নিয়ম-চন্দুকটি বৈ লৈ উপস্থিত হ’ল৷ তেওঁলোকে যিহোৱাৰ নিয়ম-চন্দুকটি নমাই ৰাখিলে আৰু তেতিয়া অবিয়াথৰ তেওঁলোকৰ লগত লগ দিলে৷ তেওঁলোকে এনে কৰাৰ আগে লোকসকল নগৰৰ পৰা একেবাৰে ওলাই নহালৈক ৰখি থাকিল৷
25 そこで王はザドクに言った、「神の箱を町にかきもどすがよい。もしわたしが主の前に恵みを得るならば、主はわたしを連れ帰って、わたしにその箱とそのすまいとを見させてくださるであろう。
২৫ৰজাই চাদোকক ক’লে, “তুমি ঈশ্বৰৰ নিয়ম-চন্দুকটি পুনৰাই নগৰলৈ ঘূৰাই লৈ যোৱা। যদি যিহোৱাৰ দৃষ্টিত মই অনুগ্ৰহ পাওঁ, তেনেহ’লে তেওঁ পুনৰাই মোক ঘূৰাই আনিব আৰু তাক ও তেওঁৰ বাসস্থান মোক দেখুৱাব৷
26 しかしもし主が、『わたしはおまえを喜ばない』とそう言われるのであれば、どうぞ主が良しと思われることをわたしにしてくださるように。わたしはここにおります」。
২৬কিন্তু যদি তেওঁ এইদৰে কয়, ‘তোমাত মোৰ একো সন্তোষ নাই,’ তেন্তে চোৱা, মই ইয়াত আছোঁ আৰু তেওঁ দৃষ্টিত যি ভাল, মোলৈ তেওঁ তাকেই কৰক।”
27 王はまた祭司ザドクに言った、「見よ、あなたもアビヤタルも、ふたりの子たち、すなわちあなたの子アヒマアズとアビヤタルの子ヨナタンを連れて、安らかに町に帰りなさい。
২৭ৰজাই চাদোক পুৰোহিতক ইয়াকো ক’লে, “তুমি এজন দৰ্শক নহয় নে? তুমি তোমাৰ পুত্ৰ অহীমাচ আৰু অবিয়াথৰৰ পুত্ৰ যোনাথন, তোমালোকৰ এই দুই পুত্ৰক লগত লৈ, শান্তিৰে নগৰলৈ ঘূৰি যোৱা।
28 わたしはあなたがたから言葉があって知らせをうけるまで、荒野の渡し場にとどまります」。
২৮আৰু চাবা তোমালোকৰ ওচৰৰ পৰা মোলৈ ঠিক খবৰ নহামানে, মই পাৰ-ঘাটত বাট চাই থাকিম।”
29 そこでザドクとアビヤタルは神の箱をエルサレムにかきもどり、そこにとどまった。
২৯এতেকে চাদোক আৰু অবিয়াথৰে ঈশ্বৰৰ নিয়ম-চন্দুকটি আকৌ যিৰূচালেমলৈ লৈ গৈ, তেওঁলোক সেই ঠাইতে থাকিল।
30 ダビデはオリブ山の坂道を登ったが、登る時に泣き、その頭をおおい、はだしで行った。彼と共にいる民もみな頭をおおって登り、泣きながら登った。
৩০পাছত দায়ুদ জৈতুন পৰ্বতলৈ উঠি যোৱা বাটেদি খালি ভৰিৰে উঠি গ’ল৷ তেওঁ ওপৰলৈ উঠি যাওঁতে কান্দি কান্দি গ’ল আৰু তেওঁৰ মূৰ ঢকা আছিল৷ তেওঁৰ লগৰ লোকসকলে প্ৰতিজনেও নিজ নিজ মূৰ ঢাকিলে আৰু ওপৰলৈ উঠি যাওঁতে কান্দি কান্দি গ’ল।
31 時に、「アヒトペルがアブサロムと共謀した者のうちにいる」とダビデに告げる人があったのでダビデは言った、「主よ、どうぞアヒトペルの計略を愚かなものにしてください」。
৩১তেতিয়া কোনো এজনে দায়ূদক ক’লে, “অবচালোমৰ লগত চক্ৰান্তকাৰীবোৰৰ মাজত অহীথোফলো আছে।” তাতে দায়ূদে প্ৰার্থনা কৰি ক’লে, ‘হে যিহোৱা, মই বিনয় কৰোঁ, অহীথোফলৰ মন্ত্ৰণা মূৰ্খৰ মন্ত্ৰণা কৰক।’
32 ダビデが山の頂にある神を礼拝する場所にきた時、見よ、アルキびとホシャイはその上着を裂き、頭に土をかぶり、来てダビデを迎えた。
৩২পাছত দায়ূদে যেতিয়া পৰ্বতৰ সেই টিং পালে, যি ঠাইত লোকসকলে যিহোৱাৰ আৰাধনা কৰে, তেতিয়া অৰ্কীয়া হূচয়ে নিজৰ কাপোৰ ফালি মূৰত মাটি লৈ দায়ূদৰ লগ ধৰিবলৈ আহিল।
33 ダビデは彼に言った、「もしあなたがわたしと共に進むならば、わたしの重荷となるであろう。
৩৩দায়ূদে তেওঁক ক’লে, “তুমি যদি মোৰ লগত যোৱা তেন্তে তুমি মোলৈ ভাৰহে হ’বা।
34 しかしもしあなたが町に帰ってアブサロムに向かい、『王よ、わたしはあなたのしもべとなります。わたしがこれまで、あなたの父のしもべであったように、わたしは今あなたのしもべとなります』と言うならば、あなたはわたしのためにアヒトペルの計略を破ることができるであろう。
৩৪কিন্তু যদি তুমি নগৰলৈ ঘূৰি গৈ অবচালোমক কোৱা যে ‘হে মহাৰাজ, মই আপোনাৰ দাস হম, আগেয়ে যেনেকৈ আপোনাৰ পিতৃৰ দাস আছিলোঁ, তেনেকৈ আপোনাৰো দাস হম,’ তেন্তে মোৰ বাবে তুমি অহীথোফলৰ মন্ত্ৰণা ব্যৰ্থ কৰিব পাৰিবা।
35 祭司たち、ザドクとアビヤタルとは、あなたと共にあそこにいるではないか。それゆえ、あなたは王の家から聞くことをことごとく祭司たち、ザドクとアビヤタルとに告げなさい。
৩৫সেই ঠাইতে চাদোক আৰু অবিয়াথৰ পুৰোহিত জানো তোমাৰ লগত নাথাকিব নে? এই হেতুকে তুমি ৰাজগৃহত যি যি কথা শুনিবা সেই সকলো কথা চাদোক আৰু অবিয়াথৰ পুৰোহিতক ক’বা।
36 あそこには彼らと共にそのふたりの子たち、すなわちザドクの子アヒマアズとアビヤタルの子ヨナタンとがいる。あなたがたは聞いたことをことごとく彼らの手によってわたしに通報しなさい」。
৩৬চাবা, যেন সেই ঠাইত তেওঁলোকৰ লগত তেওঁলোকৰ দুজন পুত্ৰক, চাদোকৰ পুত্ৰক অহীমাচ আৰু অবিয়াথৰৰ পুত্ৰক যোনাথন আছে৷ তোমালোকে যি যি কথা শুনিবা, তেওঁলোকৰ দ্বাৰাই মোৰ গুৰিলৈ সেই সকলো বাতৰি পঠাই দিবা।”
37 そこでダビデの友ホシャイは町にはいった。その時アブサロムはすでにエルサレムにはいっていた。
৩৭তেতিয়া দায়ূদৰ বন্ধু হূচয় নগৰলৈ গ’ল আৰু তেতিয়া অবচালোমো যিৰূচালেমত সোমাল।

< サムエル記Ⅱ 15 >