< サムエル記Ⅰ 5 >
1 ペリシテびとは神の箱をぶんどって、エベネゼルからアシドドに運んできた。
১পলেষ্টীয়াসকলে ঈশ্বৰৰ নিয়ম-চন্দুক আটক কৰি এবেন-এজৰৰ পৰা অচ্দোদলৈ নিলে।
2 そしてペリシテびとはその神の箱を取ってダゴンの宮に運びこみ、ダゴンのかたわらに置いた。
২তাৰ পাছত পলেষ্টীয়াসকলে ঈশ্বৰৰ নিয়ম-চন্দুক দাগোনৰ মন্দিৰলৈ নিলে আৰু দাগোনৰ মূৰ্তিৰ কাষত ৰাখিলে।
3 アシドドの人々が、次の日、早く起きて見ると、ダゴンが主の箱の前に、うつむきに地に倒れていたので、彼らはダゴンを起して、それをもとの所に置いた。
৩পাছদিনা অচ্দোদৰ লোকসকলে ৰাতিপুৱাতে উঠি দেখিলে যে, যিহোৱাৰ নিয়ম-চন্দুকৰ আগত দাগোনৰ মূৰ্তিটো তললৈ মুখ কৰি মাটিত পৰি আছে; সেয়ে তেওঁলোকে দাগোনৰ মূৰ্তিক তুলি পুনৰ নিজ ঠাইত ৰাখিলে।
4 その次の朝また早く起きて見ると、ダゴンはまた、主の箱の前に、うつむきに地に倒れていた。そしてダゴンの頭と両手とは切れて離れ、しきいの上にあり、ダゴンはただ胴体だけとなっていた。
৪তাৰ পাছদিনাও তেওঁলোকে পুৱাতে উঠি দেখিলে যে, যিহোৱাৰ চন্দুকৰ সন্মুখত দাগোন মাটিত উবুৰি হৈ পৰি আছে, আৰু দাগোনৰ মুৰটো আৰু হাত দুখন কটাহৈ দুৱাৰ দলিত পৰি আছে; কেৱল তাৰ গাডোখৰ মাথোন অৱশিষ্ট থাকিল।
5 それゆえダゴンの祭司たちやダゴンの宮にはいる人々は、だれも今日にいたるまで、アシドドのダゴンのしきいを踏まない。
৫সেই কাৰণে দাগোনৰ পুৰোহিত আদি কৰি যিমান লোক দাগোনৰ মন্দিৰত সোমায়, তেওঁলোকৰ মাজৰ কোনেও অচ্দোদত থকা দাগোনৰ দুৱাৰ ডলিত আজি পৰ্য্যন্ত ভৰি নিদিয়ে।
6 そして主の手はアシドドびとの上にきびしく臨み、主は腫物をもってアシドドとその領域の人々を恐れさせ、また悩まされた。
৬অচ্দোদীয়া লোক সকলৰ ওপৰত যিহোৱাৰ হাত ভাৰযুক্ত আছিল, আৰু তেওঁ তেওঁলোকক ধংস কৰিলে, আৰু অচদোদৰ সীমালৈকে অনেক লোকক বিহ ফোঁহোৰাৰে আঘাত কৰিলে।
7 アシドドの人々は、このありさまを見て言った、「イスラエルの神の箱を、われわれの所に、とどめ置いてはならない。その神の手が、われわれと、われわれの神ダゴンの上にきびしく臨むからである」。
৭অচ্দোদীয়া সকলে তাকে দেখি ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক আমাৰ ওচৰত থাকিব নোৱাৰে; কিয়নো আমাৰ ওপৰত আৰু আমাৰ দেৱতা দাগোনৰো ওপৰত তেওঁৰ হাত ক্লেশদায়ক হৈছে।”
8 そこで彼らは人をつかわして、ペリシテびとの君たちを集めて言った、「イスラエルの神の箱をどうしましょう」。彼らは言った、「イスラエルの神の箱はガテに移そう」。人々はイスラエルの神の箱をそこに移した。
৮এই হেতুকে তেওঁলোকে মানুহ পঠাই পলেষ্টীয়াসকলৰ সকলো অধিপতিক নিজৰ ওচৰলৈ মাতি ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুকৰ বিষয়ে আমি কি কৰিম?” তেওঁলোকে ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক গাতলৈ নিয়া হওঁক।” তেতিয়া তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক সেই ঠাইলৈ লৈ গ’ল।
9 彼らがそれを移すと、主の手がその町に臨み、非常な騒ぎが起った。そして老若を問わず町の人々を撃たれたので、彼らの身に腫物ができた。
৯কিন্তু এইদৰে লৈ যোৱাৰ পাছত যিহোৱাৰ হাত নগৰ খনৰ বিৰুদ্ধে অতিশয় ত্ৰাসযুক্ত হ’ল; তেওঁ নগৰখনৰ বৰ কি সৰু সকলোকে আঘাত কৰাত, তেওঁলোকৰ গাত বিহ ফোঁহোৰা ওলাল।
10 そこで人々は神の箱をエクロンに送ったが、神の箱がエクロンに着いた時、エクロンの人々は叫んで言った、「彼らがイスラエルの神の箱をわれわれの所に移したのは、われわれと民を滅ぼすためである」。
১০সেয়ে, তেওঁলোকে যিহোৱাৰ চন্দুক ইক্ৰোণলৈ পঠালে। কিন্তু যিহোৱাৰ চন্দুক ইক্ৰোণলৈ অহাৰ পাছত, ইক্ৰোণীয়া সকলে চিঞৰি ক’লে, “আমাৰ মানুহবোৰক বধ কৰিবৰ বাবে তেওঁলোকে আমাৰ ওচৰলৈ ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক আনিলে।”
11 そこで彼らは人をつかわして、ペリシテびとの君たちをみな集めて言った、「イスラエルの神の箱を送り出して、もとの所に返し、われわれと民を滅ぼすことのないようにしよう」。恐ろしい騒ぎが町中に起っていたからである。そこには神の手が非常にきびしく臨んでいたので、
১১তাকে দেখি তেওঁলোকে মানুহ পঠাই পলেষ্টীয়াসকলৰ সকলো অধিপতিক গোট খুৱাই ক’লে, “আমাৰ লোকসকলক যেন বধ নকৰে, তাৰ বাবে ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক ইয়াৰ পৰা পঠাই দিয়ক; নিজৰ ঠাইলৈ ইয়াক ঘূৰাই পঠাওঁক।” কিয়নো নগৰৰ সকলো ফালে মহামাৰীৰ ভয়ত লোকসকল ব্যাকুল হৈছিল; কাৰণ ঈশ্বৰৰ শাস্তি দিয়া হাত তেওঁলোকৰ বিৰুদ্ধে উঠিছিল।
12 死なない人は腫物をもって撃たれ、町の叫びは天に達した。
১২যি লোকসকৰ মৃত্যু হোৱা নাছিল, তেওঁলোক বিহ ফোঁহোৰাৰে পীড়িত হৈছিল; যাৰ ফলত নগৰৰ লোকসকলৰ আৰ্তনাদ আকাশলৈকে উঠিল।