< 歴代誌Ⅰ 21 >
1 時にサタンが起ってイスラエルに敵し、ダビデを動かしてイスラエルを数えさせようとした。
১ইস্ৰায়েলৰ বিৰুদ্ধে শত্রু থিয় হৈ ইস্ৰায়েলক গণনা কৰিবলৈ দায়ূদক উচটাইছিল।
2 ダビデはヨアブと軍の将校たちに言った、「あなたがたは行って、ベエルシバからダンまでのイスラエルを数え、その数を調べてわたしに知らせなさい」。
২দায়ূদে যোৱাবক আৰু সৈন্যৰ অধিকাৰী সকলক ক’লে, “যোৱা, তোমালোকে বেৰ-চেবাৰ পৰা দানলৈকে ইস্ৰায়েল লোকসকলক গণনা কৰা আৰু ঘূৰি আহি মোক বিৱৰণ দিবা, যাতে মই তেওঁলোকৰ সংখ্যা জানিব পাৰোঁ।”
3 ヨアブは言った、「それがどのくらいあっても、どうか主がその民を百倍に増されるように。しかし王わが主よ、彼らは皆あなたのしもべではありませんか。どうしてわが主はこの事を求められるのですか。どうしてイスラエルに罪を得させられるのですか」。
৩যোৱাবে ক’লে, “যিহোৱাই তেওঁৰ সৈন্যসকলক এতিয়া যিমান আছে তাতকৈ এশ গুণ অধিক বৃদ্ধি কৰক। কিন্তু হে মোৰ প্ৰভু মহাৰাজ, তেওঁলোক সকলোৱে জানো মোৰ প্ৰভুৰ পৰিচৰ্যা নকৰে? কিয় মোৰ প্ৰভুৱে এইদৰে বিচাৰিছে? কিয় ইস্ৰায়েলৰ ওপৰত দোষ কঢ়িয়াই আনিছে?”
4 しかし王の言葉がヨアブに勝ったので、ヨアブは出て行って、イスラエルをあまねく行き巡り、エルサレムに帰って来た。
৪কিন্তু ৰজাৰ বাক্য যোৱাবৰ বিৰুদ্ধে চুড়ান্ত আছিল, সেয়ে যোৱাব সেই ঠাই এৰি ইস্ৰায়েলৰ চাৰিওদিশে ফুৰিলে আৰু যিৰূচালেমলৈ উভতি আহিল।
5 そしてヨアブは民の総数をダビデに告げた。すなわちイスラエルにはつるぎを抜く者が百十万人、ユダにはつるぎを抜く者が四十七万人あった。
৫তাৰ পাছত যোৱাবে যুদ্ধাৰু সকলৰ সম্পূৰ্ণ সংখ্যা দায়ূদৰ আগত দিলে। তাত ইস্ৰায়েলৰ মাজত এঘাৰ লাখ তৰোৱাল ধৰোঁতা লোক আছিল। যিহূদাৰ অকলেই চাৰি লাখ সত্তৰ হাজাৰ সৈন্য আছিল।
6 しかしヨアブは王の命令を快しとしなかったので、レビとベニヤミンとはその中に数えなかった。
৬কিন্তু তেওঁলোকৰ মাজত লেবী আৰু বিন্যামীনক গণনা কৰা নহ’ল, কাৰণ ৰজাৰ সেই আজ্ঞাত যোৱাবৰ ঘৃণা উপজিল।
7 この事が神の目に悪かったので、神はイスラエルを撃たれた。
৭ঈশ্বৰে সেই কাৰ্যত অসন্তোষ পালে, সেয়ে তেওঁ ইস্ৰায়েলক আঘাত কৰিলে।
8 そこでダビデは神に言った、「わたしはこの事を行って大いに罪を犯しました。しかし今どうか、しもべの罪を除いてください。わたしは非常に愚かなことをいたしました」。
৮দায়ূদে ঈশ্ৱৰক ক’লে, “এই কৰ্ম কৰাৰ যোগেদি মই মহা পাপ কৰিলোঁ। এতিয়া আপোনাৰ দাসৰ অপৰাধ ক্ষমা কৰক, কিয়নো মই অতিশয় অজ্ঞানৰ দৰে কৰ্ম কৰিলোঁ।”
৯যিহোৱাই দায়ূদৰ দৰ্শক গাদক ক’লে,
10 「行ってダビデに言いなさい、『主はこう仰せられる、わたしは三つの事を示す。あなたはその一つを選びなさい。わたしはそれをあなたに行おう』と」。
১০“যোৱা দায়ূদক গৈ কোৱা: ‘যিহোৱাই এই কথা কৈছে: “মই তোমাক নিৰ্বাচন কৰিবলৈ তিনিটা সুযোগ দিছোঁ। তাৰ মাজত এটা বাচি লোৱা।””
11 ガデはダビデのもとに来て言った、「主はこう仰せられます、『あなたは選びなさい。
১১সেয়ে গাদে দায়ূদৰ ওচৰলৈ গ’ল আৰু তেওঁক ক’লে, “যিহোৱাই এই কথা কৈছে: ‘ইয়াৰ ভিতৰত এটা নিৰ্বাচন কৰা:
12 すなわち三年のききんか、あるいは三月の間、あなたのあだの前に敗れて、敵のつるぎに追いつかれるか、あるいは三日の間、主のつるぎすなわち疫病がこの国にあって、主の使がイスラエルの全領域にわたって滅ぼすことをするか』。いま、わたしがどういう答をわたしをつかわしたものになすべきか決めなさい」。
১২নাইবা তিনি বছৰ আকাল হ’ব, বা তিনি মাহলৈকে শত্ৰুবোৰৰ তৰোৱাল আপোনাৰ দেশত ব্যাপ্ত হৈ আপোনাক অত্যাচাৰ কৰিব, বা তিনি দিনলৈকে যিহোৱাৰ তৰোৱাল, অৰ্থাৎ দেশত মহামাৰীৰ লগত ইস্ৰায়েল দেশৰ সীমাত সংহাৰ কৰোঁতা যিহোৱাৰ দূতে ভ্ৰমণ কৰিব।’ এই হেতুকে যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে মোক পঠালে, তেওঁক কি উত্তৰ দিম, তাক এতিয়া বিবেচনা কৰি চাওক।”
13 ダビデはガデに言った、「わたしは非常に悩んでいるが、主のあわれみは大きいゆえ、わたしを主の手に陥らせてください。しかしわたしを人の手に陥らせないでください」。
১৩দায়ূদে গাদক ক’লে, “মই বৰ বিপদত পৰিছোঁ, মোক যিহোৱাৰ হাতত দিয়ক, কিয়নো তেওঁৰ দয়া প্ৰচুৰ, কিন্তু মোক মানুহৰ হাতত নিদিব।”
14 そこで主はイスラエルに疫病を下されたので、イスラエルびとのうち七万人が倒れた。
১৪সেয়ে যিহোৱাই ইস্ৰায়েলৰ মাজলৈ মহামাৰী পঠালে, আৰু ইস্ৰায়েলৰ সত্তৰ হাজাৰ লোকৰ মৃত্যু হ’ল।
15 神はまたみ使をエルサレムにつかわして、これを滅ぼそうとされたが、み使がまさに滅ぼそうとしたとき、主は見られて、この災を悔い、その滅ぼすみ使に言われた、「もうじゅうぶんだ。今あなたの手をとどめよ」。そのとき主の使はエブスびとオルナンの打ち場のかたわらに立っていた。
১৫ঈশ্বৰে যিৰূচালেমক ধংস কৰিবলৈ এজন দূত তালৈ পঠালে। যেতিয়া তেওঁ ধংস কৰিবলৈ ল’লে, তেতিয়া যিহোৱাই সেই অনিষ্টৰ বিষয়ে চিন্তা কৰি নিজৰ মন সলনি কৰিলে, আৰু তেওঁ ধ্বংসকাৰী দূতক কলে, “এয়ে জুৰিছে, এতিয়া তোমাৰ হাত কোঁচোৱা।” সেই সময়ত যিহোৱাৰ দূত যিবুচীয়াৰ অৰ্ণনৰ মৰণা মৰা ঠাইত থিয় হৈ আছিল।
16 ダビデが目をあげて見ると、主の使が地と天の間に立って、手に抜いたつるぎをもち、エルサレムの上にさし伸べていたので、ダビデと長老たちは荒布を着て、ひれ伏した。
১৬দায়ূদে ওপৰলৈ চাই দেখিলে যে, যিহোৱাৰ দূত পৃথিৱী আৰু আকাশৰ মাজত থিয় হৈ আছে, আৰু যিৰূচালেমৰ ওপৰলৈ হাতত এখন খোলা তৰোৱাল দাঙি ধৰি আছিল। তেতিয়া দায়ূদে আৰু বৃদ্ধ লোকসকলে চট কাপোৰ পিন্ধি মাটিত মুখতল কৰি পৰিল।
17 そしてダビデは神に言った、「民を数えよと命じたのはわたしではありませんか。罪を犯し、悪い事をしたのはわたしです。しかしこれらの羊は何をしましたか。わが神、主よ、どうぞあなたの手をわたしと、わたしの父の家にむけてください。しかし災をあなたの民に下さないでください」。
১৭দায়ূদে ঈশ্বৰক ক’লে, “যি জনে লোকসকলক গণনা কৰিবলৈ আজ্ঞা দিলে, সেই জন জানো মই নহওঁ? মই এই পাপ কৰ্ম কৰিলোঁ, কিন্তু এই মেৰবিলাকে কি কৰিলে? হে মোৰ ঈশ্বৰ যিহোৱা, বিনয় কৰোঁ, আপোনাৰ হাতেৰে মোক আৰু মোৰ পৰিয়ালক শাস্তি দিয়ক, কিন্তু আপোনাৰ লোকসকলক মহামাৰীৰে শাস্তি নিদিব।”
18 時に主の使はガデに命じ、ダビデが上って行って、エブスびとオルナンの打ち場で主のために一つの祭壇を築くように告げさせた。
১৮সেয়ে যিহোৱাৰ দূতে দায়ূদক যিবুচীয়াৰ অৰ্ণনৰ মৰণা মৰা ঠাইত যিহোৱাৰ উদ্দেশে এটা যজ্ঞবেদী স্থাপন কৰিবৰ অৰ্থে আজ্ঞা দিবলৈ গাদক ক’লে।
19 そこでダビデはガデが主の名をもって告げた言葉に従って上って行った。
১৯গাদে নিৰ্দেশ দিয়া অনুসাৰে কৰিবলৈ যিহোৱাৰ নামেৰে দায়ুদ তালৈ উঠি গ’ল।
20 そのときオルナンは麦を打っていたが、ふりかえってみ使を見たので、ともにいた彼の四人の子は身をかくした。
২০যেতিয়া অৰ্ণনে ঘেঁহু মৰণা মাৰি আছিল, তেতিয়া তেওঁ পাছফাললৈ ঘূৰি দূতক দেখিলে। তেওঁ আৰু তেওঁৰ চাৰিজন পুত্রই নিজকে লুকুৱালে।
21 ダビデがオルナンに近づくと、オルナンは目を上げてダビデを見、打ち場から出て来て地にひれ伏してダビデを拝した。
২১দায়ূদে অৰ্ণনৰ ওচৰলৈ আহিলে, আৰু অৰ্ণনে দায়ূদক দেখা পালে। তেওঁ মৰণা মৰা ঠাই পৰা আহি দায়ূদৰ আগত মাটিত মুখ লগাই প্ৰণিপাত কৰিলে।
22 ダビデはオルナンに言った、「この打ち場の所をわたしに与えなさい。わたしは災が民に下るのをとどめるため、そこに主のために一つの祭壇を築きます。あなたは、そのじゅうぶんな価をとってこれをわたしに与えなさい」。
২২তেতিয়া দায়ূদে অৰ্ণনক ক’লে, “তুমি মৰণা মৰা এই ঠাইডোখৰ মোক দিয়া, যাতে মই এই ঠাইতে যিহোৱাৰ উদ্দেশে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিব পাৰোঁ। মই ইয়াৰ সম্পূৰ্ণ দাম দিম, যাতে লোকসকলৰ মাজৰ পৰা মহামাৰী দূৰ হয়।
23 オルナンはダビデに言った、「どうぞこれをお取りなさい。そして王わが主の良しと見られるところを行いなさい。わたしは牛を燔祭のために、打穀機をたきぎのために、麦を素祭のためにささげます。わたしは皆これをささげます」。
২৩অৰ্ণনে দায়ূদক ক’লে, “প্ৰভু মহাৰাজ আপোনাৰ নিজৰ নিচিনাকৈ ইয়াক লওক। আপোনাৰ দৃষ্টিত যি ভাল দেখে, তাকেই কৰক। চাওক, মই হোম-বলিৰ অৰ্থে ষাঁড়-গৰু, খৰিৰ অৰ্থে মৰণা মৰা যন্ত্ৰ, আৰু নৈবেদ্যৰ অৰ্থে ঘেঁহু; এই সকলো মই আপোনাৰ বাবে দিম।”
24 ダビデ王はオルナンに言った、「いいえ、わたしはじゅうぶんな代価を払ってこれを買います。わたしは主のためにあなたのものを取ることをしません。また、費えなしに燔祭をささげることをいたしません」。
২৪দায়ুদ ৰজাই অৰ্ণনক ক’লে, “নহয়, মই সম্পূৰ্ণ মূল্য দিহে কিনি ল’ম। যিহোৱাৰ উদ্দেশে হোম-বলি উৎসৰ্গ কৰিব খোজা তোমাৰ যি আছে বিনামূল্যে মই নলওঁ।”
25 それでダビデはその所のために金六百シケルをはかって、オルナンに払った。
২৫সেয়ে দায়ূদে সেই ঠাইৰ কাৰণে ছশ চেকল সোণ দিলে।
26 こうしてダビデは主のために、その所に一つの祭壇を築き、燔祭と酬恩祭をささげて、主を呼んだ。主は燔祭の祭壇の上に天から火を下して答えられた。
২৬দায়ূদে সেই ঠাইত যিহোৱাৰ উদ্দেশে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰি, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে। তেওঁ যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে, তাতে তেওঁ আকাশৰ পৰা হোম-বেদিত অগ্নি পেলাই তেওঁক উত্তৰ দিলে।
27 また主がみ使に命じられたので、彼はつるぎをさやにおさめた。
২৭তেতিয়া যিহোৱাই দূতক আজ্ঞা কৰিলে, আৰু দূতে নিজৰ তৰোৱাল খাপত ভৰাই হ’ল।
28 その時ダビデは主がエブスびとオルナンの打ち場で自分に答えられたのを見たので、その所で犠牲をささげた。
২৮দায়ূদে যেতিয়া যিহোৱাই যিবুচীয়া অৰ্ণনৰ মৰণা মৰা ঠাইত উত্তৰ দিয়া দেখিলে, তেতিয়া তেওঁ সেই সময়তে সেই ঠাইত বলিদান দিলে।
29 モーセが荒野で造った主の幕屋と燔祭の祭壇とは、その時ギベオンの高き所にあったからである。
২৯সেই সময়ত, মোচিয়ে মৰুপ্রান্তত নিৰ্ম্মাণ কৰা যিহোৱাৰ আবাস, আৰু হোম-বলিৰ বাবে যজ্ঞবেদি, গিবিয়োনৰ ওখ ঠাইত আছিল।
30 しかしダビデはその前へ行って神に求めることができなかった。彼が主の使のつるぎを恐れたからである。
৩০অৱশ্যে দায়ূদে ঈশ্বৰৰ পৰামৰ্শ লবলৈ তেওঁৰ আগলৈ যাব নোৱাৰিছিল; কাৰণ যিহোৱাৰ দূতৰ তৰোৱাললৈ তেওঁ ভয় কৰিছিল।