< マラキ書 4 >
1 萬軍のヱホバいひたまふ 視よ爐のごとくに燒る日來らん すべて驕傲者と惡をおこなふ者は藁のごとくにならん 其きたらんとする日彼等を燒つくして根も枝ものこらざらしめん
১বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “কিয়নো চোৱা, সেই দিন আহিছে; সেয়ে অগ্নিশালৰ নিচিনাকৈ জ্বলিব। সেই দিনা সকলো গৰ্ব্বী ও দুষ্টাচাৰী লোক নৰাৰ নিচিনা হ’ব; যি দিন আহি আছে, সেই দিনে তেওঁলোকক পুৰি পেলাব; এডাল শিপা কি ডাল একোকে অৱশিষ্ট নথকাকৈ তেওঁলোকক পুৰি পেলাব।
2 されど我名をおそるる汝らには義の日いでて昇らん その翼には醫す能をそなへん 汝らは牢よりいでし犢の如く躍跳ん
২কিন্তু মোৰ নামত ভয় ৰাখোঁতা যি তোমালোক, তোমালোকৰ প্রতি ধাৰ্মিকতাৰূপ সূৰ্য উদিত হ’ব, যাৰ কিৰণ সুস্থতাদায়ক; তোমালোকে বাহিৰ হৈ গোহালিৰ পৰা মুকলি হোৱা দামুৰিৰ নিচিনাকৈ ডেও দিবা।
3 又なんぢらは惡人を踐つけん 即ちわが設くる日にかれらは汝らの脚の掌の下にありて灰のごとくならん 萬軍のヱホバこれを言ふ
৩তোমালোকে দুষ্ট লোকসকলক গচকিবা; মই এই কাৰ্য কৰাৰ দিনা তেওঁলোক তোমালোকৰ ভৰিৰ তলত থকা ছাঁই যেন হ’ব।” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।
4 なんぢらわが僕モーセの律法をおぼえよ すなはち我がホレブにてイスラエル全體のために彼に命ぜし法度と誡命をおぼゆべし
৪“তোমালোকে মোৰ দাস মোচিৰ ব্যৱস্থাৰ কথা অর্থাৎ মই তেওঁক হোৰেব পর্বতত সকলো ইস্রায়েলৰ কাৰণে যি সকলো বিধি আৰু শাসন-প্ৰণালীবোৰ দিছিলোঁ, সেইবোৰ সোঁৱৰণ কৰা।
5 視よヱホバの大なる畏るべき日の來るまへにわれ預言者エリヤを汝らにつかはさん
৫চোৱা, যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ পূর্বেই মই তোমালোকৰ ওচৰলৈ এলিয়া ভাববাদীক পঠাম।
6 かれ父の心にその子女の心を慈はせ 子女の心にその父をおもはしめん 是は我が來りて詛をもて地を撃ことなからんためなり
৬তেওঁ পিতৃসকলৰ হৃদয় সন্তান সকলৰ প্রতি আৰু সন্তান সকলৰ হৃদয় পিতৃসকললৈ ঘূৰাব যাতে মই আহি পৃথিৱীক অভিশাপেৰে আঘাত নকৰিম।”