< レビ記 12 >
১পাছত যিহোৱাই মোচিক ক’লে,
2 イスラエルの子孫に告て言へ婦女もし種をやどして男子を生ば七日汚るべし即ちその月の穢の日數ほど汚るるなり
২“তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা বোলে, ‘কোনো এগৰাকী মহিলাই প্ৰসৱ কৰিলে, যদি তাইৰ ল’ৰা হয়, তেতিয়া তাই সাতদিন অশুচি হৈ থাকিব; তাইৰ মাহেকীয়া অশৌচৰ কালৰ দৰেই অশুচিতাৰ দৰেই তাই অশুচি হৈ থাকিব।
৩পাছত অষ্টম দিনা ল’ৰাটিৰ লিঙ্গাগ্ৰ-চৰ্ম ছেদন কৰা হ’ব।
4 その婦女は尚その成潔の血に三十三日を歴べしその成潔の日の滿るまでは聖物にさはるべからず聖所にいるべからず
৪আৰু সেই মহিলা গৰাকীৰ ৰক্তস্ৰাৱৰ পৰা শুচি হ’বৰ অৰ্থে তাই তেত্ৰিশ দিন ৰখিব লাগিব; ৰক্তস্ৰাৱৰ অৱস্থাৰ পৰা শুচি নোহোৱালৈ তাই কোনো পবিত্ৰ বস্তু নুচুব আৰু ধৰ্মধামত নোসোমাব।
5 若女子を生ば二七日汚るべし月の穢におけるがごとしまたその成潔の血に六十六日を經べきなり
৫যদি তাইৰ ছোৱালী হয়, তেতিয়া তাইৰ মাহেকীয়া অশৌচৰ কালৰ দৰে দুসপ্তাহ অশুচি হৈ থাকিব; আৰু ৰক্তস্ৰাৱৰ পৰা শুচি হ’বৰ কাৰণে তাইক ছয়ষষ্টি দিন ৰখিব লাগিব।
6 而してその男子あるひは女子につきての成潔の日滿なば燔祭の爲に當歳の羔羊を取り罪祭のために雛き鴿あるひは鳲鳩を取てこれを集會の幕屋の門に携へきたり祭司にいたるべし
৬পাছত যেতিয়া তাইৰ ৰক্তস্ৰাৱৰ পৰা শুচি হোৱা দিনবোৰ পুৰ হ’ব, তেতিয়া তাইৰ ল’ৰা বা ছোৱালীৰ অৰ্থে তাই হোম-বলিৰ এটা এবছৰীয়া মেৰ-ছাগ পোৱালি, আৰু পাপাৰ্থক বলিৰ কাৰণে এটা পাৰ পোৱালি বা এটা কপৌ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব।
7 祭司は之をヱホバの前にささげてその婦女のために贖罪をなすべし然せばその出血の穢潔まるべし是すなはち男子または女子を生る婦女にかかはるところの例なり
৭তেতিয়া পুৰোহিত জনে যিহোৱাৰ সন্মুখত তাক উৎসৰ্গ কৰি, সেই মহিলা গৰাকীক প্ৰায়চিত্ত কৰিব; তেতিয়া তাই নিজ ৰক্তস্ৰাৱৰ পৰা শুচি হ’ব। ল’ৰা বা ছোৱালী প্ৰসৱ কৰা মহিলাসকলৰ কাৰণে এই নিয়ম।
8 その婦女もし羔羊にまで手の届かざる時は鳲鳩二羽か又は雛き鴿二羽を携へきたるべし是一は燔祭のため一は罪祭のためなり祭司これがために贖罪をなすべし然せば婦女は潔まるべし
৮যদি তাই মেৰ-ছাগ পোৱালি আনিবলৈ অসমৰ্থ হয়, তেতিয়া তাই দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ, তাৰ এটা হোমৰ অৰ্থে, আনটো পাপাৰ্থক বলিৰ অৰ্থে দিব, আৰু পুৰোহিতে তাইক প্ৰায়চিত্ত কৰিব; তেতিয়া তাই শুচি হ’ব’।”