< 歴代誌Ⅱ 6 >
1 是においてソロモン言けるはヱホバは濃き雲の中に居んと言たまひしが
১তেতিয়া চলোমনে ক’লে, “যিহোৱাই ঘোৰ অন্ধকাৰত বাস কৰিব খুজিছে,
2 我汝のために住むべき家永久に居べき所を建たりと
২কিন্তু মই আপোনাৰ বাবে চিৰকাললৈকে বাস কৰিবলৈ এটা গৃহ নিৰ্ম্মাণ কৰিলোঁ৷”
3 而して王その面をふりむけてイスラエルの全會衆を祝せり時にイスラエルの會衆は皆立をれり
৩তাৰ পাছত ৰজাই ঘূৰিলে আৰু ইস্ৰায়েলৰ গোট খোৱা সমাজক আশীৰ্ব্বাদ কৰিলে, তাতে ইস্ৰায়েলৰ সমাজত সকলোৱে থিয় হৈ আছিল।
4 彼いひけるはイスラエルの神ヱホバは讃べき哉ヱホバはその口をもて吾父ダビデに言ひその手をもて之を成とげたまへり
৪তেওঁ ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ধন্য হওঁক; যি জনে মোৰ পিতৃ দায়ূদক নিজ মুখেৰে যি কথা কৈছিল, সেয়া তেওঁ নিজ হাতে সিদ্ধও কৰিছিল; তেওঁ কৈছিল যে,
5 即ち言たまひけらく我はわが民をエジプトの地より導き出せし日より我名を置べき家を建しめんためにイスラエルの諸の支派の中より何の邑をも選みしこと無く又何人をも選みて我民イスラエルの君となせしこと無し
৫‘মোৰ প্ৰজা ইস্ৰায়েলক মিচৰ দেশৰ পৰা উলিয়াই অনা দিনৰে পৰা, মই মোৰ নাম ৰাখিবৰ অৰ্থে গৃহ নিৰ্ম্মাণ কৰিবলৈ ইস্ৰায়েলৰ সকলো ফৈদৰ মাজত কোনো নগৰ মনোনীত কৰা নাই আৰু ইস্ৰায়েলৰ ওপৰত ৰাজকুমাৰ হ’বৰ কাৰণে মই কাকো মনোনীত কৰা নাই৷
6 只我はわが名を置くためにヱルサレムを選みまた我民イスラエルを治めしむるためにダビデを選めり
৬কিন্তু মোৰ নাম ৰাখিবৰ অৰ্থে মই যিৰূচালেমক মনোনীত কৰিলোঁ আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত অধ্যক্ষ হ’বৰ বাবে দায়ূদক মনোনীত কৰিলোঁ।’
7 夫イスラエルの神ヱホバの名のために家を建ることは我父ダビデの心にありき
৭আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এটা গৃহ নিৰ্ম্মাণ কৰিবলৈ মোৰ পিতৃ দায়ূদৰ মন আছিল।
8 然るにヱホバわが父ダビデに言たまひけるは我名のために家を建ること汝の心にあり汝の心にこの事あるは善し
৮কিন্তু যিহোৱাই মোৰ পিতৃ দায়ূদক ক’লে, ‘মোৰ নামৰ উদ্দেশ্যে এটা গৃহ নিৰ্ম্মাণ কৰিবলৈ মন কৰিছা, ভাল কৰিছা৷
9 然れども汝はその家を建べからず汝の腰より出る汝の子その人わが名のために家を建べしと
৯তথাপি তুমি সেই গৃহ নিৰ্ম্মাণ কৰিবলৈ নাপাবা, কিন্তু তোমাৰ ঔৰসত যি পুত্ৰ জন্মিব, তেৱেঁই মোৰ নামৰ উদ্দেশ্যে সেই গৃহ নিৰ্ম্মাণ কৰিব।’
10 而してヱホバその言たまひし言をおこなひたまへり即ち我わが父ダビデに代りて立ちヱホバの言たまひしごとくイスラエルの位に坐しイスラエルの神ヱホバの名のために家を建て
১০এই বাক্য যিহোৱাই কৈছিল আৰু তেওঁ সফলো কৰিলে; কিয়নো যিহোৱাৰ প্ৰতিজ্ঞা অনুসাৰে মই মোৰ পিতৃ দায়ূদৰ পদত নিযুক্ত হলোঁ আৰু ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহি, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এই গৃহ নিৰ্ম্মাণ কৰিলোঁ।
11 その中にヱホバがイスラエルの子孫になしたまひし契約を容る櫃ををさめたりと
১১আৰু যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ সৈতে যি নিয়ম কৰিছিল, সেই নিয়ম থকা নিয়ম-চন্দুকটিও ইয়াৰ ভিতৰত ৰাখিলোঁ।”
12 ソロモン、イスラエルの全會衆の前にてヱホバの壇の前に立てその手を舒ぶ
১২পাছত চলোমনে ইস্ৰায়েলৰ গোটেই সমাজৰ সাক্ষাতে যিহোৱাৰ যজ্ঞবেদীৰ আগত থিয় হ’ল আৰু তেওঁ হাত দুখন মেলিলে৷
13 ソロモンさきに長五キユビト濶五キユビト高三キユビトの銅の臺を造りてこれを庭の眞中に据おきたりしが乃ちその上に立ちイスラエルの全會衆の前にて膝をかがめ其手を天に舒て
১৩কিয়নো চলোমনে পাঁচ হাত দীঘল, পাঁচ হাত বহল আৰু তিনি হাত ওখ এনে এখন পিতলৰ মঞ্চ সাজিছিল আৰু সেই মঞ্চটো চোতালৰ মাজ-মজিয়াত ৰাখিছিল৷ তেওঁ তাৰ ওপৰত উঠি থিয় হ’ল আৰু ইস্ৰায়েলৰ সকলো মণ্ডলীৰ সাক্ষাতত আঠুকাঢ়ি স্বৰ্গৰ ফালে হাত মেলিলে।
14 言けるはイスラエルの神ヱホバ天にも地にも汝のごとき神なし汝は契約を保ちたまひ心を全うして汝の前に歩むところの汝の僕等に恩惠を施こしたまふ
১৪তেওঁ ক’লে, “হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, স্বৰ্গ আৰু পৃথিৱীত আপোনাৰ তুল্য কোনো ঈশ্বৰ নাই; সকলো হৃদয়েৰে আপোনাৰ আগত আচৰণ কৰোঁতা আপোনাৰ দাসবোৰৰ বাবে আপুনি দয়া আৰু নিয়ম ৰক্ষা কৰোঁতা;
15 汝は汝の僕わが父ダビデにのたまひし所を保ちたまへり汝は口をもて言ひ手をもて成就たまへること今日のごとし
১৫আপোনাৰ দাস, মোৰ পিতৃ দায়ূদৰ আগত আপুনি যি প্ৰতিজ্ঞা কৰিছিল, সেই বিষয়ে আপুনি পালন কৰিলে৷ আপুনি নিজ মুখেৰে যেনেদৰে কৈছিল, তেনেদৰে নিজ হাতেৰে তাক সিদ্ধও কৰিলে।
16 イスラエルの神ヱホバよ然ば汝が僕わが父ダビデに語りて若し汝の子孫その道を愼みて汝がわが前に歩めるごとくに我律法にあゆまばイスラエルの位に坐する人わが前にて汝に缺ること無るべしと言たまひし事をダビデのために保ちたまへ
১৬এই হেতুকে এতিয়া, হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আপোনাৰ দাস মোৰ পিতৃ দায়ূদৰ আগত যি প্ৰতিজ্ঞা কৰিছিল, সেই বিষয়ে আপোনাৰ এই দাসলৈ পালন কৰক কিয়নো আপুনি কৈছিল বোলে, ‘তুমি মোৰ আগত যেনেকৈ চলিলা, তেনেদৰে তোমাৰ সন্তান সকলেও যদি এইদৰে মোৰ ব্যৱস্থাত চলিবলৈ নিজ নিজ পথত সাৱধান হৈ থাকে, তেনেহ’লে মোৰ দৃষ্টিত ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহিবলৈ তোমাৰ সম্বন্ধীয়া মানুহৰ অভাৱ নহ’ব৷’
17 然ばイスラエルの神ヱホバよ汝が僕ダビデに言たまへるなんぢの言に效驗あらしめたまへ
১৭এই হেতুকে এতিয়া, হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা মই বিনয় কৰোঁ, আপোনাৰ দাস দায়ূদক আপুনি যি বাক্য কৈছিল, সেয়ে যেন সত্যত পৰিনত হয়।
18 但し神果して地の上に人とともに居たまふや夫天も諸天の天も汝を容るに足ず况て我が建たる此家をや
১৮কিন্তু বাস্তৱিকতে ঈশ্বৰে পৃথিৱীত মনুষ্যৰ লগত বাস কৰিব নে? চাওঁক বিশ্ৱব্ৰহ্মাণ্ড আৰু স্বৰ্গই নিজেও আপোনাক ধাৰণ কৰিব নোৱাৰে- তেন্তে মই নিৰ্ম্মাণ কৰা গৃহই জানো পাৰিব?
19 然れども我神ヱホバよ僕の祈祷と懇願をかへりみて僕が今汝の前に祈るその號呼と祈祷を聽たまへ
১৯তথাপি, হে মোৰ ঈশ্বৰ যিহোৱা, আপুনি আপোনাৰ দাসৰ প্ৰাৰ্থনা আৰু অনুৰোধ গ্ৰহণ কৰি আপোনাৰ দাসে আপোনাৰ আগত কৰা কাতৰোক্তি আৰু প্ৰাৰ্থনালৈ কাণ দিয়ক।
20 願くは汝の目を夜晝此家の上即ち汝が其名を置んと言たまへる所の上に開きたまへ願くは僕がこの處にむかひて祈らん祈祷を聽たまへ
২০আৰু এই মন্দিৰ সদায় ৰক্ষা কৰক, যি ঠাইত আপুনি কৈছিল, যে মই আপোনাৰ দাসে নিবেদন কৰোঁতে আপুনি নিজেই ইয়াত উপস্থিত থাকি মোৰ নিবেদন শুনিব৷
21 願くは僕と汝の民イスラエルがこの處にむかひて祈る時にその懇願を聽たまへ請ふ汝の住處なる天より聽き聽て赦したまへ
২১আৰু যেতিয়া আপোনাৰ দাস ও আপোনাৰ প্ৰজা ইস্ৰায়েলে এই ঠাইৰ ফাললৈ মুখ কৰি প্ৰাৰ্থনা কৰিব, তেতিয়া আপুনি তেওঁলোকৰ প্ৰার্থনা যেন শুনে; এনে কি, আপুনি আপোনাৰ বাসস্থান স্বৰ্গৰ পৰা তাক শুনক আৰু শুনি ক্ষমা কৰক।
22 人その隣人にむかひて罪を犯せることありてその人誓をもて誓ふことを要められんに若し來りてこの家において汝の壇の前に誓ひなば
২২কোনোৱে নিজৰ চুবুৰীয়াৰ অহিতে পাপ কৰিলে যদি তেওঁক শপত খাবলৈ দিয়া হয় আৰু তেওঁ আহি এই গৃহত আপোনাৰ যজ্ঞবেদীৰ আগত শপত খায়,
23 汝天より聽て行ひ汝の僕等を鞫き惡き者に返報をなしてその道をその首に歸し義者を義としてその義にしたがひて之を待ひたまへ
২৩তেতিয়া আপুনি স্বৰ্গৰ পৰা সেই বিষয়ে শুনক আৰু কাৰ্য কৰি আপোনাৰ দাসবোৰৰ বিচাৰ নিষ্পত্তি কৰি দোষীক দণ্ড দি তেওঁৰ কৰ্মৰ ফল তেওঁৰ মুৰত দিয়ক আৰু নিৰ্দ্দোষীক নিৰ্দ্দোষী কৰি তেওঁৰ ধাৰ্মিকতাৰ ফল তেওঁক দিয়ক।
24 汝の民イスラエルなんぢに罪を犯したるがために敵の前に敗れんに若なんぢに歸りて汝の名を崇め此家にて汝の前に祈り願ひなば
২৪যদি আপোনাৰ প্ৰজা ইস্ৰায়েলে আপোনাৰ বিৰুদ্ধে পাপ কৰাৰ কাৰণে শত্ৰুৰ আগত ঘটাৰ পাছত যদি আপোনালৈ ঘূৰে আৰু আপোনাৰ নাম স্বীকাৰ কৰি, এই গৃহত আপোনাৰ আগত প্ৰাৰ্থনা আৰু অনুৰোধ কৰে -
25 汝天より聽て汝の民イスラエルの罪を赦し汝が彼等とその先祖に與へし地に彼等を歸らしめたまへ
২৫তেনেহ’লে স্বৰ্গৰ পৰা তাক শুনি আপোনাৰ প্ৰজা ইস্ৰায়েলৰ পাপ ক্ষমা কৰিব আৰু আপুনি তেওঁলোকক ও তেওঁলোকৰ পূৰ্ব-পুৰুষসকলক দিয়া দেশলৈ তেওঁলোকক ওভটাই আনিব।
26 彼らが汝に罪を犯したるがために天閉て雨なからんに彼ら若この處にむかひて祈り汝の名を崇め汝が彼らを苦しめたまふ時にその罪を離れなば
২৬তেওঁলোকে আপোনাৰ অহিতে পাপ কৰাৰ কাৰণে, যেতিয়া আকাশ বন্ধ হোৱাত বৰষুণ নোহোৱা হ’ব, তেতিয়া যদি তেওঁলোকে এই ঠাইৰ ফাললৈ মুখ কৰি প্ৰাৰ্থনা কৰে আৰু যেতিয়া আপুনি তেওঁলোকক দুখ দিয়া সময়ত আপোনাৰ নাম স্বীকাৰ কৰি নিজ নিজ পাপৰ পৰা ঘূৰিব-
27 汝天より聽きて汝の僕等なんぢの民イスラエルの罪を赦したまへ汝旣にかれらにその歩むべき善道を敎へたまへり汝の民に與へて產業となさしめたまひし汝の地に雨を降したまへ
২৭তেনেহ’লে আপুনি স্বৰ্গত থাকি সেই বিষয়ে শুনিব আৰু আপোনাৰ দাসবোৰৰ ও আপোনাৰ প্ৰজা ইস্ৰায়েলৰ পাপ ক্ষমা কৰি তেওঁলোকক যাবলগীয়া সজ পথৰ বিষয়ে তেওঁলোকক শিক্ষা দিব আৰু আপুনি আপোনাৰ লোকসকলৰ উত্তৰাধিকাৰৰ অৰ্থে দিয়া দেশত বৰষুণ বৰষাব।
28 若くは國に饑饉あるか若くは疫病枯死朽腐蟊賊稲蠹あるか若くは其敵かれらをその國の邑に圍む等如何なる災禍如何なる疾病あるとも
২৮দেশৰ মাজত যদি আকাল কি মহামাৰী হয়, শস্য ককৰ্ত্তনীয়া কি ৰঙামুৰীয়া হয় নাইবা ফৰিং কি পোক হয়, আৰু যদি তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকৰ দেশৰ নগৰবোৰত তেওঁলোকক অৱৰোধ কৰে বা যিকোনো আপদ বা ৰোগ হয় -
29 もし一人或は汝の民イスラエルみな各々おのれの災禍と憂患を知てこの家にむかひて手を舒なば如何なる祈祷如何なる懇願をなすとも
২৯আৰু যদি কোনো এজন লোকে বা আপোনাৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলে প্ৰাৰ্থনা আৰু অনুৰোধ কৰে - যদি প্ৰতিজনে নিজৰ পীড়া আৰু দুখ জানি এই গৃহৰ ফালে নিজৰ হাত মেলে,
30 汝の住處なる天より聽て赦し各々の人にその心を知たまふごとくその道々にしたがひて報いたまへ其は汝のみ人々の心を知たまへばなり
৩০তেনেহ’লে সেই বিষয়ে কৰা যি কোনো প্ৰাৰ্থনা বা অনুৰোধ আপুনি আপোনাৰ বাসস্থান স্বৰ্গৰ পৰা সেই বিষয়ে শুনি ক্ষমা কৰিব আৰু প্ৰতিজন লোকৰ মন জানি, কিয়নো আপুনি, কেৱল আপুনিহে মনুষ্য সন্তান সকলৰ মন জানে; তেওঁলোকৰ নিজ নিজ কৰ্মৰ দৰে ফল দিব৷
31 汝かく彼らをして汝が彼らの先祖に與へたまへる地に居る日の間つねに汝を畏れしめ汝の道に歩ましめたまへ
৩১আপুনি এনেদৰে কৰক যাতে তেওঁলোকে আপোনালৈ ভয় ৰাখে আৰু আপুনি অামাৰ পূর্ব-পুৰুষসকলক দিয়া দেশত তেওঁলোকে যেন জীয়াই থকা সকলো দিনত আপোনাৰ পথত চলে৷
32 且汝の民イスラエルの者にあらずして汝の大なる名と強き手と伸たる腕とのために遠き國より來れる異邦人においてもまた若來りてこの家にむかひて祈らば
৩২তদুপৰি আপোনাৰ প্ৰজা ইস্ৰায়েল লোকৰ মাজৰ নোহোৱা অনা-ইহুদী লোক যেতিয়া আপোনাৰ মহান নামৰ আৰু আপোনাৰ বলৱান হাত ও মেলা বাহুৰ কথা শুনি দূৰ দেশৰ পৰা আহি এই গৃহৰ ফালে মুখ কৰি প্ৰাৰ্থনা কৰিব,
33 汝の住處なる天より聽き凡て異邦人の汝に龥もとむるごとく成たまへ汝かく地の諸の民をして汝の名を知らしめ汝の民イスラエルの爲ごとくに汝を畏れしめ又わが建たる此家は汝の名をもて稱らるるといふことを知しめたまへ
৩৩তেতিয়া আপোনাৰ প্ৰজা ইস্ৰায়েলৰ দৰে আপোনাক ভয় কৰিবৰ অৰ্থে, পৃথিৱীৰ সকলো জাতিয়ে যেন আপোনাৰ নাম জানিব আৰু মই সজা এই গৃহ যে আপোনাৰ নামেৰে প্ৰখ্যাত, সেই বিষয়ে যেন জানিব, এই কাৰণে আপোনাৰ বাসস্থান স্বৰ্গৰ পৰা সেই বিষয়ে শুনিব আৰু সেই বিদেশী লোকে আপোনালৈ কৰা সকলো প্ৰাৰ্থনাৰ দৰে তেওঁলৈ কাৰ্য কৰিব।
34 汝の民その敵と戰はんとて汝の遣はしたまふ道に進める時もし汝が選びたまへるこの邑およびわが汝の名のために建たる家にむかひて汝に祈らば
৩৪ধৰি লওঁক আপুনি আপোনাৰ প্ৰজাক যি কোনো বাটেদি পঠিয়াই, সেই বাটেদি যদি তেওঁলোকে নিজৰ শত্ৰুবোৰে সৈতে যুদ্ধ কৰিবলৈ ওলায় যায় আৰু আপোনাৰ মনোনীত এই নগৰৰ ফাললৈ, আপোনাৰ নামৰ কাৰণে মই সজা গৃহৰ ফাললৈ মুখ কৰি আপোনাৰ আগত প্ৰাৰ্থনা কৰে,
35 汝天より彼らの祈祷と懇願を聽て彼らを助けたまへ
৩৫তেনেহ’লে আপুনি স্বৰ্গৰ পৰা তেওঁলোকৰ প্ৰাৰ্থনা আৰু অনুৰোধ শুনি তেওঁলোকৰ বিচাৰ নিষ্পত্তি কৰিব।
36 人は罪を犯さざる者なければ彼ら汝に罪を犯すことありて汝かれらを怒り彼らをその敵に付したまひて敵かれらを虜として遠き地または近き地に曳ゆかん時
৩৬তেওঁলোকে যদি আপোনাৰ বিৰুদ্ধে পাপ কৰে - কিয়নো পাপ নকৰা মানুহ কোনো নাই - আৰু আপুনি তেওঁলোকলৈ ক্ৰুদ্ধ হৈ তেওঁলোকক শত্ৰুৰ হাতত শোধাই দিয়ে আৰু তাতে তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকক বন্দী কৰি, দূৰত বা ওচৰত থকা দেশলৈ লৈ যায়,
37 彼らその擄れゆきし地において自ら心に了るところあり其俘擄の地において翻へりて汝に祈り我らは罪を犯し悖れる事を爲し惡き事を行ひたりと言ひ
৩৭তথাপি তেওঁলোকক বন্দী কৰি নিয়া দেশত যদি তেওঁলোকে মনত বিবেচনা কৰি ঘূৰে আৰু তেওঁলোকৰ বন্দী অৱস্থাৰ দেশত থাকি আপোনাৰ আগত প্ৰাৰ্থনা কৰি কয়, বোলে- ‘আমি অপথে গৈ পাপ কৰিলোঁ৷ আমি কুকৰ্ম কৰিলোঁ৷’
38 その擄へゆかれし俘擄の地にて一心一念に汝に立歸り汝がその先祖に與へたまへる地にむかひ汝が選びたまへる邑と我が汝の名のために建たる家にむかひて祈らば
৩৮ধৰি লওঁক তেওঁলোকৰ বন্দী অৱস্থাৰ দেশত তেওঁলোক সকলো মনেৰে, সকলো চিত্তেৰে আপোনালৈ উভটি আহে আৰু তেওঁলোকৰ পূর্ব-পুৰুষসকলক আপুনি দিয়া তেওঁলোকৰ দেশৰ ফালে চায়, আপোনাৰ মনোনীত নগৰৰ ফালে আৰু আপোনাৰ নামৰ কাৰণে, মই নিৰ্মান কৰা এই গৃহৰ ফালে যদি মুখ কৰি প্ৰাৰ্থনা কৰে,
39 汝の住處なる天より彼らの祈祷と懇願を聽て彼らを助け汝の民が汝にむかひて罪を犯したるを赦したまへ
৩৯তেতিয়া আপুনি আপোনাৰ বাসস্থান স্বৰ্গৰ পৰা তেওঁলোকৰ প্ৰাৰ্থনা আৰু অনুৰোধ শুনি, তেওঁলোকৰ বিচাৰ নিষ্পত্তি কৰিব আৰু আপোনাৰ বিৰুদ্ধে পাপ কৰা আপোনাৰ প্ৰজাসকলক ক্ষমা কৰিব।
40 然ば我神よ願くは此處にて爲す祈祷に汝の目を開き耳を傾むけたまヘ
৪০এতিয়া, হে মোৰ ঈশ্বৰ, মই বিনয় কৰোঁ, এই ঠাইত কৰা প্ৰাৰ্থনালৈ আপোনাৰ চকু মেলা আৰু কাণো পতা হওঁক।
41 ヱホバ神よ今汝および汝の力ある契約の櫃起て汝の安居の所にいりたまへヱホバ神よ願くは汝の祭司等に拯救の衣を纒はせ汝の聖徒等に恩惠を喜こばせたまヘ
৪১হে ঈশ্বৰ যিহোৱা, এতিয়া আপুনি আৰু আপোনাৰ শক্তিৰ চন্দুকটি নিজ বিশ্ৰামৰ ঠাইলৈ উঠি যাওঁক; হে ঈশ্বৰ যিহোৱা, আপোনাৰ পুৰোহিতসকলে পৰিত্ৰাণ-বস্ত্ৰ পিন্ধক আৰু আপোনাৰ সাধুসকলে মঙ্গলত আনন্দ কৰক।
42 ヱホバ神よ汝の膏そそぎし者の面を黜ぞけたまふ勿れ汝の僕ダビデの徳行を記念たまへ
৪২হে ঈশ্বৰ যিহোৱা, আপুনি আপোনাৰ অভিষিক্ত জনক বিমুখ নকৰিব৷ আপোনাৰ দাস দায়ূদলৈ কৰা নানা দয়ালৈ সোঁৱৰণ কৰক।”