< サムエル記Ⅰ 19 >

1 サウル其子ヨナタンおよび諸の臣僕にダビデをころさんとすることを語れり
চৌলে তেওঁৰ পুত্ৰ যোনাথন আৰু তেওঁৰ সকলো দাসৰ আগত দায়ূদক বধ কৰাৰ কথা ক’লে। কিন্তু চৌলৰ পুত্ৰ যোনাথনে দায়ূদক ভাল পাইছিল।
2 されどサウルの子ヨナタン深くダビデを愛せしかばヨナタン、ダビデにつげていひけるはわが父サウル汝をころさんことを求むこのゆゑに今ねがはくは汝翌朝謹恪で潜みをりて身を隱せ
সেয়ে যোনাথনে দায়ূদক ক’লে, “মোৰ পিতৃ চৌলে আপোনাক বধ কৰিবলৈ চেষ্টা কৰিছে। সেয়ে ৰাতিপুৱা নিজে সাৱধান থাকিব, আৰু গোপন ঠাইত নিজে লুকাই থাকিব।
3 我いでゆきて汝がをる野にてわが父の傍にたちわが父とともに汝の事を談はんしかして我其事の如何なるを見て汝に告ぐべし
আপুনি য’ত আছিল, মই ওলাই গৈ সেই পথাৰতে পিতৃৰ কাষত থিয় হ’ম আৰু আপোনাৰ বিষয়ে মই পিতৃক ক’ম; তাত মই যদি কিবা বিষয় জানিব পাৰোঁ, তেনেহলে আপোনাক ক’ম।”
4 ヨナタン其父サウルに向ひダビデを褒揚ていひけるは願くは王其僕ダビデにむかひて罪ををかすなかれ彼は汝に罪ををかさずまた彼が汝になす行爲ははなはだ善し
তাৰ পাছত যোনাথনে তেওঁৰ পিতৃ চৌলৰ আগত দায়ূদৰ বিষয়ে ভাল কথাবোৰ ক’লে, “ৰজাৰ দাস দায়ূদৰ বিৰুদ্ধে ৰজাই পাপ নকৰক, কাৰণ তেওঁ আপোনাৰ বিৰুদ্ধে পাপ কৰা নাই, আৰু তেওঁৰ সকলো কৰ্ম আপোনাৰ পক্ষে অতি মঙ্গলজনক।
5 またかれは生命をかけてかのペリシテ人をころしたりしかしてヱホバ、イスラエルの人々のためにおほいなる救をほどこしたまふ汝見てよろこべりしかるに何ぞゆゑなくしてダビデをころし無辜者の血をながして罪ををかさんとするや
তেওঁ নিজ প্ৰাণ হাতত লৈ পলেষ্টীয়াৰ মহাবীৰক বধ কৰিলে, আৰু যিহোৱাই সকলো ইস্ৰায়েলৰ কাৰণে জয় কঢ়িয়াই আনিলে। এই সকলো দেখি আপুনি আনন্দ কৰিছিল। তেনেহলে কিয় আপুনি কোনো কাৰণ নোহোৱাকৈ দায়ূদক বধ কৰি নিৰ্দ্দোষীৰ তেজৰ বিৰুদ্ধে পাপ কৰিব খুজিছে?”
6 サウル、ヨナタンの言を聽いれサウル誓ひけるはヱホバはいくわれかならずかれをころさじ
চৌলে যোনাথনৰ কথা শুনি শপত খাই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, তেওঁক বধ কৰা নহ’ব।”
7 ヨナタン、ダビデをよびてヨナタン其事をみなダビデにつげ遂にダビデをサウルの許につれきたりければダビデさきのごとくサウルの前にをる
যোনাথনে দায়ূদক মাতি আনি সেই সকলো কথা তেওঁক জনালে। আৰু যোনাথনে দায়ূদক চৌলৰ ওচৰলৈ আনিলে; তাতে তেওঁ আগৰ দৰে তেওঁৰ সন্মুখত থাকিল।
8 爰に再び戰爭おこりぬダビデすなはちいでてペリシテ人とたたかひ大にかれらを殺せしかばかれら其まへを逃げされり
তাৰ পাছত পুনৰায় যুদ্ধ হ’ল, দায়ূদে বাহিৰলৈ ওলাই গৈ পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ কৰি তেওঁলোকৰ মাজত মহাসংহাৰ কৰিলে; তাতে তেওঁৰ সন্মুখৰ পৰা তেওঁলোক পলাই গ’ল।
9 サウル手に投槍を執て室に坐する時ヱホバより出たる惡鬼これにのりうつれり其時ダビデ乃ち手をもて琴を弾く
যি সময়ত চৌলে যাঠি হাতত লৈ নিজৰ ঘৰত বহি আছিল, আৰু দায়ূদে বাদ্য বজাই আছিল, সেই সময়ত যিহোৱাৰ পৰা অহা এটা অনিষ্টকাৰক আত্মাই তেওঁত স্থিতি ল’লে।
10 サウル投槍をもてダビデを壁に刺とほさんとしたりしがダビデ、サウルのまへを避ければ投槍を壁に衝たてたりダビデ其夜逃さりぬ
১০চৌলে যাঠিৰে দায়ূদক বেৰৰ সৈতে শালিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁ চৌলৰ সন্মুখৰ পৰা আতৰি যোৱাত, তেওঁৰ যাঠি বেৰত সোমালে। দায়ুদ পলাই গৈ সেই ৰাতি ৰক্ষা পালে।
11 サウル使者をダビデの家につかはしてかれを守らしめ朝におよびてかれをころさしめんとすダビデの妻ミカル、ダビデにつげていひけるは若し今夜爾の命を援ずば明朝汝は殺されんと
১১দায়ূদক ৰখি থাকিবলৈ তেওঁৰ ঘৰলৈ বাৰ্তাবাহক পঠালে যাতে তেওঁ ৰাতিপুৱা দায়ূদক বধ কৰিব পাৰে। দায়ূদৰ ভাৰ্যা মীখলে তেওঁক ক’লে, “আপুনি যদি আজি ৰাতিয়েই নিজ প্ৰাণ ৰক্ষা নকৰে, তেনেহলে কাইলৈ আপোনাক তেওঁ বধ কৰিব।”
12 ミカル即ち牖よりダビデを縋おろしければ往て逃されり
১২সেয়ে মীখলে খিড়িকিৰে দায়ূদক তললৈ নমাই দিলে। তাতে তেওঁ পলাই গৈ নিজকে ৰক্ষা কৰিলে।
13 斯てミカル像をとりて其牀に置き山羊の毛の編物を其頭におき衣服をもて之をおほへり
১৩আৰু মীখলে গৃহ-দেৱতাৰ মুৰ্ত্তি লৈ বিচনাত থলে, আৰু তাৰ মূৰত ছাগলীৰ নোমৰ গাঁৰু এটা দি তাক কাপোৰেৰে ঢাকি ৰাখিলে।
14 サウル、ダビデを執ふる使者をつかはしければミカルいふかれは疾ありと
১৪যেতিয়া চৌলে দায়ূদক ধৰিবলৈ বৰ্তাবাহকক পঠালে, তেতিয়া মীখলে ক’লে, “তেওঁ নৰিয়া পৰিছে।”
15 サウル使者をつかはしダビデを見させんとていひけるはかれを牀のまま我にたづさきたれ我これをころさん
১৫তাতে চৌলে দায়ূদক চাবলৈ বৰ্তাবাহকক পঠাই ক’লে, “মই বধ কৰিবৰ কাৰণে তেওঁক বিচনাৰে সৈতে মোৰ ওচৰলৈ লৈ আহা।”
16 使者いりて見たるに牀には像ありて其頭に山羊の毛の編物ありき
১৬তাতে বাৰ্তাবাহকসকল যেতিয়া ভিতৰলৈ গ’ল, তেতিয়া দেখিলে সেই গৃহ-দেৱতাৰ মূৰ্তি আৰু তাৰ মূৰত ছাগলীৰ নোমৰ গাঁৰু আছিল।
17 サウル、ミカルにいひけるはなんぞかく我をあざむきてわが敵を逃しやりしやミカル、サウルにこたへけるは彼我にいへり我をはなちてさらしめよ然らずば我汝をころさんと
১৭তেতিয়া চৌলে মীখলক ক’লে, “তই মোক কিয় এইদৰে প্ৰবঞ্চনা কৰিলি? মোৰ শত্ৰুক কিয় পলাই সাৰিবলৈ দিলি?” তাতে মীখলে চৌলক উত্তৰ দিলে, “তেওঁ মোক কৈছিল, মোক যাবলৈ দে, মই কিয় তোক বধ কৰিম?”
18 ダビデにげさりてラマにゆきサムエルの許にいたりてサウルがおのれになせしことをことごとくつげたりしかしてダビデとサムエルはゆきてナヨテにすめり
১৮এইদৰে পাছত দায়ূদে পলাই গৈ ৰক্ষা পালে আৰু তেওঁ ৰামাত থকা চমূৱেলৰ ওচৰলৈ গৈ তেওঁৰ প্ৰতি কৰা ব্যৱহাৰৰ কথা তেওঁক ক’লে। তাৰ পাছত তেওঁ আৰু চমূৱেল দুয়ো গৈ নায়োতত নিবাস কৰিলে।
19 サウルに告る者ありていふ視よダビデはラマのナヨテにをると
১৯পাছত চৌলক কোনোবাই ক’লে যে, “দায়ুদ ৰামাৰ নায়োতত আছে।”
20 サウル乃ちダビデを執ふる使者をつかはせしが彼等預言者の一群の預言しをりてサムエルが其中の長となりて立てるを見るにおよび神の霊サウルの使者にのぞみて彼等もまた預言せり
২০তেতিয়া চৌলে দায়ূদক ধৰিবলৈ বাৰ্তাবাহকক পঠিয়াই দিলে। পাছত তেওঁলোকে যেতিয়া ভাববাদীসকলক ভাববাণী প্ৰচাৰ কৰি থকা দেখিলে আৰু তেওঁলোকৰ মাজত চমূৱেলক মুৰব্বীৰ দৰে দেখিলে, তেতিয়া ঈশ্বৰৰ আত্মা চৌলৰ বাৰ্তাবাহকসকলৰ ওপৰলৈ আহিল আৰু তেওঁলোকেও ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে।
21 人々これを告ければサウル他の使者を遣しけるにかれらも亦預言せしかばサウルまた三度使者を遣はしけるが彼等もまた預言せり
২১যেতিয়া চৌলক এই কথা কোৱা হ’ল, তেওঁ বেলেগ বাৰ্তাবাহকসকলক পঠিয়াই দিলে আৰু তেওঁলোকেও ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে। সেয়ে চৌলে তৃতীয়বাৰ বাৰ্তাবাহক পঠালে, আৰু তেওঁলোকেও ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে।
22 是においてサウルもまたラマにゆきけるがセクの大井にいたれる時問ていひけるはサムエルとダビデは何處にをるや答ていふラマのナヨテにをる
২২তেতিয়া তেওঁ নিজে ৰামালৈ গৈ চেখুত থকা ডাঙৰ গভীৰ নাদটোৰ কাষ পালে, তেওঁ সুধিলে, “চমূৱেল আৰু দায়ুদ ক’ত আছে?” তেতিয়া কোনো এজনে আহি তেওঁক ক’লে, “তেওঁলোক ৰামাৰ নায়োতত আছে।”
23 サウルかしこにゆきてラマのナヨテに至りけるに神の霊また彼にのぞみて彼ラマのナヨテにいたるまで歩きつつ預言せり
২৩তেতিয়া চৌলে ৰামাৰ নায়োতলৈ গ’ল। ঈশ্বৰৰ আত্মা তেওঁৰ ওপৰতো আহিল, আৰু ৰামাৰ নায়োত নোপোৱালৈকে তেৱোঁ ভাববাণী প্ৰচাৰ কৰি গৈ থাকিল।
24 彼もまた其衣服をぬぎすて同くサムエルのまへに預言し其一日一夜裸體にて仆臥たり是故に人々サウルもまた預言者のうちにあるかといふ
২৪আৰু নিজৰ কাপোৰ সোলোকাই চমূৱেলৰ আগত ভাববাণী প্ৰচাৰ কৰিলে, গোটেই ৰাতি আৰু দিন উদং গাৰে পৰি থাকিল। এই কাৰণে লোকসকলে কলে, “চৌলো জানো ভাববাদীসকলৰ মাজৰ এজন?”

< サムエル記Ⅰ 19 >