< 歴代誌Ⅰ 4 >
1 ユダの子等はペレヅ、ヘヅロン、カルミ、ホル、シヨバル
১যিহূদাৰ বংশধৰ পেৰচ, হিষ্ৰোণ, কৰ্ম্মী, হূৰ, আৰু চোবল।
2 シヨバルの子レアヤ、ヤハテを生みヤハテ、アホマイおよびラハデを生り是等はザレア人の宗族なり
২চোবলৰ পুত্র ৰায়া। ৰায়াৰ পুত্র যহৎ। যহতৰ পুত্র অহূময় আৰু লহদ; এওঁলোক চৰায়ীয়াৰ গোষ্ঠী।
3 エタムの父の生る者は左のごとしヱズレル、イシマおよびイデバシその姉妹の名はハゼレルポニといふ
৩এওঁলোক এটমৰ নগৰৰ গোষ্ঠীৰ মূল লোক আছিল: যিজ্ৰিয়েল, যিচমা, আৰু যিদবচ। তেওঁলোকৰ ভনীয়েকৰ নাম হচ্ছলেলপোন;
4 ゲドルの父ペヌエル、ホシヤの父エゼル是等はベテレヘムの父エフラタの長子ホルの子等なり
৪গদোৰ নগৰৰ পনূৱেল গোষ্ঠীৰ মূল লোক আছিল। এজাৰ হূচাৰ গোষ্ঠীৰ মূল লোক আছিল। হূৰৰ বংশধৰ এওঁলোক, ইফ্ৰাথাৰ প্ৰথম সন্তান আৰু বৈৎলেহেমৰ মূল বংশ।
5 テコアの父アシユルは二人の妻を有り即ちヘラとナアラ
৫তকোৱাৰ পিতৃ অচহূৰৰ দুগৰাকী ভাৰ্য্যাৰ নাম হেলা আৰু নাৰা।
6 ナアラ、アシユルによりてアホザム、へペル、テメニおよびアハシタリを產り是等はナアラの產る子なり
৬নাৰাৰ ঔৰসত অহূজ্জম, হেফৰ, তৈমিনী, আৰু হহস্তাৰী জন্ম হ’ল। এওঁলোক নাৰাৰ সন্তান।
৭হেলাৰ পুত্রসকল হ’ল চেৰৎ, যিচহৰ, আৰু ইৎনন।
8 ハツコヅはアヌブおよびゾベバを產り ハルムの子アハルヘルの宗族も彼より出づ
৮আৰু হক্কোচৰ পুত্ৰসকল হ’ল আনূব, চোবেবা, আৰু এওঁলোক হাৰুমৰ পুত্র অহৰ্হেলৰ বংশধৰ।
9 ヤベヅはその兄弟の中にて最も尊ばれたる者なりきその母我くるしみてこれを產たればといひてその名をヤベヅ(くるしみ)と名けたり
৯যাবেচ তেওঁৰ ভাই-ককায়েকৰ মাজত সকলোতকৈ সন্মানীয় লোক আছিল। তেওঁৰ মাতৃয়ে তেওঁক যাবেচ নাম দিছিল। তেওঁ কৈছিল, “কাৰণ মই তাক দুখেৰে জন্ম দিলোঁ।”
10 ヤベヅ、イスラエルの神に龥はり我を祝福に祝福て我境を擴め御手をもて我を助け我をして災難に罹りてくるしむこと無らしめたまへと言り神その求むる所を允したまふ
১০যাবেচে ইস্ৰায়েলৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “আপুনি কোনোমতে মোক আশীৰ্ব্বাদ দিলে, মোৰ সীমাও বঢ়াই দিলে, আপোনাৰ হাত মোৰ সঙ্গে সঙ্গে থাকিল, আৰু মই যেন দূখ নাপাবৰ বাবে মোক বেয়াৰ পৰা মোক ৰক্ষা কৰিলে বৰ ভাল হয়।” তাতে, ঈশ্বৰে তেওঁ খোজাৰ দৰে তেওঁক দিলে।
11 シユワの兄弟ケルブはメヒルを生りメヒルはエシトンの父なり
১১কলূবৰ ভয়েক চূহা মহীৰৰ পিতৃ আছিল, এও ইষ্টোনৰো পিতৃ আছিল।
12 エシトンはベテラパ、パセアおよびイルハナシの父テヒンナを生り是等はレカの人なり
১২ইষ্টোনৰ পুত্র বৈৎৰাফা, পাচেহ, আৰু তহিন্না, এওঁলোক ঈৰনাহচ নগৰৰ মূল লোক। এওঁলোকই ৰেকা নগৰৰ মূল লোক।
13 ケナズの子等はオテニエルおよびセラヤ、オテニエルの子はハタテ
১৩কনজৰ পুত্র অৎনীয়েল আৰু চৰায়া। অৎনীয়েলৰ পুত্র হথৎ আৰু মিয়োনোথৰ।
14 メオノタイはオフラを生みセラヤはヨアブを生りヨアブはカラシム(工匠)谷の人々の父なり彼處のものは工匠なればかくいふ
১৪মিয়োনোথৰ পুত্র অফ্ৰা, আৰু চৰায়াৰ পুত্র যোৱাব, যিহাৰাচিমৰ মূল লোক, যাৰ লোকসকলে শিল্পকৰ্ম কৰিছিল।
15 ヱフンネの子カレブの子等はイル、エラおよびナアム、エラの子等およびケナズ
১৫যিফুন্নিৰ পুত্ৰ যি কালেব, তেওঁৰ পুত্র ঈৰ, এলা, আৰু নয়ম। এলাৰ পুত্র কনজ আছিল।
16 ヱハレレルの子等はジフ、ジバ、テリア、アサレル
১৬যিহল্লেলৰ পুত্র জীফ, জীফা, তীৰিয়া আৰু অচৰেল।
17 エズラの子等はヱテル、メレデ、エペル、ヤロン、メレデの妻はミリアム、シヤンマイおよびイシバを產り イシバはエシテモアの父なり
১৭ইজ্ৰাৰ পুত্র যেথৰ, মেৰদ, এফৰ, আৰু যালোন। মেগেদৰ মিচৰীয়া ভাৰ্যাই মৰিয়ম, চম্ময়, আৰু যিচবহক জন্ম দিয়ে, যিচবহ ইষ্টমোৱাৰ পিতৃ আছিল।
18 そのユダヤ人なる妻はゲドルの父ヱレデとシヨコの父へベルとザノアの父ヱクテエルを產り是等はメレデが娶りたるパロの女ビテヤの生る子なり
১৮তেওঁৰ যিহূদীয়া ভাৰ্যা যেৰদক জন্ম দিয়ে, যি জন গদোৰৰ পিতৃ হ’ল, হেবৰ চোকোৰৰ পিতৃ হ’ল। আৰু যিকোথীয়েলক জানোহৰ পিতৃ হ’ল। এওঁলোক মেৰদে বিয়া কৰোঁৱা ফৰৌণৰ জীয়েক বিথিয়াৰ সন্তান।
19 ナハムの姉妹なるホデヤの妻の生める子等はガルミ人ケイラの父およびマアカ人エシテモアなり
১৯হোদিয়াৰ ভাৰ্যা নহমৰ ভনীয়েকৰ দুজন পুত্র, এজন গৰ্মীয়া কয়ীলাৰ পিতৃ হ’ল, আৰু আন জন মাখাথীয়া ইষ্টমোৱাৰ।
20 シモンの子等はアムノン、リンナ、ベネハナン、テロン、イシの子等はゾヘテおよびべネゾヘテ
২০চীমোনৰ সন্তান অম্নোন, ৰিম্না, বিন-হানন, আৰু তীলোন। যিচীৰ পুত্র জোহেৎ আৰু বিনজোহেৎ।
21 ユダの子シラの子等はレカの父エル、マレシヤの父ラダおよび織布者の家の宗族すなはちアシベアの家の者等
২১যিহূদাৰ পুত্র চেলাৰ সন্তান সকল এওঁলোক: লেকাৰ পিতৃ এৰ, মাৰেচাৰ পিতৃ লদ্দা, অচবেয়াৰ বংশত জন্ম হোৱা লোক এওঁলোকে মিহি শণ সূতাৰে কাপোৰ বোৱা গোষ্ঠীৰ।
22 ならびにモアブに主たりしヨキム、コゼバの人々ヨアシおよびサラフ等なり またヤシユブ、レハムといふ者ありその記録は古し
২২যোকীম, কোজেবাৰ লোক, যোৱাচ আৰু চাৰফৰ মোৱাবত সম্পত্তি আছিল, কিন্তু তেওঁলোক বৈৎলেহেমলৈ ঘূৰি আহিল। এইসকলো তথ্য পুৰণি লিপিৱদ্ধ তথ্যৰ পৰা পোৱা
23 是等の者は陶工にしてネタイムおよびゲデラに住み王の地に居りてその用をなせり
২৩তেওঁলোক কুমাৰ আছিল, তেওঁলোক নটয়িম আৰু গদেৰা নিবাসী, তেওঁলোক ৰজাৰ উদ্দেশে কাম কৰিছিল।
24 シメオンの子等はネムエル、ヤミン、ヤリブ、ゼラ、シヤウル
২৪চিমিয়োনৰ বংশধৰ নমূৱেল, যামীন, যাৰীব, জেৰহ, আৰু চৌল;
25 シヤウルの子はシヤルム その子はミブサムその子はミシマ
২৫চৌলৰ পুত্র চল্লুম, চল্লুমৰ পুত্র মিবচম, মিবচমৰ পুত্র মিচমা।
26 ミシマの子はハムエル その子はザツクル その子はシメイ
২৬মিচমাৰ বংশধৰ তেওঁৰ পুত্র হমূৱেল, জক্কুৰ তেওঁৰ নাতি ল’ৰা, আৰু চিমিয়ী তেওঁৰ পৰিনাতি আছিল।
27 シメイには男子十六人女子六人ありしがその兄弟等には多の子あらざりきまたその宗族の者は凡てユダの子孫ほどには殖増ざりき
২৭চিমিয়ীৰ ষোল্ল জন পুত্র আৰু ছয় জনী জীয়েক আছিল; কিন্তু তেওঁৰ ভায়েকসকলৰ সন্তান বেছি নাছিল, সেয়ে তেওঁলোকৰ সকলো গোষ্ঠী যিহূদাৰ সন্তান সকলৰ দৰে নাবাঢ়িল।
28 彼らの住る處はベエルシバ、モラダ、ハザルシユアル
২৮তেওঁলোক বেৰ-চেবা মোলাদা, আৰু হচৰ-চূৱালত বাস কৰিছিল।
২৯তেওঁলোকে বিলহাত, এচমত, তোলদত,
৩০বথূৱেলত, হৰ্মাত, চিক্লগত,
31 ベテマルカボテ、ハザルスシム、ベテビリ、シヤライム是等の邑はダビデの世にたるまで彼等の有たりき
৩১বৈৎ-মাৰ্কাবোতত, হচৰ-চূচীমত, বৈৎ-বিৰীত, আৰু চাৰয়িমতো বাস কৰিছিল; দায়ূদৰ ৰাজত্বলৈকে এইবোৰ নগৰ তেওঁলোকৰ হৈ আছিল।
32 その村郷はエタム、アイン、リンモン、トケン、アシヤンの五の邑なり
৩২এটম, ঐন, ৰিম্মোন, তোখন, আৰু আচন, এই পাঁচখন গাওঁ তেওঁলোকৰ আছিল।
33 またこの邑々の周圍に衆多の村ありてバアルにまでおよべり彼らの住處は是のごとくにして彼ら各々系譜あり
৩৩আৰু তাৰ লগতে চাৰিওফালে বাললৈকে থকা গাওঁ তেওঁলোকৰ আছিল। এয়ে তেওঁলোকৰ বাস কৰা ঠাই। তেওঁলোকে নিজৰ বংশাৱলিত লিপিৱদ্ধ কৰি ৰাখিছিল।
৩৪মচোবব, যম্লেক, অমচিয়াৰ পুত্র যোচা,
35 ヨエル、アシエルの曾孫セラヤの孫ヨシビアの子ヱヒウ
৩৫যোৱেল আৰু অচীয়েলৰ পুত্র চৰায়া, চৰায়াৰ পুত্র যোচিবিয়া, যোচিবিয়াৰ পুত্র যেহূ;
36 ヱリオエナイ、ヤコバ、ヱシヨハヤ、アサヤ、アデヱル、ヱシミエル、ベナヤ
৩৬ইলিয়োঐনয়, যাকোব, যিচোহায়া, অচায়া, অদীয়েল, যিচিমীয়েল, বনায়া,
37 およびシピの子ジザ、シピはアロンの子 アロンはヱダヤの子 ヱダヤはシムリの子 シムリはシマヤの子なり
৩৭আৰু চময়িয়াৰ পুত্র চিম্ৰী, চিম্ৰীৰ পুত্র যদায়া যদায়াৰ পুত্র অল্লোন, অল্লোনৰ পুত্র চিফি, চিফিৰ পুত্র জীজা, এওঁলোক গোষ্ঠীৰ নেতৃত্বত আছিল।
38 此に名を擧げたる者等はその宗族の中の長たる者にしてその宗家は大に蔓延り
৩৮ওপৰত উল্লেখিত নামৰ লোকসকলৰ নিজৰ নিজৰ গোষ্ঠীৰ অধ্যক্ষ আছিল। আৰু তেওঁলোকৰ বংশ অতিশয়ৰূপে বৃদ্ধি পালে।
39 彼等はその群のために牧場を求めんとてゲドルの西におもむき谷の東の方にいたり
৩৯তেওঁলোকে নিজৰ পশুৰ জাকবোৰ চৰাবলৈ ঠাই বিচাৰিলে, আৰু গদোৰৰ পৰা বাহিৰলৈ ওলাই গৈ উপত্যকাৰ পূব দিশে গ’ল।
40 つひに膏腴なる善き牧場を見いだせしがその地は廣く靜穩にして安寧なりき其は昔より其處に住たりし者はハム人なればなり
৪০তাতে তেওঁলোকে বহুত ঘাঁহ থকা উত্তম চৰণীয়া ঠাই পালে; সেই দেশ বহল, নিৰ্জন, আৰু শান্তিপূৰ্ণ আছিল। সেই ঠাইত বাস কৰা পূৰ্বৰ লোকসকল হামৰ বংশৰ আছিল।
41 即ち上にその名を記したる者等ユダの王ヒゼキヤの代に往て彼らの幕屋を撃やぶり彼らと其處に居しメウニ人を盡く滅ぼし之に代りて其處に住て今日にいたる是はその群を牧べき牧場其處にありたればなり
৪১যিহূদাৰ ৰজা হিষ্কিয়া ৰাজত্ব কৰা সময়ত, ওপৰত উল্লেখ কৰা নামৰ লোকসকলে গৈ হামিতত বাস কৰা লোকসকলক আৰু মায়োনীয়াসকলক আক্রমণ কৰিলে, আৰু সেই সময়ত তেওঁলোক তাতে আছিল। তেওঁলোকে সেই লোকসকলক নিঃশেষে বিনষ্ট কৰিলে। পাছত তেওঁলোকে পশুৰ জাকৰ বাবে উপযুক্ত চৰণীয়া ঠাই বিচাৰি পোৱাত, তেওঁলোকে তাতে বাস কৰিলে।
42 またシメオンの子孫の者五百人許イシの子等ペラテア、ネアリア、レバヤ、ウジエルを長としてセイル山に攻ゆき
৪২তেওঁলোকৰ কেইজন মান লোক, অৰ্থাৎ চিমিয়োনৰ সন্তান সকলৰ মাজৰ পাঁচ শ জনে যিচীৰ পুত্র পলটিয়া, নিয়ৰিয়া, ৰফায়া, আৰু উজ্জীয়েলক সেনাপতি পাতি চেয়ীৰ পৰ্বতলৈ গ’ল।
43 アマレキ人の逃れて遺れる者を撃ほろぼして今日まで其處に住り
৪৩পাছত অমালেকীয়া সকলৰ মাজৰ পৰা যি সকল লোক পলাই গৈ তাতে ৰক্ষা পাই আছিল, সেই লোকসকলক তেওঁলোকে বধ কৰিলে আৰু তেওঁলোকে পাছত তাতে নিবাস কৰিব ল’লে। আজিলৈকে তেওঁলোক তাতেই নিবাস কৰি আছে।